দুর্নীতি নির্মূলৰ প্রত্যাহ্বান
ৰাজ্যৰ প্রশাসন ব্যৱস্থাৰ বিভিন্ন স্তৰত চলি থকা দুর্নীতি–অনিয়মৰ ভয়ংকৰ দৈত্যটোক মষিমূৰ কৰাটো সহজসাধ্য নহয়৷ বছৰ বছৰ ধৰি চৰকাৰী বিভাগসমূহত দুর্নীতি আৰু অনিয়মৰ শিপা ইমানেই সম্প্রসাৰণ হৈছে যে ইয়াক সমূলঞ্চে উভালি পেলোৱাটো যেন অসম্ভৱ হৈ উঠিছে৷ প্রশাসনীয় স্তৰৰ দুর্নীতি নির্মূল কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এলানি বিশেষ পদক্ষেপ গ্রহণ কৰিছিল৷ ঘোচখোৰ চৰকাৰী বিষয়া–কর্মচাৰী আৰু প্রশাসনীয় স্তৰত দুর্নীতি নির্মূল কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই বিগত দুবছৰৰ ভিতৰত কেতবোৰ কঠোৰ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ কোনো চৰকাৰী বিষয়া–কর্মচাৰীয়ে উপঢৌকন দাবী কৰিলে, ধনৰ লোভত প্রয়োজনীয় তথ্য প্রদান নকৰিলে, বিভাগীয় কাম–কাজ নিয়ম অনুসৰি সম্পাদন নকৰা বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ বাবে ফোন নম্বৰ মুকলি কৰি দিয়া হৈছিল ৷ ভুক্তভোগীৰ অভিযোগ আৰু তদন্তকাৰী সংস্থাৰ সজাগতাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাৰ দুবছৰীয়া কার্যকালত শতাধিক দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰী জালত পৰিছে ৷ মুখ্যমন্ত্রী ড০ শর্মাই ২২ জুলাইত এক টুইটযোগে প্রকাশ কৰিছে যে ২০২১ৰ ১০ মে’ৰ পৰা দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ে ১১৭গৰাকী চৰকাৰী বিষয়া–কর্মচাৰীক গ্রেপ্তাৰ কৰে৷ ইয়াৰে অধিকাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীক ঘোচ লোৱাৰ সময়ত হাতে–লোটে গ্রেপ্তাৰ কৰা হৈছে৷ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে ড০ শর্মাই ৰাজ্যৰ প্রশাসন ব্যৱস্থাত দুর্নীতি সম্পূর্ণৰূপে নির্মূলৰ অভিযান চলিব বুলি ঘোষণা কৰিছিল৷ কিন্তু মুখ্যমন্ত্রী ড০ শর্মাৰ এনে ঘোষণা সত্ত্বেও বিভিন্ন চৰকাৰী বিভাগত দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ চক্রটোৱে এনে অশুভ পন্থা পৰিহাৰ কৰা নাছিল৷ ফলত মুখ্যমন্ত্রীৰ অধীনস্থ দুর্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ে ধাৰাবাহিকভাৱে চলোৱা অভিযানত শতাধিক দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে৷ ৰাজ্যৰ দুর্নীতিগ্রস্ত বিষয়াক গ্রেপ্তাৰ কৰাৰ ঘটনা নতুন নহয়৷ কিন্তু দুবছৰৰ ভিতৰত ৰাজ্য চৰকাৰৰ ১১৭গৰাকী দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰী পূর্বতে এইদৰে তদাৰকী সংস্থাৰ জালত পৰা নাছিল৷ দুর্নীতিৰ বিৰুদ্ধে চৰকাৰখনে গ্রহণ কৰা কঠোৰ স্থিতিৰ বাবেই দুর্নীতিত লিপ্ত বিষয়াসকল হাতে–লোটে ধৰা পৰি ৰঙাঘৰত সোমাইছে৷ কিন্তু চৰকাৰৰ এনে কঠোৰ স্থিতি সত্ত্বেও আমাৰ প্রশাসনীয় ব্যৱস্থাত যে দুর্নীতি–অনিয়মৰ বজাৰখন চলি আছে, সেয়া শেহতীয়াকৈ গ্রেপ্তাৰ হোৱা ঘোচখোৰ বিষয়া–কর্মচাৰীসকলে পুনৰ উদঙাই দিছে৷ এয়া নিশ্চিতভাৱে চৰকাৰখনৰ বাবেই নহয়, ৰাজ্যখনৰ প্রতিজন বিবেকৱান লোকৰ বাবে দুশ্চিন্তাৰ কাৰক৷
