জনহিত জনসেৱাক উপহাস
বছৰ বছৰ ধৰি অসম আৰক্ষীৰ আধুনিকীকৰণ প্রক্রিয়া যে কার্যতঃ শ্ল’গানতে সীমাবদ্ধ হৈ আছে, সেয়া আৰক্ষী বিভাগটোত সংঘটিত শেহতীয়া ঘটনাৰাজিয়ে উন্মোচন কৰিছে৷ আৰক্ষী আধুনিকীকৰণ আঁচনিৰ অধীনত বিগত সময়ছোৱাত ৰাজ্যখনৰ থানাসমূহ নতুনকৈ নির্মাণ কৰা হৈছে, নতুন গাড়ী যোগান ধৰা হৈছে, অপৰাধীৰ সৈতে যুঁজ দিয়াৰ বাবে মাৰণাস্ত্রকে ধৰি অন্যান্য সুবিধা প্রদান কৰা হৈছে৷ কিন্তু অসম আৰক্ষীৰ ‘জনহিত জনসেৱার্থে’ৰ মন্ত্রৰ প্রকৃত সুফল এতিয়াও অসমৰ সর্বসাধাৰণ ৰাইজে লাভ কৰা নাই৷ অসম আৰক্ষী ৰাইজৰ বিপদৰ বন্ধু৷ সর্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ দায়িত্ব আৰক্ষীয়ে বহন কৰে৷ অপৰাধ নিয়ন্ত্রণ কৰি ৰাজ্যবাসীক সুৰক্ষিত কৰাই হ’ল আৰক্ষীৰ প্রধান কর্তব্য ৷ অসম আৰক্ষীৰ আধুনিকীকৰণ হৈছে যদিও আৰক্ষীৰ মানসিকতাৰ আশা কৰা ধৰণে পৰিৱর্তন হোৱা নাই৷ ৰাজ্যখনত এনে এখন থানা নাই, যিখন থানাত বিপদগ্রস্ত মহিলা এগৰাকীয়ে অকলশৰে গৈ মাজনিশা অভিযোগ দাখিল কৰিব পাৰে৷ থানাসমূহত নিয়োজিত একাংশ আৰক্ষীৰ আচৰণক লৈও সঘনে প্রশ্ণৰ উদয় হৈছে৷ ৰাজ্যখনৰ আৰক্ষী থানাসমূহত বিৰাজ কৰা অসুস্থ বাতাৱৰণৰ শুদ্ধিকৰণ নহ’লে আৰক্ষী বিভাগত যিমানেই আধুনিকীকৰণ আঁচনি গ্রহণ নকৰক কিয়, ইয়াৰ সফলতাই কোনোপধ্যে সর্বসাধাৰণ ৰাইজক স্পর্শ নকৰে ৷ নলবাৰী জিলাৰ ঘগ্রাপাৰ থানাত যোৱা ২১ জুনত এগৰাকী কিশোৰীৰ ওপৰত চলোৱা জঘন্য নির্যাতনৰ ঘটনা সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ অহাৰ পিছত থানাখনৰ ভাৰপ্রাপ্ত বিষয়া বিমান ৰয়ক চাকৰিৰ পৰা বর্খাস্ত কৰিছে আৰক্ষী সঞ্চালকপ্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে৷ তেজপুৰৰ এগৰাকী যুৱতীক অশ্লীল মেছেজ দিয়াৰ অভিযোগত লোহিত ৰাজবংশী নামৰ উপ–পৰিদর্শক এজনক শেহতীয়াকৈ ৰাজপথত ৰাইজে আঁঠু কঢ়াইছে৷ অভিযুক্ত আৰক্ষী বিষয়াজনক ৰাইজৰ সন্মুখতে পূর্ণহতীয়া চৰ শোধাইছে৷ এয়া অসম আৰক্ষীৰ বাবে এক লজ্জাজনক ঘটনা৷ ৰাজ্যখনৰ আৰক্ষী বিভাগত ব্যাপক সংস্কাৰৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে শেহতীয়াকৈ বিশেষ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে ৷ থানাসমূহত চলি থকা এনে অশুভ কাণ্ড আৰু বিপদগ্রস্ত লোকৰ ওপৰত চলোৱা অন্যায়–বিচাৰ সমূলঞ্চে নাশ কৰাৰ বাবে আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে শেহতীয়াকৈ ৰাজ্যখনৰ সমূহ আৰক্ষীলৈ আহ্বান জনাবলৈ বাধ্য হৈছে৷ আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে