সিন্ধু জল চুক্তি
দেশতেই নহয়, বিশ্বজুৰি সম্প্রতি চর্চিত বিষয়ৰ অন্যতম সিন্ধু জল চুক্তি৷ ভাৰত আৰু পাকিস্তানৰ মাজত জল বিনিময়ৰ এই চুক্তি৷ জম্মু–কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীয়ে নিৰীহ পর্যটকক বর্বৰতাৰে হত্যালীলা চলোৱাৰ পাছতেই সিন্ধু জল চুক্তি ব্যাপক চর্চাৰ মাজলৈ আহিছে৷ অৱশ্যে ইয়াৰ পূর্বেও এই সিন্ধু জল চুক্তি কেইবাবাৰো বিতর্ক আৰু চর্চাৰ মাজলৈ নহা নহয়৷ কিন্তু এইবাৰ এই জল চুক্তি চর্চাৰ মাজলৈ অহাৰ বিশেষ কাৰণ আছে৷ জম্মু–কাশ্মীৰৰ মিনি ছুইজাৰলেণ্ডখ্যাত পেহেলগামত পাকিস্তানৰ সন্ত্রাসবাদীয়ে দেশী–বিদেশী পর্যটকক নির্মমভাৱে গুলীয়াই হত্যা কৰাৰ প্রত্যাঘাত হিচাপে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কূটনৈতিক কঠোৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই কূটনৈতিক সিদ্ধান্তৰ ভিতৰত সিন্ধু জল চুক্তি স্থগিত ৰখাটোও আছে৷ ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৬০ চনত স্বাক্ষৰিত সিন্ধু জল চুক্তি একপক্ষীয়ভাৱে ভাৰতে স্থগিত কৰাৰ লগে লগে পাকিস্তানত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ পাকিস্তান চৰকাৰে ভাৰতৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা হিচাপে আন্তর্জাতিক পর্যায়ত উত্থাপন কৰাৰ হুংকাৰ দিছে৷ নতুন দিল্লীৰ এই সিদ্ধান্ত বেআইনী আৰু ন্যায়সংগত বুলি দাবী কৰিছে৷ তদুপৰি পাকিস্তানে এই চুক্তি স্থগিত কৰাৰ বাবে ভাৰতক হুংকাৰো দিছে৷ ভাৰতে পেহেলগাম আক্রমণৰ প্রতিশোধকল্পে সিন্ধু জল চুক্তি স্থগিত ৰাখি পাকিস্তানক শ’লঠেকত পেলাইছে৷ কার্যতঃ এই চুক্তি স্থগিতকৰণেৰে নতুন দিল্লীয়ে জলযুদ্ধৰ সূত্রপাত ঘটাইছে৷ সিন্ধু জল চুক্তি স্থগিতকৰণৰ ফলত পাকিস্তানত ভয়াৱহ পৰিস্থিতি হ’ব৷ এই কথা নিশ্চিত যে সিন্ধু জল চুক্তি স্থগিতকৰণৰ লগে লগে পাকিস্তানত জলৰ নাটনি তীব্রতৰ হৈ উঠিব আৰু দেশখনৰ নাগৰিক এক অনাহূত পৰিস্থিতিৰ সন্মুখীন হ’ব৷ এনে কাৰণতে পাকিস্তানক শ’লঠেকত পেলাবলৈ নতুন দিল্লীয়ে পেহেলগামৰ সন্ত্রাসবাদী আক্রমণত জড়িত ইছলামাবাদৰ বিৰুদ্ধে কূটনৈতিক সিদ্ধান্ত গ্রহণ কৰিছে৷ পেহেলগামৰ আক্রমণৰ সমান্তৰালকৈ চর্চাৰ অন্যতম সিন্ধু জল চুক্তি ৰূপায়ণৰ এক ইতিহাস আছে৷
