ক’ৰোনা উত্তৰকালৰ চিনেমা
চিনেমা দর্শনৰ যি এক আচাৰসমৃৃদ্ধ আৰু সামূহিক আনন্দ আছিল, তাক নষ্ট কৰি পেলাইছিল ছেটেলাইট চেনেলবোৰে আৰু ইণ্টাৰনেট আৰু অ’টিটি প্লেটফর্মবোৰে তাক অন্তিম পর্যায়ৰ পিনে লৈ গৈ আছিল৷ মাজতে আৰম্ভ হোৱা মাল্টিপ্লেক্স আৰু সৰু চিনেমা হলবোৰে চিনেমাৰ শুকাই যোৱা দেহলৈ অলপ পানী আনিছিল যদিও ক’ৰোনাৰ আক্রমণে চিনেমাক সকলো দিশৰ পৰাই নিশকতীয়া কৰি পেলালে৷ চিনেমা মানেই এখন বৃহৎ কর্মক্ষেত্র, ছবিৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি বাণিজ্য সামৰালৈকে বহুদিনৰ কাম, বহু লোকৰ ব্যস্ততা৷ কিন্তু ক’ৰোনাই এই সকলোবোৰকেই স্তব্ধ কৰি দিছিল৷ চিনেমাৰ এই দুৰৱস্থাৰ দিনত নিজৰ অৱস্থা ভাল কৰিছিল অ’টিটি প্লেটফর্মবোৰে আৰু চিনেমাক এই প্লেটফর্মৰ শৰণাপন্ন হ’বলৈ বাধ্য কৰাইছিল৷ অস্তিত্ব ৰক্ষাৰ বাবে এনে এটা ক্ষণত উপস্থিত হোৱাৰ সময়তে চিনেমাৰ দৃশ্যগ্রহণৰ বাবে অনুমতি আহিল, চিত্রগৃহবোৰ মুকলি কৰাৰ খবৰ আহি পালে৷ সীমিত দর্শকৰ উপস্থিতিত ছবি প্রদর্শন আৰম্ভ হ’ল, চিত্রগৃহবোৰ ভালদৰে ছেনিটাইজ কৰা হ’ল, দর্শকক এটা পৰিচ্ছন্ন পৰিৱেশৰ নিশ্চয়তা দিয়া হ’ল৷ কিন্তু এই সমগ্র পৰিৱেশৰ আন এখন ছবি হ’ল– ইতিমধ্যে বহু চিত্র নির্মাতাই নিজৰ ছবিবোৰ অ’টিটি প্লেটফর্মত দিলেই, বহুতে এই প্লেটফর্মৰ চাহিদা পূৰণ কৰিব পৰাকৈ ছবি নির্মাণৰ পৰিকল্পনা কৰিলে, বহুতে ৱেব ছিৰিজত নামি পৰিল৷ অর্থাৎ বহু চিত্র নির্মাতাই নিজকে নতুন মাধ্যমৰ লগত মানসিকভাৱে সংলগ্ণ কৰি পেলালেই৷ কিন্তু এটা কথা ঠিক যে চিনেমাই কিন্তু আগৰে পৰাই দর্শক হেৰুৱাবলৈ আৰম্ভ কৰিছিল৷ ২০০৫ চনৰ পৰা ২০১৯ চনৰ চিত্রগৃহৰ দর্শকৰ মাজত হোৱা সমীক্ষাৰ পৰা গম পোৱা গৈছিল যে ২০১৯ চনত সর্বমুঠ ৩২ শতাংশ দর্শক কমি আহিছিল৷ ২০০৫ চনত আমেৰিকাৰ ছটা বৃহৎ প্রযোজনা গোষ্ঠী ৱাৰনাৰ ব্রাদার্ছ, ৱাল্ট ডিজনী, টুৱেণ্টিয়েথ চেঞ্চুৰী ফক্স, পেৰামাডণ্ট, ছ’নী আৰু ইউনিভার্ছেলে বছৰত কুৰি–পঁচিশখন ছবি প্রযোজনা কৰি মুক্তি দিছিল, কিন্তু ২০১৯ চনত সেই সংখ্যা কমি গৈ নখন ছবি হৈছিলগৈ৷ প্রযোজকৰ দিশৰ পৰা ছবি নির্মাণৰ গ্রাফডাল নিম্নমুখী হ’লেও অন্য মাধ্যমবোৰৰ আগমনে চিনেমাৰ দর্শক সামগ্রিকভাৱে বৃদ্ধি কৰিছিল৷ এই নতুন মাধ্যমৰ দর্শকৰ আটাইখিনিয়েই অ’টিটিৰ ভক্ত আৰু এই মাধ্যমৰ বিশেষত্ব হ’ল ই