নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাষাটোৰ হাজাৰ–বিজাৰ ঘাতক ‘শব্দ’ৰ মাজৰ মাথোন গোটাদিয়েক

মোৰ লেখাসমূহ পঢ়ি, মোৰ চিনাকি–চিনাকি অলেখ লোকে মোৰ লগত বাটে–ঘাটে, বজাৰে–সমাৰে, ফৌন যোগে আৰু হোৱৎস্ এপ্ যোগে বার্তা বিনিময় কৰে৷ সামাজিক, ৰাজনৈতিক, শৈক্ষিক আদি বিভিন্ন বিষয় সম্পর্কীয় হওক কিম্বা ভাষাৰ দুর্গতি সম্পর্কীয় হওক, মোৰ লেখাবোৰ পঢ়ি বহুজনে দিয়া বহুতো মন্তব্য বেছ অস্বস্তিকৰভাবে প্রশংসাসূচক৷ সেয়ে কেতিয়াবা কেতিয়াবা ভালেখিনি মন্তব্য, প্রকাশৰ বাবে প্রাসংগিক হ’লেও, সিবিলাক উল্লেখ কৰাৰপৰা বিৰত থাকি সামৰি থওঁ৷ পিচে মোৰ মাতৃ ভাষাৰ শুদ্ধতাৰ চর্চা মোৰ আজীৱন সাধনা৷ সেয়ে, কোনোবাই যেতিয়া কোনেও কেতিয়াও নকৰিবলগীয়া কিছুমান অসহ্যকৰ ভুল কৰা চকুত বা কাণত পৰে, তেতিয়া মই স্বাভাৱিকতে কঠোৰ হওঁ৷ আজি ভাবিছোঁ, যোৱা ২১ ফেব্রুৱাৰীত প্রকাশিত ‘মাতৃ ভাষাৰ জঘন্য ৰূপ’ শীর্ষক মোৰ প্রৱন্ধটো সন্দর্ভত অনেকজনে পঠিওৱা অনেক বার্তাৰ মাজৰপৰা বাছি বাছি নামমাত্র গোটাদিয়েকৰ ইটো–সিটো অংশবিশেষ বেকত কৰোঁ৷ বেকত কৰোঁ এই কাৰণেই যে মোৰ পূর্বৰ বহুতো লেখা সন্দর্ভত বহুজনে পঠোৱা বহু মত/ মন্তব্য/বার্তাৰ দৰে, এই অংশবিশেষেও প্রতিপন্ন কৰে,– ভাষাটোৰ চৰম দুর্যোগ আৰু দুর্দশা দেখি আজি বৃহৎসংখ্যক অসমীয়া লোক কিমান উদ্বিগ্ণ, ক্লিষ্ট, ৰুষ্ট আৰু ক্ষুব্ধ৷ বহু অচিনাকি লোকে ফৌন্ যোগে কোৱা কথা ইয়াত নাই৷
সিবোৰলৈ আহোঁ৷ ১) এগৰাকী মহিলাইwhtsp-অত লিখিছে– ‘ছাৰ, আপোনাৰ ৰক্ত চাপ সময়মতে জোখা কামটো কৰেনে? এনেকুৱা কথাবোৰ শুনি থাকিলে বা পঢ়িলে আপোনাৰ মানসিক অৱস্থা কেনে হয়, তাকে ভাবিহে মই প্রশ্ণটো কৰিছোঁ৷’ মই তেখেতলৈ উত্তৰ দিয়া নাই৷ দৰাচলতে ৰক্ত চাপ কি বস্তু মই জনাকে নাছিলোঁ৷ কিন্তু মোৰ মাতৃ ভূমি আৰু মাতৃ ভাষাৰ দুৰৱস্থা, ৰাজ্যৰ চৌদিশে সকলো ক্ষেত্রত সার্বিক দুর্নীতিৰ পূতিগন্ধ, অসমীয়াৰ এলাহ আৰু মুখেৰে–সাত হাল বোৱা স্বভাৱ, চান্দা দুষৃকতি, ৰাজনীতিৰ নামত কিছুমান অযোগ্য লোকৰ দপ্দপনি, চৌদিশে অনা–সমীয়া আৰু অ–ভাৰতীয় লোকৰ অবাধ আগমন, আগ্রাসন আৰু ক্ষমতা দখল, অসমীয়া মানুহৰ দ্বাৰা মাটি