মোদী–৩ৰ নতুন যাত্রা
বাংলাদেশ, ভূটান, শ্রীলংকা, মালদ্বীপসহ কেইবাখনো প্রতিৱেশী ৰাষ্ট্রৰ মুৰব্বীৰ উপস্থিতিত তথা দৃশ্য–শ্রাব্য মাধ্যমৰ জৰিয়তে দেশৰ কোটি কোটি লোকক সাক্ষী কৰি নৰেন্দ্র দামোদৰদাস মোদীয়ে প্রধানমন্ত্রী ৰূপে তৃতীয়টো কার্যকালৰ শুভাৰম্ভ কৰিলে৷ ৰাষ্ট্রপতি ভৱনত আয়োজিত শপতগ্রহণ অনুষ্ঠানটো কার্যতঃ আছিল নতুন ভাৰতৰ অনবদ্য প্রতিফলন৷ অনুষ্ঠানটোৱে ভাৰতৰ প্রতিৱেশী প্রথম নীতিক সুন্দৰভাৱে উজলাই তুলিলে৷ বিশ্বক নেতৃত্ব দিয়াৰ নতুন স্বপ্ণৰে উতলা ভাৰতবর্ষৰ বাবে প্রতিৱেশী প্রথম নীতিটো এটা শ্ল’গানতে সীমাবদ্ধ হৈ থকাটো উচিত নহয়৷ ইয়াক আখৰে আখৰে কার্যকৰীকৰণত দেশখনৰ ৰাজনৈতিক নেতৃত্বই দৃঢ়তা দেখুৱাব লাগিব৷ নিষ্ঠা আৰু সততা দেখুৱাব লাগিব৷ দক্ষিণ–পূব এছিয়াৰ এই ভূ–খণ্ডটোত কোনো ৰাষ্ট্রৰে এইক্ষেত্রত অভিজ্ঞতা সুখকৰ নহয়৷ প্রতিৱেশী ৰাষ্ট্রৰ ভূমি আৰু ৰাজনীতিত অনুপ্রৱেশৰ সদায়েই সুযোগ বিচাৰি ফুৰা চীন কাৰোৰেই ভৰসাৰ নহয়৷ মৌলবাদৰ সাৰুৱা ভূমি পাকিস্তানক লৈও প্রতিৱেশী ৰাষ্ট্রত অসন্তুষ্টিৰ পৰিমাণ সীমাহীন৷ এইক্ষেত্রত ভাৰত উজ্জ্বল ব্যতিক্রম৷ আর্থিক, সামৰিক তথা ভৌগোলিকভাৱে চীনৰ বাহিৰে ভাৰতবর্ষ কেউখন প্রতিৱেশী ৰাষ্ট্রতকৈ বহু আগত৷ তথাপি দেশখনে কাৰোৰেই সৈতে দাম্ভিক আচৰণ নকৰে৷ বৰং সমমর্যাদাৰ ভিত্তিত সকলোৰে সৈতে একেলগে আগুৱাই যোৱাৰ পোষকতা কৰি আহিছে৷ দেশকেইখনৰ প্রগতিত যথাসম্ভৱ অৰিহণা যোগোৱাৰ প্রয়াস ভাৰতৰ চিৰন্তন৷ ভাৰতৰ প্রধানমন্ত্রীগৰাকীৰ শপতগ্রহণৰ দৰে অনুষ্ঠানত প্রতিৱেশী ৰাষ্ট্রকেইখনৰ মুৰব্বীৰ আন্তৰিক উপস্থিতি দেখিলে যিকোনো ভাৰতীয়ৰ বুকুখন গৌৰৱত ফুলি উঠে৷ এইখনেই একবিংশ শতিকাৰ ভাৰতবর্ষ৷ অনুষ্ঠানটোৱে নতুন ভাৰতবর্ষৰ আন এটা উজ্জ্বল দিশ প্রতিফলিত কৰিলে৷ একেৰাহে দুটা কার্যকাল সফলতাৰে সমাপ্ত কৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ওপৰত দেশবাসীৰ আস্থাক জ্যোতিষ্মান কৰিলে৷ নৰেন্দ্র মোদীৰ পূর্বৰ কার্যকাল দুটা আধুনিক ভাৰতবর্ষৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব৷ এই সময়ছোৱাতে বিশ্বৰ এটা অগ্রণী আর্থিক শক্তিৰূপে দেশখনৰ আত্মপ্রকাশ ঘটে৷ আজিৰ তাৰিখত ভাৰতবর্ষক বাদ দি বিশ্বৰ কোনো এখন শীর্ষৰ তথা গুৰুত্বপূর্ণ মঞ্চ সম্পূর্ণ নহয়৷ নতুন দিল্লী অবিহনে বিশ্বৰ কোনো এটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ নহয়৷ আন্তর্জাতিক প্রেক্ষাপটত এতিয়া ভাৰতবর্ষ এটা অনুপেক্ষণীয় শক্তি৷
