নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশত মূত্র–ঘামৰ পৰা বিশুদ্ধ খোৱাপানী প্রস্তুত

📌 নতুন মাইল ফলক সৃষ্টি আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাৰ বিজ্ঞানীৰ
বিশেষ বাৰ্তা, ২৭ জুনঃ মূত্র আৰু ঘামৰ পৰা খোৱাপানী প্রস্তুত কৰিলে নাছাৰ বিজ্ঞানীসকলে৷ অৱশ্যে পৃথিৱীৰ মাটিত নহয়৷ মহাকাশত বহি এই ‘অসাধ্য সাধন’ কৰি দেখুৱাইছে মহাকাশ বিজ্ঞানীসকলে৷ মানুহৰ শৰীৰৰ পৰা নিঃসৰণ হোৱা তৰল বর্জিতৰ পৰা ৯৮ শতাংশ বিশুদ্ধ খোৱাপানী উলিয়াবলৈ সক্ষম হৈছে মহাকাশ বিজ্ঞানীসকলে৷ এই সাফল্যক নতুন এক মাইল ফলক বুলি দাবী কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই৷ মহাকাশত নাছাৰ আন্তর্জাতিক মহাকাশ আস্থান (আইএছএছ)ত যিসকল মহাকাশচাৰী আছে, তেওঁলোকে দীর্ঘদিন ধৰি সমস্যা সমাধানৰ চেষ্টা চলাই আহিছিল৷ ইয়াক লৈ বিভিন্ন পৰীক্ষা–নিৰীক্ষা আৰু গৱেষণা চলোৱা হৈছিল৷ অৱশেষত খোৱাপানী প্রস্তুত কৰাৰ ক্ষেত্রত সফলতা লাভ কৰিছে বিজ্ঞানীসকলে৷ ঘাম আৰু মূত্রৰ পৰা বিশুদ্ধ খোৱাপানী বাহিৰ কৰি উলিয়াবলৈ সক্ষম হৈছে বিজ্ঞানীসকল৷ আই এছ এছৰ মহাকাশচাৰীসকলক প্রতিদিনে ১ গেলন বিশুদ্ধ পানীৰ প্রয়োজন হয়৷ পান কৰাৰ উপৰি শাৰীৰিক ক্রিয়া, খাদ্য প্রস্তুত আৰু অন্যান্য প্রয়োজনত এই পানী ব্যৱহাৰ কৰে মহাকাশচাৰীসকলে৷ শাৰীৰিক বর্জ্যৰ পৰা খোৱাপানী নিষ্কাশনৰ ফলত আগন্তুক দিনত মহাকাশত একাধিক অভিযানত যথেষ্ট সুবিধা হ’ব বুলি ধাৰণা কৰা হৈছে৷

You might also like