বিষ্ণু ৰাভা দিৱসৰ প্রাসংগিকতা
বিষ্ণু ৰাভা দিৱসৰ প্রাসংগিকতা
অসম আৰু অসমীয়াই ২০ জুন বিষ্ণু ৰাভা দিৱসৰ ৰূপত উদযাপন কৰি আহিছে৷ চৰকাৰৰ পৰা সাধাৰণ জনতালৈকে এই দিনটোত সৈনিক শিল্পী, কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ আদর্শ আৰু কর্মৰাজিক বিশ্লেষণাত্মক দৃষ্টিৰে স্মৰণ কৰে৷ অসমীয়া সমাজক আলোকৰ পথেৰে অগ্রগামী কৰিবলৈ অহোপুৰুষার্থ কৰা এগৰাকী দিকদ্ৰষ্টা বিষ্ণুপ্রসাদ ৰাভাৰ ১৯৬৯ চনৰ ২০ জুনত মহাপ্রয়াণ ঘটিছিল আৰু পৰৱর্তী সময়ত অন্যতম শ্রেষ্ঠ অসমীয়া বিপ্লৱী বিষ্ণু ৰাভাৰ প্রতি সন্মান প্রদর্শন কৰি ২০ জুনত বিষ্ণু ৰাভা দিৱস পালনৰ প্রক্রিয়া আৰম্ভ হয়৷ বিশাল ব্যক্তিত্বৰ বিষ্ণুপ্রসাদ ৰাভা কবি, গীতিকাৰ, নাট্যকাৰ, নৃত্যশিল্পী, গৱেষক, সুদক্ষ খেলুৱৈ, সমাজ সংগঠককে ধৰি ৬৪বিধ কলাত পার্গত আছিল৷ বিংশ শতিকাৰ অসমৰ সাধাৰণ জনতাৰ মুক্তি তথা শোষক শ্রেণীৰ বিৰুদ্ধে সংগ্রামৰ পন্থা লোৱা এগৰাকী মানৱতাৰ প্রতিভূ বিষ্ণুপ্রসাদ ৰাভাই মানৱীয় সত্তাৰ উত্তৰণ আৰু শ্রেণীহীন সমাজ প্রতিষ্ঠাত আজীৱন উৎসর্গিত আছিল৷ ইংৰাজৰ কু–শাসন আৰু সুবিধাবাদী ভাৰতীয়ৰ কুটিল চক্রান্তক ওফৰাবলৈ সহস্র পন্থাকো আঁকোৱালি ল’বলৈ কুণ্ঠাবোধ নকৰা বিষ্ণু ৰাভাৰ বিপ্লৱী জীৱন আৰু কর্ম অতি বৈচিত্র্যপূর্ণ৷ অসম মাতৃক গভীৰ শ্রদ্ধা আৰু ভালপোৱা বিষ্ণু ৰাভাই যিকোনো পথেৰেই জনতাৰ মংগল কামনা কৰিছিল৷ সোণৰ চামুচ মুখত লৈ জন্মগ্রহণ কৰা বিষ্ণু ৰাভাই ওৰে জীৱন খাটি খোৱা মানুহৰ হকে সংগ্রাম কৰিছিল৷ তেওঁৰ সকলো সম্পদ, ঐশ্বর্য–বিভূতি জনগণৰ স্বার্থত বিলাই দি নিজেই সর্বহাৰাৰ জীৱনো কটাবলগীয়াত পৰিছিল৷ দুখীয়া, হালোৱা, বনুৱাৰ মুক্তিৰ হকে সংগ্রাম চলোৱা বিষ্ণু ৰাভাৰ অসমৰ মাটি–পানী, গ্রাম্য জীৱন আৰু গ্রাম্য লোক–সংস্কৃতিৰ প্রতি আছিল গভীৰ শ্রদ্ধা, মৰম আৰু অকৃত্রিম ভালপোৱা৷ ইয়াৰ স’তে থকা গভীৰ সম্পর্কই তেওঁক মানুহৰ শিল্পীৰূপে গঢ়ি তুলিছিল৷ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো দিশত জনগণৰ বাবে বৈপ্লৱিক কার্যসূচী লৈ হালোৱা–হজুৱাৰ মুকুতিৰ বাবে হাতত তেওঁ তুলি লৈছিল