সামাজিক মাধ্যমৰ শক্তি
সামাজিক মাধ্যমত প্রকাশ কৰা কিছুমান পোষ্টত আসুৰিক মানসিকতাৰ প্রতিফলন ঘটা কথাটোৰ বাবে এই মাধ্যমটোৰ ব্যৱহাৰকাৰী কিছুমানৰ বিৰুদ্ধে সাধাৰণ ৰাইজে অভিযোগ উত্থাপন কৰিবলগীয়া হৈছে, কথাবোৰে গৈ আৰক্ষী–ন্যায়ালয় পাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ এই ধৰণৰ ঘটনা ইমানেই বাঢ়িবলৈ লৈছে যে সামাজিক মাধ্যমত প্রকাশিত মন্তব্যৰ ওপৰত বাধা–নিষেধ আৰোপ কৰিবলগীয়া অৱস্থা পাইছেগৈ৷ এইটো সত্য যে সামাজিক মাধ্যম এতিয়া সকলোতে ব্যাপকভাৱে বিয়পি পৰিছে আৰু ইয়াৰ শক্তি উলাই কৰিব পৰা বা ইয়াক প্রত্যাহ্বান জনাব পৰা আন শক্তিও বর্তমান সময়ত নাই৷ ৰাষ্ট্রসংঘৰ এক প্রতিবেদন অনুসৰি, বিশ্বব্যাপী জনসংখ্যাৰ ৪৭ শতাংশই ইণ্টাৰনেটৰ আওতাৰ ভিতৰত পৰে আৰু সেইসকলৰ মাজত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ হাৰ ক্রমান্বয়ে বৃদ্ধি পাহছে৷ সামাজিক মাধ্যমৰ ব্যৱহাৰো আন মাধ্যমৰ তুলনাত সহজ, শিকিবলৈ কম সময় লাগে আৰু ইয়াৰ ব্যৱহাৰিক ব্যয়ো কম৷ অধিকাংশ সামাজিক মাধ্যমেই থলুৱা ভাষাত ভাব প্রকাশৰ সুবিধা দিয়া বাবে ইয়াৰ ব্যৱহাৰ দ্রুতগতিত বাঢ়ি গৈছে৷ আন এটা কথা হ’ল, এই মাধ্যমত প্রৱেশৰ সুবিধা সহজ আৰু সম্পূর্ণ স্বাধীন, যিটো আন মাধ্যমবোৰত সহজলভ্য নহয়৷ অকল সুবিধা আৰু স্বাধীনতাই নহয়, আন মাধ্যমবোৰত সাধাৰণতে থকা পাণ্ডুলিপি আধাৰিত মনোৰঞ্জন অথবা ‘এজেণ্ডানির্দেশিত’ বাক্ধাৰাৰ পৰিৱর্তে এই মাধ্যমত ব্যৱহাৰকাৰীজনেই সকলো উদ্ভাৱন আৰু প্রকাশৰ অধিকাৰী আৰু এই শক্তিয়েই সামাজিক মাধ্যমবোৰক অধিক শক্তিশালী কৰি তুলিছে৷ এই মাধ্যমত অধিক অনুসৰণকাৰী থকাসকল লাহে লাহে প্রভাৱী ব্যক্তি হৈ পৰে আৰু সেই প্রভাৱ ব্যৱসায়িক কামত ব্যৱহাৰ কৰি অর্থও উপার্জন কৰে৷ সামাজিক মাধ্যমৰ বর্ধিত জনপ্রিয়তাৰ অন্যতম প্রধান কাৰণ হ’ল মানুহৰ মাজত থকা বিভিন্ন হেঙাৰ ভাঙি ই মানুহৰ মাজত ভাব বিনিময় সহজ আৰু সৰল কৰি তোলে৷ এই ভাব অকল ব্যক্তিগত পর্যায়তে সীমাবদ্ধ নাথাকি ই এক ব্যাপক বিস্তৃতি থকা ক্ষেত্রলৈ সম্প্রসাৰিত হৈ পৰে আৰু এটা সময়ত হ জনমত গঠন কৰাত আগভাগ লোৱাতো সক্ষম হয়৷
