নীতিশ কুমাৰৰ ৰাজনীতি
লোকসভা নির্বাচনৰ পূর্বে কংগ্রেছ নেতৃত্বাধীন ‘ইণ্ডি’ মর্চাত মোক্ষম আঘাত হানিলে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে৷ চলিত বর্ষত অনুষ্ঠিত হ’ব লগা লোকসভা নির্বাচনত বিজেপিক প্রতিহত কৰিবলৈ কংগ্রেছ নেতৃত্বাধীন ইণ্ডি মর্চাৰ অন্যতম অংশীদাৰ আছিল নীতিশ কুমাৰ নেতৃত্বাধীন জেডি (ইউ) দল৷ কিন্তু ৰাহুল গান্ধীৰ ভাৰত জড়ো ন্যায় যাত্রাই উত্তৰ–পূর্বাঞ্চলৰ পৰা পশ্চিমবংগ হৈ বিহাৰত প্রৱেশ কৰাৰ দিনাই নীতিশ কুমাৰে বিহাৰৰ বিৰোধী জোঁটবন্ধন চৰকাৰৰ মুখ্যমন্ত্রীৰ আসনৰ পৰা পদত্যাগ কৰে৷ ৰাহুল গান্ধীৰ ন্যায় যাত্রাই অসমৰ পৰা ২৪ জানুৱাৰীত পশ্চিমবংগত প্রৱেশ কৰাৰ দিনাও চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ৰাজনৈতিক বিস্ফোৰণ ঘটাইছিল৷ ইণ্ডি মর্চাৰ অন্যতম অংশীদাৰ মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছে আগন্তুক লোকসভা নির্বাচনত পশ্চিমবংগত এককভাৱে নির্বাচন খেলাৰ সিদ্ধান্ত গ্রহণ কৰি ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰে৷ ৰাহুল গান্ধীৰ ন্যায় যাত্রাই বিহাৰত প্রৱেশ কৰাৰ সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীতকৈও অধিক মহাবিস্ফোৰণ ঘটায় মুখ্যমন্ত্রী নীতিশ কুমাৰে৷ দেওবাৰে পুৱা নীতিশ কুমাৰে বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্র আর্লেকাৰক সাক্ষাৎ কৰি আৰজেডি আৰু অন্যান্য দলৰ স’তে চলি থকা চৰকাৰখনৰ মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰে৷ নীতিশ কুমাৰৰ এনে ৰাজনৈতিক খেলক কেন্দ্র কৰি দেশজুৰি ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে৷ কিয়নো বিজেপি, হাম আৰু নির্দলীয় বিধায়কৰ সমর্থনত নীতিশ কুমাৰে দেওবাৰে আবেলি বিহাৰৰ নতুন মুখ্যমন্ত্রী ৰূপে কার্যভাৰ গ্রহণ কৰিছে৷ নীতিশ কুমাৰে তেওঁৰ মন্ত্রীসভাত উপ–মুখ্যমন্ত্রীৰূপে লৈছে বিজেপিৰ সম্রাট চৌধুৰী আৰু বিজয় সিন্হাক৷ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নতুন ৰাজনৈতিক খেলখনে যে কংগ্রেছ নেতৃত্বাধীন ইণ্ডি মর্চাক মোক্ষম আঘাত দিছে সেয়া স্পষ্ট হৈছে৷ বিগত প্রায় এমাহ ধৰি মুখ্যমন্ত্রী নীতিশ কুমাৰৰ ৰাজনৈতিক স্থিতিক লৈ বিভিন্ন চর্চা চলি আছিল৷ অৱশ্যে নীতিশ কুমাৰৰ স্থিতিৰ ওপৰত কংগ্রেছ নেতৃত্বই বিশেষ গুৰুত্ব প্রদান কৰা নাছিল৷ ২৩ জানুৱাৰীত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী কর্পূৰী ঠাকুৰক ভাৰত ৰত্ন প্রদান আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিহাৰৰ জননায়কগৰাকীৰ ওপৰত প্রস্তুত কৰা বিশেষ লেখা সংবাদ পত্রত প্রকাশ হোৱাৰ পিছতেই নীতিশ কুমাৰৰ নতুন ৰাজনৈতিক স্থিতিয়ে গুৰুত্ব লাভ কৰে৷ পিছপৰা শ্রেণীৰ লোকসকলক সামাজিক ন্যায় প্রদানৰ বাবে নিৰলস সেৱা আগবঢ়োৱা জননায়ক জয়প্রকাশ নাৰায়ণৰ পদাংক অনুসৰণ কৰি কর্পূৰী ঠাকুৰে জীৱনজোৰা সংগ্রাম চলাই গৈছিল৷ কিন্তু জননায়ক কর্পূৰী ঠাকুৰক ভাৰত ৰত্নৰ দৰে দেশৰ সর্বোচ্চ সন্মান প্রদান কৰি বিজেপিয়ে নীতিশ কুমাৰক নিজৰ পক্ষত আনিবলৈ সক্ষম হৈছে৷ জননায়ক জয়প্রকাশ নাৰায়ণৰ নীতি–আদর্শ মুখ্যমন্ত্রী নীতিশ কুমাৰে কিমান ফলৱতী কৰিছে, তাক লৈ প্রশ্ণৰ উদয় হ’লেও জননায়ক দুগৰাকীৰ উত্তৰাধিকাৰী ৰূপে বিহাৰৰ মুখ্যমন্ত্রীগৰাকীয়ে নিজস্ব ৰাজনৈতিক জীৱন আগবঢ়াই নিছে৷
