জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা
সম্প্রতি জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা মানৱ জাতিৰ বাবে অস্তিত্বৰ সংকট হৈ পৰিছে৷ বিজ্ঞানীসকলে জলবায়ু পৰিৱর্তনৰ বাবে পৃথিৱীৰ ওপৰত পৰিবলগীয়া নেতিবাচক প্রভাৱৰ বিষয়ে বাৰম্বাৰ সকীয়নি দিয়াৰ পিছতো বিশ্বৰ দেশসমূহে জলবায়ু পৰিৱর্তনৰ মূল কাৰকসমূহ নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত পদক্ষেপ ল’বলৈ হোঁহকা–পিছলা কৰি আছে ৷ মানৱসৃষ্ট কাৰকৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধিয়েই জলবায়ু পৰিৱর্তনৰ অন্যতম মূল কাৰণ হিচাপে পৰিগণিত হৈছে ৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মানৱসৃষ্ট কাৰকৰ ভিতৰত সেউজগৃহ গেছ নির্গমন৷ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ লগতে প্রকৃতিৰ ওপৰত মানুহৰ ধ্বংসলীলা উন্নয়নৰ নামত দ্রুতগতিত চলি থকাৰ বাবে বায়ুমণ্ডলত কার্বন–ডাই–অক্সাইডকে ধৰি বিভিন্ন প্রদূষিত গেছৰ মাত্রা বৃদ্ধি পাইছে৷ এনে কাৰণতেই গোলকীয় উষ্ণতা বৃদ্ধি হৈছে আৰু জলবায়ু পৰিৱর্তনৰ ভয়াৱহতাও বর্ধিত হৈছে৷ জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱ বহুতো দিশত পৰিছে যদিও প্রধানতঃ চাৰিটাই মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ উঠিছে৷ পৃথিৱীৰ গড় তাপমাত্রা সামান্য বৃদ্ধি পালেই গোলকীয় উষ্ণতাৰ ক্ষেত্রত বিৰাট প্রভেদ আহি পৰে৷ প্রতিদিনে তাপমাত্রাৰ ভাৰসাম্যহীনতাই উষ্ণতাৰ পর্যায়ক বৃদ্ধি কৰে আৰু ই অতি তীব্র ৰূপ ধাৰণ কৰে ৷ মানৱসৃষ্ট কাৰণৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলশ্রুতিত জলবায়ু পৰিৱর্তনৰ ফলত পৃথিৱীৰ প্রান্তে প্রান্তে গ্রীষ্ম প্রবাহৰ মাত্রা বৃদ্ধি পাইছে আৰু এই গ্রীষ্ম প্রবাহৰ কাল বৃদ্ধি হৈছে৷ ইউৰোপৰ বিভিন্ন দেশত গ্রীষ্ম প্রবাহে মানুহৰ স্বাভাৱিক জীৱন ব্যাহত কৰি তুলিছে৷ জলবায়ু পৰিৱর্তনৰ বাবে স্পেইন, পর্তুগাল আৰু আফ্রিকাৰ উত্তৰ–পশ্চিম অঞ্চলত এপ্রিল মাহত অভিলেখ ভংগকাৰী গ্রীষ্ম প্রবাহে দহন কৰিছে৷ ৱর্ল্ড ৱেডাৰ এট্রিবিউচন নেটৱর্ক চমুকৈ ডব্লিউ ডব্লিউ এৰ তথ্য অনুসৰি জলবায়ু পৰিৱর্তনৰ বাবে স্পেইন, পর্তুগাল আৰু আফ্রিকাৰ উত্তৰ–পশ্চিম অঞ্চলত তাপমাত্রাৰ ক্ষেত্রত ১০০ গুণ হীনদেঢ়ি ঘটিছে৷ চলিত বর্ষৰ জুলাই মাহত ইউৰোপৰ বিভিন্ন অঞ্চল, আমেৰিকাৰ দক্ষিণ–পশ্চিম অঞ্চল আৰু চীনৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রবাহে পূর্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ এই গ্রীষ্ম প্রবাহৰ কাৰণো জলবায়ু পৰিৱর্তনৰ নেতিবাচক দিশ বুলি বিজ্ঞানীসকলে মত ব্যক্ত কৰিছে৷
জলবায়ু পৰিৱর্তনৰ বাবে গ্রীষ্ম প্রবাহে পৃথিৱীৰ বিভিন্ন প্রান্তত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ খৰাং আৰু অনাবৃষ্টিয়েও হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ জলবায়ু পৰিৱর্তনৰ বাবে খৰাঙৰ কাল দীঘলীয়া হৈ পৰিছে৷ খৰাং দীঘলীয়া হোৱা মানেই ভূমি শুকাই যোৱা কিম্বা ভূমি বিনষ্ট হোৱা৷ ইয়ে পৰৱর্তী সময়ত অধিক গ্রীষ্ম প্রবাহৰ কাৰণ হৈ উঠে৷ খৰাঙৰ বাবে পূব আফ্রিকাৰ বিভিন্ন অঞ্চলত ২০ নিযুততকৈ অধিক লোকৰ খাদ্যৰ নাটনিৰ বাবে জীৱনৰ প্রতি শংকা নামি আহিছে৷ জলবায়ু পৰিৱর্তনে এনে খৰাং ১০০ গুণ বৃদ্ধি কৰিছে৷ আনপিনে, বিশ্বৰ বিভিন্ন প্রান্তত স্বাভাৱিকভাৱে বনজুইৰ ঘটনা সংঘটিত হৈ আহিছে যদিও শেহতীয়াভাৱে জলবায়ু পৰিৱর্তনৰ বাবে বনজুইৰ মাত্রা অকল্পনীয় হাৰত বৃদ্ধি পাইছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ পশ্চিম প্রান্তত বনজুইৰ মাত্রা দ্রুতগতিত বর্ধিত হৈছে৷ এই বনজুই জলবায়ু পৰিৱর্তনৰ বাবে সংঘটিত হোৱা বুলি বিজ্ঞানীসকলে দাবী কৰিছে৷ চিলি, কানাডাৰ এলবার্টা, অষ্ট্রেলিয়াকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ স্বাভাৱিক বনজুইৰ মাত্রা বৃদ্ধি হৈ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বিজ্ঞানীসকলৰ মতে এই বনজুই জলবায়ু পৰিৱর্তনৰ বাবে সংঘটিত হৈছে৷ তেনেদৰে জলবায়ু পৰিৱর্তনৰ আন এক ভয়াৱহতা হৈছে অতিমাত্রা বৰষুণ৷ বিজ্ঞানীসকলৰ মতে, জলবায়ু পৰিৱর্তনৰ বাবে পৃথিৱীৰ পাৰিপার্শ্বিকতা, পৰিস্থিতি তন্ত্রৰ ভাৰসাম্য হেৰুৱাইছে৷ ইয়াৰ ফলত অতি শীতল অঞ্চলত শীতৰ মাত্রা আৰু অধিক হৈছে৷ কেতিয়াবা এই শীতল অঞ্চলত অস্বাভাৱিকভাৱে গৰম পৰিছে৷ গ্রীষ্ম অঞ্চল অধিক গ্রীষ্ম হৈ পৰিছে৷ কেতিয়াবা অস্বাভাৱিকভাৱে এই গ্রীষ্ম অঞ্চলত শীতৰ প্রকোপ বাঢ়িছে৷ বৰষুণ নোহোৱা অঞ্চলত বৰষুণ হ’বলৈ ধৰিছে৷ স্বাভাৱিক বৃষ্টিপাত হোৱা অঞ্চলত আকস্মিকভাৱে বৰষুণৰ মাত্রা বৃদ্ধি পাইছে ৷ মুঠৰ ওপৰত জলবায়ু পৰিৱর্তনে প্রকৃতিৰ স্বাভাৱিক বৈশিষ্ট্যৰ ওপৰত আঘাত হানিছে ৷ বিজ্ঞানীসকলে ইতিমধ্যে বিশ্বৰ দেশসমূহক সকীয়নি দিছে যে গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্রণৰ ক্ষেত্রত সঠিক–পৰিকল্পিত পদক্ষেপ গ্রহণেৰে মানৱ জাতিয়ে ইতিবাচক চিন্তা নকৰিলে পৃথিৱীৰ অস্তিত্বৰ প্রতি ভাবুকি অহাটো নিশ্চিত ৷ কিয়নো, গোলকীয় উষ্ণতা বৃদ্ধি জলবায়ু পৰিৱর্তনৰ কাৰক হৈ পৰিছে৷ আমি বাস কৰা পৃথিৱীত ই প্রাকৃতিক দুর্যোগৰ মাত্রা বৃদ্ধি কৰিব আৰু ইয়ে মানৱ জাতিৰ বাবে সংকট নমাই আনিব ৷