নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় গড়তকৈ অধিক অসমৰ বিকাশৰ হাৰঃ ২০১৯–২০ত বাজেটৰ ৬% ৰূপায়ণ

৬৬,৩৩০ টকাৰ পৰা জনমূৰি আয় বৃদ্ধি পালে ৯০,৬৯২ টকালৈ

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ আগন্তুক ২০২১–২২ বিত্তীয় বর্ষৰ ১ এপ্রিলৰ পৰা ৩০ ছেপ্টেম্বৰ– এই ছমাহৰ বাবে লেখানুদান দাখিল কৰি শুকুৰবাৰে বিধানসভাৰ মজিয়াত দেশ আৰু ৰাজ্যৰ সমষ্টিবাদী অর্থনীতি সম্পর্কীয় কেতবোৰ গুৰুত্বপূর্ণ তথ্য দাঙি ধৰে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নিজ ভাষণত বিত্তমন্ত্রী ড০ শর্মাই কয়– ‘অতি আনন্দৰে মই জনাব খুজিছোঁ যে আমাৰ ৰাজ্যখনত এনে এক সুস্থিৰ বিকাশৰ হাৰ পৰিলক্ষিত হৈছে, যিটো ৰাষ্ট্রীয় বিকাশৰ গড়তকৈ অধিক৷ ২০১৬–১৭ বিত্তীয় বর্ষতকৈ ২০১৯–২০ বিত্তীয় বর্ষৰ সময়ছোৱাত আমাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জি ডি পি) বৃদ্ধিৰ হাৰ আছিল ৭.৭১ শতাংশ৷ এই বৃদ্ধি হৈছিল স্থিৰ মূল্যত ২,০২,০৮০.৮৫ কোটি টকাৰ পৰা ২,৪৮,৭৯৬.১৫ কোটি টকালৈ৷ সেই সময়ছোৱাত বার্ষিক ৰাষ্ট্রীয় বিকাশৰ হাৰ আছিল ৬.১১ শতাংশ৷ স্থিৰ মূল্যত মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ ১২.৭ শতাংশ বার্ষিক বিকাশেৰে ২০১৬–১৭ বিত্তীয় বর্ষৰ ২,৫৪,৩৮২.৩৬ কোটি টকাৰ পৰা ২০১৯–২০ বিত্তীয় বর্ষত ৩,৫১,৩১৭.৭৭ কোটি টকালৈ বৃদ্ধি পাইছে৷ এই সময়ছোৱাত সর্বভাৰতীয় বিকাশৰ হাৰ আছিল ১০.৭২ শতাংশ৷ ৰাজ্যখনৰ জনমূৰি আয় ২০১৬–১৭ বিত্তীয় বর্ষৰ ৬৬,৩৩০ টকাৰ পৰা ২০১৯–২০ বিত্তীয় বর্ষত ৯০,৬৯২ টকালৈ বৃদ্ধি পাইছিল৷’ ৰাজ্যখনৰ সমষ্টিবাদী অর্থনীতিৰ সুস্থিৰতা আৰু চৰকাৰী ব্যয়ৰ জৰিয়তে অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ প্রয়োজনীয়তাৰ কথা মনত ৰাখি বর্তমানৰ ৰাজ্য চৰকাৰখনে বিত্তীয় সু–ব্যৱস্থাপনাৰ ক্ষেত্রত পদক্ষেপ হাতত লোৱা বুলি তেওঁ মন্তব্য কৰে৷ বিত্তমন্ত্রী ড০ শর্মাৰ মতে ইয়াৰ ফলস্বৰূপে বিগত ৫ বছৰত বিত্তীয় আৰু ৰাজহ ঘাটি ৰোধ কৰিব পৰা গৈছে৷ কঠোৰ বিত্তীয় ব্যৱস্থাপনা সত্ত্বেও ৰাজ্য চৰকাৰে বাজেট ধার্য ব্যয়ৰ পৰিমাণ ২০১৬–১৭ বিত্তীয় বর্ষত ৮৩,০১৭ কোটি টকা ২০১৭–১৮ বিত্তীয় বর্ষত ৯৯,৪৫৩ কোটি টকা ২০১৮–১৯ বিত্তীয় বর্ষত ১,০৮,৪৯০ কোটি টকা ২০১৯–২০ বিত্তীয় বর্ষত ১,১৯,৭২০ কোটি টকা আৰু ২০২০–২১ বিত্তীয় বর্ষত ১,২২,৩৪১ কোটি টকালৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ এই প্রসংগত তেওঁ পুনৰ কয়– ‘আমাৰ চৰকাৰৰ ৫ বছৰীয়া কার্যকালত বাজেট সম্পর্কীয় ব্যয় ৪৭.