নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাঃ জুলাই মাহৰ ভাল কাম

-ড০ শশধৰ অধিকাৰী

জুলাই মাহটোতো মুখ্যমন্ত্রীগৰাকীয়ে অধিক মনোযোগ আৰু সেৱাৰ মনোভাবেৰে সদাব্যস্ত থকাৰ মাজেৰে কৰবিহীন এখন বর্ণিল বাজেট দাখিল কৰা, ৰাইজ আৰু ৰাজ্যৰ স্বার্থত বিভিন্ন গুৰুত্বপূর্ণ, সংস্কাৰমূলক সিদ্ধান্ত লোৱা, কর্মচাৰীৰ কর্মস্পৃহা বৃদ্ধি আৰু বিভাগীয় সংস্কাৰৰ বাবে বৈঠক অনুষ্ঠিত কৰা আদিকে ধৰি বিভিন্ন কাম–কাজেৰে পাৰদর্শিতাৰে তেওঁ নিজৰ দূৰদর্শিতাক প্রতিপন্ন কৰিছে৷ তেওঁৰ কথা আৰু কামৰ মাজত থকা সামঞ্জস্যতাৰ উপৰি দৃঢ়তা আৰু স্পষ্টবাদিতাই তেওঁৰ ব্যক্তিত্বত যেনেদৰে বিশেষ মাত্রা দিছে, তেনেদৰেই সমাজত ইমানদিনে চলি অহা অন্যায়, অপৰাধৰ ক্ষেত্রত– ‘মই আসনত থকালৈকে আপোচ নকৰোঁ, যুদ্ধ অব্যাহত থাকিব বিৰোধীৰ সকলো সমালোচনা বিহপান কৰাৰ দৰে কৰি যাম…’ আদি শব্দৰে সদনত কৰা সদম্ভ ঘোষণাৰে যেনেদৰে তেওঁ অপৰাধৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি নিজৰ সবল স্থিতি স্পষ্টভাৱে প্রকাশ কৰিছে, তেনেদৰেই জনসাধাৰণে নিৰাপত্তাৰ দিশত আশ্বত্ব হোৱাৰ লগতে ভাবিবলৈ বাধ্য হৈছে যে বহু বছৰৰ পিছত অসমে এনে এক গতিশীল মুখ্যমন্ত্রী তথা গৃহমন্ত্রী পোৱাৰ সৌভাগ্য হৈছে৷
মুখ্যমন্ত্রীৰ দায়িত্ব লোৱাৰ প্রথম দিনৰ পৰাই যুদ্ধংদেহি মনোভাবেৰে নিজকে ৰাইজ আৰু ৰাজ্যৰ নামত এনেদৰে সমর্পিত কৰিছে যে তেওঁ মুখ্যমন্ত্রী পদবীটোৰ বাবে মুখ্যমন্ত্রী হোৱা নাই, এই কাৰণেই মুখ্যমন্ত্রী হৈছে যে মুখ্যমন্ত্রী হৈ ল’লেহে কিছুমান কাম কৰাত স্বাধীনতা থাকে৷ ৰাজ্যত ইমানদিনে চলি থকা ত্রুটিপূর্ণ ব্যৱস্থাৰ সংস্কাৰ, ইমানদিনে চলি থকা অবাধ অপৰাধ আৰু লুণ্ঠনক পুলি–পোখাই উভালি পেলোৱা, ৰাইজ আৰু ৰাজ্যৰ স্বার্থত হেঙাৰ হৈ থিয় দিয়া বিভিন্ন নীতি–নিয়ম, আইন–কানুন, সংশোধন কৰি ৰাজ্যৰ উন্নতি নিশ্চিত কৰা ইত্যাদি কামবোৰ মুখ্যমন্ত্রী হ’লেহে কৰিব পাৰি বাবেহে তেওঁ মুখ্যমন্ত্রী হৈছে৷ তেওঁৰ এহাতে আছে দীর্ঘম্যাদী পৰিকল্পনা আৰু আনহাতে অভিজ্ঞ তিনি মুখ্যমন্ত্রীৰ অধীনত কাম কৰাৰ বর্ণিল অভিজ্ঞতা৷ অসমক পাঁচ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ থকা তীব্র হেঁপাহে তেওঁক অধিক কার্যক্ষম কৰি তুলিছে যেন লাগে৷
