পাকিস্তান ক্রিকেটৰ সংকট
যোৱা ২২ এপ্রিলত পেহেলগামত পাকিস্তান-ৰ সন্ত্রাসবাদীৰ আক্রমণত ২৬গৰাকী ভাৰতীয় লোকৰ মৃত্যু ঘটিছে৷ ইয়াৰে অধিকাংশ লোকেই আছিল দেশৰ বিভিন্ন প্রান্তৰ পৰা কাশ্মীৰলৈ যোৱা পর্যটক৷ এই ঘটনাৰ বাবে পাকিস্তানকেই দায়ী কৰিছে ভাৰতে৷ দেশখনৰ বিৰুদ্ধে ইতিমধ্যে ভাৰত চৰকাৰে বিভিন্ন কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ সিন্ধু জলচুক্তি বাতিল, পাকিস্তানী নাগৰিকৰ স্বল্পম্যাদী, মেডিকেল ভিছা বাতিলৰ দৰে সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ইয়াৰ উপৰি পাকিস্তানৰ আকাশ সীমাৰে ভাৰতীয় বিমানৰ চলাচলো বন্ধ কৰিছে৷ এই নৃশংস ঘটনাৰ প্রভাৱ ভাৰতীয় ক্রীড়া ক্ষেত্রৰ ওপৰতো পৰা দেখা গৈছে৷ বিশেষকৈ ভাৰতীয় ক্রিকেট ব’র্ডে পেহেলগামৰ হত্যালীলাৰ পাছত অধিক কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ ফলত পাকিস্তান ক্রিকেট ব’ৰ্ডৰ সমস্যা নিশ্চিতভাৱে বৃদ্ধি পাব৷ উল্লেখযোগ্য যে ২০০৮ চনৰ মুম্বাই আক্রমণৰ পাছৰ পৰা বন্ধ হৈছে ভাৰত–পাকিস্তানৰ দ্বিপাক্ষিক ক্রিকেট৷ কেৱল আইচিচি আৰু এছিয়া স্তৰৰ প্রতিযোগিতাতহে মুখামুখি হৈছে দেশ দুখন৷ ২২ এপ্রিলৰ পেহেলগাম কাণ্ডৰ পাছত ভাৰতীয় ক্রিকেট ব’র্ডে অন্য কিছুমান ক্ষেত্রতো কঠোৰতা অৱলম্বন কৰিছে৷ ইয়াৰ লগে লগে আর্থিক দিশতো ক্ষতিগ্রস্ত হ’ব চুবুৰীয়া দেশখনৰ ক্রিকেট ব’ৰ্ড ৷ আনকি ব’ৰ্ডখন দেউলীয়া হোৱাৰো আশংকা কৰা হৈছে৷ ইয়াৰ লগতে পাকিস্তানৰ ক্রিকেটতো বিৰূপ প্রভাৱ পৰাৰ সম্ভাৱনা অধিক৷ পেহেলগাম হত্যাকাণ্ডৰ পাছত ভাৰতীয় ক্রিকেট ব’র্ডে আইচিচিক আবেদন জনাইছে যাতে এতিয়াৰ পৰা আইচিচিৰ কোনো প্রতিযোগিতাত দুয়ো দলকে এটা গ্রুপত ৰখা নহয়৷ ইয়াৰ অর্থ হ’ল দ্বিপাক্ষিক ক্রিকেট বন্ধ হোৱাৰ পাছত এইবাৰ বিশ্বকাপ অথবা চেম্পিয়নছ ট্রফীৰ দৰে প্রতিযোগিতাতো পাকিস্তানৰ মুখামুখি হ’ব বিচৰা নাই ভাৰত৷ মন কৰিবলগীয়া যে পাকিস্তানৰ ক্রিকেটলৈ অহা ধনৰ অধিকাংশই আহে ভাৰত–পাক মেচৰ পৰা৷ যদি ভাৰতে তেওঁলোকৰ লগত খেলিব নিবিচাৰে, তেনেহ’লে তীব্র সমস্যাৰ সন্মুখীন হ’ব পাকিস্তান৷ পাকিস্তানৰ বিভিন্ন কূটাঘাতমূলক কার্যৰ পিছত ভাৰত–পাকিস্তান দ্বিপাক্ষিক প্রতিযোগিতা বন্ধ হৈ পৰিছিল আৰু তাৰ ফলত বিশ্ব ক্রিকেটৰ যথেষ্ট ক্ষতি হৈছিল৷ এই ক্ষতিৰ কিছু পৰিমাণে হ’লেও জোৰা মাৰিবলৈ আইচিচি প্রতিযোগিতাসমূহত ভাৰত আৰু পাকিস্তানক একেটা গ্রুপত ৰখাৰ নিয়মত পৰিণত হৈছে৷ কাৰণ ভাৰত–পাকিস্তান মেচৰ বিশ্বজুৰি আছে ব্যাপক চাহিদা৷ দেশ দুখনৰ মাজত অনুষ্ঠিত মেচ উপভোগৰ বাবে টিকট বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়৷ সেইবাবে আইচিচিয়ে ইচ্ছা কৰিয়ে দুয়োটা দলক একেটা গ্রুপত ৰাখে৷ ফলত গ্রুপ পর্বতে মুখামুখি হয় দুয়োখন দেশৰ ক্রিকেট দল৷
