নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকশিত অসমৰ ৰূপৰেখা

বিত্তমন্ত্রী অজন্তা নেওগে ১০ মার্চত অসম বিধানসভাত দাখিল কৰা ২০২৫–২৬ বিত্তীয় বর্ষৰ বার্ষিক বাজেটত বিকশিত অসমৰ নতুন ৰূপৰেখা প্রস্তুত হৈছে৷ বিগত এটা দশকত ৰাজ্যখনে দেশৰ অগ্রণী ৰাজ্যৰ দিশে অগ্রসৰ হৈছে৷ প্রায় তিনি দশকজোৰা উগ্রপন্থীৰ হত্যা–হিংসাৰ বিভীষিকা আৰু আন্দোলনমুখৰ পৰিৱেশৰ সমাপ্তি হোৱাৰ লগে লগে ৰাজ্যখনত শান্তি আৰু বিকাশৰ পথ প্রশস্ত হৈছে৷ বিগত ১০ বছৰত ৰাজ্যখনৰ ব্যয় ২৫০ শতাংশ বৃদ্ধি হৈছে৷ এয়া দেশৰ ইতিহাসত অন্যতম ৰাজ্যৰূপে পৰিণত হোৱা বুলি বাজেট ভাষণত বিত্তমন্ত্রী নেওগে ব্যক্ত কৰিছে৷ ২০১৫–১৬ বিত্তীয় বর্ষত অসমৰ মূলধনী ব্যয় ২,৯৫১ কোটি টকাৰ পৰা আঠ গুণ বৃদ্ধি হৈ ২৫ হাজাৰ কোটি টকা হৈছে৷ প্রতিদিনে ১৩ কিলোমিটাৰতকৈও অধিক পকীপথ আৰু এখন দলং নির্মাণ কৰি ৰাজ্যখনৰ আন্তঃগাঁথনিৰ বিশেষ সাফল্য লাভ কৰা বুলিও বিত্তমন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে৷ বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত দাখিল কৰা বাজেটখনেই হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ অন্তিমখন বাজেট৷ এই বাজেটখনৰ ২০২৬ৰ ৩১ মার্চত সময়সীমা অতিক্রম কৰাৰ পিছতেই আকৌ জনাদেশৰ সন্মুখীন হ’ব লাগিব ড০ শর্মা নেতৃত্বাধীন চৰকাৰখনে৷ বাজেটখনত এইবাৰ হিতাধিকাৰীকেন্দ্রিক আঁচনিৰ উপৰি বিভিন্ন নতুন আঁচনি গ্রহণ কৰা হৈছে৷ বর্তমান চৰকাৰখনৰ বিশেষ ফলপ্রসূ আঁচনিৰূপে চিহ্ণিত হৈছে অৰুণোদয় আঁচনি৷ অৰুণোদয়ৰ অধীনত ৰাজ্যখনৰ ২৭ লাখ মহিলাক মাহিলি ১,২৫০ টকাকৈ প্রদান কৰা হয়৷ নতুন বিত্তীয় বর্ষত অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা ২৭ লাখলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ড০ শর্মা চৰকাৰে৷ মুখ্যমন্ত্রী ড০ শর্মা চৰকাৰৰ অৰুণোদয় আঁচনিখনক লৈ ৰাজ্যখনৰ বিৰোধী দল–সংগঠন আৰু একাংশ লোকে বিভিন্ন ধৰণে সমালোচনা কৰিলেও উক্ত আঁচনিখনৰ জৰিয়তে অভাৱগ্রস্ত পৰিয়াল তথা মহিলাসকল উপকৃত হৈছে৷ চৰকাৰী আঁচনিৰ পুঁজি প্রত্যক্ষভাৱে হিতাধিকাৰীৰ বেংক একাউণ্টৰ জৰিয়তে যোগান ধৰাৰ ফলত ইয়াৰ ইতিবাচক ফলো চৰকাৰখনে লাভ কৰিবলৈ সক্ষম হৈছে৷ হিতাধিকাৰী আঁচনিক লৈ বছৰ বছৰ ধৰি বিতর্ক চলি আছে৷ অৰুণোদয় আঁচনিক লৈও বিতর্ক চলিছে৷ যিসকল অভাৱগ্রস্ত মহিলা, যিসকলে দিনহাজিৰা কৰি পৰিয়াল পোহপাল দিছে, যিসকল মহিলাই পথৰ দাঁতিত অথবা পদপথত দোকান দি জীৱন নির্বাহ কৰি আছে, সেইসকলৰ বাবে অৰুণোদয় আঁচনিখনৰ গুৰুত্ব কিমান সেয়া সকলোৱে অনুধাৱন কৰিব নোৱাৰে৷ হিতাধিকাৰীকেন্দ্রিক আঁচনি পূর্বতেও আছিল আৰু এতিয়াও আছে৷ চাৰি দশক পূর্বে অসমৰ এনে বহু দুখীয়া পৰিয়াল আছিল যিসকলে চাউলমুঠিৰ অভাৱত লঘোণে থাকিবলগীয়া হৈছিল৷ গ্রামাঞ্চলৰ বিবাহ–সবাহত ভোকাতুৰ তথা ভিক্ষাৰীৰ ভিৰ হৈছিল৷ এতিয়া সেই পৰিৱেশ নাই৷ হিতাধিকাৰীকেন্দ্রিক আঁচনিক এক শ্রেণীৰ লোকে তীব্র সমালোচনা কৰিলেও এনে আঁচনিৰ জৰিয়তে সমাজৰ দুর্বল শ্রেণী উপকৃত হৈছে৷ সমাজৰ প্রতিটো শ্রেণীৰ কল্যাণৰ বাবে এনে আঁচনিৰ গুৰুত্ব কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে৷
আগন্তুক বিত্তীয় বর্ষৰ বাজেটত বিকশিত অসমৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ কেতবোৰ বিশেষ আঁচনি গ্রহণ কৰা দেখা গৈছে৷ ইনস্পেচ–ইছৰ’ৰ সহযোগত মহাকাশত এটা নিজস্ব উপগ্রহ উৎক্ষেপণৰ অভিলাষী আঁচনি গ্রহণ কৰা হৈছে৷ দেশৰ ভিতৰতে অসমে এনে আঁচনি লৈছে৷ উপগ্রহটোৰ জৰিয়তে অসমে বানকে ধৰি প্রাকৃতিক দুর্যোগৰ সময়ত বিশেষ সহায়ক হৈ উঠিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছে৷ ৰাজ্যখনৰ কৃষি ক্ষেত্রখনকো অধিক উৎপাদনমুখী কৰিবলৈ বিশেষ কৃত্রিম উপগ্রহটো ফলদায়ক হৈ উঠিব বুলি মুখ্যমন্ত্রীগৰাকীয়ে ব্যক্ত কৰিছে৷ ৰাজ্যখনৰ পকীপথ আৰু আৰচিচি দলং নির্মাণৰ ক্ষেত্রত ৰাজ্য চৰকাৰখনে বিগত সময়ছোৱাত গ্রহণ কৰা পদক্ষেপে অসমৰ পথ যোগাযোগ ব্যৱস্থাৰ যুগান্তকাৰী পৰিৱর্তন ঘটাবলৈ সক্ষম হৈছে৷ গুৱাহাটীকে ধৰি ৰাজ্যখনৰ সৰু–বৰ চহৰসমূহৰ বিকাশৰ গতি তীব্র কৰিবলৈ বাজেটখনত বিশেষ পদক্ষেপ গ্রহণ কৰা দেখা গৈছে৷ গুৱাহাটীৰ ফাঁচীবজাৰৰ পৰা বৰঝাৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ ব্রহ্মপুত্রৰে জল মেট্র’ আৰু খানাপাৰাৰ পৰা আজাৰালৈ কেব’ল কাৰ এৰিয়েল ট্রাম বাছ চলোৱাৰ আঁচনি লৈছে৷ একেদৰে ৰাজ্যৰ দ্বিতীয়খন ৰাজধানীৰূপে ডিব্রুগড়ক ন–ৰূপত গঢ়াৰো আঁচনি গ্রহণ কৰা হৈছে৷ ডিব্রুগড়ত অসম সচিবালয়কে ধৰি বিধানসভা ভৱন আৰু মন্ত্রী–বিধায়কৰ আৱাস স্থাপনৰ লগে লগে উজনি অসমৰ পুৰণি চহৰখনে বিকাশৰ নতুন মাত্রা লাভ কৰিব৷ ভাষা–সাহিত্য আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্রত প্রথমবাৰৰ বাবে বাজেটত বিশেষ পদক্ষেপ গ্রহণ কৰা দেখা গৈছে৷ অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰাৰ পিছত মুখ্যমন্ত্রী ড০ শর্মাই ২০২৫ বর্ষটো কিতাপৰ বর্ষৰূপে ঘোষণা কৰিছিল৷ লেখক–লেখিকাৰ সম্প্রতি প্রকাশিত গ্রন্থৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি হৈছে যদিও সমানুপাতিক হাৰত বঢ়া নাই পঢ়ুৱৈৰ সংখ্যা৷ ৰাজ্য চৰকাৰৰ প্রতিগৰাকী কর্মচাৰীক গ্রন্থ ক্রয়ৰ বাবে এহেজাৰ টকাকৈ অনুদান প্রদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ উপৰি সৃষ্টিশীল এহেজাৰগৰাকী যুৱ লেখকক ২৫ হাজাৰ টকাকৈ আর্থিক সকাহ প্রদান কৰাৰ বাবেও বাজেটত ব্যৱস্থা কৰিছে৷ ৰাজ্যখনত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি আৰু নতুন লেখক–লেখিকাক উৎসাহিত কৰাৰ বাবে চৰকাৰখনে গ্রহণ কৰা এনে পদক্ষেপ অনন্য৷ মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছে যে নতুন বিত্তীয় বর্ষৰ ১ এপ্রিলৰ পৰাই বাজেটখন কার্যকৰী কৰা হ’ব৷ মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১ এপ্রিলৰ পৰা ৰাজ্যখনৰ ২৭ লাখ মহিলাক ১০ হাজাৰ টকাকৈ প্রদান কৰা হ’ব৷ উৎপাদনমুখী আত্মসহায়ক গোটসমূহৰ সাফল্যৰ ভিত্তিত দ্বিতীয় পর্যায়ত ২৫ হাজাৰ আৰু তৃতীয় পর্যায়ত ৫০ হাজাৰ টকাকৈ প্রদান কৰাৰ কথাও মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছে৷ তদুপৰি ৰেচন কার্ড থকা পৰিয়ালসমূহক অতিৰিক্তভাৱে ১ কিলোগ্রামকৈ মচুৰ দাইল, চেনি আৰু নিমখ ৰাজসাহায্যযুক্ত হাৰত যোগান ধৰাৰ ব্যৱস্থা লৈছে৷ আগন্তুক বিত্তীয় বর্ষৰ বাজেটখনক নির্বাচনমুখী বাজেটৰূপে বিৰোধী পক্ষই সমালোচনা কৰিছে৷ ক্ষমতা দখলৰ জোখাৰে জনাদেশ লাভ কৰাই ৰাজনৈতিক দলসমূহৰ লক্ষ্য৷ এনে লক্ষ্য বিৰোধী ৰাজনৈতিক দলসমূহৰো আছে৷ ক্ষমতাত থকা ৰাজনৈতিক দলে যদি ইয়াৰ সুযোগ লৈ ৰাজ্যখনৰ বিকাশৰ গতি ত্বৰান্বিত কৰে তেন্তে অসমবাসীয়ে সমর্থন কৰিবই৷

You might also like