নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ আদৰণীয় পদক্ষেপ

ভূ–মাফিয়া ৷ দুর্বলজনৰ বাবে শব্দটো এটা ভয়াৱহ দুঃস্বপ্ন ৷ ই এটা অভিশাপতকৈ কোনোগুণে কম নহয়৷ তাতে যদি ভূ–মাফিয়াৰ সৈতে চৰকাৰ আৰু প্রশাসনযন্ত্রৰ প্রভাৱশালী আৰু ক্ষমতাশালী অংশ একাকাৰ হৈ পৰে, সাধাৰণ মানুহৰ বাবে ভূ–মাফিয়া এটা অপ্রতিৰোধ্য অপশক্তিত পৰিণত হৈ পৰে৷ কেৱল ভুক্তভোগীয়েহে সেই কথা অনুভৱ কৰিব পাৰে৷ যিজন ব্যক্তি অথবা যিটো পৰিয়ালে ভূ–মাফিয়াৰ দৌৰাত্ম্যৰ বলি হৈ নিজৰ মাটিডোখৰ হেৰুৱায় আৰু সেই অপচেষ্টাটোক প্রতিহত কৰিবলৈ যাওঁতে যেতিয়া বৰ অসহায়ভাৱে প্রত্যক্ষ কৰিবলগীয়া হয় যে ভূ–মাফিয়া নামৰ অপশক্তিটোৰ সৈতে ৰাজনৈতিকভাৱে প্রভাৱশালী লোক, প্রশাসনৰ ক্ষমতাশালী লোক, অধিবক্তা সমাজৰ কোনো অংশ আদিৰে এনে এটা বৃহৎ নেটৱর্ক সংপৃক্ত হৈ আছে, সেইজন মানুহ অথবা পৰিয়ালটোৱে অনুভৱ কৰিব পাৰে যে ভূ–মাফিয়া নামৰ অপশক্তিটো দুঃস্বপ্নতকৈও গভীৰ দুঃস্বপ্ন ৷ সকলো সাধাৰণ লোকৰ বাবে চক্রটোৰ সৈতে মোকাবিলা কৰাটো সহজ হৈ নাথাকে৷ প্রশাসন, আৰক্ষী আনকি আদালতৰ দুৱাৰমুখলৈ গৈও তেওঁলোকে বাহিনীটোৰ সবল উপস্থিতি অনুভৱ কৰিবলগীয়া হয়৷ নিজৰ হেৰুওৱা ভূমিখিনি ওভতাই পাবলৈ গৈ শাৰীৰিকভাৱে লাঞ্ছনাৰ সন্মুখীন হ’বলগীয়া হয়৷ তদুপৰি বিভিন্ন ধৰণৰ ভাবুকিৰ সন্মুখীন হৈ এটা সময়ত ৰণক্ষেত্রৰ পৰা ছত্রভংগ  দিবলগীয়া হয়৷ অৱশ্যে ইয়াৰ অর্থটো এনেও নহয় যে অসমৰ সর্বত্র ছবিখন এনে হতাশজনক অথবা অৰাজকতাৰ নহয়৷ কিন্তু ভূ–মাফিয়া বাহিনী নামৰ বেপৰোৱা আৰু ক্ষমতাশালী চক্রৰ জালখন এইখন ৰাজ্যত দীৰ্ঘদিন ধৰি সক্রিয় হৈ আছে৷ অপশক্তিটোৱে বাহুবল, প্রশাসনিক শক্তি, ৰাজনৈতিকভাৱে প্রভাৱশালী লোকৰ ক্ষমতা দেখুৱাই আৰু তাক ব্যৱহাৰ (?) কৰি মানুহৰ ভূমি বেদখল কৰি আহিছে৷ নামজাৰি কৰি অথবা কৰোৱাই তাত আইনী অধিকাৰ প্রতিষ্ঠা কৰি আহিছে৷ শেহতীয়াকৈ গুৱাহাটীত তেনে এটা চক্রৰ কেইবাটাও নৰাধম আৰক্ষীৰ হাতত গ্রেপ্তাৰ হৈছে৷ অপশক্তিটোৰ সৈতে ভূ–মাফিয়াৰ পৰা অধিবক্তালৈকে ভিন্ন ক্ষেত্রৰ লোক জড়িত হৈ আছে৷ তেওঁলোকে ভূমিৰ আচল গৰাকীজনৰ অজ্ঞাতে জালিয়াতিৰে নামজাৰি, বিক্রী আদি কৰি বঞ্চনা আৰু ক’লা বেহাৰ এখন বেলেগ জগত পৰিচালনা কৰি আহিছে৷
