নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলুৰ ৰাজনীতি

আলুৰ উৎপাদনত অসম কেতিয়াও স্বাৱলম্বী নাছিল৷ স্বৰাজোত্তৰ কালৰ পৰাই ৰাজ্যখনৰ এয়াই পৰিচয় অথবা নিয়তি বুলি ক’লে বঢ়াই কোৱা নহয়৷ বিষয়টোত আজিলৈকে কোনো এখন চৰকাৰে গুৰুত্বও দিয়া পৰিলক্ষিত নহ’ল৷ অকল আলুৰ ক্ষেত্রতেই নহয়, পিঁয়াজকে ধৰি আন বহু প্রয়োজনীয় পাচলিৰ ক্ষেত্রতো অসমে আনৰ ওপৰতেই নির্ভৰশীল হৈ চলিবগীয়া দুর্ভাগ্যজনক দুৰৱস্থাৰ সৈতেই সহাৱস্থান কৰি আহিছে৷ ইয়াৰ বাবে ৰাজ্যখনে সময়ে সময়ে বিপৰীত পৰিস্থিতিৰো সন্মুখীন হ’বলগীয়া হয়৷ সময়ে সময়ে বুলিলে সঠিককৈ কোৱা নহ’ব, বছৰটোত নির্দিষ্ট কিছু কিছু কালখণ্ডত অসমে আলু, পিঁয়াজৰ নাটনিত ভুগিবলগীয়া হয়৷ ৰাজ্যখনৰ জনসাধাৰণে অধিক দাম দি সেইবোৰ বজাৰৰ পৰা ক্রয় কৰিব লগা হয়৷ ইয়াৰ বাবে ৰাজ্যখনৰ পৰা বছৰি কোটি কোটি টকা অতিৰিক্তভাৱে ওলাই যায়৷ এক কথাত ক’বলৈ গ’লে, অসমৰ জনগণৰ পৰা ডকাইতি কৰি বুজন পৰিমাণৰ ধন লৈ যোৱা হয়৷ ইয়াৰ মূল কাৰণেই হৈছে কৃষিৰ ক্ষেত্রত পৰিকল্পিত ব্যৱস্থাৰ অভাৱ৷ দূৰদৃষ্টিসম্পন্ন নেতৃত্বৰ শোকাৱহভাৱে নাটনিৰ বাবে আজিও অসমে এই দুৰৱস্থাৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ৰাজ্যখনত ইমান দিনে কৃষি মন্ত্রালয় চম্ভালি অহা মন্ত্রীসকলে কেৱল মুখেৰে আৰু দেশ–বিদেশৰ বিভিন্ন ঠাই ভ্রমণতে খেতি কৰি থাকিল৷ বিয়াগোম বিভাগটোও এক কথাত ভেঁকো–ভাওনাৰ থলী হৈ থাকিল৷ দেশৰ আন ৰাজ্যসমূহে বিষয়টোত কিদৰে উন্নতি কৰিলে, আন্তঃগাঁথনিৰ কিমানখিনি আৰু কিদৰে উন্নয়ন সাধিলে, তাক লৈ কাৰোৱেই যেন মূৰ ঘমোৱাৰ অৱকাশ নাই৷ সেই ক্ষেত্রত সঁচা অর্থত তাগিদা অনুভৱ কৰাৰ নজিৰো পাবলৈ নাই৷ কিন্তু উৎপাদনত স্বাৱলম্বী ৰাজ্য এখনে এই ক্ষেত্রত কিমান পৰাক্রমেৰে মূৰ তুলি থিয় দি থাকে, তাৰে অন্যতম উদাহৰণ হৈছে পশ্চিমবংগ৷ হয়, বিষয়টোত প্রতিৱেশী ৰাজ্যখনৰ স্থিতি আৰু নীতি বহু ক্ষেত্রত অমানৱীয় আৰু ৰাজনৈতিক পক্ষপাতদুষ্ট৷ কিন্তু সিমানখিনি কৰিবলৈ পশ্চিমবংগ চৰকাৰে দায়বদ্ধতা আৰু দূৰদৃষ্টিৰ এটা দীঘলীয়া পৰিক্ৰমা অতিক্রমি আহিছে৷ বানৰ ক্ষতিক ৰাজ্যখনে সীমিত কৰিবলৈ সক্ষম হৈছে৷ খেতিপথাৰত অসমৰ দৰে পানীৰ অভাৱত কৃষকে চকুপানী টুকিবলগীয়া নহয়৷ সুসংহত বজাৰ আছে৷ কৃষকৰ উৎপাদিত ফচল সংৰক্ষণ কৰিবলৈ পর্যাপ্ত সংখ্যাত হিমঘৰ আছে৷ অসমত বহু চহা কৃষকৰ বাবে আজিও হিমঘৰ নাকত পিন্ধে নে কাণত পিন্ধে, তেনে অৱস্থাতেই আছে৷ ইয়াৰ বাবে কৃষক জগৰীয়া নহয়৷ দায়ী চৰকাৰ৷ দোষ সংশ্লিষ্ট বিভাগৰ৷ তেওঁলোকে কৃষকৰ মাজত ধাৰণাটো বিয়পাই দিয়াত সফল হোৱা নাই৷ ব্যৱস্থাটো কৃষকৰ মাজলৈ লৈ যাব পৰা নাই৷
