বিক্ষোভত জ্বলিছে ফ্রান্স
বিক্ষোভৰ জুইত জ্বলিছে ফ্রান্স৷ যেন বাস্তিল কাৰাগাৰৰ পতনৰ কুচকাৱাজ৷ যোৱা মঙলবাৰে ট্রেফিক আইন মানি নচলাৰ অভিযোগত আৰক্ষীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল এজন ১৭ বছৰীয়া তৰুণক৷ এই তৰুণজনক গুলীয়াই হত্যা কৰাৰ পাছতে জনতাৰ বিক্ষোভত জ্বলিছে ফ্রান্স৷ আৰক্ষী তথা সেনাই যিমানেই এই বিক্ষোভ দমন কৰিবলৈ চেষ্টা চলাইছে, সিমানেই বিক্ষোভত চামিল হৈছে অধিকসংখ্যক লোক ৷ লক্ষণীয়ভাৱে চৰকাৰৰ বিৰুদ্ধে বর্ণ বৈষম্যৰ অভিযোগ অনা হৈছে এই তৰুণজনক হত্যাৰ ঘটনাত৷ এইবাৰৰ বিক্ষোভত অধিকসংখ্যক তৰুণ চামিল হোৱা পৰিলক্ষিত হৈছে৷ বিক্ষোভৰ পাঁচ দিন অতিক্রম কৰাৰ পাছতো জনতাক শান্ত কৰিব পৰা নাই দেশখনৰ আৰক্ষী আৰু সেনাই৷ কালিলৈকে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ১৩১১গৰাকী লোকক৷ ৰাজধানী পেৰিছত আৰক্ষীৰ সৈতে মুকলি সংঘাত হৈছে প্রতিবাদকাৰীৰ৷ প্রতিবাদকাৰীয়ে জ্বলাই দিছে কেইবাটাও ভৱন৷ পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে প্রস্তাৱিত জার্মান ভ্রমণসূচী পিছুৱাই দিবলগীয়া হৈছে দেশখনৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নে৷ জার্মান চৰকাৰৰ তৰফৰ পৰাও এই সন্দর্ভত বিবৃতি প্রকাশ কৰি পেৰিছৰ পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰা হৈছে৷ দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ ফ্রান্সৰ ৰাস্তাত নতুনকৈ ৪৫ হাজাৰ আৰক্ষী আৰু অর্ধ সেনাক মোতায়েন কৰা হৈছে৷ ইয়াৰ ভিতৰত অকল পেৰিছতেই ৫ হাজাৰ সেনাক মোতায়েন কৰিছে মেক্র’ন প্রশাসনে ৷ প্রতি মুহূর্ততে পেৰিছৰ ৰাজপথত সেনাই ফ্লেগ মার্চ কৰি থকা পৰিলক্ষিত হৈছে ৷ আৰক্ষীয়ে প্রতিবাদকাৰীৰ বিৰুদ্ধে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পিছতে পৰিস্থিতি অধিক জটিল হৈ পৰে৷ আৰক্ষী আৰু সেনাৰ দমন অভিযানৰ বিৰুদ্ধে গৈ বিক্ষুব্ধ জনতাই ৰাজধানী পেৰিছত জ্বলাই দিছিল বহু দোকান আৰু ইমাৰত৷ ইফালে, কেইবাখনো অস্ত্রৰ দোকান লুট কৰি বিক্ষোভকাৰীয়ে হস্তগত কৰিছে বহু আগ্ণেয়াস্ত্র৷ এই আগ্ণেয়াস্ত্র আৰক্ষী আৰু সেনাৰ বিৰুদ্ধে ব্যৱহাৰ হ’ব পাৰে বুলি আশংকা প্রকাশ কৰিছে চৰকাৰে৷ গতিকে পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকাই দেখা দিছে ৰাজধানী পেৰিছকে ধৰি কেইবাখনো চহৰত৷
