ধন–সুৰাত মগন নির্বাচন
সাধাৰণ নির্বাচনৰ ভোটগ্রহণ পর্বৰ সমাপ্তিলৈ আৰু অধিক দিন নাই৷ আজি দেশৰ ৬খন ৰাজ্য আৰু দুটা কেন্দ্রীয়শাসিত অঞ্চলৰ ৪৯টা লোকসভা সমষ্টিত ভোটগ্রহণ৷ ইয়াৰ পিছত আৰু দুটা পর্যায়ৰ নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ ৪ জুনত ভোটগণনা৷ ইতিমধ্যে সম্পন্ন কেউটা পর্যায়ৰ ভোটগ্রহণত দেশখনৰ কেইবাগৰাকী গুৰুত্বপূর্ণ ৰাজনৈতিক নেতাৰ ভাগ্য বৈদ্যুতিন ভোটগ্রহণ মেচিনত বন্দী হৈছে৷ আজিৰ পর্বটোতো জনসাধাৰণৰ আদালতৰ কাঠগৰাত আছে কংগ্রেছৰ প্রাক্তন অধ্যক্ষ ৰাহুল গান্ধী, কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীকে ধৰি দেশৰ ৰাজনীতিত সর্বপৰিচিত কেইবাটাও নাম৷ তেওঁলোকৰ বাবে লোকসভাৰ দুৱাৰ মুকলি হ’ব নে নাই, প্রশ্ণটোৰ উত্তৰৰ বাবে ৪ জুনলৈ অপেক্ষা কৰিব লাগিব৷ এইবেলিৰ লোকসভা নির্বাচনটো কেইটামান বিশেষ কাৰণত স্মৰণীয় হৈ থাকিব৷ তুলনামূলকভাৱে নির্বাচন হিংসামুক্ত পৰিৱেশত অনুষ্ঠিত হৈ আছে৷ ইয়াৰ সৰল অর্থটো হৈছে ভোটাৰে মুকলি পৰিৱেশত কোনো ধৰণৰ চাপৰ সন্মুখীন নোহোৱাকৈ নির্ভয়ে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ গণতন্ত্রৰ বাবে ইয়াতকৈ সুখ আৰু আশাৰ খবৰ দ্বিতীয়টো হ’ব নোৱাৰে৷ ভোটাধিকাৰ সাব্যস্তকৰণত ভোটাৰে ভয়হীন–চাপমুক্ত, মুকলিমূৰীয়া পৰিৱেশ পাবই লাগিব৷ অন্যথা ইয়াতকৈ উপহাসৰ কথাও দ্বিতীয়টো নাথাকিব৷ কিন্তু উদ্বেগ আৰু উপহাসৰ খবৰ এটাও আছে৷ এতিয়ালৈকে নির্বাচনটো তুলনামূলকভাৱে হিংসামুক্ত পৰিৱেশত সম্পন্ন হৈছে যদিও ভোটদাতাৰ মত ক্রয় তথা নিজৰ পক্ষলৈ অনাৰ অপপ্রয়াস পূর্ণোদ্যমে চলিছে৷ নির্বাচন আয়োগৰ তথ্যতে এই হতাশাজনক ছবিখন প্রতিফলিত হৈছে৷ উল্লেখৰ নিষ্প্রয়োজন যে দেশত সাধাৰণ নির্বাচন অনুষ্ঠিতকৰণৰ দায়িত্বত নিয়োজিত নির্বাচন আয়োগৰ প্রধান দায়িত্ব এটা হৈছে নির্বাচনটো নিৰপেক্ষ, স্বচ্ছ আৰু নিকা হ’ব লাগিব৷ ইয়াৰ বাবে আয়োগে প্রশাসনৰ যিটো অংশ অথবা অংগৰ সহায় বিচাৰে সেয়া লাভ কৰে৷ আয়োগৰ নিজা আৰক্ষী বাহিনী নাথাকে৷ কিন্তু নির্বাচনৰ বেলিকা আয়োগ ইয়াৰ অভাৱত নপৰে৷ তাৰে সহায়ত আয়োগে নির্বাচনত অবৈধ ধনৰ প্রবাহ, সুৰা তথা নিচাযুক্ত সামগ্রীৰ অবৈধ সৰবৰাহ, অবৈধ মাৰণাস্ত্রৰ ব্যৱহাৰ বন্ধ আদি কৰে৷ ধন, সুৰা, ড্রাগ্ছ, মাৰণাস্ত্র এইবোৰ ভোটাৰক প্রভাৱিত কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ সেয়ে নির্বাচনৰ সময়ত সেইবোৰৰ প্রবাহ মাত্রাধিক পৰমাণে বাঢ়ে৷ আয়োগৰ সতর্ক দৃষ্টি তথা কঠোৰ ব্যৱস্থাত সেইবোৰ জব্দও হয়৷ এতিয়ালৈকে সম্পন্ন চাৰিটা পর্যায়ৰ নির্বাচনত অভিলেখ পৰমাণত তেনে সামগ্রী জব্দ হৈছে৷ ইয়াৰ পৰা বুজা যায় যে মুখত শুদ্ধ–বিশুদ্ধ গণতন্ত্রৰ কথা ক’লেও একাংশ ৰাজনৈতিক দল আৰু প্রার্থীয়ে ভোটাৰক প্রলোভিত কৰিবলৈ অথবা ভাবুকিৰে ভোট আদায় কৰিবলৈ অপচেষ্টা চলাই আছে৷ তেওঁলোকক যেনে–তেনে ক্ষমতা লাগে৷
