নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্তমান অসমীয়া জাতিৰ এটাই লক্ষ্য হওক– শক্তিশালী অর্থনীতি

-মুকুল চন্দ্র বৰকটকী

ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ ২১ শতিকাৰ দুই দশকত উদ্ভৱ হোৱা এক অদৃশ্য শব্দবিহীন আণৱিক বোমা৷ কোনো কোনোৰ মতে ই তাতোকৈ মাৰাত্মক৷ ইতিমধ্যে এই মাৰাত্মক ভাইৰাছটো পৃথিৱীৰ প্রায় সকলো দেশতে বিয়পি হাজাৰ হাজাৰ মানুহ আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে৷ লাখ লাখ মানুহে মৃত্যুৰ ক্ষণ গণি আছে৷ দেশৰ অর্থনীতিৰ ভেটি জহি–খহি পৰিছে, লাখ লাখ মানুহ নিবনুৱা হৈছে৷ খাদ্য–পানীৰ অভাৱত হাজাৰ হাজাৰ মানুহ ৰাস্তাই–পদূলিয়ে ঘূৰি ফুৰিছে৷ এই মাৰাত্মক অদৃশ্য বোমাটোৰ সংক্রমণৰ পৰা মানৱ জাতিক ৰক্ষা কৰাৰ কাৰণে চিকিৎসকসকলে নিজকে উছর্গা কৰি অহর্নিশে কাম কৰি গৈ আছে৷ বহুকেইখন দেশে নিজৰ নিজৰ গৱেষণাগাৰত দিনক ৰাতি ৰাতিক দিন কৰি গৱেষণাত ব্রতী হৈ আছে, ক’ৰোনা ভাইৰাছৰ প্রতিষেধক ঔষধ উলিওৱাৰ কাৰণে৷
আমি যদি যোৱা ফেব্রুৱাৰীৰ শেষৰ পৰা আৰম্ভ কৰি জুলাই মাহলৈকে ক’ৰোনা ভাইৰাছে কৰা ধ্বংসৰ যজ্ঞলীলা আৰু ইয়াক নিয়ন্ত্রণত ৰাখিবলৈ মানুহৰ বিৰামহীন চেষ্টা নিৰীক্ষণ কৰোঁ, আমি দেখিবলৈ পাম যে মানৱ জাতিয়ে ইয়াক নিয়ন্ত্রণত ৰাখিবলৈ বহু পৰিমাণে সফল হৈছে আৰু ভাগি পৰা অর্থনীতিক পুনৰ সজীৱ–সবল আৰু নতুন ৰূপত গঢ় দিবলৈ অর্থনীতিবিদসকলে সময় পাইছে৷
আমাৰ দেশ ভাৰতবর্ষত অন্য দেশৰ তুলনাত ইয়াৰ প্রভাৱ বহু পৰিমাণে কম যদিও বহু সতর্কতা অৱলম্বন কৰিব লগা হৈছে৷ কল–কাৰখানা, খেতি–বাতি, দোকান–পোহাৰ বন্ধ কৰিবলগীয়া হৈছে৷ হাজাৰ হাজাৰ লোকৰ চাকৰি নাইকিয়া হৈছে৷ আটাইতকৈ ক্ষতিগ্রস্ত লোকসকল হৈছে দিনহাজিৰা কৰা, শাক–পাচলি, মাছ–মাংস বিক্রী কৰা, ৰিক্সা–ঠেলাচালক, মাটিবিহীন কৃষক বা শ্রমজীৱী কৃষক আদিৰ৷ এই সকলো শ্রেণী অসংগঠিত শ্রমিকৰ তালিকাত পৰে৷ এক সমীক্ষা মতে, ভাৰতবর্ষত ইয়াৰ সংখ্যা ৪৭ কোটি ৫৫ লাখ৷ ইয়াৰে অৱশ্যে ১২ শতাংশমান বর্তমান সংগঠিত শ্রেণীত অন্তর্ভুক্ত হৈছে৷
