নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ খঁক, বিৰোধীৰ খং

নির্বাচন নাথাকিলে বা নাহিলে অসমত বিৰোধী ঐক্য গঠন হয় আৰু নির্বাচন আহিলে বা ঘোষণা হ’লে থানবান হয় সেই ঐক্যমঞ্চ৷ শেহতীয়াকৈ ৰাজ্যখনত সম্পন্ন ৫টা বিধানসভা সমষ্টিৰ উপ–নির্বাচনক ইয়াৰ উজ্জ্বল নিদর্শন বুলি ক’লে একো বঢ়াই কোৱা নহয় বুলি ক’ব পাৰি৷ উপ–নির্বাচনৰ সময়সূচী ঘোষণাৰ পূর্বলৈকে বিৰোধী শিবিৰৰ মুখে মুখে বিৰোধী ঐক্যৰ কথা আখৈ ফুটা দি ফুটিছিল৷ মানুহৰ মাজত এনে এটা ধাৰণা বিয়পাই দিয়াৰ প্রয়াস চলিছিল যে এইবাৰ শেনৰ এজাত৷ বিৰোধী এখন মঞ্চত সমৱেত হৈছে, এইবাৰ শাসক পক্ষৰ নিস্তাৰ নাই৷ সকলোৱে টালি–টোপোলা বান্ধিব লাগিব৷ ৰাজনীতিত এনেধৰণৰ স্বপ্ণবিলাস আচৰিত অথবা অস্বাভাৱিক নহয়৷ কিন্তু তাৰ এটা ভেটিও থাকিব লাগে৷ অর্থাৎ বাস্তৱিকতে বিৰোধী ঐক্য গঠন হ’লেহে সেই স্বপ্ণবিলাসৰ যুক্তি এটা বিচাৰি পোৱা যায়৷ হওঁতে ৰাজ্যখনত বিৰোধী ঐক্যমঞ্চৰ এটা নামো আছে৷ কিন্তু নির্বাচন আহিলে মঞ্চখন একপ্রকাৰ অপ্রাসংগিক হৈ পৰে৷ মঞ্চৰ প্রধান শক্তিটো নিজেই আঁতৰি যায়৷ অথচ নির্বাচন নথকা সময়ত সেই শক্তিটোৱেই বিৰোধী ঐক্যৰ প্রধান হোতা হৈ থাকে৷ প্রধান যুক্তিটো আন নহয়, ভাৰতীয় জাতীয় কংগ্রেছ৷ দলটোৱে কিছু বছৰ পূর্বলৈকে একেৰাহে ১৫ বছৰ অসম শাসন কৰিছিল৷ অকল সেয়াই নহয়, স্বৰাজোত্তৰ অসমৰ সিংহভাগ সময় দলটোৱে অসম শাসন কৰাৰ ইতিহাস আছে৷ কিন্তু এয়া ইতিহাসহে৷ এইটোৱেহ বিৰোধী ঐক্যৰ বাবে কাল হৈ দেখা দিলে৷ কিয়নো সাম্প্রতিক সময়ত কংগ্রেছৰ নির্বাচনী সাফল্য শোকাৱহ৷ দলটোৰ নির্বাচনী বিপর্যয়ৰ ধাৰাটো আৰম্ভ হৈছিল ২০১৪ চনত অনুষ্ঠিত লোকসভা নির্বাচনৰ পৰা৷ ধাৰাটো সদ্যসমাপ্ত উপ–নির্বাচনলৈ অব্যাহত থাকে৷ কিন্তু এই বাস্তৱক দলটোৰ নেতৃত্বই হজম কৰিব পৰা নাই৷ পৰা নাই বাবেই বাৰে বাৰে বিৰোধী ঐক্যত ফাট মেলে৷ শাসক পক্ষৰ শিপা উভালিবলৈ গৈ নিজৰে শিপাডাল মাটিৰ পৰা বিচ্ছিন্ন হৈ পৰে৷ ভালদৰে পর্যবেক্ষণ কৰিলে দেখা যায়, অসমত বিৰোধী ঐক্য