চন্দ্রত মানৱ
পৃথিৱীৰ উপগ্রহ চন্দ্রত সোঁশৰীৰে মানৱৰ অৱতৰণ এক অবিশ্বাস্য ঘটনা হিচাপে এতিয়াও চর্চিত হৈ আছে৷ মহাকাশ অভিযানৰ অংশ হিচাপে চন্দ্রলৈ যান প্রেৰণ কৰাৰ লগতে মানৱক অৱতৰণ কৰোৱাটো এতিয়াও জটিল হিচাপে চর্চিত৷ আমেৰিকা যুক্তৰাষ্ট্রই ১৯৬৯ চনত প্রথমবাৰৰ বাবে চন্দ্রত মানৱক অৱতৰণ কৰাই ইতিহাস গঢ়াৰ পাছত আজিলৈকে বিশ্বৰ কোনো এখন দেশে মানৱ অৱতৰণ কৰিবলৈ সক্ষম হোৱা নাই৷ অৱশ্যে মানৱ অৱতৰণ কৰাবলৈ চেষ্টা চলাই আহিছে৷ ১৯৬৯ চনত মহাকাশচাৰী নীল আর্মষ্ট্রঙে প্রথমবাৰৰ বাবে চন্দ্রত অৱতৰণ কৰাৰ পাছত পৰৱর্তী সময়ত ১৯৭২ চনলৈকে আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশচাৰীয়ে ছয়বাৰ অৱতৰণ কৰিছে৷ ইয়াৰ পাছৰে পৰা এতিয়ালৈকে চন্দ্রত মহাকাশচাৰীয়ে অৱতৰণ কৰিব পৰা নাই৷ শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্রই পুনৰবাৰ চন্দ্রত মহকাশচাৰীক অৱতৰণ কৰোৱাৰ অভিযানৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ চন্দ্রপৃষ্ঠত ২০১৩ চনত অন্তিমবাৰৰ বাবে চীনৰ মহাকাশ যানে মসৃণ অৱতৰণ কৰাৰ পাছত ভাৰতে ইতিহাসত প্রথমবাৰৰ বাবে চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰাই ইতিহাস গঢ়িছে৷ চন্দ্রৰ দক্ষিণ মেৰুত যান অৱতৰণ কৰোৱা ভাৰত হৈছে বিশ্বৰ প্রথমখন দেশ৷ যোৱা ২৩ আগষ্টত চন্দ্রযান–৩ৰ অভিযান তথা চন্দ্রৰ দক্ষিণ মেৰুৰ যান অৱতৰণ কৰোৱাৰ প্রথম বার্ষিকীত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰ’ৱে মহাকাশ খণ্ডক লৈ কেইবাটাও ধ্বজাবাহী অভিযানৰ পৰিকল্পনা আৰম্ভ কৰিছে৷ জোনবাইৰ বুকুত দক্ষিণ মেৰুত যান অৱতৰণ কৰাই ইছৰ’ৱে ইতিহাস গঢ়াৰ পাছত প্রথমবাৰৰ বাবে মানৱসহ মহাকাশ অভিযান আৰম্ভ কৰিব ভাৰতে৷ ভাৰতীয় বিজ্ঞানীসকলে লাভ কৰা অভিজ্ঞতা আৰু প্রযুক্তিৰ আধাৰত মানৱসহ মহাকাশযান প্রেৰণ কৰিব৷ ইয়াৰ মাজতে ইছৰ’ৱে চন্দ্রত মানৱক অৱতৰণ কৰোৱাৰ বাবে অভিযানৰ প্রস্তুতি আৰম্ভ কৰিছে৷
মহাকাশ খণ্ডত ইছৰ’ৰ সফলতা আৰু কৃতিত্বৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে মহাকাশ অভিযানৰ বাবে পূর্বতকৈ অধিক পুঁজি আবণ্টন কৰিছে৷ দেশৰ মহকাশ খণ্ডক উজ্জীৱিত কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে ইছৰ’ক ৩১ হাজাৰ কোটি টকাৰ আবণ্টন জনাইছে৷ পৰৱর্তী ১৫ বছৰৰ ভিতৰত এই ধনেৰে ইছৰ’ৱে চন্দ্রত মহাকাশ কেন্দ্র স্থাপন কৰাৰ লগতে চন্দ্রত মানৱ অৱতৰণ কৰোৱাৰ অভিযান চলাব৷ ইছৰ’ৱে ভাৰতীয় অন্তৰীক্ষ ষ্টেচন ২০৩৫ চনৰ ভিতৰত প্রতিষ্ঠা কৰিব৷ মহাকাশত এই ষ্টেচনটো স্থাপন কৰিবলৈ ২০২৮ চনত ইছৰ’ৱে ষ্টেচনটোৰ আর্হি মহাকাশলৈ প্রেৰণ কৰিব আৰু ২০৩৫ চনৰ ভিতৰত ই কার্যক্ষম হৈ পৰাৰ পূর্ণ সম্ভাৱনা আছে৷ লক্ষণীয় যে ইছৰ’ৱে ভাৰতৰ প্রথম মহাকাশ ষ্টেচন ভাৰতীয় অন্তৰীক্ষ ষ্টেচন পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰিব৷ ভাৰতীয় অন্তৰীক্ষ ষ্টেচন কার্যক্ষম হৈ পৰাৰ পাছতে ইছৰ’ৱে চন্দ্রলৈ মানৱ প্রেৰণৰ বাবে অভিযান আৰম্ভ কৰিব৷ ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে প্রকাশ কৰা মতে ২০৪০ চনৰ ভিতৰত সকলো ঠিকে ঠাকে থাকিলে ভাৰতে চন্দ্রত মানৱসহিত মহাকাশ যান অৱতৰণ কৰাব৷ অর্থাৎ চন্দ্রত ভাৰতৰ নাগৰিকে পদার্পণ কৰিব৷ চন্দ্রযান–৩ অভিযানৰ বিৰল সফলতাৰ পাছত ইছৰ’ৱে চন্দ্রযান–৪ আৰু চন্দ্রযান–৫ৰ পৰিকল্পনা চলাই আছে৷ প্রসংগক্রমে উনুকিয়াও যে মানৱসহিত মহাকাশ অভিযানৰ বাবে ইছৰ’ৱে ইউৰোপীয় মহাকাশ সংস্থা, চমুকৈ ইএছএৰ সৈতে চুক্তি স্বাক্ষৰ কৰি মহাকাশ অভিযানত মানৱ প্রেৰণৰ বাবে প্রয়োজনীয় প্রযুক্তিকে ধৰি বিভিন্ন তথ্য বিনিময় কৰি আছে৷ ইয়াৰ জৰিয়তে ইছৰ’ৱে পৰৱর্তী সময়ত মহাকাশ অভিযানত সফল হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ চন্দ্রযান–৩ৰ সফলতাই ভাৰতীয় মহাকাশ অভিযানক নতুন গতি দিছে, যিয়ে পৰৱর্তী সময়ত ইছৰ’ক আৰু অধিক কৃতিত্বৰ অংশীদাৰ কৰিব৷