অসমত কংগ্রেছৰ দুর্বলতা
দেশজুৰি নির্বাচনী মহাসমৰৰ আখৰা চলি আছে৷ যুদ্ধখন ১৯ এপ্রিলত আৰম্ভ হ’ব৷ ফলাফল ওলাব ভোটগণনাত৷ ৰজা কোন হয়, কাৰ ভাগ্যত বিৰোধীৰ আসন মিলে, সকলো স্পষ্ট হৈ পৰিব দেশৰ ভোটদাতাই দিয়া ভোটৰ হিচাপ–নিকাচত৷ সেই দিনটোক নিজৰ পক্ষলৈ অনাৰ বাবে এতিয়া চলি আছে প্রতিশ্রুতি, আশ্বাস, সমালোচনা, কটূক্তিৰ প্রতিযোগিতা৷ সকলোৰে লক্ষ্য এটাই– জনতা জনার্দনৰ মন জয় কৰা৷ তাৰ বাবে কোনোৱে দৰিদ্রৰ সৈতে মাটিতে বহিও ভাত খাইছে, কোনোৱে প্রতিপক্ষৰ সমালোচনাত শালীনতাৰ সীমা চেৰাই ভোটাৰক উত্তেজিত কৰাৰ প্রয়াস কৰিছে৷ অৱেশ্য মূল্যবোধক সমাধিষ্ঠ কৰি ক্ষমতা হস্তগত কৰাৰ দৰে এনে ধৰণৰ নীতিহীন ৰাজনীতিক দেশবাসীয়ে আজিলৈকে আসৈ দিয়া নাই৷ কাৰো হাতত শাসনৰ ক্ষমতা তুলি দিয়াৰ নজিৰ নাই৷ ইয়াৰ বিপৰীতে ৰাজনৈতিক দল আৰু নেতাই যিটো কৰিব লাগিছিল, সিংহভাগেই নকৰাকৈ আছে৷ কথাটো বিৰোধী ৰাজনৈতিক দল বিশেষকৈ কংগ্রেছৰ ক্ষেত্রত প্রযোজ্য৷ অসমত এতিয়া কংগ্রেছৰ দুৰৱস্থা এনে হৈছে যে কাউৰীয়ে কাণখন নিলে বুলি ক’লে নিজৰ কাণখনলৈ হাত নিদি কাউৰীৰ পিছে পিছে লৰ মাৰে৷ আত্মবিশ্বাসহীন, দুর্বল নেতৃত্বৰ বাবে অসমত দলটোৰ দুর্গতি দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে৷ বিজেপিৰ কৌশলী ৰাজনীতিক ধৰিব নোৱাৰা প্রদেশ কংগ্রেছৰ নেতৃত্বই ভবাতকৈ অতি সহজে শাসক দলটোৰ ফান্দখনত ভৰি দিলে৷ এতিয়া অৱস্থা এনেকুৱা হৈছে, অসমত সবাতোকৈ অস্থিৰ, আস্থাহীনতা তথা আত্মবিশ্বাসহীন ৰাজনৈতিক দলত পৰিণত হৈছে কংগ্রেছ দলটো৷ দলটোত কোনেও কাকো বিশ্বাস কৰিব নোৱৰা পৰিৱেশ এটা গা কৰি উঠিছে৷ আজি কংগ্রেছক ভোট দিব লাগে বুলি কোৱা নেতাজনে কাইলৈ বিজেপিত যোগদান নকৰাৰ গেৰাণ্টী কাৰোৱেই হাতত নোহোৱা হৈ পৰিছে৷ ইয়াৰ প্রভাৱ দলটোৰ তৃণমূল পর্যায়ৰ কর্মীৰ মাজত কিমান গভীৰলৈ নেতিবাচকভাৱে পৰিছে, সেয়া কল্পনাতীত৷ মুঠৰ ওপৰত অসমত কংগ্রেছ এতিয়া মনোবলহীন কর্মশক্তিহীন নেতৃত্বৰ এটা ৰাজনৈতিক দল৷ অৱশ্যে দুই–এখন ৰাজ্যক বাদ দিলে দেশখনতে কংগ্রেছৰ দুর্দশাগ্রস্ততাৰ ছবি একেই৷ ৰাজনীতিয়েই হওক বা যুদ্ধ, য’ত প্রতিপক্ষৰ অস্তিত্ব বা অৱস্থা থাকে, তাত প্রতিপক্ষক দুর্বল কৰাৰ প্রয়াসটো সহজ আৰু স্বাভাৱিক ৰণকৌশলৰ অংশীদাৰ৷ নির্বাচনী ৰণলৈ ওলোৱা নেতৃত্বই ইয়াৰ বাবে নিজকে প্রস্তুত কৰি ৰাখিব লাগিব৷ আৱশ্যকীয় ৰণকৌশল যুগুত কৰি ৰাখিব লাগিব৷ তাকে নকৰি মিথ্যা আত্মবিশ্বাসত গদ গদ হৈ থাকিলে আচল যুদ্ধখন আৰম্ভ হোৱাৰ পূর্বেই পৰাজিত হ’ব লাগিব৷ অন্ততঃ জনসাধাৰণ আৰু নিজৰ সৈন্য–সামন্তলৈ সেই বার্তাটোকে যাব৷
