সংবাদ মাধ্যমৰ বাবে নতুন আইন
সংবাদ মাধ্যমৰ বাবে প্রযোজ্য হৈ থকা কিছুমান পুৰণি নিয়মক আজিৰ নতুন পৰিৱেশৰ লগত খাপ খোৱাকৈ সজাই ল’বলৈ, বিশেষকৈ সংবাদ মাধ্যমক কাম কৰাৰ বাবে অধিক মুকলি পৰিৱেশ দিয়া আৰু সংবাদ মাধ্যমৰ ব্যৱসায়িক দক্ষতা বৃদ্ধিৰ পৰিৱেশ উন্নত কৰাৰ আদর্শ আগত ৰাখি লোকসভাই শেহতীয়াকৈ প্রেছ আৰু সাময়িকী পঞ্জীয়ন বিধেয়কখনলৈ অনুমোদন আগবঢ়াইছে৷ বাতৰিকাকত আৰু আলোচনীৰ পঞ্জীয়ন আৰু অন্যান্য কামবোৰৰ বাবে চলি থকা আইনখন আছিল ব্রিটিছে ১৮৬৭ চনতেই প্রণয়ন কৰা আইন৷ সেই আইনখনৰ লক্ষ্য আছিল পৰাধীন দেশ এখনৰ সংবাদ মাধ্যমক কঠোৰভাৱে বান্ধি ৰখা৷ সেই আইনৰ অধীনত বাতৰিকাকত এখন পঞ্জীয়ন কৰা কামটো আছিল জটিল আৰু ই বহু সময় দাবী কৰিছিল৷ এইবোৰ হেঁচাত বহু আলোচনী আৰু কাকত পঞ্জীয়নৰ বাহিৰত ৰৈ গৈছিল আৰু পঞ্জীয়নৰ বাহিৰত ৰৈ যোৱা বাবে বহু পাবলগীয়া সুবিধাৰ পৰা বঞ্চিত হৈছিল৷ তাৰ বিপৰীতে এই নতুন আইনখনে প্রকাশনসমূহৰ নামৰ আবণ্টন আৰু পঞ্জীয়নৰ প্রক্রিয়াটোক সুশৃংখলিত কৰি তুলিছে৷ ফলত প্রকাশকসকলৰ বাবে কাকত প্রকাশৰ ব্যৱসায়িক কাম–কাজখিনি কৰা প্রক্রিয়াটো ভালেখিনি সৰল আৰু সহজ কৰা হৈছে৷ এই সৰলীকৰণে বিশেষকৈ ক্ষুদ্র আৰু মজলীয়া প্রকাশকসকলক বিশেষভাৱে উপকৃত কৰিব৷ মহাপঞ্জীয়কৰ দ্বাৰা নাম আবণ্টন আৰু পঞ্জীয়নৰ প্রমাণ–পত্র প্রদানৰ যি ব্যৱস্থা আছে, এই বিধেয়কখনৰ যোগে তাক এক সৰলীকৃত ব্যৱস্থালৈ ৰূপান্তৰিত কৰা হৈছে আৰু একেলগে অনলাইন ব্যৱস্থাৰো প্রৱর্তন কৰা হৈছে৷ ইয়াৰ ফলত কাগজৰ কামবোৰৰ প্রয়োজন নোহোৱা হৈ যাব আৰু কামবোৰ ভালেখিনি সহজ হৈ উঠিব৷
পূর্বতে একোখন প্রকাশন পঞ্জীয়ন কৰাৰ ঘোষণা–পত্র প্রস্তুত কৰা সময়ত প্রকাশকে জিলা দণ্ডাধীশ বা স্থানীয় কর্তৃপক্ষৰ ওচৰলৈ গৈ গৈ নানান প্রতিবন্ধকতাৰ মুখামুখি হ’ব লগাত পৰিছিল৷ সেয়া আছিল ব্রিটিছ চৰকাৰে স্থানীয় প্রকাশনক বাধা দিয়াৰ এটা আইনী কৌশল, যাতে চৰকাৰৰ বিৰুদ্ধে কোনোধৰণৰ কথা প্রচাৰ হ’ব নোৱাৰে৷ কিন্তু দুখৰ কথা, স্বাধীন ভাৰততো সেই নিয়মেই চলি আছিল৷ এই আইনৰ পৰা হোৱা ব্যৱহাৰিক অসুবিধাৰ কথা সময়ে সময়ে উত্থাপিত হৈ আহিছিল যদিও ইয়াৰ বিৰুদ্ধে বিশেষ একো ডাঙৰ সংঘবদ্ধ প্রতিবাদ হোৱা নাছিল৷ বিজেপি চৰকাৰে ‘সকলোৰে স’তে সকলোৰে বিকাশ’ আদর্শ আগত ৰাখি আগবাঢ়ি যোৱাৰ যি দর্শনত বিশ্বাস কৰে, সেই দর্শনৰ প্রতিফলন ঘটাই এই আইনখন সংশোধন কৰি সময়ৰ লগত খাপ খুৱাব বিচাৰিছে৷ এই পদক্ষেপ সংবাদ জগতৰ বাবে এক সকাহ আৰু এই জগতখনক চৰকাৰে গুৰুত্বসহকাৰে লোৱাৰ এটা প্রমাণ৷ তথ্য আৰু সম্প্রচাৰ মন্ত্রী অনুৰাগ সিং ঠাকুৰে এই ‘প্রাচীন প্রথা’ৰ অন্ত পেলোৱাৰ কথা উল্লেখ কৰি লগতে কোৱা আন দুটামান কথাই সংবাদ মাধ্যমক চৰকাৰে দিয়া গুৰুত্বৰ কথাকে প্রকাশ কৰিছে৷ তেওঁ কৈছে যে এই বিধেয়কৰ এটা উল্লেখযোগ্য দিশ হ’ল নাম পঞ্জীয়নৰ বাবে প্রয়োজন হোৱা সময়সীমাৰ পৰিমাণ হ্রাস৷ মন্ত্রী ঠাকুৰে আলোকপাত কৰি কয় যে এসময়ত ২–৩ বছৰ লাগি থকা এটা প্রক্রিয়া এতিয়া ৬০ দিনৰ ভিতৰত সম্পূর্ণ হ’ব পাৰে৷ এই কথাটো বিশেষভাৱে মন কৰিবলগীয়া, কাৰণ পঞ্জীয়নৰ কামত দুই–তিনি বছৰ লগা মানে সিমানখিনি সময় প্রকাশন একোখন অনিশ্চয়তাৰ মাজত ওলমি থকা আৰু সেই সময়খিনিত বিনিয়োগ হোৱা ধন আৰু মানৱ সম্পদ সকলোখিনি ব্যৱসায়ৰ দিশৰ পৰা অপূৰণীয় ক্ষতি৷ এই বিধেয়কে প্রকাশকসকলক এনে লোকচানৰ পৰা ৰক্ষা কৰিব আৰু ফলস্বৰূপে কার্যদক্ষতা বৃদ্ধি পাব৷ ঔপনিৱেশিক যুগৰ প্রেছ এণ্ড ৰেজিষ্ট্রেচন অৱ বুকছ এক্ট ১৮৬৭ কঠোৰ নিয়ন্ত্রণ আৰু শাস্তিমূলক ব্যৱস্থাৰ এটা উদাহৰণ আছিল, যি আছিল অতীতৰ পৰাধীনতাৰ এটা তীব্র সোঁৱৰণী৷ আজিৰ মুক্ত প্রেছ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্রতি দায়বদ্ধতাৰ পৰিৱেশত এই আওপুৰণি আইনখন সমসাময়িক মূল্যবোধৰ পৰিপন্থী আৰু এই আইনৰ সলনিৰে চৰকাৰে এক সন্মানীয় দৃষ্টান্ত প্রতিষ্ঠা কৰিলে৷