দর্শকৰ সন্মুখত উপস্থিত কৰাই দিয়ে উপভোগ্য সামগ্রীৰ বিশাল আয়োজন৷ চিত্রগৃহত এই বিশালতাৰ কথা কল্পনাৰ বাহিৰত আৰু বজাৰ হিচাপে চিত্রগৃহৰ বজাৰখনত বিক্রেতাৰ আধিপত্য অধিক৷ প্রযোজক–পৰিৱেশকে যি বিচাৰিব তাকেই দর্শকৰ সন্মুখত মেলি দিব, দর্শকে তাকেই চাবলৈ বাধ্য৷ কিন্তু অ’টিটি প্লেটফর্মে বিক্রেতাৰ এই আধিপত্য নোহোৱা কৰি দর্শকক দিছে পছন্দ কৰাৰ অধিকাৰ আৰু সুবিধা আৰু ই হ’ল পৰিৱর্তনৰ পথৰ এটা ডাঙৰ টার্নিং পইণ্ট৷
ক’ৰোনাৰ আক্রমণত জর্জৰিত সকলোকে চৰকাৰে যিমান পাৰে সহায় কৰাৰ চেষ্টা কৰি আহিছে৷ ভ্রাম্যমাণ থিয়েটাৰ–চিনেমাকো সহায় কৰাটো অতি যুক্তিসংগত কাম হ’ব৷ চিনেমা কর্মীসকলৰ স্বাস্থ্য সেৱাৰ দায়িত্ব চৰকাৰৰ হাতত লোৱাৰ ব্যৱস্থা থকাৰ দৰে ভ্রাম্যমাণ থিয়েটাৰ বা সংগীত শিল্পীসকলক সহায় কৰিবলৈ চৰকাৰৰ বিশেষ কোনো বিভাগ বা পৰিকল্পনা নাই৷ অসংগঠিত লোকক চৰকাৰী সাহায্য দিয়া কামটোও কিন্তু জটিল৷ চিনেমা কর্মীসকলৰ এটা মান্যতাপ্রাপ্ত সংগঠন আছে আৰু তেনে মান্যতাপ্রাপ্ত সংগঠন যে ভ্রাম্যমাণ থিয়েটাৰ বা অন্য পৰিৱেশনকাৰীসকল বাবে প্রয়োজনীয়, সেই কথা ক’ৰোনাই শিকাই দি গ’ল৷ অসমীয়া চিনেমাৰ উন্নয়নৰ বাবে চৰকাৰে জ্যোতি চিত্রবন আৰু অসম চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম স্থাপন কৰিছিল৷ জ্যোতি চিত্রবনৰ কাম ৰাইজৰ চকুত পৰে, কিন্তু এই বিত্ত আৰু উন্নয়ন নিগমে কেইখনমান সাধাৰণ মানৰ আৰু উদ্দেশ্যহীন ছবি নির্মাণ কৰাৰ বাহিৰে আন কিবা কাম কৰাটো ৰাইজৰ চকুত নপৰে৷ববিতা শর্মা এই নিগমৰ চেয়াৰমেন হৈ থকা সময়তে এটা আর্কাইভৰ স্থাপন কৰা হৈছিল, যিটোৰ আৰম্ভণি আছিল অতি উৎসাহজনক৷ কিন্তু পৰৱর্তীকালত সেই আর্কাইভৰ বিকাশৰ বাবে কোনো ধৰণৰ কাম কৰা নহ’ল৷ ৰাজনৈতিকভাৱে নিয়োজিত হোৱা চেয়াৰমেনে সেইবোৰ কথা নাজানিব পাৰে, কিন্তু সেই অফিচত থকা অসম চৰকাৰৰ উচ্চশিক্ষিত প্রশাসনীয় বিষয়াসকলেও সেইবোৰ কথা নজনাটো লজ্জাজনক৷চিনেমাৰ এইদুৰৱস্থাৰ সময়ত চৰকাৰৰ এই প্রতিষ্ঠানটোৰ কর্তব্য আছিল কার্যকৰী পৰিকল্পনাৰে চিত্রজগতখনক সকাহ দিয়াৰ দায়িত্ব পালন কৰা৷ কিন্তু ছ’চিয়েল মিডিয়াত প্রধানমন্ত্রীক ঠাট্টা কৰি পোষ্ট দিয়া মানুহক চিনেমা নির্মাণৰ দায়িত্ব দি মুখ বন্ধ কৰা কাম কৰাৰ বাহিৰে এই জটিল সময়ত এই নিগমে একো নকৰাটো দুখজনক কথা৷