মুখ্যমন্ত্রী ড০ শর্মাই কৰা কামবোৰ একেবাৰেই সাধাৰণ৷ যিকোনো মুখ্যমন্ত্রীয়ে সহজেই কৰিব পৰা কাম, তেতিয়াহ’লে তেওঁ অন্যতকৈ কিয় পৃথক? তেনে প্রশ্ণৰ উত্তৰত আমি আঙুলিয়াই দিব পাৰোঁ কলম্বাছে তেওঁৰ আৱিষ্কাৰক ঠাট্টা–মস্কৰা কৰা বন্ধুক হূদয়ংগম কৰাবলৈ টেবুলত কোনে সিদ্ধ কণীটো থিয় কৰিব পাৰিব বুলি কোৱা সেই কথাষাৰলৈ৷ যেতিয়া কোনেও নোৱাৰিলে, তেতিয়া কলম্বাছে সিদ্ধ কণীটো পথালিকৈ কাটি থিয় কৰাই দিয়াৰ পিছত সকলোৱে ক’লে– এয়া একেবাৰে সহজ, আমিও কৰিব পাৰিলোঁহেঁতেন৷ এৰা, ড০ শর্মাই যি কাম কৰিব বিচাৰিছে, যি সংস্কাৰ আনিব বিচাৰিছে, সেই কাম, সেই সংস্কাৰ আগতে কোনেও অনা নাছিল– পার্থক্য সেইখিনিতেই৷
মুখ্যমন্ত্রী হিচাপে তেওঁৰ ব্যতিক্রম এইখিনিতেই যে তেওঁ সমাজৰ প্রতিটো কথা, প্রতিটো কেৰোণ সূক্ষ্ম দৃষ্টিভংগীৰে চোৱাই নহয়, তাক ব্যৱচ্ছেদ কৰি প্রকৃত নিৰাময়ৰ কথা চিন্তা–চর্চা কৰে৷ তেওঁ সমাজৰ গ্রাছৰুট লেভেলৰ সকলো কথাই সংগ্রহ কৰে আৰু অধ্যয়ন কৰে৷ সেইবাবেই তেওঁ থানাৰ অ’ চি আৰু অফিচৰ ডিলিং এছিছটেণ্টৰ কাম কৰা পদ্ধতি আলোচনা কৰিছে আৰু এইক্ষেত্রত যে সংস্কাৰৰ প্রয়োজন আছে তাত তেওঁ জোৰ দিছে৷
আমাৰ প্রায়ে সকলোৰে তিতা–মিঠা এটা অভিজ্ঞতা আছে থানাৰ অ’ চি আৰু অফিচৰ ডিলিং এছিছটেণ্ট সংক্রান্তত৷ আমি সকলোৱে জানো তেখেতসকলৰ নিজ নিজ চকী কিমান শক্তিশালী (মাফ কৰিব সকলোৱে নহয়), কিমান অজুহাত আপোনাৰ ফাইল সংক্রান্তত– দিনৰ পিছত দিন, মাহৰ পিছত মাহ ধৰি আপুনি এটা ফাইল পাছ কৰোৱাৰ বাবে নতুবা থানাৰ এখন চার্টিফিকেটৰ বাবে দৌৰি থকাৰ অভিজ্ঞতা কম–বেছি পৰিমাণে সকলোৰে আছে৷ এই কথা হূদয়ংগম কৰিয়েই তেওঁ থানাৰ অ’ চিসকলক মাতি আনি দায়িত্ববোধৰ এক দীঘলীয়া সুখপাদ্য শুনোৱা আৰু সেইমতে পালন কৰাৰ ওপৰত জোৰ দিছে৷ একেদৰে তেওঁ প্রশাসনিক ব্যৱস্থাৰ পাৰদর্শিতা বৃদ্ধি বিষয়ক কর্মশালাত অফিচ ডিলিং এছিছটেণ্ট এজনৰ হাতত ন্যস্ত থকা দায়িত্বই কেনেদৰে এটা ফাইল সংশ্লিষ্ট বিষয়াৰ টেবুল পাওঁতে অযথা পলম হয় সেই কথা উনুকিয়াই দিছে আৰু এই আওপুৰণি প্রথা সংস্কাৰ কৰাৰ যে প্রয়োজন আছে তাক তেওঁ উপলব্ধি কৰিছে৷ তেওঁ এফালে যেনেদৰে অ’ চিক চার্জশ্বীট দিয়া, ৰাইজে বিচৰা চার্টিফিকেটখন প্রস্তুত কৰি দৰকাৰ হ’লে ঘৰত দি থৈ অহাৰ কথা কৈছে, তেনেদৰেই বিভিন্ন কামৰ ফাইল টেবুলে টেবুলে ঘূৰি ফুৰাৰ ফলত অযথা সময় নষ্ট হয় বাবে পোনপটীয়াকৈ সংশ্লিষ্ট অফিচাৰৰ টেবুলত যোৱাৰ ব্যৱস্থা কৰি তেওঁ ৰাইজ আৰু চৰকাৰখন ওচৰ চপাব বিচাৰিছে৷ বিষহীন সাপে যদি ফোঁচ–ফোঁচাবলৈ এৰি দিয়ে, বনৰ বুঢ়া বাঘে যদি মানুহ ওচৰলৈ গ’লে গুজৰণি নিদিয়ে, তেতিয়াহ’লে সিঁহত অস্তিত্বৰ সংকটত নপৰিব জানো? একেদৰেই আমাক আৰু আমাৰ সা–সম্পত্তিৰ ৰক্ষাত সদাব্যস্ত অসম পুলিচে যদি হাতকেৰেয়া লগোৱা অপৰাধীজন পলাব বিচাৰিলে নতুবা বশ কৰিব নোৱাৰা দুর্ধর্ষ অপৰাধীজনক কাবু কৰিবলৈ বুকুৰ সলনি ভৰিত গুলী নামাৰে, তেতিয়াহ’লে পুলিচৰ অস্তিত্ব থাকিব জানো? পুলিচে সাধাৰণ মানুহৰ প্রতি যেনেদৰে মৰমিয়াল হ’ব লাগিব, তেনেদৰেই অপৰাধীৰ ক্ষেত্রত আইনৰ গণ্ডীত থাকি কাৰো পৰা প্রভাৱিত নহৈ কঠোৰ ব্যৱস্থাও ল’ব লাগিব বুলি কোৱা কথাও যথেষ্ট তাৎপর্যপূর্ণ৷
সংস্কাৰৰ ক্ষেত্রত তেওঁ লোৱা সিদ্ধান্ত অতুলনীয়৷ বিভাগীয় সংস্কাৰ, ফাইল প্রছেচিঙৰ সংস্কাৰ, আঁচনিৰ টকা অনুমোদনৰ সংস্কাৰ ইত্যাদি ইত্যাদি৷ তাৰেই ফলশ্রুতিত একেধৰণৰ কাম সম্পন্ন কৰা দুই বা ততোধিক বিভাগক একত্রীকৰণ কৰা, প্রকল্পৰ টকাৰ পৰিমাণ অনুযায়ী ঢ়াপে ঢ়াপে সংশ্লিষ্ট বিষয়াক অনুমোদনৰ দায়িত্ব দিয়া, খালী পদ পূৰণৰ ক্ষেত্রত বিত্ত বিভাগৰ অনুমোদন অবিহনে বিভাগীয় আয়ুক্তই সিদ্ধান্ত লোৱা, ফাইল এটা টেবুলে টেবুলে ঘূৰি ফুৰাৰ সলনি এতিয়াৰ পৰা কার্যকৰী অভিযন্তাৰ পৰা পোনে পোনে বিত্ত বিভাগলৈ যোৱা আদিৰ সংস্কাৰে গোটেই অফিচিয়েল কাম–কাজখিনি সৰলীকৃত হোৱাৰ উপৰি ৰাইজে তাৎক্ষণিকভাৱে সুফল পাব আৰু চৰকাৰখনো ৰাইজৰ মাজলৈ সোমাব পাৰিব৷