নির্বাচন আয়োগৰ তথ্যই কৈছে- ইতিমধ্যে সম্পন্ন চাৰিটা পর্যায়ৰ নির্বাচনত অর্থাৎ নির্বাচনী অধিসূচনা জাৰি হোৱাৰে পৰা বিগত দুমাহত সমগ্র দেশত জব্দ হৈছে প্রায় ৯ হাজাৰ কোটি টকাৰ নগদ ধন, সুৰা, ড্রাগ্ছ, মূল্যৱান ধাতু আৰু উপহাৰৰ সামগ্রী৷ সকলোখিনি ভোটাৰৰ হাতত পৰাৰ পূর্বেই জব্দ হয়৷ নির্বাচন আয়োগৰ কঠোৰ সতর্কতামূলক ব্যৱস্থা সৰকি ওলাই যোৱা ধন, সুৰা, ড্রাগ্ছ আদিৰ পৰিমাণটোও যে একেবাৰে সাধাৰণ নহ’ব, কথাটোও অনুমান কৰোটো বৰ বিশেষ কঠিন নহয়৷ আৰু এটা লক্ষণীয় দিশ হৈছে ইতিমধ্যে জব্দ হোৱা নগদ ধন তথা বিভিন্ন সামগ্রীৰ দামে ২০১৯ চনত অনুষ্ঠিত সাধাৰণ নির্বাচনত জব্দ হোৱা ভিন্ন সামগ্রীৰ মূল্যক ক’ৰবাতে এৰি থৈ গৈছে৷ সপ্তম পর্যায়লৈকে নির্বাচনলৈ আৰু তিনিটা পর্যায় বাকী আছে৷ তেতিয়ালৈকে অভিলেখটোৱে কেনে উচ্চতা লাভ কৰে, তাক মাথোঁ অনুমানহে কৰিব পৰা যায়৷ নির্বাচন আয়োগে এই সন্দর্ভত ১৮ মে’ত তথ্য এটা সদৰী কৰিছিল৷ সেই অনুসৰি, বিগত প্রায় দুমাহত প্রায় ৮,৮৮৯ কোটি টকাৰ নগদ ধন, ড্রাগ্ছ, সুৰা আদি জব্দ হৈছে৷ তাৰে ৪৫ শতাংশই নিচাজাতীয় তথা ড্রাগ্ছ৷ লগতে আছে ২৩ শতাংশ উপহাৰৰ সামগ্রী আৰু ১৪ শতাংশ মূল্যৱান ধাতু৷ এই সময়ছোৱাত এজেঞ্চীসমূহে ৮৪৯ কোটি টকা নগদ ধনৰ ৰূপত জব্দ কৰিছে৷ অকল সেয়াই নহয়, ভোটাৰক প্রলোভিত কৰাৰ এপাট প্রধান অস্ত্র সুৰাও জব্দ হয় বুজন পৰিমাণৰ৷ জব্দ হৈছে প্রায় ৫.৪ কোটি লিটাৰ সুৰা৷ বজাৰ দামৰ জোখত পৰিমাণটো ৮১৫ কোটি টকা৷ আনহাতে, এই সময়ছোৱাত জব্দ হোৱা সামগ্রীৰ মূল্যমানৰ আধাৰলৈ লক্ষ্য কৰিলে তালিকাখনৰ শীর্ষত আছে গুজৰাট৷ দেশৰ অন্যতম বিকশিত ৰাজ্যখনত ভোটাৰক প্রলোভিত তথা ভাবুকিৰে সমর্থন আদায় কৰাৰ ক্ষেত্রত ৰাজনৈতিক দল, প্রার্থী আৰু অনুগতসকল সবাৰো ওপৰত আছে৷ গুজৰাটত নগদ ধনসহ বিভিন্ন সামগ্রী জব্দ হৈছে ১,৪৬২ কোটি টকাৰ৷ সুৰাৰ ক্ষেত্রত দেশৰ ভিতৰতে এক নম্বৰত থকা ৰাজ্যখনকো ভাৰতবর্ষৰ উন্নত ৰাজ্যৰ শীর্ষৰ এখন হিচাপে গণ্য কৰা হয়৷ ৰাজ্যখন মহাৰাষ্ট্র৷ দেশৰ আর্থিক প্রাণস্বৰূপ ৰাজ্যখনত জব্দ হৈছে প্রায় ১.৫ কোটি লিটাৰ সুৰা৷ নগদ ধন জব্দ হোৱা ৰাজ্যসমূহৰ মাজত শীর্ষস্থান লাভ কৰা ৰাজ্যখনৰ নাম হৈছে তেলেংগানা৷ দক্ষিণৰ অগ্রণী ৰাজ্যখনত নির্বাচনী অধিসূচনা জাৰিৰ পৰা বিগত প্রায় দুমাহত জব্দ হোৱা নগদ ধনৰ পৰিমাণ ১১৪ কোটি টকা৷ ৰাজস্থান, দিল্লী, পঞ্জাব, উত্তৰপ্রদেশ আদি ৰাজ্যও পিছপৰি থকা নাই৷ ৰাজ্যকেইখনতে লোকসভাৰ সিংহভাগ আসন আছে৷ তাৰে পৰা অধিক আসন লাভ কৰা মানেই চৰকাৰ গঠনত প্রধান খোজকেইটা পেলোৱা৷ কিন্তু নির্বাচনৰ সময়ত নগদ ধন, সুৰা, ড্রাগ্ছ, উপহাৰ আদিৰ জব্দই যদি অনাকাংক্ষিত অভিলেখ ৰচে, তেন্তে বুজিব লাগিব বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্রখনত গণতন্ত্রৰ মহোৎসৱটোৰ সকলো কথা ঠিকে–ঠাকে থকা নাই৷