গোলকীয় উষ্ণতা -ৰ ভয়াৱহতা
গোলকীয় উষ্ণতা -ৰ ভয়াৱহতা
গোলকীয় উষ্ণতা বৃদ্ধিয়ে জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা আৰু ইয়াৰ ফলত পৃথিৱীত পৰিবলগীয়া কু–প্রভাৱে উদ্বিগ্ণতাৰ সৃষ্টি কৰিছে৷ শেহতীয়া অধ্যয়নত প্রকাশ পোৱা মতে, গোলকীয় উষ্ণতা প্রাকঔদ্যোগিক পর্যায়তকৈ ১.৪ ডিগ্রী চেলছিয়াছ তাপমাত্রা বৃদ্ধি পাইছে৷ ই অতিকে ভয়াৱহ হৈ উঠিব পাৰে মানৱ জাতিৰ বাবে৷ এইদৰে চলি থাকিলে পৰৱর্তী ৫ বছৰত গোলকীয় উষ্ণতাই অনেক পূর্বৰ অভিলেখ ভংগ কৰিব৷ যি হ’ব পৃথিৱীৰ অস্তিত্বৰ প্রতি প্রবল ভাবুকি৷ বিশ্ব বতৰ বিজ্ঞান সংস্থাই প্রকাশ কৰা মতে, গোলকীয় উষ্ণতা প্রতিবছৰে বৃদ্ধি হৈ থাকিব, ইয়ে পূর্বৰ অভিলেখ ভংগৰ ক্ষেত্রত ৮০ শতাংশ সম্ভাৱনা থাকিব৷ ইয়াৰ পৰিপ্রেক্ষিতত অতিবৃষ্টি, অতি খৰাং, ভয়াৱহ বান, বনজুইকে ধৰি প্রাকৃতিক দুর্যোগে পৃথিৱীক ত্রাহি মধুমূদন দেখুৱাব৷ আনহাতে, ভাৰততো এইবেলি তাপমাত্রা বৃদ্ধি পাব, প্রচণ্ড গ্রীষ্মপ্রবাহে দেশবাসীক হাহাকাৰ পৰিৱেশৰ সন্মুখীন কৰাব৷ ঠিক তেনেদৰে শীতপ্রবাহো পূর্বতকৈ অধিক হ’ব৷ অস্বাভাৱিক জলবায়ু পৰিৱর্তনে এই শংকা ঘনীভূত কৰিছে৷ স্বাভাৱিক তাপমাত্রাতকৈ অধিক তাপমাত্রা হ’লেই তাপ প্রৱাহৰ সৃষ্টি হয়৷
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কোনো এটা অঞ্চলৰ তাপমাত্রা যদি ৪০ ডিগ্রী চেলছিয়াছ অতিক্রম কৰে তেতিয়াহ’লে অঞ্চলটো তাপ প্রৱাহৰ কবলত পৰা বুলি ধৰা হয়৷ সমতলৰ অঞ্চলত ৪০ ডিগ্রী চেলছিয়াছ অতিক্রম কৰাৰ বিপৰীতে পাহাৰীয়া অঞ্চলত অতি কমেও ৩০ ডিগ্রী চেলছিয়াছ কিম্বা তাতকৈ অধিক উষ্ণতা লিপিবদ্ধ হ’লে অঞ্চলটোত তাপ প্রৱাহ চলা বুলি ঘোষণা কৰা হয়৷ স্বাভাৱিক তাপমাত্রাতকৈ ৪.৫ ডিগ্রী চেলছিয়াছৰ পৰা ৬.৪ ডিগ্রী চেলছিয়াছ বৃদ্ধি হ’লে তাপ প্রৱাহ আৰু ৬.৪ ডিগ্রী চেলছিয়াছতকৈ বৃদ্ধি হ’লে চৰম তাপ প্রৱাহ বুলি ধৰা হয়৷ আনপিনে, মূল তাপমাত্রাৰ পৰা ৪৫ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিলে কিছু অঞ্চলত তাপ প্রৱাহ আৰু ৪৭ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিলে চৰম তাপ প্রৱাহ বুলি কোৱা হয়৷ আনহাতে, উপকূলীয় অঞ্চলত স্বাভাৱিকতকৈ ৪.৫ ডিগ্রী চেলছিয়াছ বৃদ্ধি পালে তথা স্বাভাৱিক তাপমাত্রাতকৈ বৃদ্ধি হৈ ৩৭ ডিগ্রী চেলছিয়াছ অতিক্রম কৰিলেই তাপ প্রৱাহ বুলি কোৱা হয়৷ এই আধাৰত ভাৰতত মার্চৰ পৰা জুনলৈকে কিছু ৰাজ্য আৰু কিছু ৰাজ্যত জুলাইলৈকে তাপ প্রৱাহ চলে৷ ভাৰতত মে’ মাহত তাপ প্রৱাহ শীর্ষত উঠে৷ সাধাৰণতে তাপ প্রৱাহ উত্তৰ–পশ্চিম ভাৰত, মধ্য, পূব আৰু উত্তৰ অঞ্চলত মার্চৰ পৰা জুনলৈকে চলে৷ তাপ প্রৱাহৰ কবলত পৰা ৰাজ্যসমূহ হৈছে পঞ্জাব, হাৰিয়ানা, দিল্লী, উত্তৰ প্রদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, ওড়িশা, মধ্য প্রদেশ, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্র আৰু কর্ণাটকৰ কিছু অংশ, অন্ধ্র প্রদেশ আৰু তেলেংগানাত চলে৷ আনপিনে, তামিলনাডু আৰু কেৰালাতো তাপ প্রৱাহ চলে৷ তাপ প্রৱাহৰ সময়ছোৱাত মানৱ আৰু জীৱজগতৰ ওপৰত প্রতিকূল প্রভাৱ পৰে৷ মন কৰিবলগীয়া যে ৰাজস্থান আৰু বিদর্ভ অঞ্চলত মে’ মাহত তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছ অতিক্রম কৰে৷ তাপ প্রৱাহৰ ফলত মানৱ স্বাস্থ্যৰ ওপৰত বিৰূপ প্রভাৱ পৰে৷ তাপ প্রৱাহে মানৱ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰে৷ মূৰৰ বিষ, গা দুর্বল, মাংসপেশীৰ বিষ, বমি ভাব, এলাহ, দেহ জঠৰ হৈ পৰাৰ দৰে তাৎক্ষণিক বেমাৰত আক্রান্ত হয়৷ তাপমাত্রা ৪০ ডিগ্রী চেলছিয়াছ তথা ১০৪ ডিগ্রী ফাৰহেনহাইট অতিক্রম কৰাৰ ফলত মানুহৰ প্রাণহানি পর্যন্ত হয়৷ তাপ প্রৱাহৰ কবলত পৰা ৰাজ্যসমূহত মানৱ স্বাস্থ্যৰ লগতে প্রকৃতিক কিদৰে সুৰক্ষিত আৰু নিৰাপদে ৰাখিব পাৰি, সেই সন্দর্ভত ব্যৱস্থা গ্রহণ কৰিবলৈ প্রধানমন্ত্রীগৰাকীয়ে সংশ্লিষ্ট কর্তৃপক্ষসমূহক নির্দেশ দিছে৷ চৰকাৰী পদক্ষেপ ল’লেই নহ’ব, এই তাপ প্রৱাহৰ পৰা নিজকে সুৰক্ষিত আৰু নিৰাপদে ৰাখিবলৈ হ’লে জনসাধাৰণ সজাগ আৰু সতর্ক হোৱাৰ প্রয়োজন আছে৷