প্রভাৱশালী হৈ নপৰাৰ মূল খলনায়কজন হৈছে কংগ্রেছ নিজেই৷ বাস্তৱৰ পৰা শিক্ষাগ্রহণ কৰিবলৈ নাৰাজ কংগ্রেছ নেতৃত্ব আজিও অতীতৰ অহংকাৰৰ ঘোঁৰাটোৰ পিঠিৰ পৰা নমাৰ মানসিকতা গঢ়িব নোৱাৰিলে৷ ইয়াৰ কুফল বিৰোধী ঐক্যই ভুগিবলগীয়া হৈছে৷ অৱশ্যে ইয়াৰ অর্থ এইটোও নহয় যে বিৰোধী একত্র হ’লেই অসমত শাসক পক্ষ ধৰাশায়ী হৈ পৰিব, বাস্তৱ সেইটোও নহয়৷ সদ্যসমাপ্ত উপ–নির্বাচনত বিৰোধী ঐক্য (অসম) আৰু কংগ্রেছে সুকীয়া সুকীয়াকৈ বিহালী সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছিল৷ কিন্তু দুয়োগৰাকী প্রার্থীয়ে লাভ কৰা ভোটো বিজেপিৰ বিজয়ী প্রার্থীগৰাকীক পৰাভূত কৰিবলৈ যথেষ্ট নহ’ল৷ বাকী চাৰিটা সমষ্টিত মুকলিকৈ নহ’লেও বিৰোধী শিবিৰৰ সমর্থন কংগ্রেছৰ পক্ষতে আছিল৷ কিন্তু কোনো এটা সমষ্টিত বিজিত প্রার্থীজনে প্রত্যাহ্বান জনাব নোৱাৰিলে৷ অন্য অর্থত শোচনীয় পৰাজয় ঘটিল৷
শেহতীয়াকৈ ৭ ডিচেম্বৰত গুৱাহাটীত বিৰোধী ঐক্যৰ বৈঠক এখন অনুষ্ঠিত হয়৷ বৈঠকখনত কংগ্রেছৰ প্রতিনিধি উপস্থিত নাছিল৷ দৰাচলতে বৈঠকখনলৈ কংগ্রেছক আমন্ত্রণ জনোৱা হোৱাই নাছিল৷ এইটো কেইবাটাও দিশৰ পৰা তাৎপর্যপূর্ণ৷ এটা কথা স্পষ্ট যে আজিৰ তাৰিখত অসমত কংগ্রেছক বাদ দি প্রভাৱশালী বিৰোধী ঐক্যমঞ্চৰ কথা কল্পনা কৰিবই নোৱাৰি৷ ৭ ডিচেম্বৰত আয়োজিত বৈঠকখনত ভাগ লোৱা প্রতিটো দলৰ নেতৃত্বই এই বাস্তৱ সত্যটোক ভালদৰে হৃদয়ংগম কৰিবও পাৰে৷ বৈঠকখনত কংগ্রেছক লৈ হোৱা আলোচনা আৰু সিদ্ধান্তই এই কথাকেই প্রতিপন্ন কৰে৷ কিন্তু আচল তাৎপর্যপূর্ণ কথাটো হৈছে বৈঠকখন আছিল কংগ্রেছৰ মিত্রদলৰ প্রতি চূডান্ত অশ্রদ্ধা আৰু মিত্রতাৰ ৰাজনীতিক কৰা অসন্মানৰ একপ্রকাৰৰ প্রতিবাদ৷ ক্ষোভৰ বহিঃপ্রকাশ৷ বাস্তৱ যিয়েই নহওক, অসমত কংগ্রেছক বাদ দিওঁ বিৰোধী পক্ষই বিৰোধী ঐক্যৰ কথা ভাবিব পাৰে, ক্ষমতালৈ উভতি অহাৰ কংগ্রেছৰ স্বপ্ণটোৰ কফিনত গজালো মাৰিব পাৰে, বৈঠকখন তাৰেই প্রতিফলন৷ বৈঠকখন অনুষ্ঠিত হৈছিল সদ্যসমাপ্ত উপ–নির্বাচনৰ পর্যালোচনা কৰিবলৈ৷ কংগ্রেছবিহীন