বিক্রী, অনা–সমীয়া লোকৰ লগত ব্যাপক হাৰত অসমীয়া ছোৱালীৰ বিয়াৰ খহনীয়া, নগৰ–চহৰসমূহত্ পৌৰ সা–সুবিধাৰ দুৰৱস্থা, ৰাজপথ আৰু পদপথসমূহত দুর্গন্ধময় জাবৰ–জোঁথৰৰ পাহাৰ, উচ্চ শিক্ষিত লোকৰ মাজত নাগৰিক চেতনাৰ অভাৱ, ৰাজনৈতিক ক্ষেত্রৰ মানুহবোৰৰ স্বার্থান্ধতা, মিথ্যাচাৰ আৰু ভীৰুতা তথা ইবোৰৰ বহুগুণ বেছি কথাই মোক চিৰজীৱন উদ্বিগ্ণ, ক্ষুব্ধ আৰু প্রায় নিদ্রাহীন কৰি ৰাখিছে৷ মই অশান্ত৷ প্রতিক্রিয়াও তীব্র৷ ৰক্তচাপ কি, বেলেগে নাজানিছিলোঁ বা ভবা নাছিলোঁ৷ এবাৰ কিবা এটা অসুখৰ আলোচনা কৰোঁতে এগৰাকী চিকিৎসকে ক’লে– ‘‘ছাৰ, আপোনাৰ বী পী আছে, হাই প্রে’শা(ৰ্)’’৷ মই বোলোঁ,– ‘‘হয়নেকি? কি কৰিব লাগিব’’? তেখেতে বোলে– ‘‘দৰৱ দিওঁ, নিয়মমতে খাই থাকিব, ভালকৈ ৭/৮ ঘণ্টা শুব’’৷ দৰৱ–জাতি খাওঁ, কিন্তু শোৱাহে নহয়৷Insomnia (নিদ্রাহীনতা) আছেই৷ লিখা–পঢ়াৰ কাম ৰাতিহে কৰোঁ৷ পুৱতি নিশালৈকে৷ প্রায়ে, পোহৰ হ’লেহে শোওঁ সাধাৰণতে, খুব বেছি আঢ়ৈ বা তিনি ঘণ্টা৷ সভা–সমিতিত মোৰ নূ্যনতম ডেৰ ঘণ্টা জোৰা বত্তৃণতাত মোৰ উত্তেজনা দেখি বহুতো উদ্যোক্তাই আৰু মঞ্চত উপৱিষ্ট লোকে ভয় খাই মোৰ সন্মুখত পানীৰ ‘‘গিলাছ’’ বা ‘‘বটল’’ দিয়াৰ ব্যৱস্থা কৰে৷ দুঢ়োক খাই মই আকৌ চলাই গৈ থাকোঁ৷ বহু সভাত, বত্তৃণতাৰ পাছত শ্রোতা–দর্শকৰ প্রশ্ণৰ উত্তৰ৷ সভাৰ অন্তত চাহ–জলপান আৰু কথা–বতৰা৷ ক’ৰবাৰ ভাগৰ ক’ৰবালৈ পলায়৷ তাৰ পাছত মাছে–মঙহেৰে ভোজন৷ ৰাতি, মই থকা শিৱিৰত, দর্শনার্থীৰ লগত আলাপ৷ লিখোঁতে হওক বা কথা কওঁতে হওক, কালৈকো কেৰেপ নকৰাকৈ খং–ৰাগ উজাৰি দিওঁতেই লাহে লাহে দেহ–মন শাঁত পৰি আহে৷ বিগত বহু বছৰে, এই স্বভাৱ আৰু মোৰ সহবাস৷ চিকিৎসকসৱে কি কয়, নাজানো৷ পিচে, মোৰ কৃষ্ণ গোসাঁই আছে নহয়
২) এজন ভদ্র লোক ঃ ছাৰ, আপোনাৰ লেখাটোৰ আঁত ধৰি হীৰুদাৰ (হীৰেন ভট্টাচার্য্যৰ) এটা উক্তি তুলি দিলোঁ– ‘‘….আমি এটা কথা উপলব্ধি কৰা উচিত যে যিসকলে অসমীয়াত অর্থাৎ আমাৰ মাতৃ ভাষাত লিখা–পঢ়া কৰে, তেওঁলোকে যদি ভুল অসমীয়া লিখে, তেতিয়া কিন্তু অসমীয়া ভাষাটোৰ প্রচুৰ ক্ষতি হয়৷’’
৩) আন এজন ঃ”very good article on today’s condition of our mother tongue.”