অসমত কংগ্রেছৰ এটা প্রধান সমস্যা হ’ল দলটোৰ বহু নেতা–বিধায়কৰ সৈতে ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ সু–সম্পর্ক আছে বুলি দলটোৰ নেতৃত্বই ভাবে আৰু সেইটো খহনীয়াৰ এটা স্বাভাৱিক কাৰণ বুলি ধৰি লয়৷ মুখ্যমন্ত্রী হিচাপে, এগৰাকী দক্ষ ৰাজনীতিক হিচাপে মুখ্যমন্ত্রীগৰাকীৰ বিৰোধী শিবিৰৰে ভাল সম্পর্ক থকাটো তেনেই স্বাভাৱিক৷ ইয়াৰ অর্থ এইটো নহয় যে মুখ্যমন্ত্রীগৰাকীৰ সৈতে সু–সম্পর্ক আছে বাবেই কংগ্রেছ এৰি বিধায়ক–নেতাই মথাউৰি ছিঙি বানৰ পানী ওলাই যোৱাৰ দৰে দল এৰি ওলাই যাব আৰু সেইটোক স্বাভাৱিক হিচাপে গণ্য কৰা হ’ব৷ প্রদেশ কংগ্রেছৰ নেতৃত্বই লগতে আন এটা কথাক আওকাণ কৰি গৈছে৷ আচলতে দূৰদৃষ্টিৰ অভাৱত উপেক্ষা কৰা হৈছে যে মুষ্টিমেয় কেইজনমান বিধায়কৰ মাজৰ পৰাই ব্যাপক হাৰত বিধায়কৰ দলত্যাগ আৰু বিজেপি গমনে তৃণমূল পর্যায়ৰ কর্মীৰ বিশ্বাস আৰু মনোবলত কিদৰে আৰু কিমান গভীৰতলৈ নেতিবাচক প্রভাৱ পেলাব পাৰে৷ যিকোনো ৰাজনৈতিক দলৰ তৃণমূল পর্যায়ৰ কর্মীসকল মূল সম্পদ আৰু চালিকা শক্তি৷ এই মানুহখিনিয়েই দলৰ কথা, নীতি, নির্বাচনী প্রতিশ্রুতি, প্রতিপক্ষৰ দুর্বলতাক জনসাধাৰণৰ মাজলৈ লৈ যায়৷ কংগ্রেছে এইবাৰ পঁচটা ন্যায়ৰ কথা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ পণ লৈছে৷ কিন্তু কথাবোৰ ক’বলৈ আজিৰ তাৰিখত দলটোত শক্তিশালী কর্মী বাহিনী এটা আছেনে? মনোবলহীন কর্মী বাহিনী লগত লৈ বিজেপিৰ দৰে শক্তিশালী প্রতিপক্ষ এটাৰে যুঁজ দিব পৰা যাবনে? প্রদেশ কংগ্রেছৰ সভাপতিগৰাকী এতিয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰে বাকযুদ্ধৰ ৰমন্যাসিকতাত ব্যস্ত৷ তেওঁ মই মুখ্যমন্ত্রী হ’ম, মুখ্যমন্ত্রীৰ ঠিকনা সলনি কৰিম, মুখমন্ত্রীৰ বিৰুদ্ধে বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিম লেখীয়া শিশুসুলভ দম্ভালি কিছুমান মাৰে৷ অত্মবিশ্বাসহীন, অপৰিপক্ব লোকেহে তেনে আচৰণ কৰি প্রতিষ্ঠা কৰিব খোজে যে তেওঁ মুখ্যমন্ত্রীগৰাকীতকৈ শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী৷ দলটোৰ নেতা ৰাহুল গান্ধীয়ে একেটা কামকে কৰি বিগত বছৰকেইটাত নিজকে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সন্মুখত ভুচুং পহু সজালে৷ তেওঁ এটা কথা বুজিব পৰা নাই যে মুখ্যমন্ত্রী ড০ শর্মাৰ লক্ষ্য তেওঁ নহয়, লক্ষ্য কংগ্রেছহে৷ নির্বাচনৰ পিছত পানীভর্তি গিলাচটোৰ পৰা লম্ফ–জম্ফ কৰি থকা পোকটোৰ দৰে উলিয়াই পেলাব৷ দল ৰক্ষাৰ বিপৰীতে তেওঁ যিটো ৰোমাণ্টিছিজমত লিপ্ত হৈ আত্মসন্তুষ্টি লভি আছে, সিয়ে নির্বাচনটোত অভূতপূর্ব ব্যর্থতা আনি দিব পাৰে৷