তেওঁ কেৱল ড্রাগ্ছৰ বিৰুদ্ধেই নহয় অবৈধ সুৰা, গুট্খা পাণ–মছলা, মানৱ সৰবৰাহকাৰী, মানৱ অংগ ব্যৱসায়ী আদি সকলোতে হাত দিছে আৰু সেইবোৰ নির্মূল কৰাৰ ব্যৱস্থা কৰিছে, ইয়াৰ ফলশ্রুতিত ধৰমটোলত মানৱ অংগ বিক্রী কৰাবলৈ বাধ্য কৰা দুষ্টচক্রৰ কেইবাজনো লোকক কৰায়ত্ত কৰা, মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ৪২জন শিশুক উদ্ধাৰ কৰা, ২৩ কোটি টকাৰ কৰ ফাঁকি দিয়া গুট্খা ব্যৱসায়ী শুভাষ সিঙক গ্রেপ্তাৰ কৰা মাহটোৰ উল্লেখযোগ্য কাম৷ ইমান ব্যস্ততাৰ মাজতো তেওঁ উদীয়মান ফুটবলাৰ সঞ্জয় ভূমিজক চিকিৎসা সাহায্য দিয়া, পদ্মশ্রী বিৰুবালা ৰাভাৰ স্বাস্থ্যৰ বুজ লোৱা আদি কামৰ উপৰি ৰে’লপথ, ৰাষ্ট্রীয় ঘাইপথ আদিত গেলি–পচি উৱলি যোৱা মৃতদেহবোৰ তুলি পৰিৱেশ নিকাকৰণৰ লগত ১৮ বছৰ বয়সৰ পৰাই জডিত হৈ থকা হেমৰাজ বাছফৰক অনুপ্রেৰণামূলক বার্তা প্রেৰণ কৰি অৱহেলিতজনক মর্যাদাৰ দৃষ্টিৰে চাই যেনেদৰে মানৱতাৰ পৰিচয় দিছে, তেনেদৰেই তেওঁৰ বিপক্ষে ফেচবুকত আপত্তিজনক মন্তব্য দিয়াৰ অপৰাধত পাকিজা বেগম নামৰ মহিলাগৰাকীক গ্রেপ্তাৰ কৰি তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ কথাই তেওঁৰ অন্তৰৰ শূন্য প্রতিশোধমূলক মনোবৃত্তিৰ কথা সোঁৱৰাই দিছে আৰু দিল্লীৰ মুখ্যমন্ত্রীৰ ক্ষমাশীল ব্যতিক্রম চৰিত্রক স্পর্শ কৰিছে যেন৷
প্রাকৃতিক দুর্যোগৰ ফলত একচনীয়া অথবা চৰকাৰী আবণ্টনযোগ্য ভূমিত বসবাস কৰা খিলঞ্জীয়া লোকসকলে ঘৰ তথা আন চৰকাৰী সুবিধা লাভ কৰা, আর্টফেডৰ জৰিয়তে খিলঞ্জীয়া শিপিনীৰ পৰা পোনপটীয়াকৈ হস্ততাঁত সামগ্রী ক্রয় কৰা, জনজাতীয় ব্লক আৰু বেল্টসমূহত বসবাস কৰি অহা অসমৰ খিলঞ্জীয়া জনগোষ্ঠীক অধিকাৰ প্রদান আদি খিলঞ্জীয়াৰ প্রতি কৰা উল্লেখযোগ্য কাম৷