পশ্চিমবংগত আলু সংৰক্ষণৰ বাবে ৫০০টা হিমঘৰ আছে৷ তাত বিদেশৰ বা বহিঃৰাজ্যৰ আলু ৰখা নহয়৷ ৰাজ্যখনৰ কৃষকে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা আলুহে ৰখা হয়৷ বজাৰলৈ নতুন আলুৰ আমদানি নঘটাৰ সময়ছোৱাত হিমঘৰত সংৰক্ষিত আলুৱেই বংগৰ লগতে প্রতিৱেশী ৰাজ্য যেনে- অসম, ঝাৰখণ্ড, বিহাৰ, ওড়িশা, ছত্তিশগড় আদিৰ চাহিদা পূৰণ কৰে৷ অসমৰ উপভোক্তাৰ বাবে পশ্চিমবংগৰ আলুৰ বিকল্প নাই বুলিলেও চলে৷ পশ্চিমবংগই অসমকে ধৰি প্রতিৱেশী ৰাজ্যৰ বজাৰ কিদৰে নিয়ন্ত্রণ কৰি আছে তাৰে শেহতীয়া উদাহৰণ হৈছে ওড়িশা চৰকাৰৰ মুকলি অসন্তুষ্টি আৰু বিষোদগাৰ৷ শেহতীয়াকৈ বংগ চৰকাৰে অসম, ওড়িশা, ঝাৰখণ্ড, বিহাৰ, ছত্তিশগড় আদি ৰাজ্যলৈ আলুৰ ৰপ্তানি বন্ধ কৰি দিছে৷ বিগত চাৰিদিনে ৰাজ্যখনৰ সংশ্লিষ্ট সীমান্তৱর্তী অঞ্চলত শ শ আলু পৰিবাহী ট্ৰাক আবদ্ধ হৈ আছে৷ বংগ চৰকাৰৰ নির্দেশত আৰক্ষীয়ে এখনো আলু পৰিবাহী ট্ৰাক সীমান্ত পাৰ হ’বলৈ দিয়া নাই৷ পৰিণতিত ওড়িশাৰ বজাৰত আলুৰ নাটনি আৰু চৰা দামৰ সমস্যাই দেখা দিছে৷ বজাৰৰ দুর্গতি দেখি চৰকাৰখনৰ যোগান আৰু উপভোক্তা বিভাগৰ মন্ত্রী ক্রুষাচন্দ্র পাত্রই বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীক আক্রমণৰ লক্ষ্য কৰি লৈছে৷ ওড়িশাৰ মন্ত্রীগৰাকীৰ মতে মমতা বেনার্জীয়ে আলুক লৈ ৰাজনীতি কৰিছে৷ অর্থাৎ আলুৰ অচিলাৰে বংগৰ মমতা বেনার্জী চৰকাৰে ওড়িশাৰ বিজেপি চৰকাৰখনক শ’লঠেকত পেলাব বিচাৰিছে৷ অসমৰ বজাৰতো ইয়াৰ প্রভাৱ পৰিছে যদিও ৰাজ্য চৰকাৰখন মমতা বেনার্জী চৰকাৰৰ ৰাজনৈতিকভাৱে পক্ষপাতদুষ্ট সিদ্ধান্তৰ অদ্যাপি বিশেষ প্রতিক্রিয়া প্রকাশ কৰা নাই৷ ইয়াৰ বিপৰীতে অসমৰো বজাৰত লাহে লাহে আলুৰ দাম বাঢ়িবলে লৈছে৷ এই সময়ছোৱাত বজাৰলৈ নতুন আলুৰ আমদানি ভালদৰে নঘটে৷ সেয়ে উপভোক্তাই পুৰণি আলুৰ ওপৰতে নির্ভৰশীল হৈ থাকিব লাগে৷ কিন্তু অসমত আলুৰ উৎপাদন পর্যাপ্ত নোহোৱাত আমদানিকৃত আলুকে অধিক দামত কিনিব লাগে৷ তদুপৰি নতুন আলুৰো সিংহভাগ আহে বংগৰ পৰা৷ প্রতিৱেশী ৰাজ্যখনত এতিয়াও পর্যাপ্ত পৰিমাণত আলু মজুত আছে৷ তৎসত্ত্বেও বংগ চৰকাৰখনে আলুৰ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰি থৈছে৷ তথ্য অনুসৰি বংগত ৫০০টা হিমঘৰত বছৰি ১২ কোটি ৫৫ লাখ ৪ হাজাৰ ৪৩ বস্তা আলু সংৰক্ষণ কৰা হয়৷ অক্টোবৰৰ শেষলৈকে হিমঘৰকেহটাৰ পৰা ৯ কোটি ৪১ লাখ ২৬ হাজাৰ ২৪১ বস্তা আলু উলিওৱা হয়৷ ২১ নৱেম্বৰলৈকে ৰাজ্যখনত ৩ কোটি ১৪ লাখ বস্তা আলু মজুত আছে৷ বজাৰলৈ নতুন আলুৰ আমদানি নঘটালৈকে মজুত থকা পৰিমাণখিনি বংগৰ বাবে ইমানেই বেছি যে ৰাজ্যখনে অনায়াসে প্রতিৱেশী ৰাজ্যকেইখনৰ বজাৰৰ চাহিদা পূৰণ কৰিব পাৰে৷ গ্রাহকে অধিক দামো ভৰিব নালাগে৷ কিন্তু তাকে নকৰি মমতা বেনার্জী চৰকাৰখনে আলুৰ ৰপ্তানি নিষিদ্ধ কৰিহে থৈছে৷ ইয়াৰ আঁৰত বংগ চৰকাৰৰ ৰাজনৈতিক অভিসন্ধি লুকাই থকাৰ যুক্তিসংগত কাৰণটোকেই আঙুলিয়াই দিছে ওড়িশা চৰকাৰে৷ উৎপাদনত স্বাৱলম্বী নহ’লে অসমে এনেদৰে ৰাজনৈতিক অভিসন্ধিৰ বলি হৈ থাকিব লাগিব৷

You might also like