৪) আৰু এজন ঃ ‘‘ছাৰ,… লেখাটো পঢ়ি উপকৃত হ’লোঁ৷ আগৰবোৰৰ তুলনাত চোক কিছু বেছি হৈছে৷ আপুনি উল্লেখ কৰা পক্ষসমূহে নিশ্চয় ইয়াৰ সুফল পাব৷’’
৫) আৰু এজন ঃ ‘‘দত্তদেৱ, আপোনাৰ তুলিকাৰ অতি কষ্টসাধ্য, গৱেষণামূলক নিৱন্ধটো শিক্ষার্থীৰ বাবে মূল্যৱান সম্পদৰূপে গ্রহণযোগ্য৷’’
৬) আৰু এজন ঃ ‘‘…বৰ ভাল লাগিল, মহাশয়৷…. মানুহে সততে কৰি থকা বহুকেইটা ভুলৰ শুধৰণি, লেখাটোত ৰসালভাৱে প্রকাশ পাইছে৷’’
৭) আন এগৰাকী মহিলা ঃ ‘‘বৰ ভাল লেখা দিলে৷ আপোনাৰ দৰে….৷
৮) এজন বড়ো মাতৃভাষী অসমীয়া ছাত্র ঃ ‘Thank your, Sir. I fully agree.’’

৯) কটন মহাবিদ্যালয় কিম্বা কটন বিশ্ববিদ্যালয়ৰ লগত কেতিয়াও একো সম্পর্ক নথকা এগৰাকী বেছ জ্যেষ্ঠ মহিলা ঃ ‘‘আপোনাক মোৰ কটনত পোৱা যেন লাগিছে৷ আপোনাৰ মাতৃ ভাষা প্রেম অত্যন্ত….৷A good teacher is always a good teacher. I greet you and admire you.’’
১০) বড়ো মাতৃভাষী এজন ডেকা অসমীয়া লিখক ঃ ‘‘মাতৃ ভাষাৰ প্রতি আপোনাৰ প্রেম আৰু দায়বদ্ধতা অতি তীব্র৷ ভাষাৰ প্রতি সচেতনতা, সঁচা মৰম, ভাল পোৱা আৰু অটল শ্রদ্ধা–ভক্তিৰ তীব্রতা আপোনাৰ বাহিৰে…৷ প্রতিটো লেখাৰ প্রতিটো শব্দ–বাক্য অতি ৰসাল, মনোগ্রাহী আৰু কৌতূহলোদ্দীপক৷ পঢ়ি থাকিবৰ…৷’’
১১) আন এজন লিখক ঃ ‘‘ভাষাৰ বেমেজালি সন্দর্ভত খুব তথ্যসমৃদ্ধ লেখা৷’’
১২) আৰু এজন ঃ ‘‘ময়ো মোৰ ভুলবোৰ বিচাৰি পাইছোঁ আজিৰপৰা শুধৰাম৷ সঁচাকৈয়ে, মূর্খৰ বাকচটোৱে নতুন প্রজন্মৰ মনৰ পথাৰত ভুলৰ বীজাণুবোৰ অহৰহ সিঁচিয়েই আছে৷’’
১৩) আন এগৰাকী মহিলা ঃ ‘‘… আপুনি কোৱাৰ দৰে, বিদেশী আগ্রাসনত আজি আমি পুতৌ লগা অৱস্থাত উপনীত৷ মাতৃ ভাষাৰ প্রচাৰ আৰু প্রসাৰত, আমাৰ লগতে, ৰাজ্য চৰকাৰেও নতুন দৃষ্টিভংগীৰে পদক্ষেপ লোৱা উচিত৷
১৪) আন এজন লিখক ঃ ‘‘আপোনাৰ লেখা পঢ়ি যথেষ্ট উপকৃত হওঁ৷ বাৰম্বাৰ প্রণাম, ছাৰ৷
১৫) আৰু এজন লিখক ঃ ‘‘মন্তব্য দিবলৈ ভাষাৰ অভাৱ৷’’ এই অনা ইমানতে সামৰিছোঁ৷