লোকসভা নির্বাচনৰ পূর্বে ইণ্ডি মর্চা ত্যাগ কৰি মুখ্যমন্ত্রী নীতিশ কুমাৰে বিজেপিৰ সংগ গ্রহণ কৰাক লৈ বিভিন্ন প্রশ্ণৰ উদয় হৈছে৷ মুখ্যমন্ত্রী নীতিশ কুমাৰে তেওঁৰ ৰাজনৈতিক স্থিতি সঘনে সলনি কৰাৰ বিষয়টো চর্চিত হৈছে৷ ক্ষমতা দখলৰ খেলখনৰ স্বার্থত নীতিশ কুমাৰে পাঁচবাৰ ৰাজনৈতিক স্থিতি সলনি কৰাটো সত্য৷ এসময়ত কংগ্রেছবিৰোধী স্থিতিৰে বিজেপি নেতৃত্বাধীন এনডিএৰ সমন্বয়কৰ দায়িত্বত থকা নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্রীৰ আসনত থাকিলেও তেওঁ এগৰাকী সর্বভাৰতীয় নেতাৰূপে প্রতিষ্ঠিত৷ ২০১৪ত প্রধানমন্ত্রী নৰেন্দ্র মোদী প্রথমবাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হোৱাৰ সময়তো নীতিশ কুমাৰৰ ভূমিকা আছিল অনন্য৷ কিন্তু দেশৰ প্রধানমন্ত্রীৰ আসনত নৰেন্দ্র মোদী অধিষ্ঠিত হোৱাটো বিচৰা নাছিল নীতিশ কুমাৰে৷ এবছৰৰ ভিতৰতে নীতিশ কুমাৰে এনডিএৰ সংগ এৰি বিহাৰৰ ৰাজনীতিত অধিক সময় জড়িত হৈ পৰে৷ ২০১৭ত বিজেপিৰ সমর্থনত বিহাৰৰ পুনৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছিল নীতিশ কুমাৰ৷ ২০২২ৰ আগষ্টত বিজেপি নেতৃত্বাধীন এনডিএৰ স’তে আকস্মিকভাৱে সম্পর্ক ত্যাগ কৰি লালু প্রসাদ যাদৱ নেতৃত্বাধীন আৰজেডিৰ স’তে চৰকাৰ গঠন কৰিছিল ৭২ বছৰীয়া নীতিশ কুমাৰে৷ বিহাৰৰ মুখ্যমন্ত্রীগৰাকীয়ে ১৯৯৬ৰ পৰা মুঠ পাঁচবাৰ ক্ষমতা দখলৰ স্বার্থত ৰাজনৈতিক স্থিতি সলনি কৰিছে৷ নীতিশ কুমাৰৰ এনে ৰাজনৈতিক স্থিতিক লৈ কংগ্রেছ নেতা জয়ৰাম ৰমেশে বিহাৰৰ মুখ্যমন্ত্রীগৰাকীক ‘আয়াৰাম–গয়াৰাম নেতা’ আখ্যা দিছে৷ কংগ্রেছ নেতাজনৰ এনে মন্তব্যত নীতিশ কুমাৰে কৈছে যে ৰাজনীতিত নেতাৰ আয়াৰাম–গয়াৰাম নতুন কথা নহয়৷ নির্বাচনৰ পূর্বে এনে ঘটনা সাধাৰণ ঘটনাৰূপে বিবেচিত হৈ আহিছে৷ নীতিশ কুমাৰৰ ৰাজনৈতিক স্থিতিক লৈ কংগ্রেছ দল যিমান দুর্যোগৰ সন্মুখীন হৈছে, তাতোকৈ সর্বাধিক ক্ষতি হ’ব লালুপ্রসাদ যাদৱ নেতৃত্বাধীন আৰজেডি দলৰ৷ কিয়নো নীতিশ কুমাৰৰ নতুন ৰাজনৈতিক স্থিতিৰ ফলত ক্ষমতা হেৰুৱালে আৰজেডি দলে৷ ইয়াৰ লগে লগে বিহাৰৰ উপ–মুখ্যমন্ত্রীৰ আসনখন হেৰুৱালে লালু প্রসাদ যাদৱৰ পুত্র তেজস্বী যাদৱে৷ লালু প্রসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে কেইবাটাও দুর্নীতিৰ গোচৰ অনুসন্ধান কৰি আছে কেন্দ্রীয় সংস্থাই৷ ইয়াৰ ভিতৰত ৰে’লমন্ত্রী হৈ থকা সময়ত লালু প্রসাদ যাদৱে ইণ্ডিয়ান ৰে’লৱে কেটাৰিং আৰু পর্যটন নিগম (আইআৰচিটিচি)ত সংঘটিত দুর্নীতিৰ উপৰি পশু খাদ্য যোগানৰ নামত সংঘটিত কেলেংকাৰি অন্যতম৷ ক্ষমতাচ্যুত হোৱাৰ লগে লগে পুনৰ কেলেংকাৰিৰ গোচৰসমূহে নতুন মাত্রা লাভ কৰাৰ সম্ভাৱনা আছে৷ নীতিশ কুমাৰৰ পৰিৱর্তিত স্থিতিৰ বাবে লালু প্রসাদ যাদৱৰ পৰিয়াললৈ অধিক দুর্যোগ নামি অহাৰ আশংকা ঘনীভূত হৈছে৷