অপশক্তিটোৰ ভয়ানক জালিয়াতিৰ কামবোৰ পোহৰলৈ অহাৰ পিছত আইনী প্রক্রিয়াৰ সমান্তৰালকৈ বিষয়টোত চৰকাৰৰো নিদ্রাভংগ হোৱাটো জৰুৰী আছিল৷ সুখৰ কথা যে কেইজনমান অপৰাধী অথবা অভিযুক্তক গ্রেপ্তাৰ কৰা আইনী ব্যৱস্থাটোৰ মাজতে নিজকে সীমাবদ্ধ নাৰাখি ৰাজ্য চৰকাৰে ভূ–মাফিয়া, মাটিৰ দালাল চক্র সকলোকে সমূলঞ্চে উৎখাত কৰিবলৈ দৃঢ় পদক্ষেপ গ্রহণ কৰিছে৷ ৰাজ্যখনৰ পৰা ভূ–মাফিয়া, দালাল, জালিয়াতি চক্র নামৰ অভিশাপটোক চিৰদিনলৈ নাইকিয়া কৰা হ’ব বুলি ঘোষণা কৰা হৈছে৷ চৰকাৰ, আইন–আদালত, প্রশাসনযন্ত্র এটাৰ বৰ্তমানত একপ্রকাৰ সমান্তৰাল শাসন চলাই অহা এনে অপশক্তিৰ বিৰুদ্ধে চৰকাৰে কেতিয়াবাই ব্যৱস্থা গ্রহণ কৰিব লাগিছিল৷ দুৰ্বল অসহায় মানুহৰ হুমুনিয়াহ, বেদনালৈ কেতিয়াবাই কর্ণপাত কৰিব লাগিছিল৷ কিন্তু অপশক্তিটোৰ শিপাডাল কেনেবাকৈ দিছপুৰলৈকে প্রসাৰিত হৈ থকাত আজিলৈকে কোনো এখন চৰকাৰে বিষয়টোত যথোচিত গুৰুত্ব নিদিয়া বুলি ধৰি লোৱা হৈছিল৷ ৬ ডিচেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন সংবাদ মেল অনুষ্ঠিত কৰি কৰা ঘোষণাই বিষয়টোত নতুন প্রভাত আনিব বুলি আশা কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ কথাত এটা কথা স্পষ্ট হৈ পৰিছে– আগলৈ অসমত এনে অপশক্তিক সক্রিয় হৈ থাকিবলৈ দিয়া নহ’ব ৷ কঠোৰভাৱে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব ৷ তদুপৰি অপশক্তিটোৰ হাতত পৰি নিজৰ মাটি হেৰুওৱা আনকি জালিয়াতিৰ মেৰপাকত পৰি আদালততো হাৰি যোৱা লোকক ভূমি ওভতাই দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি চৰকাৰে দাবী কৰিছে৷ ১০–১৫ বছৰ পূৰ্বৰ ক্ষতিগ্রস্ত লোককো ভূমিৰ অধিকাৰ ঘূৰাই দিয়া হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছে৷ এয়া চৰকাৰখনৰ দৃঢ় সংকল্পৰ প্রকাশ৷ অসমত পূৰ্বতে কোনো এখন চৰকাৰে এনে দায়বদ্ধতাৰ প্রকাশ দেখুওৱা নাছিল৷ চৰকাৰৰ এনে ধৰণৰ পদক্ষেপে জনসাধাৰণৰ মাজত আশাৰ সঞ্চাৰ কৰে৷ চৰকাৰখনক জনসাধাৰণৰ কাষলৈ লৈ যায়৷ এতিয়া প্রত্যাশা মাথোঁ চৰকাৰী ঘোষণাৰ বাস্তৱ প্রতিফলনলৈ ৷ ইয়ে বহু অসহায় মানুহৰ হুমুনিয়াহৰ পৰা অসমখনক মুক্তি দিব ৷

You might also like