অসমৰ এটা খণ্ডৰ এখন ছবি দেখিলেই গম পোৱা যাব আমি কি ভয়ংকৰ পৰিস্থিতিৰ মাজত সোমাই আছোঁ৷ চৰকাৰী তথ্য মতে আঠখন জিলাতে ভূমিহীন পৰিয়ালৰ সংখ্যা ১,৯২,৭১০টা৷ ইয়াৰ ভিতৰত একমাত্র তিনিচুকীয়া জিলাতে আছে ৫১,৬৬৬টা পৰিয়াল, সকলোতকৈ অধিক৷
যি কি নহওক, আমাৰ প্রথম কামটো হ’ব এইসকলক কেনেধৰণে আৰু কি পদ্ধতিৰে সংগঠিত কৰি অর্থনীতি বিকাশৰ ক্ষেত্রত প্রয়োগ কৰিব পৰা যাব? এই অসংগঠিত শ্রমিকসকলক আমি কেইবাটাও ভাগত ভাগ কৰি একো একোটা গোট কৰি ল’ব লাগিব৷
১৷ শাক–পাচলি, তামোল–পাণ, মাছ–মাংস, ফলমূল, গেলা–মাল, কাপোৰৰ দোকান, দিনহাজিৰা কৰা, ঠেলা–ৰিক্সা আৰু অন্যান্য সৰু–সুৰা দোকান ইত্যাদি৷
২৷ ভূমিহীন পৰিয়াল বা কৃষিজীৱী শ্রমিক, কৃষি নির্ভৰশীল খেতিয়ক৷
এতিয়া আমি প্রথম গোটটোৰ কাষলৈ যাওঁ, যাক সংগঠিত কৰি এটা মজবুত অর্থনৈতিক বিকাশ গোটলৈ ৰূপান্তৰ কৰিব পাৰোঁ৷ যেতিয়াই আমি গোটটোক অর্থনৈতিক বিকাশৰ ক্ষেত্রত কামত লগাবলৈ যাম, তেতিয়াই আহি পৰিব অর্থৰ কথাটো৷ তেনেক্ষেত্রত আমাৰ প্রথম চিন্তা হ’ব আমি নিজাববীয়াকৈ অলপ–চৰপ ধন সংগ্রহ কৰি সৰু–সুৰা পুঁজি এটা গঠন কৰি ল’ব পাৰোঁ নেকি? এই চিন্তাৰ মাজতে সোমাই আছে সংগঠন আৰু সংগঠিত কৰিব পৰা কার্যব্যৱস্থা৷ আজিকালি বহু ঠাইত গাঁৱে–ভূঞে, নগৰে–চহৰে বহুসংখ্যক পঞ্জীয়নবিহীন ক্ষুদ্র সঞ্চয়ৰ গোট দেখিবলৈ পোৱা যায়৷ সেইবোৰৰ সদস্য পঁচিশৰ পৰা আৰম্ভ কৰি দুশ–তিনিশপর্যন্ত, কেতিয়াবা তাতোকৈও অধিক৷ এই গোটবোৰে মাহেকত এশ টকাৰ পৰা আৰম্ভ কৰি হেজাৰ–দুহেজাৰ পর্যন্ত জমা কৰে, ঋণ লয় আৰু বছৰৰ মূৰত জমা ধনৰ ভাল এটা অংশ সুদ হিচাপে লাভ কৰে৷ এই গোটবিলাকৰ কাম ইয়াতেই সীমাবদ্ধ৷
আমাৰ চিন্তা হ’ব ওপৰত উল্লেখ কৰা ক্ষুদ্র ক্ষুদ্র ব্যৱসায়ীসকলক পঞ্চাশ বা এশজনীয়া একো একোটা গোট কৰি চৰকাৰৰ অন্যতম বিভাগ সমবায়ত থ্রিপ্ট এণ্ড ক্রেডিট কো–পাৰেটিভ ছ’চাইটী হিচাপে পঞ্জীয়ন কৰি ল’ব লাগিব৷ এই ছ’চাইটীবোৰৰ কাম হ’ব টকা জমা আৰু কম সুদত ব্যৱসায়–বাণিজ্য কৰিবলৈ ঋণ দিয়া৷ এই সমিতিবোৰে সদস্যসকলক তেওঁলোকৰ জমা ধনৰ পৰা অতি কম সুদত হ্রস্বম্যাদী ঋণ দিয়াৰ ব্যৱস্থা থাকে, যাৰ দ্বাৰা তেওঁলোকে ক্ষুদ্র ব্যৱসায়বোৰ সুচাৰুৰূপে চলাই লৈ যাব পাৰে৷ সাধাৰণতে এনেধৰণৰ সমবায় সমিতিবোৰে ছমাহ বা এবছৰৰ পিছতহে ঋণ দিয়াৰ ব্যৱস্থা কৰে, অর্থাৎ যেতিয়ালৈকে সমবায়খনে আগতীয়াকৈ নির্ণয় কৰি ৰখা ধনৰাশি জমা নহয়৷ সমবায়বোৰত সাধাৰণতে জমা ধনৰ ৮০ শতাংশ ঋণ দিয়াৰ ব্যৱস্থা থাকে৷ সমবায়বোৰ লাহে লাহে টনকিয়াল হৈ উঠিলে সদস্যসকলে তেওঁলোকৰ অংশৰ পৰিমাণ বৃদ্ধি কৰি ল’ব পাৰে আৰু ঋণৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে৷
অসমত বর্তমান যিমানকেইখন গাঁও পঞ্চায়ত আছে, সেই পঞ্চায়তবোৰৰ অধীনত থকা ৱার্ডসমূহত এনে আর্হিত সমবায় গঠন কৰিলে বিকাশৰ হাৰ দ্রুতগতিত হোৱাৰ সম্ভাৱনা আছে আৰু দৰিদ্র মানুহৰ সংখ্যাও ক্রমাগতভাৱে নিম্নগামী হ’ব৷ সমবায়সমূহৰ কাম–কাজত চৰকাৰী খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়তৰ সভাপতিগৰাকীয়ে সময়ে সময়ে দিহা–পৰামর্শ দিয়াৰ উপৰি প্রতি তিনি মাহৰ মূৰে মূৰে উন্নয়নৰ প্রতিবেদন দিয়াটো বাধ্যতামূলক হ’ব লাগিব৷ অৱশ্যে সকলো কাম কৰাৰ আগতে বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা এখন নিখুঁত আঁচনি যুগুত কৰা নিতান্তই প্রয়োজন৷
এতিয়া আমি আহোঁ কৃষিক্ষেত্রখনলৈ৷ অসমৰ শতকৰা ৮০ শতাংশ লোক কৃষিৰ ওপৰত নির্ভৰশীল৷ অসমত ধান, মাহ, সৰিয়হ, মৰাপাট আৰু কম পৰিমাণে ঘেঁহু খেতি কৰা হয়৷ তদুপৰি নানাবিধ শাক–পাচলি অপর্যাপ্ত পৰিমাণে উৎপাদন হয়৷ ফলমূলৰ ভিতৰত সুমথিৰা, মাটিকঁঠাল, কঁঠাল, জামু আৰু বহুবিধ ফলৰ উৎপত্তিৰ স্থান অসম৷ যেনে– পনিয়ল, লেটেকু, নানবিধ বগৰী, টেঙাৰ ভিতৰত নেমুটেঙা, ঔটেঙা, নগা টেঙা, থেকেৰা টেঙা, লিচু, জলফাই ইত্যাদি বহু ফল গছতেই পকি–সৰি নষ্ট হয় তাৰ সীমা–সংখ্যা নাই৷ সেইবিলাকৰ গৱেষণা কৰি তাৰ মূল্যাংকন নিৰূপণ কৰি সদ্ব্যৱহাৰত লগাব পৰা পদ্ধতি কৃষি বিজ্ঞানীসকলে এতিয়াও কৰা চকুত পৰা নাই৷ যদি বেলজিয়াম আৰু নেদাৰলেণ্ডৰ কৃষি বিজ্ঞানীসকলে অসমৰ লেটেকু, পনিয়ল, ঔটেঙাৰ ওপৰত গৱেষণা কৰিব পাৰে, আমাৰ বিজ্ঞানীসকলে কি কৰি আছে?
