নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিগর্ভা ম্যানমাৰ

ম্যানমাৰত অব্যাহত আছে অগ্ণিগর্ভা পৰিস্থিতি৷ গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰ এখনক উৎখাত কৰি সেনাই অভ্যুত্থানৰ জৰিয়তে ক্ষমতা দখল কৰাৰ পিছৰে পৰা উত্তপ্ত হৈ আছে ম্যানমাৰ৷ পূব এছিয়াৰ এই দেশখনত কেইবাটাও বিদ্রোহী সংগঠনে দীর্ঘদিন ধৰি বিভিন্ন দাবীত চলাই আহিছে সশস্ত্র যুদ্ধ৷ বিগত প্রায় এবছৰ ধৰি বিদ্রোহীৰ সন্মিলিত বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰি বিভিন্ন চহৰত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে দেশখনৰ সেনা৷ আনকি সেনাৰ বহু ঘাটি দখল কৰি লৈছে বিদ্রোহীয়ে৷ শেহতীয়াকৈ য়াংগুন আৰু ৰাজধানী নেইপিটাও অভিমুখে অগ্রসৰ হৈছে বিদ্রোহী বাহিনী৷ আনকি বিভিন্ন চহৰৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে বিদ্রোহীৰ টেংক৷ এনে পৰিস্থিতিত ম্যানমাৰৰ সেনাৰ পদাতিক বাহিনীয়ে যুদ্ধ কৰাটো কঠিন হৈ পৰিছে৷ গতিকে বিমানেৰে বিদ্রোহীৰ ওপৰত আক্রমণ আৰম্ভ কৰিছে সেনাই৷ প্রায় প্রতি সপ্তাহতে বিদ্রোহীৰ হাতলৈ গৈছে ন ন অঞ্চল৷ সঘনে বিদ্রোহী যোদ্ধাৰ প্রবল প্রত্যাক্রমণৰ সন্মুখীন হোৱা বাবেই ৰণকৌশল সলনি কৰিছে সেনাই৷ যোৱা বুধবাৰৰ পৰা নির্বিচাৰভাৱে ছাগায়াং প্রদেশত সেনাই বোমাবর্ষণ কৰি আছে৷ এই আক্রমণত বিদ্রোহী যোদ্ধা নিহত হোৱাৰ পৰিৱর্তে নিৰীহ লোকৰ প্রাণহানি হৈছে৷ দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি শেহতীয়াকৈ শিশু–মহিলাসহ ১৭গৰাকী লোকৰ প্রাণহানি হৈছে৷ এই বোমা আক্রমণৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৩০জন৷ বিদ্রোহীৰ আক্রমণৰ প্রত্যুত্তৰ দিবলৈ পেৰাগ্লাইডাৰ ব্যৱহাৰ কৰিছে বিভিন্ন চহৰত৷ ইতিমধ্যে পিপল্ছ ডিফেন্স ফ’ৰ্চ (পিডিএফ)ৰ তৰফৰ পৰা দাবী কৰা হৈছে যে বিদ্রোহীক প্রতিহত কৰিবলৈ সেনাই আক্রমণ তীব্রতৰ কৰিছে যদিও নিৰীহ লোকক আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱা হৈছে৷ ইয়াৰ পূর্বে বাংলাদেশ সীমান্তৱর্তী ৰাখাইন প্রদেশত থকা বিদ্রোহী সংগঠন আৰাকান আর্মীৰ ঘাটিত আক্রমণ চলাইছিল সেনাই৷ কিন্তু ৰাখাইন প্রদেশৰ গুৰুত্বপূর্ণ অঞ্চল ইতিমধ্যে দখল কৰিছে আৰাকান আর্মীয়ে৷ সেইদৰে অৰুণাচল সীমান্তৱর্তী কাচিন প্রদেশত থকা কাচিন ইণ্ডিপেণ্ডেঞ্চ আর্মী (কেআইএ)ৰ ঘাটিতো আক্রমণ চলাইছিল ম্যানমাৰৰ সেনাই৷ এই আক্রমণতো নিহত হৈছিল নিৰীহ লোক৷ লক্ষণীয়ভাৱে ২০২৩ চনৰ নৱেম্বৰৰ পৰা ম্যানমাৰত তিনিটা বিদ্রোহী সংগঠনে ‘থ্রী ব্রাডাৰহুড এলায়েঞ্চ’ নামৰ সন্মিলিত বাহিনী গঢ়ি ম্যানমাৰৰ সেনাৰ বিৰুদ্ধে আৰম্ভ কৰে অভিযান৷ এই অভিযানত দেশখনৰ সেনাই বিভিন্ন স্থানত পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে৷ আনকি বিদ্রোহী বাহিনীৰ হাতত বন্দী হৈছে বহু সেনা বিষয়া৷ বিদ্রোহীৰ আক্রমণত আতংকিত হৈ সীমান্তৰে পলায়ন কৰি বহু সেনা বিষয়াই ভাৰতত আহি আশ্রয় লৈছিল৷ আন্তর্জাতিক বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি বিদ্রোহী বাহিনীৰ হাতত এইবাৰ ম্যানমাৰৰ সেনাৰ পতন ঘটিব পাৰে৷