কিন্তু এই শক্তিবোৰ অসাধু কামতো ব্যৱহাৰ হয় আৰু সামাজিক বিশৃংখলাৰ সৃষ্টি হয়৷ ব্যক্তিগত সম্বন্ধত কিবা ভাঙোন আহিলেই এটা পক্ষই আনটো পক্ষৰ অসন্মান কৰিব পৰা কথা সামাজিক মাধ্যমত প্রকাশ কৰাটো এতিয়া অতি সাধাৰণ কাম হৈ পৰিছে৷ খ্যাতনামা ব্যক্তিক ‘ড্রল’ কৰাটো এতিয়া স্বাভাৱিক কথা৷ সামাজিক মাধ্যমৰ যোগে বহুতো মহিলাই নানাধৰণৰ যৌন নিগ্রহৰ সন্মুখীনো হ’ব লগা হয়৷ পুৰুষো তাৰ ব্যতিক্রম নহয়৷ দুদিনমানৰ আগতে অসমৰ মুখ্যমন্ত্রীক সামাজিক মাধ্যমযোগে কুৰুচিপূর্ণ প্রস্তাৱ দিয়া মহিলাৰ কথাও সংবাদ পত্রত প্রকাশ পাইছে৷ কিছু দিনৰ আগতে পূর্বৰ মুখ্যমন্ত্রীৰ নামত ৰাইজৰ পৰা সাহায্য বিচাৰি নিজৰ বেংক একাউণ্টৰ নম্বৰ দিয়াৰ দৰে অপৰাধো সংঘটিত হৈছে৷ ৰাজ্যৰ মুখ্যমন্ত্রীৰ দৰে ব্যক্তিও যদি এনেদৰে সামাজিক মাধ্যমযোগে হোৱা আক্রমণৰ বলি হয়, সাধাৰণ লোকৰ অৱস্থা কি হ’ব, সেয়া সহজেই অনুমান কৰিব পাৰি৷ সামাজিক মাধ্যমযোগে পৰিকল্পিত ভুৱা বাতৰি প্রচাৰ কৰি সামাজিক বিশৃংখলা সৃষ্টি কৰাটো এতিয়া তেনেই সাধাৰণ কথা৷ আন এটা ভয়াৱহ কথা হৈছে, একোজন দায়িত্বশীল বুলি ভবা মানুহেও সামাজিক কাম বা দায়িত্বৰ দোহাই দি বা নিজকে সংবেদনশীলৰূপে প্রতিষ্ঠা কৰিবলৈ কল্পিত সত্য বা অর্ধসত্য প্রচাৰ কৰি নিজৰ অনুসৰণকাৰীসকলৰ্ মাজত এক ধৰণৰ ‘ইকো চেম্বাৰ’ প্রতিষ্ঠা কৰে৷ এই ইকো চেম্বাৰ ব্যৱসায়িক প্রচাৰৰ বাবে ভাল পদ্ধতি, কিন্তু ৰাজহুৱাভাৱে ব্যক্তি একোজনৰ মর্যাদা নষ্ট কৰিবলৈ ব্যৱহাৰ কৰাটো সভ্য সমাজৰ নিয়ম নহয়৷ কেইদিনমান আগতে মুখ্যমন্ত্রীয়ে বাসন্তী পূজা কৰাক লৈ পৰিকল্পিতভাৱে সামাজিক মাধ্যমত ঠাট্টা কৰা হৈছিল৷ মুখ্যমন্ত্রীৰ কাম–কাজৰ বিষয়ে কৰা মুকলি আলোচনা গণতন্ত্রৰ বাবে শুভ লক্ষণ, কিন্তু ব্যক্তিগত বিশ্বাসক লৈ কৰা ঠাট্টা–মস্কৰা শোভনীয় নহয়৷ সমাজত সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমে কেনে ভূমিকা লোৱা উচিত, সেই কথাটো অতি বিতর্কিত বিষয়৷ সামাজিক মাধ্যমৰ বহু উদ্ভণ্ডালিপূর্ণ ব্যৱহাৰৰ বাবে কিছুমানে ইয়াক নিয়ন্ত্রণ কৰিবলৈ বা হয়াক সম্পূর্ণৰূপে নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছে৷ এই আহ্বান নিশ্চয় চৰম পদক্ষেপ হ’ব পাৰে আৰু এখন গণতান্ত্রিক ৰাজ্যত এই কথাটো সম্ভৱ নহয়৷ আনহাতে, এইটো কথাও ঠিক যে সামাজিক মাধ্যমক সঠিক দিশত আগবঢ়াই নিয়াটো চৰকাৰ আৰু দেশৰ হিত চিন্তা কৰা নাগৰিক উভয়ৰে দায়িত্ব৷ দেশ এখন ডিজিটেলভাৱে শিক্ষিত হোৱাটো বর্তমান সময়ৰ প্রয়োজন৷ দেশৰ প্রতিখন বিদ্যালয় আৰু মহাবিদ্যালয়ত সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰ শিকোৱা আৰম্ভ কৰাটো এই সময়ত প্রয়োজন হৈ পৰিছে৷