অকল সেয়াই নহয়, এই সময়ছোৱাত দেশখনত অভিলেখসংখ্যক দাৰিদ্র্য সীমাৰেখাৰ পৰা লোকৰ উত্তৰণ ঘটিছে৷ আন্তঃগাঁথনিৰ বিকাশে নতুন মাত্রা লাভ কৰিছে৷ দীঘলীয়া কার্যকাল সত্ত্বেও চৰকাৰখনৰ বিৰুদ্ধে কোনেও এটা দুর্নীতি–কেলেংকাৰিৰ অভিযোগ উত্থাপন কৰিব নোৱাৰিলে৷ এইটো নৰেন্দ্র মোদীৰ বাবে কৃতিত্বৰ বিষয়৷ কিয়নো ইউপিএ চৰকাৰৰ সীমাহীন দুর্নীতিৰ পৰা দেশখনক মুক্ত কৰাৰ প্রতিশ্রুতিৰে ২০১৪ চনত তেওঁ নতুন ৰাজনৈতিক ইনিংছ এটা আৰম্ভ কৰিছিল৷ তাৰে পূর্বে মোদী এখন প্রদেশৰ মুখ্যমন্ত্রীহে আছিল৷ নৰেন্দ্র মোদীৰ তৃতীয়টো কার্যকাল প্রত্যাশাৰ এখন সুবিশাল পর্বতে অপেক্ষা কৰি আছে৷ তেওঁ প্রথম দুটা কার্যকালেৰে নিজেই প্রত্যাশাক পাহাৰৰ পৰা পর্বতলৈ উন্নীত কৰিছে৷ প্রধানমন্ত্রীগৰাকীৰ নিজৰেই ভাষাত আজিৰ ভাৰতীয়ই সৰু সৰু কথা চিন্তাই নকৰে৷ চিন্তা–চেতনাৰ জগতখন প্রসাৰ হৈছে দিগন্তলৈ৷ ৰে’ল লাগিব বন্দে ভাৰতৰ দৰে৷ ৰাষ্ট্রীয় পথ লাগিব আমেৰিকা যুক্তৰাষ্ট্রৰ পর্যায়ৰ৷ উচ্চ শিক্ষানুষ্ঠান লাগিব বিকশিত ৰাষ্ট্রত বিনাদ্বিধাই গ্রহণ কৰিব পৰা চার্টিফিকেট প্রদান কৰিব পৰা মানৰ৷ পূর্বৰ চৰকাৰসমূহে দেশবাসীৰ গৰিষ্ঠসংখ্যকৰ চিন্তা–চেতনাৰ জগতখনক এটা নির্দিষ্ট পৰিসীমাৰ মাজত বন্দী কৰি ৰাখিছিল অথবা তেনে সীমা এটাত আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰাইছিল৷ অসমৰ ক্ষেত্রতে যদি চোৱা যায়, উত্তৰ–পূবৰ হূদয়স্বৰূপ ভূ–খণ্ডটোত বিকাশৰ পৰিভাষা আছিল কি? ঠেক গলিৰ দৰে ৰাষ্ট্রীয় ঘাইপথ, ব্রিটিছৰ যুগৰে ৰে’ল যাতায়াত ব্যৱস্থা, বিমান সেৱাৰ কথা ভাবিব নোৱাৰা৷ আন্তঃগাঁথনিৰ এই দুৰৱস্থাই বিকাশ মানে কি অসমৰ জনসাধাৰণক বুজিব পৰাকৈ ৰখা হৈছিল৷ আন আন ক্ষেত্র যেনে- শিক্ষা, সংস্থাপন আদিতো অসমৰ জনগণৰ চিন্তাধাৰাক এটা ক্ষুদ্র পৰিসৰত থাকিবলৈ ব্যৱস্থা কৰা হৈছিল৷ এইটোও নহয় যে নৰেন্দ্র মোদীৰ কার্যকাল দুটাই অসমৰ সকলো সমস্যা নাইকিয়া কৰিলে, অসমখন সমস্যামুক্ত হৈ পৰিল৷ বিকাশৰ পথত ৰাজ্যখন বহু দূৰ যাবলগীয়া আছে৷ কিন্তু আজিৰ অসমবাসীৰ মাজত বিকাশৰ ছবি এখন স্পষ্ট হৈ আছে৷ এতিয়া আৰু অসমবাসীয়ে বিকাশৰ নামত সাধাৰণ মানৰ ৰাষ্ট্রীয় পথক মানি নলয়৷ ৰাজ্যখনক অধিকৰ পৰা অধিক চিকিৎসা মহাবিদ্যালয় লাগে৷ বিশ্ববিদ্যালয় লাগে৷ ছেমিকণ্ডাক্টৰ উদ্যোগৰ পৰা ৰাজ্যখনৰ অর্থনীতিয়ে কি কি পাব পাৰে, আন ৰাষ্ট্রই কি কি পালে তাক চিন্তা কৰে৷ মুঠতে বিকাশৰ ক্ষেত্রত নৰেন্দ্র মোদীৰ তৃতীয়টো কার্যকালে পর্বতসম প্রত্যাশাৰ সন্মুখীন হ’ব লাগিব৷ তেওঁ দেশখনক বিকাশৰ নতুন উচ্চতালৈ নিব লাগিব৷