যি কি নহওক, অসমত খেতি কৰা গোষ্ঠী মূলতঃ দুটা ভাগত বিভক্ত– ১৷ খিলঞ্জীয়া অসমীয়া আৰু ২৷ বাংলাদেশৰ পৰা আহি অসমত থিতাপি লোৱা মুছলমানসকল৷ খেতি–বাতিৰ ক্ষেত্রত এই সকলো লোক খেতিৰ পোক বুলি ক’ব পাৰি৷ তেওঁলোকে কষ্ট কৰিব পাৰে আৰু এচপৰা মাটিও এনেয়ে পেলাই নথয়৷ তদুপৰি কৃষি কৰাৰ পদ্ধতিবিলাকৰ ক্ষেত্রতো নিপুণ৷ সেই অনুপাতে অসমীয়া খেতিয়কসকলে ধানকেইটাৰ বাহিৰে অন্য খেতি কম কৰে৷ অৱশ্যে আজিকালি আমাৰ খেতিয়কসকলেও নানাবিধ খেতি কৰা দেখা গৈছে৷
আমাৰ খেতিয়কসকলৰ এটা বদ্ধমূল ধাৰণা যে ধান, মাহ, সৰিয়হ উৎপাদন কৰি তাৰে এটা অংশ বজাৰত বিক্রী কৰাটোৱেই শেষ অৱস্থা বুলি গণ্য কৰে৷ এইসমূহক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি অর্থনীতিৰ দ্বিতীয় স্তৰ অর্থাৎ কৃষিজাত দ্রব্য উৎপাদন কৰিব পৰা যায়, তাৰ চিন্তা বহু খেতিয়কৰ নাই৷ যেনে– তুঁহ গুড়িৰ পৰাRice Brand Oil, সৰিয়হৰ পৰা মিঠাতেল আৰু হাঁহ–কুকুৰাৰ খাদ্য, মৰাপাটৰ পৰা ৰছীৰ পৰা আৰম্ভ কৰি তৰহে তৰহে নানাধৰণৰ বেগ ইত্যাদি৷ এইবিলাকক কোৱা হয় মূল্য সংযোজিত Value added) দ্রব্য৷ আমাৰ পেলনীয়া ভাত, দাইলখিনি একে ঠাইতে গোটাই তাকো বিক্রী কৰাৰ ব্যৱস্থা আছে ওচৰে–পাঁজৰে থকা গাহৰি ফার্মবিলাকত৷ এইবিলাক গাঁৱলীয়া অর্থনীতি বিকাশৰ কিছুমান সৰু–সুৰা উপাদান৷
ইতিমধ্যে উনুকিওৱা হৈছে যে গ্রামীণ অর্থনীতি বিকাশৰ ক্ষেত্রত খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়তৰ সভাপতিৰ পৰা আৰম্ভ কৰি ৱার্ডৰ সদস্যলৈকে এক দুর্দান্ত জাতীয়তাবাদৰ মনোভাব লৈ আগবাঢ়িলেহে আমি আমাৰ গন্তব্যস্থানত উপনীত হ’ম৷
এইখিনিতে এটা প্রশ্ণ উদয় হয়– ‘আমাৰ উৎপাদিত সামগ্রীৰ বজাৰ?’ অসমৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা হাট–বজাৰসমূহ (সাপ্তাহিক) এই দ্রব্যসমূহ বিক্রীৰ উপযুক্ত স্থান৷
আমি এতিয়া আহোঁ অর্থনীতিৰ তৃতীয় স্তৰটোলৈ৷ প্রথম স্তৰত আমি আমাৰ মাটিডৰাৰ মাধ্যমেৰে বুনিয়াদ গঠন কৰি ললোঁ দ্বিতীয় স্তৰত মাটিডৰাত উৎপন্ন হোৱা নানাধৰণৰ শস্য, ফলমূল, শাক–পাচলি আদি কৃষিজাত সামগ্রী লৈ বৈজ্ঞানিক পদ্ধতিৰে ৰূপান্তৰ কৰি দেশৰ সমৃদ্ধি বৃদ্ধি কৰা৷