আকৌ নাঙলত ধৰোঁ, ৰ’ব৷ যোৱা ২৩ ফে’ব্রুৱাৰিত কৈছিলোঁ ‘ধৰাশায়ী’–ৰ পৰিৱর্তে ‘‘ধাৰাশায়ী’’ বুলি লিখা আৰু পঢ়াৰ কথা৷ একেটা ভঁৰালৰে আৰু এক সম্পদলৈ চাওক৷ বিশেষ্য আৰু ক্রিয়াপদ ৰূপে, ‘কৰ’ বোলা শব্দটোৰ বহু অর্থ আছে৷ বিশেষ্য ৰূপে, ‘কৰ’ শব্দটোৰ অন্যতম অর্থ হ’ল, হাত৷ কোনো লোক (যেনে, চোৰ) বা কিবা বস্তু ‘কৰ’ৰ আয়ত্ত হ’লে অর্থাৎ হস্তগত হ’লে, তাকে বোলা হয় কৰায়ত্ত কৰা৷ বা কৰায়ত্ত কৰা৷ কিন্তু আমাৰ অলেখ ‘‘জনা–শুনা’’ লোকে, অগণন শিক্ষকে তথা বিভিন্ন সংবাদ মাধ্যমৰ বাঘা বাঘা সাংবাদিকে অহোৰাত্রি লিখি আৰু টেঁটু ফালি চিঞৰি থাকে– ‘‘আৰক্ষীয়ে চোৰটোক ‘‘কাৰায়ত্ত কৰে’’– বুলিহে৷ বোধ হয়, এবাৰ ধৰা পৰিল যেতিয়া চোৰটোক একেবাৰে ‘‘কাৰা’’গাৰতে ভৰাই দি বিচাৰ প্রক্রিয়াটো আৰু এঢ়াপ আগবঢ়াই দি খৰতকীয়া কৰাৰ শুভ বুদ্ধিৰেই তেনে কৰা হয় ৰ’ব দেই৷ এই ‘চোৰ’ বোলোঁতেই আন এটা কথা ঘপহকৰে মনত পৰিল৷ চোৰ thief– থীফ্) হৈছে এবিধ প্রাণী সাধাৰণতে নৰমনিচ স্ত্রী লিংগ– চুৰুণী বিশেষ্যবাচক শব্দ বাক্যত সাধাৰণতে কর্মবীৰ কর্তা৷ আনহাতে, ‘চুৰ’ হৈছে এটা বিশেষ্যও তথা ‘চুৰ কৰ’ to steal– টু স্তীল্) ৰূপে, এটা খণ্ডবাক্যও৷ আকৌ ‘চুৰি’ theft– থে’ফ্ট্)ও এটা বিশেষ্য৷ কিন্তু কথাটো হৈছে, চোৰ (থীফ্)এ ক’ৰবাত কিবা চুৰ (স্তীল্) কৰিলে, সেই কার্য্যটো হয় চুৰি (থে’ফ্ট্)৷ পিচে, আজিৰ ক্রমবর্ধমান সংখ্যক অসমীয়া মানুহে এই তিনিটা শব্দৰ বানান, উচ্চাৰণ আৰু অর্থৰ পাৰস্পৰিক পার্থক্যও নাজানে, বিশেষকৈ, ‘চোৰ’ আৰু ‘চুৰ’–ৰ পার্থক্য৷ ও–ধ্বনিটোকতো ইংৰাজী আৰু হিন্দী মাধ্যমৰ বিদ্যালয়ৰ প্রভাৱত প্রায় আটাই খাৰ–খোৱাই উ–ধ্বনিৰ চৰণত বলি দিলেই নিজৰ ঘৰত চুৰি theft) হোৱাৰ কথা ক’বলৈ লৈ বহু লোকে কয়– ‘‘যোৱা ৰাতি আমাৰ ঘৰত চোৰ (চুৰি) হ’ল’’৷ ‘‘চোৰ’’ কেনেকৈ ‘‘হ’ল’’? ‘‘যোৱা ৰাতি’’ ঘৰত চোৰৰ জন্ম হ’ল নেকি? –‘যোৱা ৰাতি, তস্কৰ উপজিলে এ’, নুশুনি প্রজাৰ মাত/ পালি–পহৰীয়া সৱে নিদ্রা গৈলে/উপজিলে চৌর্য্যনাথ’’?
