নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্মসংস্থাপনৰ অনিশ্চয়তা

মহামাৰী ক’ৰোনাই দেশৰ অর্থনীতিৰ গতিত স্থবিৰতা সৃষ্টি কৰাৰ সমান্তৰালভাৱে কর্মসংস্থাপনৰ ক্ষেত্রখনতো ভয়ংকৰভাৱে বিৰূপ প্রভাৱ পেলাইছে৷ বিগত বর্ষৰ মার্চ মাহত কাল ক’ৰোনাৰ সংক্রমণ প্রতিৰোধকল্পে সমগ্র দেশতে লকডাউন বলৱৎ কৰা হৈছিল৷ পৰৱর্তী সময়ত পর্যায়ক্রমে এই লকডাউন শিথিল কৰি দিয়াৰ পাছত ভগ্ণ অর্থনীতিয়ে কিছু সুস্থিৰতা লাভ কৰে যদিও মহামাৰীৰ দ্বিতীয় ঢ়ৌৱে পুনৰ প্রতিবন্ধক হৈ থিয় দিছে৷ ইয়াৰ মাজতে আশংকা কৰা হৈছে ক’ৰোনাৰ তৃতীয়টো ঢ়ৌৰ৷ লকডাউন বলৱৎ কৰাৰ সময়ৰে পৰা উদ্যোগ–পর্যটন–পৰ্ আদি বিভিন্ন খণ্ডত নিয়োজিত লাখ লাখ শ্রমিক–কর্মচাৰীয়ে কর্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ বিগত বর্ষৰ এপ্রিল মাহত দেশত নিবনুৱাৰ হাৰ হৈছিলগৈ ২৩.৫ শতাংশ পর্যন্ত৷ ইয়াৰ পৰৱর্তী মাহত এই হাৰ ২১.৭ শতাংশলৈ হ্রাস প্াাই ক্রমাগতভাৱে পৰিস্থিতিৰ কিছু উন্নতি ঘটিলেও এতিয়ালৈকে ক’ৰোনাৰ প্রাদুর্ভাৱৰ পূর্বৰ অৱস্থা পোৱা নাই৷ যিটো অতি উদ্বেগজনক বিষয় হৈ পৰিছে৷ কিয়নো যিকোনো এখন দেশৰ অর্থনীতিৰ সৈতে সেই দেশখনৰ কর্মসংস্থাপনৰ দিশটো অংগাংগিভাৱে জড়িত৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী (চি এম আই ই)ৰ শেহতীয়া সমীক্ষা অনুসৰি যোৱা ২৫ জুলাইত শেষ হোৱা সপ্তাহত দেশত নিবনুৱাৰ হাৰ হৈছে ৭.১৪ শতাংশ৷ বিগত বর্ষৰ এপ্রিল বা মে’ মাহৰ তুলনাত এই হাৰ যথেষ্ট সন্তোষজনক বুলি ক’ব পাৰি৷ কিন্তু ২৫ জুলাইৰ আগৰ সপ্তাহত দেশত নিবনুৱাৰ হাৰ ৫.৯৮ শতাংশহে আছিল৷ মাত্র এসপ্তাহৰ ব্যৱধানতে এই হাৰ ৭.১৪ শতাংশলৈ বৃদ্ধি পোৱাটো দেশৰ অর্থনীতিৰ বাবে আন এক উদ্বেগজনক বিষয়৷ ইয়াৰ দ্বাৰা প্রমাণ হয় যে এতিয়াও প্রতিদিনে ভাৰতত বহু লোকে কর্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে কৃষিকর্ম আদিৰে ভাৰতবর্ষৰ অর্থনীতিলৈ প্রভূত অৰিহণা আগবঢ়াই আহিছে গ্রামাঞ্চলে৷ পিছে গ্রামাঞ্চলত অভাৱনীয়ভাৱে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে৷ ২৫ জুলাইৰ পূর্বৰ সপ্তাহটোত গ্রামাঞ্চলত কর্মসংস্থাপনহীন লোকৰ হাৰ ৫.৯৮ শতাংশ আছিল যদিও শেহতীয়াভাৱে ই ৬.৭৫ শতাংশলৈ বৃদ্ধি পাইছে৷
চি এম আই ইৰ শেহতীয়া এই সমীক্ষাই দেশৰ ভগ্ণ অর্থনীতিলৈ স্বাভাৱিকতে অশনি সংকেত কঢ়িয়াই আনিছে৷ কিয়নো যদিহে আশংকা কৰা ধৰণে কাল ক’ৰোনাৰ তৃতীয় জোৱাৰৰ উদ্ভৱ ঘটে, তেন্তে হয়তো দেশত কর্মসংস্থাপনহীন লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে৷ এনে প্রেক্ষাপটত বিশেষজ্ঞ মহলে টিকাকৰণ প্রক্রিয়া অতি ক্ষিপ্রগতিত সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ এই বিষয়টো কেন্দ্রীয় চৰকাৰে প্রাধান্য দিয়া উচিত৷ কাৰণ অর্থনৈতিক বিকাশক ত্বৰান্বিত কৰাৰ হকে কর্মসংস্থাপনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাটো অতি জৰুৰী৷ শ্রমিক–কর্মচাৰীৰ এশ শতাংশ নিয়োগ হ’লেহে উদ্যোগ তথা অন্যান্য খণ্ডসমূহৰ উৎপাদনে গতি লাভ কৰিব৷ কেন্দ্রীয় চৰকাৰেও ইতিমধ্যে ক’ৰোনা মহামাৰীৰ কাৰণে দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা স্বীকাৰ কৰি আহিছে৷ দেশৰ মুখ্য অর্থনৈতিক উপদেষ্টা কৃষ্ণমূর্তি সুব্রমণিয়মে স্পষ্টভাৱে কৈছে যে ক’ৰোনাই কর্মসংস্থাপনৰ সম্ভাৱনাসমূহৰ ওপৰত চাপ সৃষ্টি কৰাৰ বাবেই ভাৰতত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা৷ একে সময়তে তেওঁ টিকাকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে৷ দেশৰ মুখ্য অর্থনৈতিক উপদেষ্টাজনৰ মতে বৃহত্তৰ টিকাকৰণ কার্যসূচীয়ে দেশৰ অর্থনৈতিক গতি প্রদানত সহায় কৰিব পাৰে৷ কেন্দ্রীয় চৰকাৰে বিশেষজ্ঞ মহলৰ লগতে মুখ্য অর্থনৈতিক উপদেষ্টা সুব্রমণিয়মৰ এই পৰামর্শক সাৰোগত কৰি আগবাঢ়ি টিকাকৰণ কার্যসূচীক অধিক ক্ষিপ্রতৰ কৰি তুলিলে হয়তো কর্মসংস্থাপন হেৰুওৱা লোকৰ সংখ্যা হ্রাস পোৱাৰ সমান্তৰালভাৱে দেশৰ অর্থনীতিক লৈ কৰা আশংকাও দূৰ হ’ব৷ ইয়াৰ লগে লগে আঁতৰিব কর্মসংস্থাপনক লৈ সৃষ্টি হোৱা অনিশ্চিয়তা৷

You might also like