ন’বেল শান্তি বঁটাপ্রাপক নেত্রী ছ্যু কীক নেতৃত্বত লৈ দেশখনত গঠন কৰা হৈছিল গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰ৷ এই চৰকাৰৰ প্রতি আৰম্ভণিতে সেনাৰ সমর্থন আছিল যদিও পৰৱর্তী সময়ত ছ্যু কী তথা অন্য নেতাসকলৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনে সামৰিক বাহিনীয়ে৷ অকল সেয়াই নহয়, দুর্নীতিৰ অভিযোগ তুলি নির্বাচিত চৰকাৰখনক অভ্যুত্থানৰ জৰিয়তে উৎখাত কৰে সেনাই৷ ইয়াৰ পিছতে নির্বাচিত চৰকাৰখনৰ নেতাসকলক বন্দী কৰা হয়৷ ছ্যু কীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আনিছে সামৰিক চৰকাৰে৷ ইয়াৰ পিছতো বিদেশৰ পৰা ‘নির্বাসিত’ চৰকাৰ এখন চলি থকা বুলি দাবী কৰিছে দেশখনৰ গণতান্ত্রিক দলসমূহে৷ লক্ষণীয়ভাৱে সেনাৰ বিৰুদ্ধে বিদ্রোহীৰ শেহতীয়া যুদ্ধত এই নির্বাসিত চৰকাৰখনৰ সমর্থন থকা বুলি বিভিন্ন মহলে অভিযোগ কৰিছে৷ আন্তর্জাতিক ক্ষেত্রত ম্যানমাৰৰ আভ্যন্তৰীণ পৰিস্থিতি সঘনে প্রকাশ কৰি আহিছে নির্বাসিত চৰকাৰৰ নেতা–নেত্রীসকলে৷ গতিকে দেশখনৰ অভ্যন্তৰৰ পৰিস্থিতি অতি জটিল হৈ পৰিছে৷ ইয়াৰ উপৰি পাশ্চাত্যৰ দেশসমূহে ম্যানমাৰৰ সামৰিক চৰকাৰৰ প্রতি বিশেষ সমর্থন আগবঢ়োৱা নাই৷ প্রতিবেশী চীনৰ তৰফৰ পৰাও ম্যানমাৰৰ সামৰিক চৰকাৰে শেহতীয়া সংকটৰ সময়ত কোনোধৰণৰ সমর্থন পোৱা নাই৷ ইয়াৰ উপৰি ৰাখাইন প্রদেশৰ পৰা লাখ লাখ ৰহিংগ্যা মুছলমানক বাংলাদেশলৈ খেদি পঠিওৱাৰ পিছত দেশখনৰ সামৰিক চৰকাৰ পাশ্চাত্যৰ বিভিন্ন দেশৰ দৃষ্টিত মানৱাধিকাৰ উলংঘাকাৰী হিচাপে চিহ্ণিত হৈছে৷ অৱশ্যে পূর্বৰ গণতান্ত্রিক চৰকাৰৰ দিনৰে পৰা ৰহিংগ্যাসকলৰ ওপৰত চলি আহিছিল উৎপীড়ন৷ ৰহিংগ্যাসকলৰ অধিকাৰ দাবী কৰি অহা সশস্ত্র সংগঠনবোৰৰ অন্যতম হৈছে আৰাকান আর্মী৷ শেহতীয়াকৈ এই আৰাকান আর্মীৰ দখলতেই আছে ৰহিংগ্যাসকলৰ বসতি অঞ্চল ৰাখাইন প্রদেশ৷ গতিকে দেশখনৰ সেনাই এতিয়া সমগ্র ভূখণ্ডত নিয়ন্ত্রণ সাব্যস্ত কৰি ৰাখিবলৈ সক্ষম হোৱা নাই৷ এনে পৰিস্থিতিত গুৰুত্বপূর্ণ চহৰসমূহলৈ বিদ্রোহী বাহিনীৰ অগ্রসৰে সামৰিক চৰকাৰৰ পতনৰ আশংকাকেই কঢ়িয়াই আনিছে৷ অন্য এক গুৰুত্বপূর্ণ বিষয় হৈছে ম্যানমাৰৰ এই আভ্যন্তৰীণ উত্তপ্ত পৰিস্থিতি সত্ত্বেও আন্তর্জাতিক সম্প্রদায়ে কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷ গতিকে যিকোনো মুহূর্ততে ম্যানমাৰত সামৰিক চৰকাৰৰ পৰিৱর্তে বিদ্রোহী নিয়ন্ত্রিত চৰকাৰ দেখিবলৈ পোৱা যাব বুলিও বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷ অৱশ্যে আন্তর্জাতিক শক্তিৰ প্রভাৱ এইক্ষেত্রত গুৰুত্বপূর্ণ হ’ব৷ সামৰিক চৰকাৰে যদি চীনসহ বিভিন্ন দেশৰ সমর্থন আদায় কৰিবলৈ সক্ষম হয় তেন্তে ম্যানমাৰত দীর্ঘদিনলৈ সেনাৰ চৰকাৰ থকাৰেই সম্ভাৱনা আছে৷

You might also like