নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰকীয়া প্ৰেমৰ বাবে মহানগৰীত নৃশংস হত্যাকাণ্ড

🔹 প্ৰেমিকাক হত্যা কৰি আত্মহনন অবৈধ প্ৰেমিক নিৰঞ্জনৰ
🔹 সংকটজনক অৱস্থাত দুই সন্তানসহ ৰীতাৰ স্বামী

বিশেষ বাৰ্তা, ২৮ আগষ্ট : মহানগৰীৰ বৰাগাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। পৰকীয়া প্ৰেমৰ বাবে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিলে অবৈধ প্ৰেমিক নিৰঞ্জন গোঁহায়ে। দাৰে ঘপিয়াই হত্যা কৰে প্ৰেমিকাক। প্ৰেমিকাক হত্যা কৰাৰ লগতে প্ৰেমিকাৰ স্বামী আৰু দুই সন্তানকো আক্ৰমণ কৰে অবৈধ প্ৰেমিক নিৰঞ্জনে। ঘটনা সংঘটিত কৰি নিৰঞ্জনৰো আত্মহনন । জানিব পৰা মতে, ৰীতা দাস নামৰ মহিলাগৰাকী ১৩ বছৰ পূৰ্বে অৱনী দাসৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ আছিল দুই সন্তানো। এই সুখৰ সংসাৰৰ মাজতে বিগত ৩ বছৰ পূৰ্বৰে পৰা নিৰঞ্জন গোহাঁই নামৰ চালক এজনৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৰীতা দাসে। অবৈধ প্ৰেমৰ বাবে স্বামী অৱনী দাসক ৩ মাহ পূৰ্বে অবৈধ প্ৰেমিক নিৰঞ্জন গোহাঁইৰে মিলি ৰীতা দাসে মৰিয়াই হাত-ভৰি ভাঙি দুই সন্তানক এৰি পলাই গৈছিল। কিছুদিন পূৰ্বে পুনৰ ৰীতাই নিৰঞ্জনক এৰি অৱনী দাসৰ ওচৰলৈ আহিছিল। শেষত যোৱানিশা নিৰঞ্জনে ৰীতাৰ ঘৰলৈ আহি এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰে। নিৰঞ্জনে ৰীতাৰ ঘৰলৈ আহি প্ৰথমে ঘৰৰ কুকুৰটোক মৰিয়াই হত্যা কৰে। তাৰ পিছত ৰীতা দাসৰ দুই সন্তানক লোৰ পাইপেৰে আক্ৰমণ কৰে। দুই সন্তানৰ এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । পৰৱৰ্তী পৰ্যায়ত শোৱাপাটীত থকা অৱনী দাসক উপৰ্যুপৰি আক্ৰমণ কৰে । অৱনী দাসক আক্ৰমণ কৰোঁতে ৰীতা দাসে বাধা প্ৰদান কৰাত ৰীতা দাসক লোৰ পাইপ আৰু তৰোৱালেৰে ঘপিয়াই হত্যা কৰে। হত্যাকাণ্ড সংঘটিত কৰি একেটা কোঠালিতে নিৰঞ্জন গোহাঁয়েও আত্মহননৰ পথ বাছি লয় । গড়চুক আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । লোৰ পাইপ আৰু তৰোৱালখন আৰক্ষীয়ে জব্দ কৰে ।

You might also like