নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠ্যপুথিত সন্নিৱিষ্ট হ’ব হিন্দু ৰজাৰ পৰাক্রম

প্রায় পাঁচ হাজাৰ বছৰ পুৰণি ভাৰতীয় সভ্যতা–সংসৃকতিৰ ইতিহাসৰ পৃষ্ঠাত সঠিক সঠিক প্রতিফলন ঘটা নাই বুলি এটা অভিযোগ বহুদিনৰে পৰা দেশখনত উত্থাপিত হৈ আহিছে৷ এই অভিযোগ মূলতে কংগ্রেছ আৰু একাংশ বাঁওপন্থী ইতিহাসবিদৰ বিৰুদ্ধে৷ দুয়োটা পক্ষই মিলি ভাৰতৰ ইতিহাসৰ এনে ধৰণে অংগক্ষত কৰিছে যে দেশখনৰ জনসাধাৰণে ইতিহাসৰ প্রকৃত নায়কসকলৰ পৰাক্রম, শৌর্য–বীর্য আদিৰ বিষয়ে প্রকৃতার্থত আজিও অজ্ঞ হৈ থাকিবলগীয়া হৈছে৷ ইয়াৰ বিপৰীতে এনে কিছুমান শাসকক ইতিহাসৰ পৃষ্ঠাত মহীয়ান কৰি তোলা হৈছে যে তেওঁলোক আচলতে তেনে গুণ–গৰিমাৰ অধিকাৰী নাছিল বা সেই মহানতাৰ গুণ–গান তেওঁলোকৰ প্রাপ্য নহয়৷ কিন্তু ৰাজনৈতিক মুনাফা আদায়ৰ অর্থে কংগ্রেছে অনুসৰণ কৰি থকা তুষ্টিকৰণৰ নীতিৰ বাবে ভাৰতৰ ইতিহাসক প্রণালীবদ্ধভাৱে বিকৃত কৰা হৈছে৷ দেশখনৰ সঁচা ইতিহাসক মানুহৰ মাজত তুলি ধৰা হোৱা নাই৷ কাৰণ, এইখন দেশৰ জনসাধাৰণে নিজৰ ইতিহাসৰ পৰা অনুপ্রেৰণা আৰু সাহস লৈ এটা পৰাক্রমী জাতি হিচাপে যাতে নিজকে প্রতিপন্ন কৰিব নোৱাৰে৷ ইয়াৰ বিপৰীতে ইতিহাসৰ পৃষ্ঠাত এনে এখন ছবি অংকন কৰা হৈছে, যাতে দেশখনৰ সিংহভাগ জনসাধাৰণৰ মনত ভাৰতীয় এটা পৰাজিত জাতি ৰূপে ৰৈ যায়৷ এই অভিযোগে দীর্ঘদিন ধৰি শাসকপক্ষৰ পৰা সন্মান আৰু সঁহাৰি আশা কৰি আহিছিল৷ কিন্তু স্বাধীনতাৰ পিছৰে পৰা সিংহভাগ সময় ভাৰত শাসন কৰা কংগ্রেছৰ জৰিয়তে ইয়াৰ সমিধান পর্বতত কাছৰ কণী বিচৰাৰ দৰেই আছিল৷ মাজতে আন দলো শাসনলৈ আহিছিল যদিও কোনেও দেশখনৰ উপেক্ষিত নায়ক–মহানায়কসকলক ইতিহাসৰ পৃষ্ঠাত যথাযোগ্য সন্মান দিয়াৰ প্রয়াস নকৰিলে৷ কংগ্রেছে দেশখনত কৌশলেৰে এনে পৰিৱেশ এটা ৰচনা কৰি থ’লে যে ইজৰাইলত সন্ত্রাসবাদী সংগঠন হামাছৰ বর্বৰ আক্রমণকো গৰিহণা দিবলৈ যোৱাটো কোনো কোনোৰ মনত এটা অপৰাধসদৃশ কাম যেন লগা হ’ল৷