‘দৰিদ্র’ মানে হৈছে দুখীয়া poor ঃ পুৱ(ৰ্))৷ এই বিশেষণবাচক শব্দটোৰ বিশেষ্যবাচক প্রতিশব্দ হৈছে ‘দাৰিদ্র/দাৰিদ্র্য’ Poverty ঃ পভ্(ৰ্)টি) অর্থাৎ দুর্দশাগ্রস্ত বা দৰিদ্র অৱস্থা৷ প্রকৃত দৰিদ্র লোকক দাৰিদ্র্যগ্রস্ত বুলি আনুষ্ঠানিকভাবে শ্রেণীবদ্ধ কৰি তেনেদৰে ঘোষণা কৰিবৰ বাবে (তাৰ মাজতে দুর্নীতিৰ ফাং–ফুং অলেখ) চৰকাৰে কিছুমান কাৰিকৰী মাপনী কাঠী ব্যৱহাৰ (বা অপ–ব্যৱহাৰ) কৰি এডাল সীমা ৰেখা টানে৷ ইংৰাজীত তাকে বোলা হয়Poverty Line (পভ্(ৰ্)টি লাইন) অসমীয়াত ‘দাৰিদ্র্য সীমা ৰেখা’৷ পিচে, আনৰ কথা বাদেই দিছোঁ, কোনো বাতৰি বাকচৰ ঘাইজনা সম্পাদকেও সেই সীমা ৰেখাডালকে সঘনাই বোলে– ‘‘দৰিদ্র সীমাৰেখা’’Poor Line?
নামনি অসমৰ বৰপেটা নামৰ নগৰীখন অনেক সত্রৰে ভৰপূৰ৷ গতিকে বৰপেটাক বোলা হয় ‘সত্রনগৰী’৷ শুনিবলৈও ভাল৷ আনহাতে, মাজুলী আগেয়েও আছিল এটা দ্বীপ, আৰু, আয়তনত এতিয়া আগতকৈ বহুত সৰু হ’লেও, মাজুলী এতিয়াও এটা দ্বীপ৷ তাত থকা সত্রৰ প্রকৃত শুদ্ধ সংখ্যাটো বোধ হয় সম্পূর্ণ নির্ভুলকৈ কোনেও ক’ব নোৱাৰে৷ সি যি কি নহওক, পূর্বে মাজুলী আছিল যোৰহাট জিলাৰ এটা মহকুমা৷ বর্তমান (বোধ হয়, ২০১৬ চনৰ পৰা) ই এখন স্বতন্ত্র জিলা৷ পিছে‘সত্র দ্বীপ’ বোলক বা ‘সত্র জিলা’ বোলক, সেইটো এটা সুকীয়া কথা৷ কিন্তু, বৰপেটাৰ দৰে, মাজুলী এখন ‘‘সত্র নগৰী’’ হ’ল কেনেকৈ? সমগ্র মাজুলী দ্বীপটো এখন ‘নগৰী’ নেকি? দ্বীপটোৰ প্রশাসনীয় কেন্দ্র বা সদৰ চহৰ ‘গডমূৰ’ বোলা ঠাইখনক টানি–টুনি কোনোমতে এখন নগৰ বুলিব পাৰি আৰু৷ গোটেই মাজুলী যে ‘‘এখন সত্র নগৰী’’ নহয়, সেই কথা বহুবাৰ আঙুলিয়াই দিলোঁ৷ কিন্তু নাই৷ আমাৰ সংবাদ মাধ্যম অন্ধ, নে, বধিৰ, নে, কি, নাজানো চলায়েই আছে– ‘‘সত্র নগৰী মাজুলী, সত্র নগৰী মাজুলী, সত্রনগৰী মাজুলী’’ চলি যাব দিযঁা কোৱাইটি,–অসমীয়া ৰেইল গাডী৷
অনেক অসমীয়া মানুহে যুক্তাক্ষৰবোৰ সঠিককৈ উচ্চাৰণ কৰিব নোৱাৰে৷ কিছুমান লোকে যুক্তাক্ষৰ মুঠেও মাতিবই নোৱাৰে আন কিছুমানে যুক্তাক্ষৰযুক্ত শব্দৰ যিটো বা যিকেইটা আখৰত জোৰ বা যথোচিত স্বৰাঘাত দিব লাগে, তাত নিদি আন ঠাইত দি গোটাইগিলাখান ওলট–পালট কৰি দেয়৷ অসংখ্য লোকে এহাতে ‘সম্পত্তি’ক বোলে ‘‘সম্পতি’’ আৰু, আনহাতে, ‘দম্পতী’ক বোলে ‘‘দম্পত্তী’’৷ ‘উদ্দেশ্য’–ক ‘‘উদেইচ্ছ/উদেইস্ব’’ বোলা মানুহৰো সীমা–সংখ্যা নাই৷ নাই যুক্তাক্ষৰ উচ্চাৰণৰ লাগ্–বান্ধ্, নাই তালব্য, মূর্ধন্য, দন্তৰ ‘‘মা–বাপ’’৷ এটা ৰাজনৈতিক দলৰ পদ্য ৰচয়িতা সভাপতিগৰাকী আৰু এগৰাকী মন্ত্রীৰ মাজত সঘনাই পদ্য সমালোচনামূলক উখনা–উখনি সংঘটিত হৈ থকা আটায়ে দেখিছিল৷ চূর্চুৰীয়া মহাভাৰতখনৰ শেষৰফালে এদিন অমাত্যপ্রৱৰেও সিজনাক উদ্দেশ্য কৰি এটা ‘‘কৱিতা’’ লিখি আনি খবৰজীৱীসকলৰ আগত পাঠ কৰিছিল৷ পিচে অমাত্যপ্রৱৰে, ‘‘কবিতা’’ পাঠৰ লগে লগে কাগজখিলা ঠেলি ঠেলি আগুৱাই নি থাকোঁতে এই চকু চৰহাৰ চকুত পৰিল এইফেৰা শব্দ ৰত্ন– ‘‘সর্বশ্রান্ত’’৷ হ’ব লাগিছিল ‘সর্বস্বান্ত’ অর্থাৎ যাৰ সর্বস্ব+ অন্ত হৈছে (বা হ’ব) এটা বাকচত এটা নির্দিষ্ট সময়ত বাতৰি বিলাওঁতা, এক বিশেষ পদাধিকাৰৰ মতে, ৰায়পুৰত অনুষ্ঠিত, কংগ্রে’ছ্ দলৰ পূর্ণাংগ অধিৱেশনত, যোৱা ২৫ ফে’ব্রুৱাৰিত সাংসদ গৌৰৱ গগৈয়ে হেনো এক ‘‘উদ্দাত্ত’’ (উদাত্ত) ভাষণ দিছিল
তুর্কী মূলৰ পৰা অহা ‘তোপ’ মানে হৈছে হিলৈ, বন্দুক, কামান ইত্যাদি৷ আনহাতে, ‘টোপ’ মানে হৈছে প্রলোভন যেনে– মাছ ধৰিবৰ বাবে কেঁচু, কুমটি, আমৰলি পৰুৱা, বৰল পোক, কোদো পোক ইত্যাদি তথা মানুহৰ মন ভুলাবৰ বাবে দিয়া টকা–পইচা, মাটি–বাৰী, চাকৰি–বাকৰি, পদোন্নতি