মূর্খৰ সৰগত আছে পাকিস্তানৰ এজেণ্ট
দৌল উৎসৱৰ আনন্দ–উলাহত সমগ্র ৰাজ্যখন বিধৌত হৈ থকা সময়তে আৰক্ষীয়ে এটা মূল্যৱান সাফল্য লাভ কৰি অসমৰ ভৱিষ্যতক কিছু হ’লেও সুৰক্ষিত কৰাত আন এখোজ দিলে৷ আৰক্ষীৰ অভিযানত নগাঁও আৰু মৰিগাঁও জিলাত পাঁচজন পাকিস্তানী এজেণ্ট আটক হয়৷ আৰক্ষী বা চৰকাৰে এতিয়ালৈকে তেওঁলোকৰ বিষয়ে বিশেষ তথ্য সদৰী কৰা নাই৷ ইংগিত দিয়া হৈছে কেউজন ভাৰতৰ ক্ষতি হ’ব পৰাকৈ, সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্রতি ভাবুকি কঢ়িয়াব পৰাকৈ ভয়ংকৰ কাম–কাজত লিপ্ত হৈ আছিল৷ গ্রেপ্তাৰ হোৱা কেউজন লোকে ভাৰতৰ বুকুত বহি পাকিস্তানৰ স্বার্থ পূৰণ কৰাৰ চক্রান্তত লিপ্ত হৈছিল৷ এইটো চৰম উদ্বেগজনক৷ চিন্তাৰ কাৰণ৷ তেওঁলোক আইনৰ কাঠগৰালৈ অহাত চক্রটোৱে ইতিমধ্যে দেশৰ কিমানখিনি ক্ষতি কৰিলে, কিদৰে কৰিলে আৰু লক্ষ্য আৰু উদ্দেশ্য কি, সেই সকলোবোৰ তথ্য নিশ্চয় পোহৰলৈ আহিব৷ সমান্তৰালকৈ চক্রটোৰ সৈতে আৰু কিমানজন লোক জডিত হৈ আছে, সকলোবোৰ তথ্য চৰকাৰৰ হাতলৈ আহিব বুলি আশা কৰা হৈছে৷ ইয়ে অসম তথা দেশৰ আন আন অংশত সক্রিয় হৈ থকা দেশদ্রোহীসকলৰ পৰিচয়, ঠিকনা আৰু কর্মপদ্ধতিও পোহৰলৈ আনিব বুলি ধৰি ল’ব পাৰি৷ সৰল অর্থত ক’ব পাৰি যে আৰক্ষীৰ এই সাফল্য অসম তথা দেশৰ বাবে অতিকৈ তাৎপর্যপূর্ণ, অতি মূল্যৱান৷ দেশখনক শত্রুৰ পৰা সুৰক্ষিত কৰি ৰখাত এনে ধৰণৰ অভিযান আৰু সাফল্যই সহায় কৰে৷ শত্রুৰ চক্রান্ত ব্যর্থ কৰাত দেশখনক এটা স্তৰ ওপৰত ৰাখে৷ এইখিনিতে মন কৰিবলগীয়া কথাটো হৈছে যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰা পাঁচজন লোক পাকিস্তানৰ এজেণ্টৰ পৰিচয় এটা বিশেষ ধর্মৰ হ’লেও তেওঁলোকৰ সৈতে জেহাদ বা ইছলামিক মৌলবাদৰ সম্পর্কৰ কথা ওলোৱা নাই৷ তেওঁলোক জেহাদী নহ’বও পাৰে বা ৰাজ্যখনত জেহাদ বিয়পোৱাৰ দৰে কার্যত প্রত্যক্ষভাৱে জডিত নাথাকিবও পাৰে৷ ইয়াৰ বিপৰীতে তেওঁলোকে