প্রশাসনীয় স্তৰত চলি থকা দুর্নীতি আৰু অনিয়মৰ বজাৰখন সম্পূর্ণৰূপে নির্মূল নহ’লে চৰকাৰে যিমানেই কল্যাণকামী আঁচনি গ্রহণ নকৰক কিয়, তাৰ সুফল সর্বসাধাৰণ ৰাইজে লাভ নকৰে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ অভিযানকাৰী দলৰ জালত পৰিছে ধুবুৰী জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী আৰু উক্ত কার্যালয়টোৰ কর্মচাৰী মৃণালকান্তি সৰকাৰ৷ বিশ্বজিৎ গোস্বামী এগৰাকী অসম প্রশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া৷ ঘোচখোৰ বিষয়াজনে কার্যালয়টোত কমিছনৰ বেহাৰ জৰিয়তে কোটি কোটি টকা সৰকোৱাৰ তথ্য ওলাইছে৷ বিষয়াজনে অভিযুক্ত কর্মচাৰী মৃণালকান্তি সৰকাৰৰ জৰিয়তে চৰকাৰী আঁচনিসমূহৰ ৯ শতাংশৰ পৰা ২০ শতাংশলৈ ঘোচ লোৱাৰ তথ্যও পোহৰলৈ আহিছে ৷ তদাৰকী আৰু দুর্নীতি নিবাৰকৰ দলে বিষয়াজনৰ কোকৰাঝাৰ, বঙাইগাঁও, অভয়াপুৰী আদিৰ বাসভৱনত অভিযান চলাই নগদ ২.৩ কোটি টকা জব্দ কৰাৰ লগতে ১১ স্থানত বহু কোটিটকীয়া অট্টালিকা আৰু ভূমি ক্রয়ৰ নথি–পত্র উদ্ধাৰ কৰিছে৷ কেইবা কোটি টকা বিনিয়োগৰ তথ্যও তদন্তকাৰী সংস্থাটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ গ্রামোন্নয়ন আঁচনিসমূহ ৰূপায়ণত জিলা পৰিষদে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে ৷ এই আঁচনিসমূহ সফলতাৰে ৰূপায়ণৰ ওপৰত নির্ভৰ কৰে গ্রামাঞ্চলত বসবাস কৰা লোকসকলৰ জীৱনৰ মান ৷ গ্রাম্য অর্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ ক্ষেত্রতো জিলা পৰিষদসমূহে গ্রামাঞ্চলৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্রত অগ্রণী ভূমিকা গ্রহণ কৰিব পাৰে ৷ কিন্তু ধুবুৰী জিলা পৰিষদৰ প্রশাসনীয় মুৰব্বী পদত ৰাজ্য চৰকাৰে নিয়োজিত কৰা বিশ্বজিৎ গোস্বামী এনে এজন ঘোচখোৰ বিষয়া, যিজনে গ্রামাঞ্চলৰ পথ, কালভার্ট আদিৰ কথা বাদেই, শ্মশান, কবৰস্থান, ধর্মীয় স্থান আদিৰ উন্নয়নৰ বাবে গ্রহণ কৰা আঁচনিৰ বিপৰীতে কমিছন আদায় কৰিছিল ৷ এনে দুর্নীতিগ্রস্ত বিষয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে যিমানেই কল্যাণকামী আঁচনি গ্রহণ নকৰক কিয়, তাৰ ইতিবাচক ফলাফল গ্রামাঞ্চলৰ ৰাইজে কেতিয়াও লাভ নকৰে৷ মাথোঁ ধুবুৰী জিলা পৰিষদতে নহয়, ৰাজ্যখনৰ অন্যান্য জিলা পৰিষদতো হয়তো বিশ্বজিৎ গোস্বামীৰ দৰে ঘোচখোৰ বিষয়া আছে৷ এনে ঘোচখোৰ বিষয়াসকলক ৰাজ্য চৰকাৰে তৎকালেই চাকৰিৰ পৰা বর্খাস্ত কৰাৰ লগতে চাকৰি জীৱনৰ সময়ছোৱাত আহৰণ কৰা আয়বহির্ভূত সম্পত্তিসমূহ শীঘ্রে বাজেয়াপ্ত কৰি ৰাজহুৱা নিলামৰ ব্যৱস্থা কৰা উচিত ৷ দুর্নীতিৰ বিৰুদ্ধে চৰকাৰখনে চলাই থকা অভিযান আৰু অধিক শক্তিশালী কৰা উচিত৷ এইক্ষেত্রত দুর্নীতি নিবাৰক আৰু তদাৰকী বিভাগত অতিৰিক্ত নিষ্ঠাৱান বিষয়া–কর্মচাৰী নিয়োগ কৰিব লাগে ৷ ৰাজ্য চৰকাৰখনে দুর্নীতি নিবাৰণৰ ক্ষেত্রত গ্রহণ কৰা কঠোৰ অভিযানৰ বাবেই বিশ্বজিৎ গোস্বামীৰ দৰে কমিছনখোৰ বিষয়া ধৰা পৰিছে ৷ যদিহে দুর্নীতিৰ বিৰুদ্ধে এনে বিশেষ অভিযান আৰম্ভ নহ’লহেঁতেন, ৰাজ্যৰ প্রশাসনীয় স্তৰত দুর্নীতিৰ দৈত্যটোৰ ৰাজত্ব কি পর্যায় পালেহেঁতেন, সেয়া সহজে অনুমেয়৷