৩৭ শতাংশলৈ বৃদ্ধি পাইছে৷ ই হৈছে অর্থনৈতিক উন্নয়নৰ দিশত আমাৰ চৰকাৰে হাতত লোৱা কার্যকৰী আৰু কঠোৰ পদক্ষেপৰ ফল৷’

এই তথ্যৰ পৰা ৰাজ্যখনৰ অর্থনৈতিক বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্রত চৰকাৰৰ দায়বদ্ধতাকে প্রতিফলিত কৰে বুলি উল্লেখ কৰি বিত্তমন্ত্রী ড০ শর্মাৰ সদনত ভাষ্য– ‘অসমে নিজৰ সম্ভাৱনাক বাস্তৱলৈ পৰিৱর্তন কৰিব লাগিব আৰু নিজকে এখন উন্নত ৰাজ্য ৰূপে গঢ়ি তুলিবলৈ দৃঢ় পদক্ষেপ ল’ব লাগিব৷ এখন সুজলা–সুফলা শস্য–শ্যামলা অসমৰ কথা কৈ বহু দশক পাৰ হ’ল৷ কিন্তু তেনে এখন অসমৰ অনিৰুদ্ধ যাত্রাৰ পথ আমি এতিয়াহে দেখিবলৈ পাইছোঁ৷ আমাৰ চৰকাৰে কেৱল বাজেটৰ আকাৰ বর্ধন কৰিয়েই ক্ষান্ত থকা নাই, বৰং বাজেট ৰূপায়ণতো গুৰুত্ব দিছে৷ ২০১৯–২০ বিত্তীয় বর্ষত প্রস্তাৱিত বাজেটৰ প্রায় ৬৮ শতাংশ ৰূপায়ণ হোৱাটো পূর্বৰ বর্ষবোৰৰ তুলনাত এক উল্লেখযোগ্য প্রাপ্তি৷ প্রকৃত বাজেট ব্যয়ৰ ক্ষেত্রত ২০১৫–১৬ বিত্তীয় বর্ষৰ ৪১,৯৩১.৩২ কোটি টকাৰ বিপৰীতে ২০১৯–২০ বিত্তীয় বর্ষত এই ব্যয় প্রায় দুগুণ বৃদ্ধি হৈ ৮১,০৮৮ কোটি হয়গৈ৷’ ৰাজহুৱা পুঁজি ব্যৱহাৰৰ প্রমাণ–পত্র নিশ্চিতকৰণত চৰকাৰে দিয়া গুৰুত্বৰ বিষয়েও তেওঁ উল্লেখ কৰে৷

বিত্তমন্ত্রী ড০ শর্মাই দিয়া তথ্য অনুসৰি সাম্প্রতিক সময়ত পোনপ্রথমবাৰৰ বাবে ২০১৬–১৭ বিত্তীয় বর্ষত মুঠ ১,৮৬৩টা পুঁজি ব্যয়ৰ ভিতৰত ১,৮৩৯খন ব্যৱহাৰিক প্রমাণ–পত্র মহাগাণনিকৰ ওচৰত দাখিল কৰা হৈছে৷ এয়া হ’ল মুঠ পুঁজি ব্যয়ৰ ৯৮.৭১ শতাংশ৷ সেইদৰে ২০১৭–১৮ বিত্তীয় বর্ষত মুঠ ২,২৬৭টা পুঁজি ব্যয়ৰ বিপৰীতে মহাগাণনিকৰ ওচৰত ২,০৩১খন ব্যৱহাৰিক প্রমাণ–পত্র দাখিল কৰা হৈছে৷ যি মুঠ পুঁজি ব্যয়ৰ প্রায় ৯০ শতাংশ৷ ব্যয় গাঁথনিৰ ক্ষেত্রতো নাটকীয় পৰিৱর্তন অহাৰ দাবী কৰি তেওঁ কয়– ‘ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থা সম্পর্কত ২০১৮–১৯ বিত্তীয় বর্ষৰ মহাগাণনিকৰ প্রতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে চাৰি বছৰত আমাৰ মূলধনী ব্যয়ৰ পৰিমাণ ২০১৬–১৭ বিত্তীয় বর্ষৰ ৬,০০১ কোটি টকাৰ পৰা দুগুণলৈ বৃদ্ধি হৈ ২০১৯–২০ বিত্তীয় বর্ষত ১৩,৫০১ কোটি টকা হৈছে৷’ ৰাজহ আৰু পুঁজিৰ অন্যান্য উৎস সন্দর্ভত এক সম্যক ধাৰণাও তেওঁ সদনৰ মজিয়াত দাঙি ধৰে৷ এই প্রসংগত বিত্তমন্ত্রী ড০ শর্মাই কয়–‘পঞ্চদশ বিত্তীয় বর্ষৰ চূড়ান্ত প্রতিবেদনত ২০২১–২২ বিত্তীয় বর্ষৰ বাবে অসমলৈ কেন্দ্রীয় কৰৰ অংশ হিচাপে ২০,৬০১ কোটি টকা অনুমোদন জনোৱা হৈছে৷ এই অনুমোদনত মাজুলীৰ সীমামূৰীয়া পথ তথা মথাউৰি নির্মাণৰ বাবে ১,০৭৫ কোটি টকা আৰু কামাখ্যা মন্দিৰৰ সামগ্রিক বিকাশৰ হকে ৩০০ কোটি টকাৰ অনুদান ধার্য কৰা হৈছে৷ তদুপৰি এই বিত্তীয় বর্ষটোৰ বাজেটত কেন্দ্রীয় বিত্তমন্ত্রীয়ে ৰাজ্যসমূহলৈ প্রদান কৰা ৰাজহ ঘাটি অনুদানৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰিছে৷ ফলত আমাৰ বিত্তীয় অৱস্থা বহুখিনি উন্নীত হ’ব৷ ইয়াৰ লগতে কেন্দ্রীয় বাজেটত আমাৰ ৰাজ্যখনৰ বাবে ১,৩০০ কিলোমিটাৰ দৈর্ঘ্যৰ অতিৰিক্ত ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ বাবে আবণ্টন দিয়া হৈছে ৩৪,০০০ কোটি টকা৷ তদুপৰি অসম আৰু পশ্চিমবংগৰ চাহ শ্রমিকসকলৰ কল্যাণৰ অর্থে ১ হাজাৰ কোটি টকাৰ আবণ্টন দিয়া হৈছে৷’ এই প্রসংগতে তেওঁ বিগত ৫ বছৰত কেন্দ্রীয় পৃষ্ঠপোষকতাৰ আঁচনি আৰু বহিঃসাহায্যপ্রাপ্ত প্রকল্পৰ অনুদান বৃদ্ধিৰ জৰিয়তে অধিক বিত্তীয় সহায়তা বৃদ্ধিৰ প্রয়াস কৰি অহা বুলিও মন্তব্য কৰে৷

বিত্তমন্ত্রী ড০ শর্মাই পুনৰ কয়– ‘কেন্দ্রীয় পৃষ্ঠপোষকতাৰ আঁচনিৰ অধীনত ২০১৬–১৭ বিত্তীয় বর্ষত ভাৰত চৰকাৰৰ পৰা আমি ১০,৪৪৪.০৭ কোটি টকা লাভ কৰিছোঁ আৰু ২০১৯–২০ বিত্তীয় বর্ষত এই পৰিমাণ ১৬,১০১.৫৪ কোটি টকালৈ বৃদ্ধি পাইছে৷ যিটোৱে আমাৰ ব্যয়ৰ সমল বৃদ্ধিৰ ক্ষেত্রত যথেষ্ট সহায় কৰিছে৷ এই সময়ছোৱাত বহিঃসাহায্যপ্রাপ্ত প্রকল্পৰ অধীনত আমি লাভ কৰা অনুদানৰ পৰিমাণ ২০১৬–১৭ বিত্তীয় বর্ষৰ ৫১৬.২১ কোটি টকাৰ পৰা ২০১৯–২০ বিত্তীয় বর্ষত ১,৬০৬.