বিৰোধীৰ বাবে উপ–নির্বাচনৰ ফলাফলৰ পর্যালোচনা এক কথাত অর্থহীন আছিল৷ কিয়নো বিহালীৰ বাহিৰে কোনো এটা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্রত্যক্ষভাৱে প্রার্থী নাছিল৷ ঐক্যমঞ্চৰ পৰা কংগ্রেছে নিজেই ফালৰি কাটি গুচি গৈছিল৷ ইয়াৰ বিপৰীতে কেউটা সমষ্টিত কংগ্রেছৰ প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছিল৷ অর্থাৎ উপ–নির্বাচনটোত জয়–পৰাজয়ক লৈ বাকী বিৰোধী দলৰ মাজত বিশেষ পর্যালোচনাৰ বৰ বিশেষ অৱকাশ নাছিল৷ বিষয় এটাই আছিল কংগ্রেছৰ ক্ষমাহীন প্রতাৰণা৷ সঁচা অর্থত বৈঠকখনত মূলতঃ সেই বিষয়টোকেই লৈ দলকেহটাৰ মাজত আলোচনা হোৱা বুলি সংবাদ মাধ্যমত চর্চা হয়৷ সকলোৰে মুখত এটাই কথা আছিল, কংগ্রেছে মর্যাদা সহকাৰে স্থান দিলেহে বা আঁকোৱালি ল’লেহে বিৰোধী ঐক্য সম্ভৱপৰ৷ অকল সেয়াই নহয়, বিৰোধী ঐক্যমঞ্চত ভাগ ল’বলৈ কংগ্রেছক ওলোটাকৈ আহ্বান জনোৱা হয়৷ তেওঁলোকৰ যুক্তি, কংগ্রেছে নিজেই মিত্রজোঁটৰ পৰা আঁতৰি গৈছে৷ গতিকে পুনৰ অংশীদাৰ হ’ব বিচাৰিলে নিজেই উভতি আহিব লাগিব৷ প্রস্তাৱটো কংগ্রেছৰ বাবে অস্বস্তিকৰ হ’লেও দলটোৰ নেতৃত্বৰ অহংকাৰ, অশ্রদ্ধা আৰু অৱজ্ঞাৰ মনোভাবক সঠিকভাৱে উত্তৰ দিবলৈ এইটোৱেই বাকী দলকেইটাৰ পন্থা আছিল৷ এইক্ষেত্রত এখোজ আগুৱাই গৈ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধাসনসভা নির্বাচনত বিৰোধী ঐক্যমঞ্চৰ কোনটো দলে কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰে, সেইটো এতিয়াই থিৰাং কৰিব লাগে বুলি কয়৷ ইয়াৰো কাৰণ এটা আছে৷ নির্বাচন আহিলেই কংগ্রেছ নেতৃত্বই মিত্রতাৰ কথা পাহৰি গৈ তোমাৰ ভোট মোৰ সিংহাসন নীতিলৈ উভতি যায়৷ এই ক্ষমতাৰ খঁকৰ বাবে দলটোৰ নেতৃত্বই যে অংশীদাৰ দলৰ আস্থা আৰু বিশ্বাস হেৰুৱাই পেলাইছে, এইটো তাৰেই প্রমাণ৷ মুঠৰ ওপৰত ক’ব পাৰি যে নির্বাচন আহিলে মিত্রতাৰ ধর্ম এৰি প্রতাৰণাৰ আশ্রয় লোৱা কংগ্রেছক এইবাৰ সুযোগ নিদিয়াৰ দৃঢ় স্থিতি গ্রহণ কৰিছে বিৰোধী ঐক্যমঞ্চৰ আন অংশীদাৰ দলে৷

You might also like