নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৯০০ কোটিৰ জিএছটি জালিয়াতি

🔹 পান–আধাৰ কার্ডৰ অপব্যৱহাৰ, ভুৱা চালানেৰে লুণ্ঠন
🔹 কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ তথ্যত উন্মোচিত পণ্য–সেৱা কৰ ফাঁকিৰ দস্তাবেজ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ আগষ্ট : কৰ ব্যৱস্থা সুশৃংখলিত কৰাৰ লক্ষ্যৰে বৃহৎ সংস্কাৰেৰে দেশজুৰি প্রৱর্তন কৰা হৈছিল পণ্য আৰু সেৱা কৰ (জিএছটি)৷ বিশেষকৈ একাংশ অসাধু ব্যৱসায়ীৰ কৰফাঁকি বন্ধ কৰিবলৈ জিএছটি ৰূপায়ণৰ ক্ষেত্রত বিশেষ ব্যৱস্থাও গ্রহণ কৰা হৈছিল৷ তৎসত্ত্বেও একাংশ ব্যৱসায়ীয়ে জিএছটিৰ নামত জালিয়াতিৰে ৰাজকোষৰ বৃহৎ পৰিমাণৰ লোকচান কৰি আহিছে৷ এইক্ষেত্রত পিছপৰি থকা নাই অসমো৷ বিগত সময়ছোৱাত অসমতো জিএছটিৰ জালিয়াতিৰে কোটি কোটি টকা কৰফাঁকিৰে লুণ্ঠন চলাই আহিছে একাংশ অসাধু ব্যৱসায়ীয়ে৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ তথ্যত পণ্য আৰু সেৱা কৰ ফাঁকিৰ এই ক’লা অধ্যায় উন্মোচিত হৈছে৷ বিত্ত মন্ত্রালয়ৰ তথ্য অনুসৰি, ২০১৭ বর্ষৰ পৰা চলিত বর্ষৰ ৩০ জুনপর্যন্ত ৰাজ্যত ৯০০ কোটিৰো অধিক টকাৰ জিএছটি জালিয়াতি সংঘটিত হৈছে৷ শেহতীয়াকৈ লোকসভাৰ মজিয়াত এটা প্রশ্ণৰ উত্তৰত কেন্দ্রীয় বিত্তমন্ত্রীয়ে প্রকাশ কৰা অনুসৰি, পান আৰু আধাৰ কার্ডৰ অপব্যৱহাৰেৰে জিএছটি পঞ্জীয়ন তথা ভুৱা চালানৰ নামত এই বৃহৎ পৰিমাণৰ জালিয়াতি সংঘটিত হৈছে৷ লোকসভাৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি পান আৰু আধাৰ কার্ডৰ অপব্যৱহাৰেৰে জিএছটি পঞ্জীয়ন কৰাৰ বাবদ ৰাজ্যত ৩৮৩.০৩ কোটি টকাৰ জালিয়াতি সংঘটিত হৈছে৷ এই সন্দর্ভত ৰাজ্যত মুঠ ৮০টা গোচৰ ৰুজু কৰা হৈছে৷ অৱশ্যে ৩৮৩ কোটি টকাৰ জালিয়াতি চিনাক্ত কৰিলেও ইয়াৰ বিপৰীতে উদ্ধাৰ হোৱা ধনৰ পৰিমাণ যথেষ্ট কম৷ তথ্য অনুসৰি পান তথা আধাৰ কার্ডৰ অপব্যৱহাৰেৰে জিএছটি পঞ্জীয়নেৰে জালিয়াতি সংঘটিত কৰা ৩৮৩ কোটি টকাৰ ভিতৰত মাত্র ২৫.