নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰত ভয়াৱহভাৱে মানৱ অধিকাৰ উলংঘন

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ এক অভ্যুত্থানৰ জৰিয়তে ম্যানমাৰৰ গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰখনক উৎখাত কৰি সেনাই ক্ষমতা দখল কৰাৰ পাছৰে পৰা দেশখনত পাইকাৰী হাৰত উলংঘন হৈছে মানৱ অধিকাৰ৷ সামৰিক শাসকে গণতান্ত্রিকভাৱে প্রতিবাদ সাব্যস্ত কৰা জনসাধাৰণৰ বিৰুদ্ধে গ্রহণ কৰিছে অমানৱীয় নীতি৷ দেশখনৰ তিনি শতাধিক সাংসদে এই ভয়াৱহ মানৱ অধিকাৰ উলংঘনৰ ঘটনা সন্দর্ভত তদন্ত কৰিবলৈ আহ্বান জনাইছে বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘক৷ জেনেভাস্থিত ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ পৰিষদলৈ ইতিমধ্যে দেশখনৰ সাংসদসকলে প্রেৰণ কৰিছে এক পত্র৷ এই পত্রত উল্লেখ কৰা হৈছে ম্যানমাৰৰ নিৰাপত্তা বাহিনীয়ে অভ্যুত্থানবিৰোধী প্রতিবাদী জনতাৰ ওপৰত নির্বিচাৰভাৱে গুলীচালনা কৰিছে৷

ইয়াৰ পূর্বে ম্যানমাৰত থকা ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ কূটনীতিকগৰাকীয়েও উল্লেখ কৰিছে যে দেশখনৰ নিৰাপত্তা বাহিনীয়ে প্রতিবাদী জনতাৰ বিৰুদ্ধে সক্রিয় গুলী ব্যৱহাৰ কৰিছে৷ লক্ষণীয়ভাৱে সামৰিক শাসকে জনতাৰ প্রতিবাদ নিষিদ্ধ কৰিছে যদিও আজি এই নিষেধাজ্ঞা উলংঘা কৰি দেশখনৰ ৰাজধানী নেইপিটাও আৰু বৃহত্তম মহানগৰ য়াংগুনত হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছে বিক্ষোভ৷ এই বিক্ষোভত ছ্যু কীকে ধৰি বন্দী ৰাজনৈতিক নেতাসকলৰ মুক্তি দাবী কৰিছে জনসাধাৰণে৷

You might also like