কলম৷ আনহাতে, কান্ধত ষ্টেনগান লৈ ব্যক্তিগত জীৱনৰ ভোগবিলাস এৰি দিছিল৷ শাসকৰ অন্যায়ৰ বিৰুদ্ধে বজ্রকঠোৰ বিষ্ণু ৰাভাই কাৰাবাসো খাটিছিল৷ গণসংস্কৃতিৰে তেওঁ লুণ্ঠনকাৰী আৰু শোষণকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সাধাৰণ জনতাক সাহস যোগাইছিল৷ তেওঁৰ গীতেই হওক, কবিতাই হওক কিম্বা যিকোনো ৰচনাতেই আছে শোষিত–বঞ্চিত–নিপীড়িত কৃষক-শ্রমজীৱী জনগণৰ মুকুতিৰ কণ্ঠ, শাসক–শোষকৰ বিৰুদ্ধে প্রতিবাদৰ জোৱাৰ৷ বিষ্ণু ৰাভাই জনতাৰ গাত অসীম শক্তি দেখিছিল৷ হালোৱা, হজুৱা, বনুৱা শ্রমিকৰ প্রতি তেওঁৰ আস্থা আছিল৷ নিপীড়িত–নির্যাতিত লোকসকলক লৈ ঐক্যবদ্ধ হৈ সংগ্রামৰ সপোন দেখিছিল৷ গীত আৰু কবিতাৰে তেওঁ আহ্বানো জনাইছিল৷ মেহনতী জনতাৰ মুকুতিৰ জয়গান আৰু সাহসৰ বাণীৰে সমৃদ্ধ তেওঁৰ ৰচনাৰাজি৷ বিষ্ণু ৰাভা বিপ্লৱী চেতনাৰ বার্তাবাহক৷ দাসত্বৰ শিকলি ছিঙি আজন্মৰ স্বাধীনতা প্রাপ্তিৰ কথা তেওঁৰ চিন্তাত আছিল৷ সাম্যবাদৰ জ্ঞানেৰে তেওঁ শ্রেণীবিভক্ত সমাজত শোষকৰ বিনাশ অবিহনে শোষিতৰ মুক্তি অসম্ভৱ, সেই কথাৰ গূঢ়ার্থ বুজিছিল, সেয়েহে শোষকক ঘৃণা নকৰাকৈ শোষিতক ভাল পাব নোৱাৰি, তাকো ভালদৰে উপলব্ধি কৰিছিল৷ গণচেতনা জাগৰণৰ বাবেই তেওঁ গণ সংস্কৃতিক আধাৰ কৰি লৈছিল৷ গণ সংস্কৃতিৰ জৰিয়তে সমাজত সকলো জাতি–ধর্ম–বর্ণ–সম্প্ৰদায়ৰ জনগোষ্ঠীৰ মনত মুক্তিৰ চেতনা জগাবলৈ অহোপুৰুষার্থ কৰি গৈছিল৷
স্বাধীনতা সংগ্রামী হৈও ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতাক তেওঁ ভুৱা স্বাধীনতা বুলি ক’বলৈ কুণ্ঠাবোধ কৰা নাছিল৷ ৰাজনৈতিকভাৱে স্বাধীন হ’লেও অর্থনৈতিকভাৱে পৰাধীন হৈ থকা বুলি তেওঁ মত ব্যক্ত কৰিছিল৷ দুখীয়া, কৃষক, বনুৱা শ্রেণীৰ স্বাধীনতা নহয় বুলি ১৯৫৩ চনৰ ২৬ ফেব্রুৱাৰীত দীঘেলীত ক’লা পতাকা উৰুৱাই ‘ইয়ে আজাদী ঝুথা হ্যায়’ শ্লোগান দিছিল৷ শাসকৰ শোষণ–বঞ্চনাৰ বিৰুদ্ধে অটল স্থিতিত থকা নিপীড়িত বঞ্চিতৰ ক্রাণকর্তাস্বৰূপ বিষ্ণু ৰাভাই শাসকৰ ৰোষৰ বলি হৈও হাৰ মনা নাছিল৷ হাৰ মনা নাছিল তেওঁৰ বামপন্থী আদর্শ, হাৰ মনা নাছিল তেওঁৰ সংগ্রামী সত্তা৷ দেশৰ মাটি, পানী, বায়ু