০৮ কোটি টকালৈ বৃদ্ধি পাইছে৷’ বিত্তমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, বহিঃসাহায্যপ্রাপ্ত প্রকল্পৰ অধীনত পুঁজি আহৰণ কৰা প্রকল্পসমূহৰ ভিতৰত কেইটামান হৈছে অসম নগৰীয়া আন্তঃগাঁথনি বিনিয়োগ প্রকল্প, অসম কৃষি বাণিজ্য আৰু গ্রাম্য ৰূপান্তৰণ প্রকল্প, অসম ৰাজ্যিক পথ প্রকল্প আৰু এন ডি বিৰ দ্বাৰা বিনিয়োগকৃত অসম সেতু প্রকল্প৷ ইফালে সম্পদ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে হাতত লোৱা ঐকান্তিক প্রচেষ্টাৰ ফলস্বৰূপে অসমৰ মূল ৰাজহ আহৰণকাৰী বিভাগসমূহে ইতিবাচক ফল দেখুৱাবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰি তেওঁ কয়– ‘মুঠ ৰাজহপ্রাপ্তিৰ প্রায় ২৬ শতাংশই হ’ল ৰাজ্যখনে নিজে উপার্জন কৰা ৰাজহ৷ ২০১৯–২০ বিত্তীয় বর্ষত অসমৰ নিজা কৰ ৰাজহৰ পৰিমাণ ১৬,৫২৯ কোটি টকালৈ বৃদ্ধি পাইছে৷ আমাৰ কৰ ৰাজহৰ পৰিমাণ সুস্থিৰভাৱে বৃদ্ধি হৈ ২০১৬–১৭ বর্ষৰ ১২,০৭৯.৫৬ কোটি টকাৰ পৰা ২০১৯–২০ বিত্তীয় বর্ষত ১৬,৫২৮.৬৯ কোটি টকা হৈছেগৈ৷ এই সময়ছোৱাত কৰ ৰাজহৰ মুঠ বার্ষিক বিকাশৰ হাৰ হৈছে ৮.১৬ শতাংশ৷ কৰ ৰাজহৰ উপৰি মূলতঃ ভাৰত চৰকাৰৰ পৰা বকেয়াৰ ৰয়েল্টী লাভ কৰাৰ ফলত ৰাজ্যখনৰ অনা–কৰ ৰাজহৰ পৰিমাণো বৃদ্ধি পাইছে৷ তেল কোম্পানীসমূহৰ পৰা অসমে পাবলগীয়া খাৰুৱা তেলৰ বকেয়া ৰয়েল্টী সম্পর্কত আমাৰ চৰকাৰ নিৰন্তৰভাৱে সচেষ্ট হৈ থকাৰ ফলত ২০১৬–১৭ বিত্তীয় বর্ষৰ পৰা ২০১৯–২০ বিত্তীয় বর্ষলৈ আমি প্রায় ৭,৭৫৬ কোটি টকা ৰয়েল্টী পাবলৈ সক্ষম হৈছোঁ৷ সেইদৰে ১৪ শতাংশ বিকাশৰ হাৰত অসমে কেন্দ্রীয় জি এছ টি অংশৰ পৰা বুজন পৰিমাণৰ ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হৈছে৷’
ষষ্ঠ অনুসূচীৰ এলেকালৈ বিশেষ অনুদানঃ জনজাতি
সম্প্রদায়লৈও স্বীকৃতি–নুদানঃ চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে বহু পদক্ষেপ
২০১৮–১৯ বর্ষত ষষ্ঠ অনুসূচীৰ এলেকালৈ তিনি বছৰৰ বাবে মুঠ এহাজাৰ কোটি টকাৰ বিশেষ অনুদান আগবঢ়াবলৈ দিয়া প্রতিশ্রুতি অনুসৰি কার্বি আংলং স্বায়ত্ত পৰিষদলৈ ১৬০ কোটি টকা আৰু উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদলৈ ৮৬ কোটি টকা মোকলাই দিয়া হৈছে বুলি আজি লেখানুদান ভাষণত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰে৷ বি টি আৰ চুক্তি প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে বড়ো চুক্তি ৰূপায়ণৰ ক্ষেত্রত উচ্চ অগ্রাধিকাৰ প্রদান কৰিছে৷ চৰকাৰে এতিয়া নতুনকৈ গঠন হোৱা বিটিচি পৰিষদৰ পৰা এই দিশত নিশ্চিত প্রস্তাৱৰ বাবে অপেক্ষা কৰি আছে৷ সেইদৰে মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্ত