এজন তৰুণৰ হত্যাক কেন্দ্র কৰি এই নজিৰবিহীন বিক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছে ফ্রান্স৷ ইয়াৰ বাবে বিভিন্ন মহলৰ গৰিহণাৰ সন্মুখীন হ’বলগীয়া হৈছে ইমানুৱেল মেক্র’ন চৰকাৰ৷ ৰাজধানী পেৰিছত ৪৯২টা চৰকাৰী ভৱনৰ ক্ষতি কৰিছে বিক্ষোভকাৰীয়ে৷ জ্বলাই দিয়া হৈছে দুই সহস্রাধিক বাহন৷ লক্ষণীয়ভাৱে ৪ হাজাৰ স্থানত অগ্ণিসংযোগ কৰে বিক্ষুব্ধ লোকসকলে৷ জ্বলাই দিয়া হৈছে মার্ছেই চহৰৰ বৃহত্তম গ্রন্থাগাৰ৷ পুৰি ছাই হৈ গৈছে এই গ্রন্থাগাৰৰ বহু মূল্যৱান গ্রন্থ৷ ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ই আলোড়ন তুলিছে ছ’চিয়েল মিডিয়াত৷ বিক্ষুব্ধ জনতাই আইন নিজৰ হাতত তুলি লৈ আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ ফলত তিনি শতাধিক আৰক্ষী বিষয়া আহত হৈছে৷ হিংসাৰ জুই এতিয়া বিয়পি পৰিছে দেশখনৰ নতুন নতুন চহৰলৈ৷ বিক্ষোভত হাজাৰ হাজাৰ তৰুণ চামিল হোৱা বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে ৰাষ্ট্রপতি মেক্র’নে৷ অভিভাৱকসকলক নিজৰ সন্তানক হিংসাৰ পৰা আঁতৰাই ৰাখিবলৈ বার্তাও দিছে ৰাষ্ট্রপতিগৰাকীয়ে৷ কিন্তু ৰাষ্ট্রপতিৰ এনে আহ্বান কামত অহা নাই৷ প্রতিদিনে বিক্ষোভত চামিল হৈছে নতুনকৈ হাজাৰ হাজাৰ লোক৷ এই বিক্ষোভৰ জুয়ে ইমানুৱেল মেক্র’ন চৰকাৰৰ ভৱিষ্যতলৈও কঢ়িয়াই আনিছে আশংকা৷ লক্ষণীয়ভাৱে পাশ্চাত্যৰ দেশসমূহত আৰক্ষীৰ বর্ণ বিদ্বেষৰ ঘটনাক লৈ বিভিন্ন সময়ত সাধাৰণ জনতাই প্রতিবাদ কৰিবলগীয়া হৈছে৷ আমেৰিকাত সঘনে আৰক্ষীৰ আতিশয্যৰ সন্মুখীন হ’বলগীয়া হৈছে আফ্রিকা মূলৰ কৃষ্ণাংগ আমেৰিকানসকল৷ আনকি নিৰীহ কৃষ্ণাংগ লোকক মার্কিন আৰক্ষীয়ে পাশৱিক আতিশয্য চলাই হত্যা কৰা ঘটনাক কেন্দ্র কৰি বিশ্বজুৰি বিক্ষোভৰ সূত্রপাত ঘটিছিল৷ এইবাৰ ফ্রান্সত সেই ঘটনাৰ পুনৰাবৃত্তি ঘটিছে৷ ফৰাচী প্রশাসনে দমনমূলক ব্যৱস্থা লৈ বিক্ষুব্ধ জনতাক শান্ত কৰিব যে নোৱাৰে বিগত পাঁচটা দিনত তাৰ প্রমাণ পোৱা গৈছে৷ গতিকে ৰাজধানী পেৰিছকে ধৰি ফ্রান্সৰ বিভিন্ন চহৰলৈ শান্তি আৰু সুস্থিৰতা ঘূৰাই আনিবলৈ ইমানুৱেল মেক্র’ন প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ শীঘ্রে সমস্যা সমাধানৰ পথ উদ্ভাৱন নকৰিলে মেক্র’ন প্রশাসনৰ বাবে এই বিক্ষোভ হ’ব নতুন প্রত্যাহ্বান৷