আদি–ইত্যাদিৰ প্রলোভন৷ এই বিষয়ে বহুত ক’লোঁ কিন্তু ‘‘টোপধ্বনি’’ চলিয়েই থাকিল৷ এই ধ্বনি চলিছে, চলিবই ২০২২ চনৰ ২৪ অক্টোবৰত বৰপেটা সত্রৰ প্রয়াত বুঢ়াসত্রীয়া বশিষ্ঠ দেৱশর্মাৰ শেষকৃত্য সম্পন্ন হৈছিল৷ সেইদিনা এটা বাকচৰ পর্দাত লিখিত ৰূপত দেখা গ’ল– ‘‘বশিষ্ট (ষ্ঠ) দেৱশমার্ক শেষকৃত্য অনুষ্ঠানত টোপধ্বনিৰে সন্মান প্রদর্শন’’৷ কিবা এষাৰ লিখিবলৈ মন গৈছিল নিলিখোঁ আৰু৷ ইফালে ‘বশিষ্ঠ’–ৰ ঠাইত ‘‘বশিষ্ট’’ আনফালে, বহু সময়ত আকৌ ‘‘বিশিষ্ঠ (ষ্ট) ব্যক্তি’’ অগণন লোকে ‘অনুষ্ঠান’–ৰ ঠাইত লিখে ‘‘অনুস্থান’’ শিক্ষানুষ্ঠানবোৰত যে কি শিক্ষা দান চলিব লাগিছে ইফালে গুণোৎসৱহে গুণোৎসৱ নহ’লে, ইংৰাজী মাধ্যমৰ বিদ্যালয়
এটা মজাৰ কথা শুনক৷ জিঞা হৈছে পাতল পর্দাৰ দৰে দুখন ধুনীয়া পাখি থকা এবিধ পতংগ৷ এসময়ত অসমৰ হাবিয়ে–বননিয়ে মানুহৰ ঘৰৰ বাৰীয়ে–ফুলনিয়ে, সকলোতে দেখা গৈছিল ভিন্ ভিন্ ধুনীয়া ধুনীয়া ৰঙৰ শ শ/হাজাৰ হাজাৰ জিঞা/জিঞা ঃ মহিম বৰাৰ ‘ৰঙা জিঞা’, দ্বিজেন্দ্র মোহন শর্মাই ৰচনা কৰা আৰু বিউটী শর্মা বৰুৱাই সুৰেৰে প্রাণ দিয়া– ‘‘কণমান বৰশীৰে চিপ/… তাৰে মাজত ৰঙা জিঞা/ ৰাজকন্যা/নাচে দিপলিপ’’৷ পিচে, ইংৰাজীতহে তাৰ নামটো অল্পমাত্রা ভয়লগা ঃDragonfly(.)৷ ড্রগনফ্লাই বাপ ৰে বাপ Dragon আৰুfly ৰূপে দুটা শব্দ নহয় এটা শব্দDragonfly(.)৷ সি যি কি নহওক, বাংলাদেশৰ বর্তমান প্রধান মন্ত্রী শেইখ হাসিনাৰ পূর্বে প্রধান মন্ত্রী আছিল বে’গম খালেদা জিয়া৷ পিচে, কিছুদিন পূর্বে অ–সম দেশৰ এটা বাতৰি বাকচৰ পর্দাত দেখা পালোঁ– ‘‘শেইখ হাসিনাৰ পদত্যাগ দাবী বি এন পি (বী এন পী)ৰ খালেদা জিঞাৰ’’ ড্রেগন্ফ্লাই ডিমাণ্ডিং ৰেজিগ্নেইশ্ন্ অৱ্ শেইখ হাসিনা

You might also like