১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত তদানীন্তন ভাৰতৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ ৰাষ্ট্রপতি আয়ুব খান স্বাক্ষৰিত বহুচর্চিত এই সিন্ধু জল চুক্তি৷ বিশ্ব বেংকৰ সহযোগিতাত এই চুক্তিখন স্বাক্ষৰিত কৰা হৈছে৷ চুক্তিখন স্বাক্ষৰিত হোৱাৰ সময়ছোৱাত বিশ্ব বেংকক ইণ্টাৰনেচনেল বেংক ফৰ ৰিকনষ্ট্রাকচন এণ্ড ডেভেলপমেণ্ট বুলি জনা গৈছিল৷ এই বিশ্ব বেংকৰ সহযোগত স্বাক্ষৰিত হোৱা সিন্ধু জল চুক্তি অনুসৰি ভাৰত আৰু পাকিস্তানে সিন্ধু নদী আৰু আন পাঁচ উপনদীৰ জল বিনিময় কৰি আহিছে৷ উক্ত চনৰে পৰা দুয়োখন দেশে প্রায় সমিলমিলেৰে চুক্তি মানি আহিছে যদিও মাজে–সময়ে দুই দেশৰ মাজত হোৱা কূটনৈতিক সংঘাত আৰু নদীৰ উপৰিভাগত বান নির্মাণৰ বাবে মতভেদৰো সৃষ্টি হয়, যাৰ ফলত চুক্তিখন বিতর্কৰ মাজত সোমাই পৰে৷ চুক্তি অনুসৰি পূব প্রান্তৰ তিনিখন নদী ৰবি, বিজ আৰু চুটলেজৰ পানীৰ অধিকাৰ ভাৰতৰ হাতত আছে৷ আনপিনে পশ্চিম প্রান্তৰ তিনি নদী সিন্ধু, চেনাব আৰু জেলামৰ নিয়ন্ত্রণ পাকিস্তানৰ হাতত আছে৷ এই চুক্তিখন ৰূপায়ণ হোৱাৰ পাছত দুয়ো দেশৰ মাজত হোৱা মতভেদ আঁতৰ কৰাৰ লক্ষ্যৰে ৰাষ্ট্রসংঘই এখন স্থায়ী সিন্ধু আয়োগ স্থাপন কৰিছিল৷ এই সিন্ধু আয়োগৰ জৰিয়তে দুয়োখন দেশৰ মাজত জল বিনিময় নির্ধাৰণ কৰি দুয়ো দেশৰ মাজত হোৱা সংঘাত আঁতৰ কৰি আহিছে৷ চুক্তি অনুসৰি ভাৰতে পশ্চিম প্রান্তৰ তিনিখন নদীৰ পানী ঘৰুৱা, জমা ৰখা, জলসিঞ্চন আৰু বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত ব্যৱহাৰ কৰিব পাৰে৷ চুক্তিয়ে সিন্ধু নদী ব্যৱস্থাৰ পৰা ভাৰতক ২০ শতাংশ জলৰ অধিকাৰ দিয়াৰ বিপৰীতে বাকী ৮০ শতাংশ পাকিস্তানৰ হাতত দিয়া হৈছে৷ ২০১৬ চনত ভাৰতে জম্মু–কাশ্মীৰৰ কিষেণ গংগা আৰু ৰেটল জলবিদ্যুৎ প্রকল্প নির্মাণ কৰাৰ বাবে পাকিস্তানে বিশ্ব বেংকৰ ওচৰত অভিযোগ দাখিল কৰিছিল৷ নদী ব্যৱস্থাটোৰ নামনিত থকা পাকিস্তানৰ বাবে এই জলবিদ্যুৎ প্রকল্প ক্ষতিকাৰক হ’ব বুলি দাবী কৰিছিল৷ কিন্তু বিশ্ববেংকে ভাৰতৰ সবল যুক্তিক মানি লৈ এই কার্য চলাই যাবলৈ অনুমতি দিছিল৷ মন কৰিবলগীয়া যে ১৯৬০ চনত ৰূপায়িত এই চুক্তিৰ দ্বাৰা জল বিনিময় কৰি থকা প্রক্রিয়াটো বিশ্বৰ ভিতৰতে অন্যতম সফল হিচাপে চিহ্ণিত হৈ আছে৷ এনে পৰিপ্রেক্ষিতত পেহেলগাম আক্রমণৰ বাবে ভাৰতে চুক্তি স্থগিত ৰাখি পাকিস্তানক শ’লঠেকত পেলাবলৈ সক্ষম হৈছে যদিও বিশ্ব বেংকে কি ভূমিকা লয় সেয়া তাৎপর্যপূর্ণ৷