৩৯ কোটি টকাহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ চেণ্ড্রেল ব’ৰ্ড অৱ ইনডাইৰেক্ট টেক্সেছে ৰুজু কৰা গোচৰত উক্ত সময়ছোৱাৰ ভিতৰত ৩জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ইফালে, কেন্দ্রীয় জিএছটিৰ অধীনত ভুৱা ৰচিদ প্রস্তুত কৰিও একাংশ ব্যৱসায়ীয়ে লুণ্ঠন চলাই আহিছে৷ লোকসভাত দাখিল কৰা তথ্য অনুসৰি, কেন্দ্রীয় জিএছটিৰ অধীনত ভুৱা ৰচিদ প্রস্তুতেৰে ২০১৮–১৯ বর্ষৰ পৰা ২০২২–২৩ বর্ষলৈ মুঠ ৫১৯ কোটি টকাৰ জালিয়াতি সংঘটিত হৈছে৷ এই সন্দর্ভত ৰাজ্যত মুঠ ২৫০টা গোচৰ ৰুজু কৰা হৈছে৷ ৫১৯ কোটি টকাৰ জালিয়াতি চিনাক্ত কৰাৰ বিপৰীতে একেই সময়ছোৱাত উদ্ধাৰ কৰা ধনৰ পৰিমাণ হৈছে ১২৯ কোটি টকা৷ কেন্দ্রীয় জিএছটিৰ অধীনত ভুৱা জিএছটি ৰচিদৰ গোচৰত এতিয়ালৈকে ৪জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ অর্থাৎ পান–আধাৰ কার্ডৰ অপব্যৱহাৰ আৰু ভুৱা ৰচিদেৰে জিএছটি ফাঁকি দি লুণ্ঠন চলোৱা সন্দর্ভত ৰাজ্যত মুঠ ৩৩০টা গোচৰ ৰুজু কৰা হৈছে৷ এই গোচৰসমূহত গ্রেপ্তাৰ হোৱা লোকৰ সংখ্যা ৭জন৷ উল্লেখ্য যে পান আৰু আধাৰ কার্ডৰ অপব্যৱহাৰেৰে জিএছটি পঞ্জীয়নৰ ক্ষেত্রত জালিয়াতি সংঘটিত কৰা দেশজুৰি মুঠ গোচৰৰ সংখ্যা হৈছে ৫,০৭০টা৷ ইয়াৰ ভিতৰত অন্ধ্রপ্রদেশত ৯১টা, বিহাৰত ৬৫টা, চণ্ডীগড়ত ৩টা, ছট্টিশগড়ত ৩৬টা, দিল্লীত ৭১৩টা, গোৱাত ১টা, গুজৰাটত ৫৭০টা, হাৰিয়ানাত ২৬৫টা, হিমাচল প্রদেশত ২টা, জম্মুু–কাশ্মীৰত ২টা, ঝাৰখণ্ডত ১৭৭টা, কর্ণাটকত ৫২টা, কেৰালাত ১৩৫টা, মধ্যপ্রদেশত ৬২টা, মহাৰাষ্ট্রত ৭৬৫টা, নাগালেণ্ডত ৮টা, ওড়িশাত ২৯০টা, পঞ্জাবত ১৬০টা, ৰাজস্থানত ৪১০টা, তামিলনাডুত ৬৩২টা, তেলেংগানাত ১৩৭টা, ত্রিপুৰাত ১২টা, উত্তৰ প্রদেশত ১৯৩টা, উত্তৰাখণ্ডত ২টা আৰু পশ্চিমবংগত ২০৭টা গোচৰ ৰুজু হৈছে৷ এই গোচৰসমূহৰ বিপৰীতে চিনাক্ত কৰা ধনৰ পৰিমাণ হৈছে ২৭,৪২৬.১৬ কোটি টকা৷ ইয়াৰে ৯২২.৫৮ কোটি টকা উদ্ধাৰ কৰাৰ বিপৰীতে ৩৩১জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ সমান্তৰালভাৱে কেন্দ্রীয় জিএছটিৰ অধীনত ভুৱা ৰচিদেৰে জালিয়াতি সংঘটিত কৰা সন্দর্ভত ৰুজু হোৱা মুঠ গোচৰৰ সংখ্যা হৈছে ২৬,২৫৪টা৷ ইয়াৰে ভিতৰত অন্ধ্রপ্রদেশত ৬৬৭টা, অৰুণাচল প্রদেশত ৭টা, বিহাৰত ৬৯৮টা, চণ্ডীগড়ত ৬০টা, ছট্টিশগড়ত ১,৮৯২টা, দমন আৰু ডিউত ১১৮টা, দিল্লীত ১৪,৯০১টা, গোৱাত ১৩টা, গুজৰাটত ১১,৯৪৯টা, হাৰিয়ানাত ১২,৪৮৮টা, হিমাচল প্রদেশত ৯৮টা, জম্মু–কাশ্মীৰত ৪২টা, ঝাৰখণ্ডত ৩১৫টা, কর্ণাটকত ১,০৭৬টা, কেৰালাত ২০২টা, মধ্যপ্রদেশত ৪৫৮টা, মহাৰাষ্ট্রত ৫,০২১টা, মণিপুৰত ১৯টা, মেঘালয়ত ৩০টা, মিজোৰামত ৩টা, নাগালেণ্ডত ১০টা, ওড়িশাত ৬৭০টা, পুডুচেৰীত ২২টা, পঞ্জাবত ২২১টা, ৰাজস্থানত ১,১৫১টা, ছিকিমত ৩০টা, তামিলনাডুত ২,৫৫৬টা, তেলেংগানাত ১,১১৩টা, ত্রিপুৰাত ৭১টা, উত্তৰ প্রদেশত ৭৫৮টা, উত্তৰাখণ্ডত ১৮৯টা আৰু পশ্চিমবংগত ১৮২টা গোচৰ ৰুজু হৈছে৷ এই গোচৰসমূহৰ বিপৰীতে চিনাক্ত কৰা ধনৰ পৰিমাণ হৈছে ১,১৫,৪৫৭ কোটি টকা৷ উদ্ধাৰ কৰা ধনৰ পৰিমাণ ১০,৩৪৬ কোটি টকা৷ এই গোচৰসমূহত ১,২৩৯জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ উল্লেখ্য যে জিএছটি ফাঁকি চিনাক্ত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে কেতবোৰ পদক্ষেপ গ্রহণ কৰিছে৷ লোকসভাৰ মজিয়াত বিত্ত মন্ত্রালয়ৰ ফালৰ পৰা প্রকাশ কৰা অনুসৰি, তথ্য বিশ্লেষণৰ লগতে বিপদাশংকা থকা কৰদাতা আৰু কৰ প্রদান নকৰা ব্যৱসায়ীসকলক চিনাক্ত কৰিবলৈ কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰা হৈছে৷ ভুৱা পঞ্জীয়ন চিনাক্তকৰণৰ লক্ষ্যৰে চলিত বর্ষৰ ১৬ মে’ৰ পৰা ১৫ জুলাইলৈ বিশেষ অভিযান দেশজুৰি চলোৱা হৈছিল৷ সেইদৰে চিজিএছটি বিধি, ২০১৭ৰ ৮নং বিধিত ৪(এ) উপ–বিধি সংযোজন কৰি আবেদন পঞ্জীয়নৰ ক্ষেত্রত বায়’মেট্রিক ভিত্তিত আধাৰ পৰীক্ষণ ব্যৱস্থাও গ্রহণ কৰা হৈছে৷ সেইদৰে যোৱা ১ আগষ্টৰ পৰা বি টু বি লেনদেনৰ বাবে ই–ৰচিদ প্রদানৰ সীমা ১০ কোটিৰ পৰা ৫ কোটিলৈ হ্রাস কৰা হৈছে৷ অৱশ্যে ইয়াৰ মাজতো সময়ে সময়ে অসাধু ব্যৱসায়ীসকলে জিএছটিৰ ক্ষেত্রত জালিয়াতিৰে চৰকাৰৰ ৰাজহ লোকচান কৰি নিজৰ মুনাফা বৃদ্ধিৰ ষড়যন্ত্রত লিপ্ত হৈ আহিছে৷ সমান্তৰালভাৱে এনে অসাধু ষড়যন্ত্র ব্যর্থ কৰাৰ বাবেও সংশ্লিষ্ট কর্তৃপক্ষ অধিক কঠোৰ তথা সতর্ক হৈ পৰিছে৷ যাৰ ফলত পূর্বৰ তুলনাত জিএছটিৰ অধীনত কৰ সংগ্রহৰ পৰিমাণ দেশজুৰি বৃদ্ধি পাইছে৷

You might also like