নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় নগৰ সুৰক্ষা নলাৰ জাবৰৰ দুৰ্গন্ধই বিয়পাইছে ব্যাপক মাত্ৰাত প্ৰদূষণ: অতীষ্ঠ দাঁতি-কাষৰীয়া অঞ্চলবাসী

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ: ডিব্ৰুগড় নগৰ সুৰক্ষা নলাই অতি সম্প্ৰতি চহৰখনলৈ কৰিয়াই আনিছে এক অশনি সংকেত।জনস্বাস্থ্যৰ প্ৰতি প্ৰবল ভাবুকিৰ লগতে ভয়াৱহ প্ৰদূষণৰ কবলত জাহ যাব ঐতিহাসিক ডিব্ৰুগড় চহৰ।চহৰখনৰ অতিৰিক্ত পানী উক্ত সুৰক্ষা নলাটোৱেদি প্ৰনালীবদ্ধভাবে বোৱাই নি ব্ৰহ্মপুত্ৰত পেলোৱাৰ যি আধুনিক ব্যৱস্থা কৰা হৈছিল,সেয়া যেন এতিয়াও ধোঁৱাচাঙত।উক্ত সুৰক্ষা নলাটোৰ জিৰ’ পইন্টৰ পৰা আধুনিকৰণৰ কাম বহু বিৰ্তকৰ বাবে(দুই ফৈদৰ মাজত অৰিয়া-অৰি)আজি পৰ্যন্ত হৈ নুঠিল।ফলত সুৰক্ষা নলাত অতি সম্প্ৰতি আন এক সমস্যাই দেখা দিছে।যি সমস্যা বাৰিষাৰ সময়ত বৃদ্ধি হোৱা জলৰাশি সুচলতাৰে বৈ যোৱাত অনেক আহুকালৰ স্বৃষ্টি হয়।বিগত বহু দশক ধৰি উক্ত নগৰ সুৰক্ষা নলাটো যিকোনো পেলনীয়া সামগ্ৰীৰ ডাষ্টবিন হিচাপে চহৰখনৰ একাংশ আৱাসী,ব্যৱসায়িক প্ৰতিস্থান আৰু সাধাৰণ জনতাই ব্যৱহাৰ কৰাৰ ফলত পাহাৰৰ সদৃশ জাৱৰৰ দমৰ স্বৃষ্টি হৈছে উক্ত সুৰক্ষা নলাত।যাৰ ফলত বাৰিষা নলাত পানী বৃদ্ধি হলেও সুচলভাবে বৈ যোৱাত বাধাৰ স্বৃষ্টি হয় আৰু বাৰিষা চহৰখনত কৃতিম বানৰ পৰিৱেশ গঢ় লৈ উঠে।কেবল সিমানেই নহয়, নলাটোত জমা হোৱা জাৱৰে বৈ যোৱা পানীৰ বাধাপ্ৰাপ্ত হোৱাৰ উপৰিও গেলা-পচা জাৱৰৰ দুৰ্গন্ধই সমগ্ৰতে ব্যাপক মাত্ৰাত প্ৰদূষণৰ সৃষ্টি কৰিছে।উল্লেখযোগ্য যে ডিব্ৰুগড় চহৰৰ মাজেদি বৈ যোৱা ডিব্ৰুগড় সুৰক্ষা নলাটো চহৰখনৰ পল্টন বজাৰৰ পৰা আৰম্ভ হৈ দুৰ্গাবাৰী, গংগাপাৰা, নালিয়াপুল, গ্ৰেহেমবজাৰ, আৰক্ষী চাউনী, মাৰোৱাৰীপট্টী, নতুন বজাৰ, লোহাৰপট্টী, কালিবাৰী, শান্তিপাৰা, চিৰিং চাপৰি,আমোলাপট্টীকে ধৰি এক বিশাল এলেকাৰ মাজেৰে উন্মুক্তভাবে দীঘকালৰে পৰা প্ৰবাহিত হৈ আহিছে।ফলত সুৰক্ষা নলাৰ কাষৰীয়া অঞ্চলৰ লগতে অনান্য ঠাইৰ জনসাধাৰণে সুৰক্ষা নলাটো ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰাৰ ফলত পাহাৰ সদৃশ জাবৰৰ দমৰ স্বৃষ্টি হৈছে আৰু উক্ত জমা হোৱা জাৱৰ সময়মতে নিষ্কাষণৰ ব্যৱস্থা নকৰাৰ বাবেই জাৱৰৰ পৰা নিৰ্গত দুগন্ধই সমগ্ৰতে ব্যাপক মাত্ৰাত এক প্ৰদূষণযুক্ত পৰিবেশ-পৰিস্থিতিৰ সন্মুখীন হৈ পৰিছে সমীপৱৰ্তী ঠাইৰ বাসিন্দা সকল।আনহাতেদি,জামিৰা মৌজাৰ মাজেৰে যোৱা ডিব্ৰুগড় নগৰ সুৰক্ষা নলাটোত জমা হোৱা জাৱৰে লৰুৱা মৌজাৰ খেতি পথাৰতো ভৰ বাৰিষা কালত পানীৰে ভৰি এক কদৰ্যময় অৱস্থালৈ পৰ্যবসিত কৰে বুলি জামিৰা আৰু লৰুৱা মৌজাৰ এলেকাস্থিত ৰাইজে জানিবলৈ দিছে।বৰ্তমানে ডিব্ৰুগড় নগৰ সুৰক্ষা নলাটোত জমা হোৱা বৃহৎ জাৱৰে পানী চলাচল একপ্ৰকাৰ বন্ধ কৰি নলাটোত প্ৰদূষণৰ মাত্ৰা দৈনিক বৃদ্ধি কৰিছে বুলি স্থানীয় আমোলাপট্টি, চিৰিং চাপৰি,লালোকা গাঁও,জামিৰা বাসী ৰাইজে অভিযোগ কৰে।ডিব্ৰুগড় নগৰ সুৰক্ষা নলাত জমা হোৱা জাৱৰ জোঠৰ আৰু নলাটোত গজা ঘাঁহ জাতীয় উদ্ভিদ,জলজ উদ্ভিদ আদি সময়মতে নিষ্কাষণ নকৰাৰ ফলত দিনক দিনে প্ৰদূষণৰ মাত্ৰাই নলাৰ কাষৰীয়া অঞ্চলৰ উপৰিও লৰুৱা -জামিৰা মৌজাৰ এলেকাস্থিত অঞ্চলৰ জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।ডিব্ৰুগড় নগৰ সুৰক্ষা নলাত জমা হোৱা জাৱৰ নিষ্কাষণ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিহিত পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে ডিব্ৰুগড় বিধায়ক আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ লগতে ডিব্ৰুগড় পৌৰসভাক দাবী জনাইছে।সেয়ে সমাগত বাৰিষাৰ পূৰ্বে নগৰ সুৰক্ষা নলাটোৰ পৰা জাৱৰ নিস্কাষণ নকৰিলে,বাৰিষাৰ সময়ত ডিব্ৰুগড় চহৰ পুনৰ কৃতিম বানৰ কবলত পৰাৰ আশংকা প্ৰবল হৈ পৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like