আৰক্ষীলৈ জনোৱা আহ্বানত প্রকাশ কৰিছে এইদৰে– ‘অসম হৈছে সতী জয়মতী, কনকলতা আৰু মূলাগাভৰুৰ দেশ, য’ত নাৰীসকলে সদায়েই সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক ক্ষেত্রখনত উচ্চ স্থান আৰু মর্যাদা লাভ কৰি আহিছে৷ নাৰীৰ আদর্শ আৰু ত্যাগেৰে মহিমামণ্ডিত এনে এক পৱিত্র ভূমিত নাৰীৰ বিৰুদ্ধে যৌন আতিশয্যকে ধৰি যিকোনো অপৰাধ কোনোপধ্যেই সমর্থনযোগ্য নহয়৷ থানাকে ধৰি আৰক্ষীৰ যিকোনো কার্যালয়, প্রতিষ্ঠান আদিত মহিলাক উপযুক্ত সন্মান আৰু মর্যাদা প্রদান কৰাটো আমি নিশ্চিত কৰিব লাগিব৷ এয়া আৰক্ষীৰ লোকসকলৰ অন্যতম গুৰুত্বপূর্ণ দায়িত্ব বুলি সকলোৱেই আন্তৰিকতাৰে অনুধাৱন কৰাটো অতিকৈ প্রয়োজনীয়৷ এইখিনিতে মই আৰক্ষীৰ লোকসকলক সতর্ক কৰি ক’ব খুজিছোঁ যে থানা বা আৰক্ষীৰ যিকোনো কার্যালয়ত মহিলাৰ বিৰুদ্ধে অশোভনীয় আচৰণ, যৌন অপৰাধ আদিক কেতিয়াও সহ্য কৰা নহ’ব ৷ শিশু আৰু সমাজৰ দুর্বল শ্রেণীৰ লোকৰ ক্ষেত্রতো সেই একে নীতিয়েই প্রযোজ্য ৷ পদমর্যাদা আৰু সামাজিক স্থিতি নির্বিশেষে সকলোৰে ক্ষেত্রত অনুৰূপ স্থিতি গ্রহণ কৰাটোও একান্তই বাঞ্ছনীয় ৷’ একাংশ আৰক্ষীৰ ভূমিকাক লৈ ৰাজ্যখনৰ সর্বসাধাৰণ ৰাইজেই নহয়, স্বয়ং অসম আৰক্ষীৰ মুৰব্বীগৰাকীয়েই যে সন্তুষ্ট নহয়, সেয়া তেওঁৰ আন্তৰিক আহ্বানতে স্পষ্ট হৈছে৷
আৰক্ষী সঞ্চালকপ্রধান সিঙৰ আহ্বান অনুসৰি অসম আৰক্ষীত নিয়োজিত প্রায় এক লাখ কনিষ্টবলৰ পৰা শীর্ষ বিষয়ালৈকে মানসিক পৰিৱর্তন নহ’লে অসম আৰক্ষীৰ সংস্কাৰ সম্ভৱপৰ নহয়৷ সংস্কাৰ অবিহনে অসম আৰক্ষীয়ে সর্বসাধাৰণ ৰাইজৰ আস্থা আৰু বিশ্বাস কোনো কাৰণতে লাভ নকৰে৷ ফলত অসম আৰক্ষীৰ ‘জনহিত জনসেৱার্থে’ৰ মন্ত্রও শ্ল’গান হৈয়ে থাকিব৷ লক্ষণীয় এয়ে যে অসম আৰক্ষীৰ অশুভ শক্তিটোক চিনাক্ত কৰি সমান্তৰালভাৱে আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে তৎকালীনভাৱে কঠোৰ অনুশাসনমূলক ব্যৱস্থাও গ্রহণ কৰিছে৷ এমাহৰ ভিতৰতে কেইবাজনো আৰক্ষীৰ লোকক চাকৰিৰ পৰা বর্খাস্ত কৰাৰ লগতে নিলম্বিতও কৰা হৈছে৷ তৎসত্ত্বেও আৰক্ষী বিভাগত এতিয়াও চলি আছে অপৰাধ আৰু জঘন্য কাণ্ড ৷ শেহতীয়াকৈ গাঞ্জাৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত থকা চাৰিজন আৰক্ষীক গ্রেপ্তাৰ কৰা হৈছে কৰিমগঞ্জত ৷ বাংলাদেশ সীমান্তৱর্তী জিলাখনেৰে দেশৰ বিভিন্ন প্রান্তলৈ ৰে’লযোগে গাঞ্জা সৰবৰাহ হৈ আছে৷ এনে অবৈধ বেহাৰ বিৰুদ্ধে অসম আৰক্ষী আৰু ৰে’ল আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই সফলতাও লাভ কৰিছে ৷ কিন্তু