পৰিষদ আইন আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদ আইন প্রণয়ন কৰাৰ বিষয়ে উল্লেখ কৰি কয় যে চৰকাৰে মৰাণ, মটক, চুতীয়া আৰু আহোম সম্প্রদায়ৰ ঐতিহাসিক কীর্তিচিহ্ণসমূহ সংৰক্ষণৰ বাবে প্রত্যেক সম্প্রদায়লৈ ১২৫ কোটি টকাকৈ মুঠ ৫০০ কোটি টকাৰ বিশেষ পেকেজ আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্রহণৰ বিষয়েও সদৰী কৰি জনগোষ্ঠীটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক উত্তীর্ণ ছাত্র–ছাত্রীলৈ চাইমন সিং হোৰো জলপানি আঁচনিৰ অধীনত এতিয়ালৈ ২,০১৫গৰাকী ছাত্র–ছাত্রীক ১০ হাজাৰ টকাকৈ এককালীন সাহায্য, শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ অধীনত জনগোষ্ঠীটোৰ ১১,০৯০গৰাকী নিবনুৱাক ২৫ হাজাৰ টকাকৈ এককালীন মঞ্জুৰি, ১১,৮৫৮গৰাকী লাইন চর্দাৰলৈ স্মার্ট ফোন প্রদান, বাগানৰ লাইন শ্রমিকৰ ৮৯৬ কিলোমিটাৰ দৈর্ঘ্যৰ পেভাৰ ব্লক ৰোড নির্মাণৰ কাম হাতত লৈছে৷

ইয়াৰে ৬২৫ কিলোমিটাৰ নির্মাণ সম্পূর্ণ হৈছে৷ ব্যয়সাধ্য পৰিপুষ্টি আৰু পুষ্টি সাহায্য যোজনাৰ অধীনত এতিয়ালৈ ৭৬৭.৯৮ কোটি টকা ৰাজসাহায্যৰে ৫৮,৮৫,২৮৯টা পৰিয়াল উপকৃত হৈছে৷ বাগানৰ গর্ভৱতী মহিলাক ১২ হাজাৰ টকাৰ এককালীন সাহায্য দিয়া হৈছে৷ এই আঁচনিৰ পৰা ৪৭,৫২০গৰাকী গর্ভৱতী মহিলা উপকৃত হৈছে৷ ইয়াৰ বাবে চৰকাৰৰ ৩২.৭৪ কোটি টকা ব্যয় হৈছে৷ সেইদৰে চাহ বাগিচা ধন পুৰস্কাৰ যোজনাৰে চাহ শ্রমিকসকলক বেংকিং ব্যৱস্থাৰ প্রতি আগ্রহী কৰাৰ বিষয়ে সদৰী কৰে৷ চাহ শ্রমিকসকলে খোলা ৭.৩ লাখ বেংক একাউণ্ট যাতে নিষ্ক্রিয় হৈ নাযায়, তাৰ বাবেই এই আঁচনিৰ জৰিয়তে প্রত্যক্ষ লাভালাভ হস্তান্তৰৰ বাবে চৰকাৰে অসম চাহ বাগিচা ধন পুৰস্কাৰ যোজনা প্রৱর্তন কৰে৷ ২,৫০০ টকাকৈ দুটা পর্যায়ত ৩৮২.৪১ কোটি টকা চৰকাৰে মোকলাই দিয়ে৷ প্রায় ৭.৫ লাখ হিতাধিকাৰীয়ে একাউণ্টত সেই টকা লাভ কৰিছে৷ তৃতীয় পর্যায়ত প্রতিগৰাকী হিতাধিকাৰীলৈ মুঠ ২৩১.১৪ কোটি টকা হস্তান্তৰ কৰা হৈছে৷ এই আঁচনিয়ে কেৱল বিত্তীয় অন্তর্ভুক্তিৰে সহায় কৰাই নহয়, বৰঞ্চ প্রধানমন্ত্রী জীৱনজ্যোতি বীমা যোজনা আৰু প্রধানমন্ত্রী সুৰক্ষা বীমা যোজনাৰ দৰে আঁচনিসমূহে বাগিচাৰ বনুৱাসকলক সামাজিক নিৰাপত্তা প্রদান কৰিবলৈ সক্ষম হৈছে৷

You might also like