ক’ভিডৰ স’তে মোকাবিলা কৰিব পৰাকৈ অসমৰ স্বাস্থ্যখণ্ড উন্নীতকৰণত লোৱা চমকপ্রদ সিদ্ধান্তসমূহ হ’ল– জি এম চি এইচত দুশ বিছনাযুক্ত আই চি ইউ কমপ্লেক্স উদ্বোধন কৰা, য’ত চাৰিখন ডায়লেছিছ বিছনা, চল্লিছ হাজাৰ তৰল অক্সিজেন টেংকীৰ সুবিধা থকা, প্রত্যেকখন মেডিকেল কলেজত পোষ্ট–ক’ভিডৰ স’তে যুঁজিবলৈ ‘এক্মো’ মেচিন স্থাপন, ৰাজ্যৰ প্রতিখন জিলাত শিশুৰ বাবে পৃথক ইমাৰজেন্সী ব্লক আৰু শেহতীয়াকৈ অসমৰ চাৰিখন জিলাত নতুনকৈ চাৰিখন মেডিকেল কলেজ স্থাপন কৰিব লোৱা আৰু ক’ভিডত স্বামীহাৰা মহিলাক আঢ়ৈ লাখ টকা অনুদান দিয়াটো এক উল্লেখনীয় কাম৷ তদুপৰি ভেলোৰৰ শ্রীনাৰায়ণী হাস্পতালৰ লগত ৪৩৮বিধ বেমাৰৰ চিকিৎসাৰ বাবে হোৱা বুজা–বুজিৰ চুক্তি বেছ প্রশংসনীয়৷ ২৮ জুলাইত তৰুণৰাম ফুকনৰ মৃত্যু দিৱসটো দেশভক্তি দিৱস আৰু ৫ আগষ্টত গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসটো কর্মচাৰী দিৱস হিচাপে পালন কৰি, দক্ষতা আৰু পাৰদর্শী দেখুওৱা পাঁচজন কর্মচাৰীক জিলা পর্যায়ত আৰু দহজন কর্মচাৰীক ৰাজ্যিক পর্যায়ত পুৰস্কৃত কৰা আৰু তেখেতসকলৰ কার্যকাল এবছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত যথেষ্ট তাৎপর্যপূর্ণ৷ তেখেতৰ আন এক সিদ্ধান্ত হ’ল ৰাজ্যৰ সকলো কার্যসূচী তথা বৈঠক জাতীয় সংগীতেৰে আৰম্ভ কৰি ৰাষ্ট্রীয় সংগীতেৰে সামৰণি মৰা আৰু সেই বৈঠকত পৰম্পৰা খাদ্যৰে আপ্যায়নৰ ব্যৱস্থা আৰু হাতেবোৱা গামোচাৰ ব্যৱহাৰ সঁচাকৈয়ে আন্তৰিকতাপূর্ণ৷
আমাৰ সীমা সমস্যা দীর্ঘদিনীয়া আৰু কেন্দ্রীয় চৰকাৰৰ নিয়ন্ত্রণাধীন বাবে আগৰ কোনো এজন মুখ্যমন্ত্রীয়ে বিশেষ সফল হ’ব পৰা নাছিল যদিও আঢ়ৈমহীয়া হিমন্ত বিশ্ব শর্মাৰ চৰকাৰখনে এইক্ষেত্রত সুৰক্ষা আৰু সমাধানৰ কাৰণে লোৱা পদক্ষেপ সঁচাকৈয়ে উৎসাহজনক৷ সুৰক্ষাৰ বাবে যেনেদৰে কমাণ্ডো বাহিনীৰে গঠিত নতুন বেটেলিয়ন গঠন আৰু তৎকালীনভাৱে নিযুক্তি প্রক্রিয়া আৰম্ভ কৰিব বিচাৰিছে, তেনেদৰে সমাধানসূত্রৰ বাবে সকলো স্তৰতে আলোচনাও অব্যাহত ৰাখিছে৷
লাইলাপুৰৰ ঘটনা আকস্মিক, অপ্রত্যাশিত আৰু অসহনীয়৷ মিজোৰামৰ মুখ্যমন্ত্রীয়ে আগ্রাসী ভূমিকাৰে উদ্দেশ্যপ্রণোদিতভাৱে অসমক অস্থিৰ কৰাৰ চেষ্টা, সাংসদ এজনৰ অসমীয়াৰ প্রতি কৰা বিৰূপ মন্তব্য আৰু মিজোৰামৰ ছাত্র সন্থাৰ সভাপতিয়ে স্বয়ং মুখ্যমন্ত্রীক দিয়া ভয়–ভাবুকি যেনেদৰে নিন্দনীয়, তেনেদৰেই