শেহতীয়াকৈ ৰাষ্ট্রীয় শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পৰিষদ (এন চি ই আৰ টি)-এ বিদ্যালয়ৰ পাঠ্যক্রমত গুৰুত্বপূর্ণ সলনি আৰু সংশোধন কৰিবলৈ ওলাইছে৷ সংস্থাটোৱে যদিওবা নতুন শিক্ষানীতিৰ আধাৰত এই পদক্ষেপ গ্রহণ কৰিছে, সিয়ে দেশখনৰ জাতীয় জীৱনত এটা নতুন যুগৰ সূচনা কৰিব পাৰে৷ এক কথাত ক’বলৈ গ’লে এন চি ই আৰ টিৰ পদক্ষেপে দেশখনত এনে এটা প্রজন্মৰ সষ্টি কৰিব পাৰে, যাৰ চিন্তা–চেতনাত এটা বীৰৰ জাতিৰ নতুন স্রোত প্রবাহিত হৈ থাকিব পাৰে৷ পৰৱর্তী সময়ৰ পৰা সৃষ্টি হৈ থাকিব পাৰে উজ্জীৱিত প্রজন্মৰ নতুন ধাৰা৷ এন চি ই আৰ টিয়ে গঠন কৰি দিয়া সমিতি এখনে শেহতীয়াকৈ দ্বাদশ শ্রেণীলৈকে বিদ্যালয়ৰ পাঠ্যপুথিত দেশখনৰ হিন্দু ৰজা–মহাৰজাৰ পৰাক্রমৰ গাথা অন্তর্ভুক্ত কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ এই সন্দর্ভত সমিতিখনৰ অধ্যক্ষ চি আই আইজাকে ২৫ অক্টোবৰত সংবাদ মাধ্যমৰ আগত ইয়াৰ যুক্তি দাঙি ধৰিছে৷ তেওঁ কৈছে যে বর্তমানে প্রচলিত পাঠ্যপুথি আৰু পাঠ্যক্রমত হিন্দু ৰজাসকলৰ পৰাজয়ক অতি বেছি গুৰুত্ব দিয়া হৈছে৷ হিন্দু ৰজাৰ জয়ৰ উল্লেখেই নাই৷ ‘কিয় আমাৰ পাঠ্যপুঠিত শিকোৱা নহয় যে ভাৰত লুণ্ঠন কৰি উভতি যোৱাৰ পথত মহম্মদ ঘোৰী ভাৰতীয় জনজাতীয় বীৰৰ হাতত নিহত হৈছিল৷ কোলাচেলত ড্রেভাংক’ৰ সাম্রাজ্য আৰু ডাচ ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা যুদ্ধৰ কথা পাঠ্যপুথিত ক’তোৱেই উল্লেখ নাই৷ কিয় জৰুৰীকালীন সময়ৰ বিস্তৃত ইতিহাস শিক্ষার্থীক শিকোৱা নহয়?’– এই ক্ষোভো অধ্যক্ষ আইজাকৰ৷ লক্ষণীয়ভাৱে সমিতিখনে পাঠ্যপুথিত দেশখনৰ নাম ইণ্ডিয়াৰ পৰিৱর্তে ভাৰত ব্যৱহাৰৰ পোষকতা কৰিছে ৷ ভাৰত নামটো বিষু পুৰাণতো উল্লেখ থকা বুলি সমিতিয়ে যুক্তি দাঙি ধৰিছে৷ অৱশ্যে দেশখনৰ নাম ভাৰত হ’ব লাগে বুলি জি–২০ সন্মিলনৰ পৰাই চর্চা এটা চলি আছে৷ ইয়াৰ সপক্ষে–বিপক্ষে যুক্তিযুদ্ধ চলি আছে৷ এন চি ই আৰ টিয়ে সমিতিখনৰ পৰামর্শ সন্দর্ভত সদ্যহতে একো সিদ্ধান্ত গ্রহণ কৰা নাই৷ ইয়াৰ পূর্বেই দেশৰ ৰাজনৈতিক মহলত বিতৰ্কৰ ধমুহা আৰম্ভ হৈছে৷ কিন্তু এটা কথা ক’ব পাৰি যে পৰামর্শাৱলী বাস্তৱত ৰূপায়িত হ’লে ভাৰতবর্ষত এটা নতুন যুগৰ সূচনা হ’ব পাৰে৷

You might also like