ভাৰত–পাকিস্তানৰ এই খেলৰ পৰা লাভৰ এটা বৃহৎ অংশ আদায় হয়৷ ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বার্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্রীয়ে জনোৱা অনুসৰি বিগত দুটা দশকত কেৱল ভাৰত–পাকিস্তান মেচৰ পৰাই আইচিচিয়ে আয় কৰিছে ১০ হাজাৰ কোটি টকা৷ এই মেচৰ সময়ত ১০ ছেকেণ্ডৰ এটি বিজ্ঞাপনৰ বাবেও কোটি কোটি টকা খৰচ কৰিবলগীয়া হয়৷ এই সম্ভাৱনা এইবাৰ বন্ধ হৈ যাব পাৰে৷ অন্ততঃ ভাৰতীয় ক্রিকেট ব’র্ডে আইচিচিৰ ওচৰত সেই দাবীয়ে উত্থাপন কৰিছে৷ পাকিস্তান ক্রিকেট ব’র্ডে দেশখনত ক্রিকেট চলাবৰ বাবে মূলতঃ আইচিচিৰ ওপৰত নির্ভৰশীল হয়৷ আইচিচিৰ পৰা লাভ কৰা অর্থৰ জৰিয়তে দেশখনৰ ক্রিকেটৰ বিভিন্ন ব্যয় উলিওৱা হয়৷ আনহাতে, সেই ধনৰ এটা বৃহৎ অংশ নির্ভৰ কৰে ভাৰত–পাকিস্তান মেচৰ ওপৰত৷ যদি ভাৰত–পাকিস্তানৰ মেচ অনুষ্ঠিত নহয়, তেনেহ’লে আইচিচিৰ পৰা কম ধন লাভ কৰিব তেওঁলোকে৷ উল্লেখ্য যে বিগত কেইবাখনো আইচিচিৰ প্রতিযোগিতাত গ্রুপৰ পৰাই বিদায় লৈছে পাকিস্তানে৷ যদিহে গ্রুপ পর্বত ভাৰত–পাকিস্তান মেচ নহয়, তেনেহ’লে পৰৱর্তী ৰাউণ্ডত দেশ দুখনৰ মাজত মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাথাকে৷ এইক্ষেত্রত যিদৰে বিশ্ব ক্রিকেটৰ নিয়ামক সংস্থাটো সমস্যাত পৰিব, তেনেদৰে অধিক সমস্যাত পৰিব পকিস্তান ব’ৰ্ড৷ কাৰণ তেওঁলোকৰ উপার্জন একেবাৰে হ্রাস পাব৷ ইপিনে, পাকিস্তানত আয়োজিত ক্রিকেট মেচৰ সম্প্রচাৰ ভাৰতত বন্ধ কৰি দিয়া হৈছে৷ অর্থাৎ পাকিস্তান ছুপাৰ লীগৰ কোনো খেল এই দেশত দেখুওৱা নহ’ব৷ আনকি পাকিস্তানৰ ৰাষ্ট্রীয় দলৰ আগন্তুক শৃংখলাসমূহো দেখুওৱা নহ’ব৷ কিন্তু ক্রিকেটৰ আটাইতকৈ বেছি দর্শক আছে ভাৰতত৷ সেইবাবে সকলো দেশেই ভাৰতত তেওঁলোকৰ মেচ সম্প্রচাৰ কৰাটো বিচাৰে৷ ভাৰতৰ সময় অনুসৰি তেওঁলোকে খেলৰ সূচীও নির্ধাৰণ কৰে৷ ভাৰতত সম্প্রচাৰৰ পৰা ভাল অর্থও লাভ কৰে পাকিস্তান ক্রিকেট ব’র্ডে৷ কিন্তু ভাৰতে পাকিস্তানৰ মেচ সম্প্রচাৰ নকৰিলে বিপদত পৰিব পাকিস্তান ব’ৰ্ড৷ ইয়াৰ প্রভাৱ পৰিব দেশখনৰ ক্রিকেটত৷ পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰসকলৰ অধিকাংশৰে ইউটিউব চেনেল আছে৷ সেইবোৰ চেনেলৰ ছাবস্ক্রাইবাৰসকলৰ এটা বৃহৎ অংশ ভাৰতীয়৷ কিন্তু পেহেলগাম হত্যাকাণ্ডৰ পাছত অধিকাংশ ইউটিউব চেনেল বন্ধ কৰি দিয়া হৈছে৷ ইয়াৰ ভিতৰত আছে ছোৱেইব আখতাৰ, বাছিত আলী, ৰছিদ লতিফৰ চেনেলো৷ ভাৰতত তেওঁলোকৰ চেনেলৰ সম্প্রচাৰ বন্ধ হোৱাৰ ফলত এইসকল ক্রিকেটাৰ আর্থিক সমস্যাৰ সন্মুখীন হ’ব৷ সেইবাবে ভাৰতীয় ক্রিকেট ব’র্ডে আইচিচিৰ ওচৰত জনোৱা দাবীয়ে দেশখনৰ সমস্যা ক্রমান্বয়ে বৃদ্ধি কৰিব৷ এনে পৰিস্থিতিত পাক ক্রিকেট ব’র্ডে আইচিচিৰ ওচৰত নিজৰ দাবী কিদৰে উপস্থাপন কৰে, সেয়া লক্ষণীয় হ’ব৷