আমাৰ মুখ্যমন্ত্রীয়ে সহনশীলতাৰে সেই ফান্দত ভৰি নিদি যি দূৰদর্শিতাৰ পৰিচয় দিছে, সেয়াও প্রশংসনীয়৷ মিজোৰামৰ নিচিনা এখন ৰাজ্য, য’ত প্রতিজন নাগৰিকক হাতে হাতে মাৰণাস্ত্র তুলি দিয়াই নহয়, প্রতিজন নাগৰিকে বিদেশী ৰাষ্ট্রৰ সমর্থনত প্লে–কার্ড মুকলিভাৱে প্রদর্শন কৰা ঘটনাই যেনেদৰে মিজোৰামৰ মুখ্যমন্ত্রীক ৰাষ্ট্রীয় পর্যায়ত খলনায়কলৈ পর্যবসিত কৰিছে তাৰ বিপৰীতে আমাৰ মুখ্যমন্ত্রীয়ে–‘আমি মৰি যাম, এক ইঞ্চি মাটিও আমি এৰি নিদিওঁ’ বুলি কঠোৰতম বাক্যবাণ কৰা, মিজোৰামলৈ যোৱা অত্যাৱশ্যকীয় খাদ্য সামগ্রী সৰবৰাহত হস্তক্ষেপ নকৰা, অসমত থকা মিজোসকল নির্ভয়ে অসমত চলা–ফুৰা কৰাত অসুবিধা নকৰা, মিজোৰামত থকা অসমীয়াসকলৰ নিৰাপত্তাৰ কথা চিন্তা কৰা আৰু বর্তমানে অসমীয়াক মিজোৰাম ভ্রমণৰ বাবে বাধা দিয়া ঘটনাই আমাৰ মুখ্যমন্ত্রীজনক ৰাষ্ট্রীয় পর্যায়ত নায়ক কৰাই নহয়, মিজোৰামে এই ঘটনাৰ ছলেৰে যি ৰাজনৈতিক মুনাফা লাভ কৰাৰ চেষ্টা কৰিছিল, ড্রাগ্ছ, চুপাৰি আদিৰ ক্ষেত্রত লোৱা চৰকাৰৰ সবল স্থিতি মষিমূৰ কৰি অসমক দুর্বল কৰিব বিচাৰিছিল, সেয়াও বাধা দিয়াত আমাৰ দূৰদর্শী মুখ্যমন্ত্রীজন সফল হৈছে বুলিও ক’ব পাৰি৷ মিজোৰামৰ মুখ্যমন্ত্রীৰ ভুল নীতিৰ পিছতো যেনেদৰে সকলো মিজোবাসীয়ে একগোট হৈ পৰিছে, তেনেদৰেই আমাৰ মুখ্যমন্ত্রীয়ে লোৱা সবল স্থিতিৰ বাবে স্বাভিমানী অসমীয়া একগোট হোৱাৰ সময় কিন্তু আহি পৰিছে৷
গতিকে দেখা যায় যোৱা মাহটোৰ ৩১টা দিনে তেওঁ এনেভাৱে কাম কৰি গৈছে যে তেওঁ পিন্ধি থকা মুখ্যমন্ত্রীৰ শক্তিশালী বিটচকুৰ পৰা অসমৰ কোনো এটা সমস্যাই, কোনো এটা দুর্বল দিশেই বাদ পৰি যোৱা নাই৷ প্রশ্ণ উঠিছে– তেওঁ ইমান দ্রুতগতিত প্রগতিৰ ষ্টিয়াৰিং ঘূৰাইছে, এক্সিলেটৰ দপাইছে, অসমৰ দৰে আর্থ–সামাজিক পৰিৱেশৰ ওখোৰা–মোখোৰা পথে তেওঁৰ গতি যাতে স্তিমিত কৰিব নোৱাৰে তাৰ বাবে মন্ত্রীসভাৰ আন সদস্যৰে গঠিত ‘টীম’টোৱে যথেষ্ট সতর্কতা আৰু সাৱধানতাৰে ভাৰসাম্য ৰক্ষা কৰি আগুৱাই যাবলৈ সদায় প্রস্তুত থাকিব লাগিব৷

You might also like