নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্গাপূজাৰ আনন্দ

দুর্গাপূজা মূলতঃ এটা ধর্মীয় অনুষ্ঠান৷ কিন্তু ই এতিয়া এটা ধর্মীয় অনুষ্ঠান হৈ থকা নাই, ভাৰতৰ বহু উৎসৱৰ দৰে এই পূজা বিভিন্ন ধর্মবিশ্বাসৰ লোকক একত্রিত কৰা এটা সামাজিক অনুষ্ঠানলৈ ৰূপান্তৰিত৷ ভাৰতৰ দৰে এখন বহু ধর্মৰ প্রচলন থকা ঐতিহ্যপূর্ণ সাংস্কৃতিক দেশত এনেধৰণৰ উৎসৱবোৰে সমাজৰ ঐক্য আৰু সম্প্রীতি ৰক্ষা কৰাত বিশেষভাৱে গুৰুত্বপূর্ণ দায়িত্ব পালন কৰে৷ দুর্গাপূজা মূলতঃ হিন্দু ধর্মৰ উৎসৱ হ’লেও এই উৎসৱৰ সামাজিক আৰু সাংস্কৃতিক গুৰুত্বৰ বাবে ই ধর্মৰ পৰিসীমাৰ ঊর্ধ্বলৈ গৈ অন্য ধর্মৰ লোকৰ মাজতো জনপ্রিয় হৈ উঠিছে৷ অসমৰ বহু ঠাইত আন ধর্মৰ লোকেও দুর্গাপূজাত অংশগ্রহণ কৰে৷ পূজাৰ সময়ত আন ধর্মৰ মানুহে ধর্মীয় কামখিনিত অংশগ্রহণ নকৰিলেও সামগ্রিক আয়োজনত অংশগ্রহণ কৰে, ই এক সামাজিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈ সম্প্রীতিৰ পৰিৱেশ সৃষ্টি কৰে৷ দুর্গাপূজা কেৱল ধর্মীয় উৎসৱ নহয়, ই ভাৰতৰ বহুত্ববাদ আৰু ঐক্যৰ এক উদাহৰণৰূপে থাকি যায়৷ অকল এই পূজাই নহয়, আন ধর্মীয় উৎসৱবোৰেও ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক পৰম্পৰা সংৰক্ষণত মুখ্য ভূমিকা পালন কৰে৷ এই পূজা–অর্চনা হিন্দু ধর্মৰ এচাম মানুহৰ অনুষ্ঠান হ’লেও সমগ্র ভাৰতীয় নতুন প্রজন্মৰ মাজত ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীক পৰিচিত কৰি দিয়া এক শিক্ষা দান কৰে৷ বিশেষকৈ দুর্গাপূজাৰ মূল কাহিনী মহিষাসুৰ বধে নতুন প্রজন্মক ভাৰতৰ ধর্মীয় অৱদানৰ সৈতে পৰিচয় কৰাই দিয়ে৷ এই পূজাৰ বিভিন্ন আয়োজনৰ অংগ হিচাপে বিভিন্ন ধৰণে প্রদর্শন কৰা কলা, সংগীত আৰু নৃত্যই ভাৰতৰ সাংস্কৃতিক সম্পদৰ সংৰক্ষণত সহায় কৰে আৰু নতুন প্রজন্মক সাংস্কৃতিক গৌৰৱৰ সৈতে পৰিচয় কৰাই দিয়ে৷ দুর্গাপূজাই স্থানীয় অর্থনীতিৰ বিকাশতো এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ পূজাৰ কেইমাহমান আগৰ পৰাই বিভিন্ন ধৰণৰ সামগ্রীৰ বাবে অভাৱনীয় চাহিদা দেখা যায়৷ দুর্গাৰ মূর্তি নির্মাণ কৰা শিল্পীসকলৰ কামৰ সুযোগ বৃদ্ধি হয়৷ পূজা মণ্ডপ, সভাগৃহ, তোৰণ আদি নির্মাণৰ বাবে প্রয়োজন হয় কল্পনাশক্তি থকা শিল্পীৰ আৰু ই শিল্পী আৰু কাৰিকৰ উভয়ৰে বাবে কামৰ সুযোগ সৃষ্টি কৰে৷ তাৰ লগে লগে আহে পূজাৰ আয়োজনৰ লগত প্রয়োজন হোৱা অন্যান্য সামগ্রীৰ স্থানীয় ব্যৱসায়৷
পূজা মানেই জনসমাগম, জনসমাগম মানেই বিভিন্ন ধৰণৰ ব্যৱসায়৷ সৰু–ডাঙৰ সকলো ঠাইতে এই পূজাৰ আয়োজন খুচুৰা ব্যৱসায়ীৰ বাবে একোটা বিশেষ সুযোগ৷ এতিয়া সংবাদ–পত্রৰ বিজ্ঞাপন চালেই অনুমান কৰিব পাৰি পূজাৰ পৰিৱেশে কিমান ব্যাপক পৰিমাণৰ ব্যৱসায়ৰ সম্ভাৱনা বহন কৰে৷ অনলাইন ট্ৰেডিং প্লেটফর্মবোৰত আয়োজিত হয় শ্বপিং মহোৎসৱ৷ অকল দুর্গাপূজা বুলিয়েই নহয়, ভাৰতীয় বিভিন্ন উৎসৱৰ সৈতে ব্যৱসায়ৰ সম্ভাৱনা সংযোজিত হয়৷ আনকি চিনেমাৰ মুক্তিদানৰ বাবে এনে উৎসৱৰ সময়কে বাছি লোৱা হয়৷ ঈদ, বৰদিন, নৱবর্ষ আদিকো ছবিৰ মুক্তি দিব পৰা এনে উৎসৱ হিচাপে গণ্য কৰা হয়৷ দুর্গাপূজা কলা আৰু সৃষ্টিশীলতাৰো এক বৃহৎ মঞ্চ৷ শিল্পীসকলৰ মূর্তি নির্মাণ, সভাগৃহ আৰু পূজা মণ্ডপবোৰত শিল্পীসকলৰ ঐতিহ্যসন্ধানী মনৰ অথবা সামাজিক সচেতনতাৰ প্রতিফলন ঘটাটো এতিয়া এটা স্বাভাৱিক ঘটনা আৰু এই শিল্পকর্মবোৰৰ মাজত আয়োজন কৰা প্রতিযোগিতাবোৰে শিল্পীসকলক নতুন নতুন বিষয় আৰু শৈলীৰ সন্ধানৰ বাবে অনুপ্রাণিত কৰে৷ এই সকলৰো ওপৰত আছে দুর্গাপূজাৰ গভীৰ আধ্যাত্মিক দিশ৷ কোটি কোটি ভক্তৰ বাবে এয়া হ’ল প্রার্থনা আৰু ধর্মীয় বিশ্বাসৰ পুনৰ উদযাপন কৰাৰ একান্ত সময়৷ পূজাৰ মূল কাহিনী (দুর্গাদেৱীৰ দ্বাৰা মহিষাসুৰ বধ)- এয়া অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয়ৰ প্রকাশ৷ এই অনুভৱ আৰু উপলব্ধি ব্যক্তিগত সমস্যা সমাধানৰ সূত্র বিচৰা সময়ত নতুন আশাৰ উৎস হ’ব পাৰে৷ পূজাৰ উল্লাস আৰু সমৱেত পূজাই এক সামাজিক পৰিৱেশ সৃষ্টি কৰে, যি পৰিৱেশে মানসিক সন্তুষ্টি প্রদান কৰিব পাৰে৷ এইদৰে দুর্গাপূজাই আত্মা আৰু মন দুয়োটাক সমৃদ্ধি প্রদান কৰে আৰু সমাজৰ বাবে এক আধ্যাত্মিক শক্তিৰ উৎস হৈ পৰে৷ এয়াই দুর্গাপূজাৰ আনন্দ৷

You might also like