নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিলঞ্জীয়াসকল সজাগ হওক

সুদীর্ঘ ৪৭ বছৰ পাছত দেশৰ নির্বাচন আয়োগে অসমৰ লোকসভা আৰু বিধানসভাৰ সমষ্টিসমূহ পুনৰ গঠনৰ বাবে ২০ জুনত খচৰা ৰাজহুৱা কৰাৰ লগে লগে ৰাজ্যজুৰি মিশ্রিত প্রতিক্রিয়া পৰিলক্ষিত হৈছে৷ অসমত শেষবাৰৰ বাবে লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ গঠন হৈছিল ১৯৭৬ত৷ ১৯৭১ৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ গঠন প্রক্রিয়াৰ পাছত তিনিটা লোকপিয়ল সম্পন্ন হৈছে যদিও অসমত সমষ্টি পুনৰ গঠন হোৱা নাছিল৷ ২০০১ৰ লোকপিয়লৰ ভিত্তিত ২০০৮ চনত দেশজুৰি সমষ্টি পুনৰ গঠন হৈছিল৷ কিন্তু অসমৰ অধিকাংশ দল–সংগঠন আৰু ৰাজ্য চৰকাৰৰ হেঁচাত ৰাজ্যখনৰ সমষ্টি পুনৰ নির্ধাৰণ হোৱা নাছিল৷ কিয়নো সেই সময়ৰ ৰাজ্য চৰকাৰ তথা দল–সংগঠনসমূহ নেতৃত্বই বিচাৰিছিল যে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ জৰিয়তে ৰাজ্যখনত থকা অবৈধ বিদেশী লোকসকলক চিনাক্তকৰণৰ পিছতহে সমষ্টি পুনৰ নির্ধাৰণ হওক৷ কিন্তু আসোঁৱাহপূর্ণ আৰু খিলঞ্জীয়াৰ পৰিপন্থী নাগৰিকপঞ্জীখন গ্রহণ কৰাৰ ক্ষেত্রত অহা প্রত্যাহ্বানৰ বাবে অসমৰ সমষ্টি পুনৰ গঠন প্রক্রিয়া আৰম্ভ হৈছে৷ কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রালয়ৰ পৰামর্শমর্মে নির্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ গঠন প্রক্রিয়া এইবাৰ আৰম্ভ কৰিছে৷ যোৱা ২৭ জানুৱাৰীত দেশৰ মুখ্য নির্বাচন আয়ুক্ত প্রমুখ্যে নির্বাচন আয়োগৰ শীর্ষস্থানীয় প্রতিনিধি দলে অসমলৈ আহি ১১ ৰাজনৈতিক দল আৰু ৭১টা সংগঠন, অনুষ্ঠানৰ মতামত গ্রহণৰ পাছত অসমৰ ১৪টা লোকসভা সমষ্টি আৰু ১২৬টা বিধানসভা সমষ্টি পুনৰ গঠনৰ বাবে খচৰা প্রকাশ কৰিছে৷ উক্ত খচৰাক লৈ ৰাজনৈতিক দল, সংগঠন তথা ব্যক্তিবিশেষৰ কিবা পৰামর্শ অথবা আপত্তি থাকিলে অহা ১১ জুলাইৰ ভিতৰত দাখিল কৰিবলৈ নির্বাচন আয়োগে অনুৰোধ জনাইছে৷ জুলাই মাহতে দেশৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নির্বাচন আয়ুক্তদ্বয় ক্রমে অনুপ চন্দ্র পাণ্ডে আৰু অৰুণ গোৱেলে অসমলৈ আহি দল–সংগঠন তথা বিশিষ্ট ব্যক্তিসকলৰ মতামত গ্রহণ কৰি সমষ্টি পুনৰ গঠনৰ খচৰাখন চূড়ান্ত কৰাৰ সম্ভাৱনা আছে৷ সকলো ঠিকে থাকিলে নতুনকৈ নির্ধাৰণ কৰা সমষ্টিৰ আধাৰতে ২০২৪ৰ লোকসভা নির্বাচন সমাপন কৰিবলৈ বিচাৰিছে নির্বাচন আয়োগে৷ নির্বাচন আয়োগৰ খচৰাখনত অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিৰ সংখ্যা বৃদ্ধি অথবা হ্রাস নহ’লেও অধিকাংশ সমষ্টিৰ পৰিসীমাৰ ব্যাপক পৰিৱর্তন হৈছে৷ মঙলদৈ, তেজপুৰ আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ লগতে কেইবাটাও বিধানসভা সমষ্টিৰ নতুন নামকৰণ কৰা হৈছে৷ জনবসতিৰ ঘনত্বক গুৰুত্ব প্রদান কৰি প্রস্তুত কৰা সমষ্টি পুনৰ গঠন প্রক্রিয়াক শাসকীয় বিজেপি, অসম গণ পৰিষদ, ইউ পি পি এল দল আদিয়ে আদৰণি জনাইছে৷ ইয়াৰ বিপৰীতে সমষ্টি পুনৰ গঠন প্রক্রিয়াক কংগ্রেছ, এ আই ইউ ডি এফ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চি পি এম আদি দলে বিৰোধিতা কৰিছে৷
সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াৰ ফলত অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ১০২টা সমষ্টিত খিলঞ্জীয়াৰ আধিপত্য প্রতিষ্ঠা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সমষ্টি পুনৰ গঠনত খিলঞ্জীয়াৰ প্রভুত্ব বর্তি থাকিবই লাগিব বুলি হুংকাৰ দিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই৷ যদিহে সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াত অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ আধিপত্য প্রতিষ্ঠা হয় তেন্তে এনে পদক্ষেপ যুগান্তকাৰী হৈ উঠিব৷ চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অবৈধ প্রব্রজনে অসমৰ খিলঞ্জীয়া তথা ভূমিপুত্রসকলৰ জীৱন–জীৱিকাৰ প্রতি সৃষ্টি কৰা ভয়াৱহ সমস্যাই এতিয়া জোঁৰপুৰি হাত পাইছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পূর্বৰে পৰা বাংলাদেশীৰ অবাধ অনুপ্রৱেশ চলি আছে৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পাছতো এই ধাৰা অব্যাহত আছে৷ ৰাজ্যখনৰ পৰা অবৈধ বাংলাদেশীসকলক খেদি পঠিওৱাৰ বাবে অসমৰ খিলঞ্জীয়া লোকসকলে বিগত সময়ছোৱাত যিমান ত্যাগ কৰিলে সেয়া দেশৰ ইতিহাসত বিৰল ঘটনা৷ তৎসত্ত্বেও মূল সমস্যাটোৰ সমাধান নোহোৱাত খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলে গভীৰ নিৰাপত্তাহীনতাত ভুগিছিল৷ কিয়নো ভোটবেংক আৰু তোষামোদৰ ৰাজনীতিৰ বাবে খিলঞ্জীয়া লোকসকল বাৰে বাৰে বঞ্চিত হৈছিল৷ পৰিস্থিতি এনে পর্যায় পাইছিল যে বাংলাদেশী মূলৰ লোকসকলৰ নেতৃত্বত গঠিত ৰাজনৈতিক দলে দিছপুৰত চৰকাৰ গঠনত ‘কিং মেকাৰ’ হ’বলৈ সাজু হৈছিল৷ এতিয়া সমষ্টি পুনৰ গঠন প্রক্রিয়াৰ বিৰুদ্ধে আটাইতকৈ সৰৱ হৈ উঠা ৰাজনৈতিক দলটোৱেই হ’ল বাংলাদেশী মূলৰ লোকসকলক আধাৰ ৰূপে গ্রহণ কৰা দলটো৷ এইক্ষেত্রত সাৰ–পানী যোগান ধৰিছে বাংলাদেশী মূলৰ লোকসকলক দীর্ঘসময় ধৰি ভোটবেংক ৰূপে ব্যৱহাৰ কৰা কংগ্রেছ দলে৷ এতিয়া ৰাজ্যখনৰ খিলঞ্জীয়া তথা ভূমিপুত্রসকল সজাগ হোৱাৰ সময়৷ পূর্বৰ লেখীয়া বাংলাদেশী মূলৰ ভোটবেংকৰ ৰাজনীতিৰ দুৱাৰ বন্ধ হোৱাৰ আশংকাত যিকেইটা ৰাজনৈতিক দল আৰু নেতাই সমষ্টি পুনৰ গঠন প্রক্রিয়াক বাধা দিবলৈ বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে খিলঞ্জীয়া লোকসকল সজাগ হ’ব লাগিব৷ খিলঞ্জীয়া লোকসকলে অধিকাৰ প্রতিষ্ঠাৰ এয়াই সুবর্ণ সুযোগ৷ খচৰা অনুসৰি সমষ্টি পুনৰ গঠন সম্পন্ন হ’লে খিলঞ্জীয়া লোকসকলে কমেও ২০–২৫ বছৰৰ বাবে অসমত ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰ লগে লগে সুৰক্ষিত হ’ব খিলঞ্জীয়া লোকসকলৰ ভেটি৷ সমষ্টি পুনৰ গঠন প্রক্রিয়াক লৈ ৰাজ্যখনৰ কেতবোৰ স্থানত বিক্ষোভ প্রতিফলিত হৈছে৷ বহু বছৰ ধৰি প্রতিনিধিত্ব কৰা সমষ্টি হেৰুওৱা একাংশ হতাশাগ্রস্ত নেতাই বিক্ষোভৰ অন্তৰালত আছে৷ প্রতিনিধিত্ব কৰা সমষ্টিসমূহ আমাৰ নেতাসকলে পৈতৃক সম্পত্তি হিচাপে গণ্য কৰে৷ এয়া গণতন্ত্রৰ বাবে শুভ লক্ষণ নহয়৷ সমষ্টি পুনৰ গঠন প্রক্রিয়াত কোন নেতাৰ ভাগ্য উদয় হ’ব, কাৰ বেলি মাৰ যাব সেয়া মূল লক্ষ্য হোৱা উচিত নহয়৷ মূল লক্ষ্য হ’ব লাগিব অসমৰ সমষ্টি পুনৰ গঠন প্রক্রিয়াত খিলঞ্জীয়াৰ আধিপত্য প্রতিষ্ঠা৷ এইক্ষেত্রত খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকল অনাগত দিনত অধিক সজাগ আৰু সতর্ক হৈ থাকিব লাগিব৷

You might also like