আৰু কৃষ্টি–সংস্কৃতিৰ একনিষ্ঠ সাধক বিষ্ণু ৰাভাৰ আছিল অগাধ দেশপ্রেম, অপত্য অসম প্রেম৷ তেওঁৰ লক্ষ্য আছিল বনুৱা, হালোৱা–হজুৱা, উচ্চ–নীচ জাতিভেদ নথকা ঐক্য–সম্প্রীতিৰ এনাজৰীৰে এখন সুন্দৰ অসমীয়া সমাজ৷ বৰ অসমৰ সর্বাংগসুন্দৰ সমাজ৷ তেওঁৰ বিশ্বাস আছিল যে অসমীয়া জাতি জীয়াই থাকিবলৈ হ’লে, অসমীয়া কৃষ্টি–সংস্কৃতি জীয়াই ৰাখিবলৈ হ’লে প্রথমে অর্থনৈতিক সমস্যা সমাধান হ’ব লাগিব, দৰিদ্রতাৰ অৱসান হ’ব লাগিব– শ্রেণীহীন সাম্যবাদী সমাজ এখন গঢ়ি তুলিব লাগিব৷ কথাষাৰ আজিও প্রাসংগিক৷ যি বর্তমানৰ পৰিস্থিতিয়ে ভাবিবলৈ বাধ্য কৰাইছে৷ বিপ্লৱৰ মাজেদিহে নিষ্পেষিত, নির্যাতিত, নিপীড়িত দুখীয়া অসমীয়া বাচিব লাগিব বুলি তেওঁ দৃঢ়তাৰে কৈছিল৷ যিটো কথা অস্বীকাৰ কৰিব নোৱাৰি৷ শোষক, ধনিক শ্রেণীৰ জাতি নাই, ধর্ম নাই, সম্প্রদায় নাই৷ তেওঁলোক সেইবাবে দৰিদ্র-নিচলাৰ শোষণকাৰী৷ বিষ্ণু ৰাভাই সেয়েহে সমাজৰ পৰা এনে শোষক শ্রেণীক উৎখাতৰ সংগ্রামক প্রাধান্য দিছিল৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পাছত আৰম্ভ হোৱা আধুনিক যুগক অসমত দুজন মহান অসমীয়াই প্রতিনিধিত্ব কৰিছে বুলি বহুতেই বিবেচনা কৰি আহিছে৷ তেওঁলোকে হৈছে জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষ্ণুপ্রসাদ ৰাভা৷ মহাপুৰুষজনাৰ বার্তাকেই তেওঁলোকে অসমীয়া সমাজক দি থৈ গৈছে৷ বিষ্ণুপ্রসাদ ৰাভা নিঃসন্দেহে অসমীয়া সমাজক আলোকৰ পথেৰে অগ্রগামী কৰিব বিচৰা এগৰাকী দিকদ্ৰষ্টা৷ বিষ্ণু ৰাভাৰ মহান জীৱনৰ বৈভৱময় আৰু গৰিমাময় দিশটোৱেই হৈছে তেওঁৰ কথা আৰু কামৰ মাজত দ্বিধাহীন একৰূপতা আৰু নিঃস্বার্থ ত্যাগ৷ যিয়ে তেওঁক অসমীয়া সমাজত ধ্রুৱতৰাৰ দৰে উজলাই ৰাখিছে৷ অসমীয়া জাতীয়তাবাদীসকলে তেওঁৰ এই মহান ত্যাগক সততাৰে উপলব্ধি কৰিব পাৰিব লাগিব, অনুধাৱন কৰিব পাৰিব লাগিব৷ বিষ্ণুপ্রসাদ ৰাভাৰ জাতি কল্যাণৰ, মানৱ কল্যাণৰ ঐকান্তিক স্পৃহা আৰু নিঃস্বার্থ ত্যাগ বুজিব লাগিলে ভোগবাদী মানসিকতাৰ পৰা ঊর্ধ্বত থাকিব পাৰিব লাগিব৷ অন্যথা তেওঁক স্মৰণৰ ‘বিষ্ণু ৰাভা দিৱস’ কার্যসূচীক বাদে আন একো নহ’ব৷