কুখ্যাত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইক ভাৰতবিৰোধী কাম–কাজত সহায়ক হোৱাকৈ তথ্য যোগান ধৰি আহিছে৷ অৱশ্যে এইটোও সত্য যে পাকিস্তানে উত্তৰ–পূব ভাৰতৰ প্রাণকেন্দ্র অসমক অস্থিৰ কৰি ৰখাৰ বাবে জেহাদ আৰু ইছলামিক মৌলবাদক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ সুদীর্ঘকালৰ পৰা অপচেষ্টা চলাই আহিছে৷ আৰক্ষীৰ এইটো অভিযানত মৈৰাবাৰীত এজন পাকিস্তানৰ এজেণ্ট গ্রেপ্তাৰ হৈছে৷ ইয়াৰ পূর্বে মৈৰাবাৰী অঞ্চলত এজন মাদ্রাছা শিক্ষকক পত্নীৰ সৈতে গ্রেপ্তাৰ কৰা হৈছিল৷ মাদ্রাছা শিক্ষকজন মূলতঃ ইছলামিক মৌলবাদ আৰু জেহাদৰ বাবে অসমত পৃষ্ঠভূমি এটা তৈয়াৰত জডিত আছিল৷ এইবাৰ গ্রেপ্তাৰ হোৱা পাঁচজনৰ বিৰুদ্ধে পাকিস্তানক ভিন্ন ধৰণে সহায় কৰাৰ অভিযোগ উঠিছে৷
পাকিস্তান গঠন হৈছিল ধর্মৰ ভিত্তিত৷ দেশে স্বাধীনতা লাভৰ সময়ত একাংশ ইছলাম ধর্মাৱলম্বী লোকে হিন্দুৰ সৈতে মুছলমান একেলগে সহাৱস্থান কৰি থাকিব নোৱাৰে বুলি যুক্তি দাঙি ধৰিছিল৷ হিন্দুৱে মুছলমানৰ অস্তিত্ব বিপন্ন কৰিব বুলি কোৱা হৈছিল৷ দেশ বিভাজন হ’ল৷ ভাৰতে স্বাধীনতা লাভৰ কম দিনৰ ভিতৰতে সংবিধান প্রণয়ন কৰি, ভূমি সংস্কাৰ কৰি নিজৰ পথে আগবাঢ়িল৷ কিন্তু পাকিস্তান? সংবিধান ৰচনাৰ বাবে দেশখনক প্রায় একুৰি বছৰ লাগিল৷ আজিও দেশখনত ভূমি সংস্কাৰ নহ’ল৷ মুঠতে আৰম্ভণিৰ পৰাই এখন ব্যর্থ ৰাষ্ট্রৰ পথত আগবাঢ়িছিল পাকিস্তান৷ দেশখন গঠন হোৱাৰ পিছত গুৰুত্বপূর্ণ প্রশ্ণ আছিল, পাকিস্তান কিদৰে চলিব? দেশখনত সেনাৰ বাহিৰে সংগঠিত শক্তি বুলি দ্বিতীয়টো আছিল জমিদাৰসকল৷ কিন্তু এখন নতুন ৰাষ্ট্রৰ বাবে প্রয়োজন আছিল দূৰদর্শী আৰু সক্ষম নেতৃত্ব৷ পাকিস্তানত সেইটোৰ অভাৱ আছিল৷ সেই সময়ত বিদ্বান লোকেৰে ভৰা আছিল কংগ্রেছ নেতৃত্ব৷ কিন্তু মুছলিম লীগৰ নেতৃত্বত তেনে কোনো বিদ্বান আৰু শিক্ষাক গুৰুত্ব দিয়া লোক নাছিল বুলিয়েই ক’ব পাৰি৷ অদক্ষ–দূৰদর্শী ৰাজনৈতিক আৰু সামাজিক নেতৃত্বৰ দুর্বলতাৰ বিপৰীতে দেশখনত শক্তিশালী হৈ উঠিছিল সেনা আৰু জমিদাৰসকল৷ আমোলাতন্ত্র গঢ় লৈ উঠিছিল ভাৰতৰ পৰা প্রব্রজন কৰা লোকসকলৰ দ্বাৰা৷ কাৰোৱেই জনসাধাৰণৰ সৈতে সম্পর্ক নাছিল৷ গণতান্ত্রিক ব্যৱস্থাৰে অর্থাৎ নির্বাচনৰ জৰিয়তে দেশখনৰ শাসনলৈ অহাৰ ক্ষমতা কাৰোৱেই নাছিল৷ সেয়ে দেশ বিভাজনৰ নীতি আৰু সূত্রটোক পাকিস্তানৰ দুর্বল ৰাজনৈতিক আৰু সামাজিক নেতৃত্বই এৰিব নিবিচাৰিলে৷ হিন্দুৰ প্রতি ঘৃণা আৰু পাকিস্তানক ভাৰতে স্বীকৃতি দিব নিবিচাৰে বুলি মিছা ধাৰণা এটা জনসাধাৰণৰ মাজত বিয়পাই দিয়াটো সেনা আৰু আমোলাৰ বাবে লাভজনক আছিল৷ আজি ৭৫ বছৰ পাৰ হৈ গ’ল, দেশখনৰ হিন্দুবিৰোধী নীতিটো আজিও একেদৰে থাকিল৷ জম্মু–কাশ্মীৰৰ পৰা পঞ্জাব, উত্তৰ–পূবলৈকে সকলোতে পাকিস্তানে ভাৰতক অস্থিৰ কৰাৰ বাবে সন্ত্রাসবাদ, জেহাদ, ইছলামিক মৌলবাদক অস্ত্র হিচাপে আজিও ব্যৱহাৰ কৰি আছে৷ কিন্তু ইয়ে ভাৰতৰ ক্ষতি কৰাৰ বিপৰীতে পাকিস্তানৰহে সর্বনাশ সাধন কৰিলে৷ পাকিস্তানত আধুনিক শিক্ষাৰ প্রসাৰ হৈ নুঠিল৷ উদ্যোগৰ বিকাশ নহ’ল৷ আত্মনির্ভৰশীলতাৰ বাবে দেশখনৰ নেতৃত্বই বিগত সময়ছোৱাত একোৱেই নকৰিলে৷ মাজতে দেশখনে আধা অংশ হেৰুৱালে৷ আজি যিসকলে অসমত থাকি পাকিস্তানৰ দিবাস্বপ্ণ দেখি থাকে, তেওঁলোকে কথাবোৰ মন কৰা উচিত৷ ধর্মৰ ভিত্তিত গঢ় লৈ উঠা দেশখনে ২৫ বছৰো নিজকে অখণ্ড হিচাপে ৰাখিব নোৱাৰিলে৷ ধর্মই দেশখনক একত্র কৰি ৰাখিব নোৱাৰিলে৷ আজিও দেশখনত বালুচিস্তান, সিন্ধুপ্রদেশ, খাইবাৰ পাখটুনখাৱাত স্বাধীনতাৰ দাবীত আন্দোলন চলি আছে৷ পাক অধিকৃত জম্মু–কাশ্মীৰ, গিলগিট–বাল্টিস্তানৰ্ জনসাধাৰণো পাকিস্তানৰ সৈতে থকাত ইচ্ছুক নহয়৷ তেওঁলোক সকলো কিন্তু একে ধর্মৰ৷ ধর্মৰ ভিত্তিত পাকিস্তান গঠনৰ পৰীক্ষাটো ইতিমধ্যে বিফল হৈছে৷ অসমসহ সমগ্র ভাৰতত বসবাস কৰি পাকিস্তানৰ দিবাস্বপ্ণত বিভোৰসকলে কথাটোলৈ মন নকৰিলে আইনে নিজৰ পথ ল’বই৷ ভাৰত আর্থিক, সামৰিক, সামাজিকভাৱে এখন শক্তিশালী ৰাষ্ট্র৷