নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অর্থনীতিৰ আশা–নিৰাশা

সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত দেশৰ অর্থনৈতিক বিকাশ বা মুঠ ঘৰুৱা উৎপাদনৰ উৎসাহজনক ছবিখন প্রতিফলিত নহয়৷ আশ্চর্যজনক হ’লেও যি কাৰণতেই নহওক এই কথা সঁচা৷ সম্ভৱতঃ ইয়াৰ বাবেই অর্থনৈতিক বিকাশৰ তথ্যসমূহ সাধাৰণ নাগৰিকে খুব গুৰুত্বসহকাৰে নলয়৷ অর্থনীতিৰ দিশৰ পৰা মুঠ ঘৰুৱা উৎপাদনৰ হিচাপ–নিকাচসমূহ অত্যন্ত গুৰুত্বপূর্ণ যদিও সাধাৰণ জনতাৰ দৈনন্দিন জীৱনত বিকাশৰ ঊর্ধ্বমুখী গ্রাফৰ প্রভাৱ পৰিলক্ষিত হ’বলৈ দীঘলীয়া সময়ৰ প্রয়োজন হয়৷ উদাহৰণ স্বৰূপে ক’ৰোনা ভাইৰাছ আৰু লকডাউনসৃষ্ট পৰিস্থিতিৰ ফলত দেশৰ বজাৰত অস্বাভাৱিক পতন পৰিলক্ষিত হৈছিল আৰু ইয়াৰ প্রভাৱ এতিয়াও অব্যাহত আছে৷ ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ বাবে দেশৰ অর্থনৈতিক বিকাশৰ হাৰ –৭.৭ শতাংশলৈ সংকুচিত হৈছে বুলি চৰকাৰী তথ্যত প্রকাশ পাইছে৷ এনে পৰিস্থিতিত অত্যাৱশ্যকীয় সামগ্রীৰ দাম বৃদ্ধি পোৱাটো স্বাভাৱিক৷ ইয়াৰ বিপৰীতে ২০২০–২১ বর্ষৰ অন্তিম ত্রৈমাসিকৰ পৰা অর্থনীতিৰ পুনৰুত্থান ঘটাৰ তথ্যও চৰকাৰে প্রকাশ কৰিছে৷ তৎসত্ত্বেও এই পুনৰুত্থানৰ প্রভাৱ বজাৰত পৰিলক্ষিত হোৱা নাই৷ অত্যাৱশ্যকীয় সামগ্রীৰ দাম বৃদ্ধি পায়েই আছে৷ লকডাউনৰ সময়ত বিভিন্ন সামগ্রীৰ যি দাম আছিল সেয়া আজিৰ দিনত আৰু বেছি বৃদ্ধি পাইছে৷ মানুহৰ দৈনন্দিন জীৱনত বিশেষকৈ দৰিদ্র শ্রেণীটোৰ ওপৰত ইয়াৰ পোনপটীয়া প্রভাৱ পৰিছে৷ তেওঁলোকৰ বাবে এই সময়খিনিত এই কথা গুৰুত্বপূর্ণ নহয় যে ২০২১–২২ বিত্তীয় বর্ষৰ শেষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ১১ শতাংশ হ’ব বুলি বিত্ত মন্ত্রালয়ে অর্থনৈতিক সমীক্ষাত প্রকাশ কৰিছে৷ আইএমএফে এই হাৰ নির্ধাৰণ কৰিছে ১১.৫ শতাংশ৷ নিশ্চিতভাৱে অর্থনৈতিক দৃষ্টিকোণৰ পৰা এয়া এক উৎসাহজনক খবৰ৷ কিন্তু বজাৰত যেতিয়ালৈকে ইয়াৰ প্রভাৱ সুস্পষ্ট নহয়, তেতিয়ালৈকে সাধাৰণ জনতাৰ বাবে এই খবৰ উৎসাহজনক বুলি ভাবিব নোৱাৰি৷ তদুপৰি এটা কথা স্পষ্ট যে বিকাশৰ হাৰ উন্নত হ’লেই যে সামগ্রীৰ দাম কমিব সেই কথাও ক’ব নোৱাৰি৷ অর্থাৎ, এই দুটা বিষয় ইটোৰ সৈতে সিটো পৰিপূৰক নহয়৷
তথাপি চৰকাৰে অর্থনৈতিক বিকাশৰ হাৰ দ্রুতগতিত বৃদ্ধি কৰাৰ বাবে পদক্ষেপ হাতত লৈছিল আৰু শেহতীয়াকৈ ইয়াৰ উৎসাহজনক ফলো পৰিলক্ষিত হৈছে চৰকাৰী তথ্যসমূহত৷ ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্রেক্ষিতত বিশ্বৰ অধিকাংশ প্রধান অর্থনীতিতে বিৰূপ প্রভাৱ পৰিছে৷ প্রধান অর্থনীতিসমূহৰ ভিতৰত একমাত্র চীনতহে বিকাশৰ হাৰ ধনাত্মক আছিল ২০২০ বর্ষৰ শেষত৷ আমেৰিকাৰ বিকাশৰ হাৰ –৪.২৭ শতাংশ আৰু জার্মানীৰ বিকাশৰ হাৰ –৫.৪ শতাংশলৈ হ্রাস পাইছে৷ এই দুয়োখন দেশৰে অর্থনৈতিক বিকাশৰ হাৰ ২০২১–২২ বিত্তীয় বর্ষৰ অন্তত ক্রমে ৪–৫ শতাংশলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে৷ ইয়াৰ বিপৰীতে ভাৰতৰ বিকাশৰ হাৰ হ’বগৈ ১১ শতাংশ৷ ভাৰতীয় অর্থনীতিৰ বাবে এয়াও আন এক আশাৰ বতৰা৷ কিন্তু ঊর্ধ্বমুখী বিকাশৰ লাভসমূহ ১৩০ কোটি জনতাৰ মাজত সমবিতৰণ হ’ব নে নাই সেইটোহে আটাইতকৈ ডাঙৰ কথা৷ বিকাশৰ হাৰৰ সমগ্র জনতাৰ মাজত সমবিতৰণ নিশ্চিত কৰিব পৰাকৈ চৰকাৰী আঁচনিসমূহ সমৃদ্ধ হ’ব পাৰিব লাগিব৷ অন্যথা অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্যই নিৰাশাৰ মাজলৈ ঠেলি দিয়া দেশবাসীৰ বাবে অর্থনৈতিক বিকাশৰ হাৰৰ সঘন প্রকাশিত তথ্যসমূহ কেৱল হিচাপ–নিকাচৰ সাধাৰণ সংখ্যাতে সীমাবদ্ধ হৈ থাকিব৷

You might also like