নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ৰোহিতৰ সমীকৰণত বিধ্বস্ত বাবৰ বাহিনী

🔹 ভাৰতৰ পাকিস্তান বধ

🔹 বুমৰাহ-ধুমুহাত তচনচ চিৰবৈৰীৰ বেটিং ক্ৰম

বিশেষ বাৰ্তা, ১০ জুন : ভাৰতৰ পাকিস্তান বধ। বিশ্বকাপত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিলে ভাৰতে৷ আমেৰিকাৰ মাটিত খেলা চলিত বিশ্বকাপৰ কালি অনুষ্ঠিত ৰুদ্ধশ্বাস মেচখনত পাকিস্তানক ৬ ৰানত পৰাজিত কৰে ভাৰতে৷ ভাৰতীয় অধিনায়ক ৰোহিতৰ সমীকৰণত বিধ্বস্ত হয় বাবৰ বাহিনী। বিতর্কিত পিটচত ভাৰতৰ বেটাৰসকল ব্যর্থ হ’লেও ভাৰতীয় বলাৰৰ বিক্রমত ধৰাশায়ী হ’ল পাক বাহিনী৷ টছত পৰাজিত হৈ প্রথমে বেটিং কৰাৰ আমন্ত্রণ লাভ কৰা ভাৰতৰ অ’পেনিং যুটিয়ে দলক ভাল আৰম্ভণি দিব নোৱাৰিলে৷ নিয়মীয়া অ’পেনাৰ যশস্বী জয়ছোৱালৰ স্থানত অধিনায়ক ৰোহিত শর্মাৰ সৈতে বিৰাট কোহলিয়ে ইনিংছ মুকলি কৰে। কিন্তু দুয়োগৰাকী তাৰকা বেটাৰ সম্পূর্ণৰূপে ব্যর্থ হয়৷ ৰোহিতৰ বেটৰ পৰা ১৩ ৰান অহাৰ বিপৰীতে কোহলিয়ে কৰে মাত্র ৪ ৰান৷ পাক বাহিনীৰ শ্বাহিন আফ্রিদী, নাছিম শ্বাহ, মহম্মদ আমিৰ আৰু হেৰিছ ৰৌফৰ নিখুঁত বলিঙৰ সন্মুখত ঋষভ পণ্টৰ বাহিৰে ভাৰতৰ অন্য বেটাৰসকল বিফল হয়৷ পাকিস্তানৰ বেটিঙৰ সময়তো পণ্টে উইকেটৰ পিছফালে থাকিও সুন্দৰ সহযোগিতাৰে ভাৰতীয় দলটোক জয়ৰ ফালে আগুৱাই নিয়ে।  ঋষভে ৩১ বলত ৪২ ৰান আৰু অক্ষৰ পেটেলে ২০ ৰান কৰে৷ মেচখনত সূর্যকুমাৰ যাদৱ (৭), শিৱম ডুবে (৩), হার্দিক পাণ্ডিয়া (৭) আৰু ৰবীন্দ্র জাদেজা (০) ব্যর্থ হোৱাত ভাৰতে নির্ধাৰিত অভাৰৰ পূর্বেই ১৯ অভাৰত ১১৯ ৰানতে ইনিংছ সামৰে৷ প্রত্যুত্তৰত পাকিস্তানে সহজ লক্ষ্য সন্মুখত লৈ ধীৰ গতিত বেটিং আৰম্ভ কৰে৷ দলৰ অ’পেনাৰ মহম্মদ ৰিজৱানে ৩১ ৰানেৰে দলক সুন্দৰ আৰম্ভণি দিয়ে যদিও ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ শীতল মস্তিষ্কৰ সমীকৰণত ধৰাশায়ী হয় পাক দলটো। দলটোৰ অন্য বেটাৰসকলে ৰানৰ বাবে সংগ্রাম কৰিবলগীয়া হয়৷ শেষৰ ফালে ইমাদ ৱাছিমে ১৫ ৰান কৰি আশা সজীৱ কৰিলেও দলটোৱে ৭ উইকেটত ১১৩ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ক্ৰিকেট-বিশ্বৰ বুমৰাহ-ধুমুহাত তচনচ হয় চিৰবৈৰীৰ বেটিং ক্ৰম। এই বিজয়েৰে ভাৰতে বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ পৰিসংখ্যা ৭–১লৈ বৃদ্ধি কৰে৷

You might also like