তৃতীয় স্তৰত আমি আৰু এখোপ ওপৰলৈ উঠি অর্থনীতিয়ে নতুন মোৰ লোৱা দেখা পাওঁ৷ এই অর্থনীতি ঔদ্যোগিক প্রতিষ্ঠানসমূহত উৎপাদিত দ্রব্যসমূহৰ উপৰি শিক্ষা, বেংকিং, বীমা, পৰিবহণ, পর্যটন আদি সামৰি লোৱা হৈছে, যাক একেলগে কোৱা হয় ঔদ্যোগিক অর্থনীতি Industrial Economy) আৰু শিক্ষা, বীমা আদিক কোৱা হয় সেৱা উদ্যোগ Service Industry), যিহেতু এই সকলো দেশৰ অর্থনীতি উন্নয়নৰ লগত জড়িত৷ তদুপৰি বহু দেশে এইবিলাকতে ক্ষান্ত নাথাকি ন ন আৱিষ্কাৰ, ন ন প্রযুক্তিবিদ্যা উদ্ভাৱন কৰি সেইবোৰ অর্থনীতি বিকাশৰ ক্ষেত্রত নিয়াৰিকৈ সংযোজন কৰি অর্থনীতিত এক চমকপ্রদ ৰং দিবলৈ সক্ষম হৈছে৷ ভাৰতো অৱশ্যে পিছপৰি থকা নাই৷
এতিয়া আমি অসমৰ উদ্যোগ জগতখনত এভুমুকি মাৰি চাওঁ৷ এই খণ্ডৰ অৱস্থা একেবাৰে পুতৌজনক৷ ঔদ্যোগিক উন্নয়ন, বিনিয়োগ, উৎপাদন, কর্মসংস্থাপন এই সকলোবিলাক পৰিসংখ্যা জড়িত৷ ইংৰাজীত কয়–One is dead one hundred is Statistics৷ অর্থাৎ পৰিসংখ্যা সদায় মিছাৰ আধাৰত প্রতিষ্ঠিত৷
আমি নেতিবাচক আলোচনা নকৰি ইতিবাচক আলোচনালৈ আহোঁ৷ অসমত ঔদ্যোগিক বিকাশৰ ক্ষেত্রত ইতিমধ্যে আমাৰ ভৌগোলিক সীমা আৰু ইয়াত বসবাস কৰা বিভিন্ন জনগোষ্ঠীয়ে তেওঁলোকৰ পৰম্পৰা বা পুৰুষাণুক্রমে আহৰণ কৰা কিছুমান বিদ্যা, কৌশল আৰু আচৰণবিধি Behaviourial Pattern) নিৰীক্ষণ কৰি আঁচনি যুগুত কৰি আজি কিছু বছৰৰ আগতে দুই–এখন বাতৰিকাকতৰ যোগেদি প্রকাশ কৰা হৈছিল ‘অসম ঔদ্যোগিক মডেল’ নামেৰে৷ ইংৰাজীত প্রকাশ কৰা লেখাটো পঢ়ি মহাৰাষ্ট্র লঘু উদ্যোগ উন্নয়ন নিগমে আমাৰ মডেলটোৰ প্রতি সঁহাৰি জনোৱাত মনটো ভাল লাগিল৷ উল্লেখ্য যে আমাৰ মডেলটো বর্তমান চীনৰ অর্থনৈতিক মডেলৰ লগত বহুখিনি মিল আছে৷
আমাৰ চিন্তাধাৰাত এটা নতুন অর্থনৈতিক মডেলে ঠাই পাইছে৷ উত্তৰ–পূব ভাৰতৰ সাতখন ৰাজ্যক এক উমৈহতীয়া অর্থনৈতিক জ’ন North-East India Common Economic Zone) হিচাপে গঠন কৰিব পৰা যায় নেকি? আমাৰ বিচাৰ মতে বর্তমান সময়ত ইয়াৰ প্রয়োজনীয়তাৰ গুৰুত্ব বেছি অনুভৱ কৰা হৈছে৷ আমি দৃঢ়ভাৱে এটা মত পোষণ কৰিব বিচাৰিছোঁ, সাতখন ৰাজ্য এক হৈ বা উমৈহতীয়াভাৱে কাম নকৰিলে কেন্দ্রীয় চৰকাৰ বহুচর্চিতAct East Policyখন ধোঁৱাচাঙত তুলি থোৱা ভাল হ’ব৷ ৰাজনৈতিকভাৱে যদি সাতখন ৰাজ্যক নাডা NADA) গঠন কৰি একগোট কৰিব পাৰে, অর্থনৈতিক হিচাপে কিয় নোৱাৰে? এনে অর্থনৈতিক গোট গঠন হ’লে চৰকাৰৰ মনত কিছুমান ভয় থকা যেন লাগে– (১) সাতখন ৰাজ্য অর্থনৈতিকভাৱে একগোট হ’লে ভৱিষ্যতে বিচ্ছিন্নতাৰ ভাব জাগ্রত হ’ব পাৰে (২) কয়লা, খনিজ তেল আৰু অন্যান্য কেঁচা সামগ্রীসমূহ বাহিৰা ৰাজ্যলৈ সৰবৰাহ বন্ধ হৈ যোৱাৰ সম্ভাৱনা (৩) জল বিদ্যুৎ প্রকল্পসমূহতো ব্যাঘাত জন্মিব (৪) কলিকতাত অৱস্থিত চাহ উদ্যোগৰ মূল কার্যালয়সমূহ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আদি৷
যি কি নহওক, ক’ৰোনা ভাইৰাছে সমগ্র মানৱ জাতিৰ চিন্তাধাৰা সলনি কৰি দিছে৷ ব্যৱসায়–বাণিজ্যতো তাৰ প্রভাৱ পৰিছে বহুলভাৱে৷ ক’ৰোনা ভাইৰাছৰ দিনতে মার্কিন যুক্তৰাষ্ট্রৰ বিলিয়নাৰীৰ ধনৰ টোপোলাত ৪৩৪ বিলিয়ন আৰু বেছিকৈ সোমাল৷ মহাৰাষ্ট্রৰ এজন অধ্যাপক কৌস্তভ ধাৰগালকাৰে তেওঁৰInnovation Profitable Business নামৰ কিতাপখনত লিখিছে–’Today more than ever is a strong need for reimagining the way business needs to be conducted through deep empathy and exploring win-win situation for all stakeholders involved’.
অর্থনৈতিক আঁচনিসমূহ যুগুত কৰোঁতে (ক’ভিড–১৯ৰ পিছত) অক্সফ’ড বিশ্ববিদ্যালয়ৰ অধ্যয়নকাৰী গোটটোৱে মন্তব্য কৰা কথাকেইটালৈ মন দিব–How to revamp our economy

1. Green ecomony, Green projects, more jobs, reduced Green House gas emissions, Positive impact on climate, Investment labour project which will create jobs and considerably reduce the use of fossils fuel.

শেষত আমি ক’ব বিচাৰিছোঁ যে দ্রুত হাৰত অর্থনীতিৰ বিকাশ ঘটাবলৈ হ’লে দুখন আঁচনি যুগুত কৰিব লাগিব– প্রথমখন হ্রস্বম্যাদী আৰু দ্বিতীয়খন দীর্ঘম্যাদী আঁচনি৷ প্রথমখন আঁচনিত গুৰুত্ব পাব সেৱা উদ্যোগসমূহে, যিবিলাক আমি কম খৰচ আৰু কম সময়ৰ ভিতৰত ৰূপায়ণ কৰিব পাৰিম৷ দ্বিতীয়খন দীর্ঘম্যাদী আঁচনি, য’ত উৎপাদনশীল উদ্যোগসমূহে ঠাই পাব৷ সকলো কাম এটা নির্ধাৰিত সময়ৰ মাজেদি কৰিব লাগিব৷ অন্যথা আমি কোনোদিনেই বিকাশশীল ৰাজ্যলৈ গতি কৰিব নোৱাৰিম৷

You might also like