নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবনুৱা সমস্যাৰ ভয়াৱহ ছবিঃ হাইক’ৰ্টৰ গাড়ীচালকৰ চাৰি পদত উচ্চ শিক্ষিত নিবনুৱাৰ আবেদন

অধিক শিক্ষিত হোৱাৰ বাবেই বাতিল হ’ল ৭৯ প্রার্থীৰ আবেদন

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ এটাৰ পিছত আন এটা নিযুক্তি কেলেংকাৰিয়ে ৰাজ্যত জোকাৰণি তোলাৰ সময়তে পোহৰলৈ আহিছে নিবনুৱা সমস্যাৰ ভয়াৱহ ছবিখন৷ কুৰি লক্ষাধিক নিবনুৱাই এটা চাকৰি বিচাৰি হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যখনত৷ তাৰ মাজতে অধিক শিক্ষিত হোৱাৰ অপৰাধতে বহুসংখ্যক চাকৰি প্রার্থীৰ আবেদন নাকচ হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে৷ এই অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত৷

জানিব পৰা মতে, শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৪টা গাড়ীচালকৰ পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ যোৱা ২৮ আগষ্টত প্রকাশ পোৱা বিজ্ঞাপনটো অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীর্ণ প্রার্থীসকলৰ পৰা ১২ ছেপ্ঢেম্বৰৰ ভিতৰত আবেদন–পত্র বিচৰা হৈছিল৷ সেই অনুসৰি হাজাৰ হাজাৰ নিবনুৱাই গাড়ীচালকৰ পদত নিযুক্তিৰ বাবে আবেদন জনাইছিল৷ কিন্তু গুৰুত্বপূর্ণ কথাটো হ’ল আবেদন–পত্র পৰীক্ষা কৰাৰ আগতে বহুসংখ্যক আবেদন নাকচ কৰা হৈছে৷ ইয়াৰ কাৰণ হৈছে আবেদনকাৰীসকলৰ শৈক্ষিক অর্হতা অধিক৷  এই তথ্য সদৰী কৰিছে প্রখ্যাত অধিবক্তা নিলয় দত্তই৷

এক টুইটযোগে তেওঁ সদৰী কৰা অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৪টা গাড়ীচালক পদৰ বাবে নিযুক্তি প্রক্রিয়া চলি আছে৷ কিন্তু অধিক অর্হতাসম্পন্ন হোৱা বাবে ৭৯গৰাকী চাকৰিপ্রার্থীৰ আবেদন স্ক্রীনিং টেষ্টৰ আগতেই বাতিল কৰা হৈছে৷ অধিক অর্হতাসম্পন্ন মানে নিশ্চয় শৈক্ষিক অর্হতাৰ বিষয়টোক বুজোৱা হৈছে৷ এই ঘটনাই নিশ্চয় ৰাজ্যত নিবনুৱা সমস্যাই কিমান জটিল ৰূপ ধাৰণ কৰিছে, তাকেই উদঙাই দিছে৷

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসম আৰক্ষীকে ধৰি বিভিন্ন বিভাগৰ কেইবাহাজাৰ খালী পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ কিন্তু অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তিত সংঘটিত বিয়াগোম কেলেংকাৰি ফাদিল হোৱাৰ পিছতে সমগ্র নিযুক্তি প্রক্রিয়া স্থবিৰ হৈ পৰিল৷ তাৰ মাজতে ইতিপূর্বে সম্পন্ন হোৱা পঞ্চায়ত আৰু গ্রামোন্নয়নত নিযুক্তিৰো সীমাহীন দুর্নীতি পোহৰলৈ আহিবলৈ লৈছে৷ যাৰ বাবে ৰাজ্য চৰকাৰৰ ওপৰত আস্থাহীন হৈ পৰা বহু শিক্ষিত নিবনুৱাই গাড়ীচালকৰ পদৰ বাবেও শাৰী পাতি আবেদন কৰিছে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাটো নূন্যতম অর্হতা নির্ধাৰণ কৰা হৈছিল যদিও বহুসংখ্যক স্নাতক–স্নাতকোত্তৰ উত্তীর্ণ প্রার্থীয়েও গুৱাহাটী উচ্চ ন্যায়ালয়ত গাড়ীচালকৰ পদৰ বাবে আবেদন কৰে৷ মুখলজ্জা ঢ়াকিবৰ বাবেই বিভাগীয় কর্তৃপক্ষই ৭৯গৰাকী অধিক অর্হতাসম্পন্ন প্রার্থীৰ আবেদন নাকচ কৰে৷ এই ঘটনাই নিবনুৱা সমস্যাৰে ভাৰাক্রান্ত দেশখনৰ অন্ধকাৰ ভৱিষ্যতৰে ইংগিত বহন কৰিছে৷

You might also like