ইয়াৰ মাজতে একাংশ আৰক্ষীয়ে অপৰাধী চক্রটোৰ সৈতে মিতিৰালি কৰি দীর্ঘদিনে এনে মাৰাত্মক বেহাত চামিল হৈছে ৷ যদিহে গাঞ্জাৰ দৰে মাৰাত্মক নিচাযুক্ত সামগ্রীৰ চোৰাং বেহাত স্বয়ং আৰক্ষীৰ লোক জড়িত হৈ পৰে, তেন্তে এনে অবৈধ বেহা প্রতিৰোধ কৰাটো অসম্ভৱ হৈ উঠাই স্বাভাৱিক ৷ মাথোঁ গাঞ্জাৰ বেহাই নহয়, অন্যান্য নিষিদ্ধ নিচাযুক্ত সামগ্রী, ড্রাগ্ছ, অবৈধ সোণ আদিৰ চোৰাং বেহাৰে অসম আৰক্ষীৰ একাংশ লোক জড়িত থকাৰ তথ্য স্বয়ং আৰক্ষীৰ তদন্ততে পোহৰলৈ আহিছে ৷ এনে কাণ্ডত জড়িত একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় অনুশাসনমূলক ব্যৱস্থাও গ্রহণ কৰা হৈছে৷ একাংশ আৰক্ষী বিষয়াই ৰঙাঘৰত সোমাই পুনৰ চাকৰিত যোগদান কৰি পুনৰ অপৰাধজনিত ঘটনাত জড়িত হোৱাৰ অভিযোগো আছে৷ এনে পৰিস্থিতিত অসম আৰক্ষীৰ ভিতৰচ’ৰাত সোমাই পৰা অপৰাধৰ জালখন আঁতৰাবলৈ কঠোৰ সংস্কাৰৰ প্রয়োজন হৈছে৷ কিন্তু আৰক্ষীৰ সংস্কাৰ প্রক্রিয়া থানাসমূহৰ পৰা আৰম্ভ নহ’লে সর্বাধিক ক্ষতিগ্রস্ত হ’ব সর্বসাধাৰণ ৰাইজ ৷ বিশেষকৈ থানাসমূহত নিয়োজিত কনিষ্টবলৰ পৰা ভাৰপ্রাপ্ত বিষয়াসকলৰ মানসিক সংস্কাৰ অতি জৰুৰী ৷ সাধাৰণ ৰাইজে কেতিয়াও অনাহকত থানালৈ নাযায় ৷ বিপদৰ সময়ত আৰক্ষীৰ সহায় আৰু ন্যায়ৰ বাবে থানালৈ যোৱা বিপদগ্রস্ত লোকক সুৰক্ষা প্রদানত যাতে কোনো ত্রুটি নহয়, সেয়া নিশ্চিত কৰিব লাগিব আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে ৷ থানাত নিয়োজিত একাংশ আৰক্ষীয়ে কর্তব্যৰত অৱস্থাত সুৰাপান কৰাটো নতুন নহয় ৷ এনে কার্য আৰক্ষীৰ মুৰব্বীগৰাকীৰো জ্ঞাত৷ সেয়ে কর্তব্যৰত অৱস্থাত সুৰাপান নকৰিবলৈ আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে শেহতীয়াকৈ নির্দেশনা জাৰি কৰিব লগা হোৱাটো দুর্ভাগ্যজনক ৷ কিন্তু এনে নির্দেশনাৰ পিছতো থানাসমূহত একাংশ আৰক্ষীয়ে সুৰাপান কৰাটো বন্ধ কৰা নাই ৷ শেহতীয়াকৈ কর্তব্যৰত অৱস্থাত সুৰাপান কৰা গুৱাহাটীৰ ফটাশিল আমবাৰী থানাৰ নৃপেন্দ্র কুমাৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে ৷ যদিহে আৰক্ষী সঞ্চালকপ্রধানৰ কঠোৰ নির্দেশনা সত্ত্বেও মহানগৰীৰ থানাতে কর্তব্যৰত অৱস্থাত মাতাল আৰক্ষী ধৰা পৰে, তেন্তে ৰাজ্যখনৰ পিছপৰা অঞ্চলসমূহৰ থানাসমূহ কিদৰে চলিছে, সেয়া সহজে অনুমেয় ৷ সেয়ে থানাসমূহ কিদৰে পৰিচালিত হৈছে, সেয়া নিশ্চিত কৰিবলৈ থানাসমূহতো আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে বিশেষ স্কোৱাডৰ জৰিয়তে আকস্মিক পৰিদর্শনৰ ব্যৱস্থা গ্রহণ কৰা উচিত৷