নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত ৫০০ কোটি টকা মূল্যৰ ২১ কিঃগ্রাম হেৰ’ইন জব্দ

🔹 আইজিপি পার্থসাৰথি মহন্তৰ নেতৃত্বত এছটিএফৰ অভিযান
🔹 নিষিদ্ধ সামগ্রী কঢ়িয়াই অনা আইজলৰ চি ললিয়ানাক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ৫ এপ্রিল : যুৱপ্রজন্মৰ ভৱিষ্যতক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ড্রাগছৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে আৰক্ষীৰ চকুত ধূলি দি এতিয়াও আন্তঃৰাষ্ট্রীয় চোৰাং চক্রই অসমৰ মাজেৰে সৰবৰাহ অব্যাহত ৰাখিছে মাৰাত্মক বৰবিহৰ৷ বিগত দিনসমূহত প্রতিনিয়ত প্রান্তে প্রান্তে নিষিদ্ধ হেৰ’ইন–ব্রাউন ছুগাৰ–আফিং আদিৰ দৰে সামগ্রী জব্দ কৰি অহা স্পেচিয়েল টাস্ক ফ’ৰ্চ (এছ টি এফ)–এ কালি কাছাৰ জিলাত এক সফল অভিযান চলাবলৈ সক্ষম হয়৷ এছটিএফৰ মুৰব্বী তথা আইজিপি পার্থসাৰথি মহন্ত আৰু কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাতোৰ নেতৃত্বত চলা এই অভিযানত ২১ কিলোগ্রাম হেৰ’ইন জব্দ কৰে শিলডুবি অঞ্চলৰ শিলচৰ–আইজল ৰোডত৷ প্রাপ্ত তথ্য অনুসৰি, গোপন সূত্রৰ তথ্যৰ ভিত্তিত এছটিএফৰ দলে এই অভিযানটো চলাইছিল৷ প্রাৰম্ভিকভাৱে জব্দকৃত হেৰ’ইনখিনিৰ মূল্য আন্তর্জাতিক বজাৰত ২১০ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও ইয়াৰ দৰ ৫০০ কোটি হ’ব বুলি এক বিশেষ সূত্রত প্রকাশ৷ সূত্রটোৱে সদৰী কৰা অনুসৰি, জব্দ কৰা মাৰাত্মক ড্রাগ্ছখিনিৰ ১৮ কিলোগ্রাম বিশুদ্ধ হোৱাৰ বিপৰীতে বাকী তিনি কিলোগ্রাম মিশ্রিত৷ তাৰ ভিত্তিতে সামগ্রিকভাৱে জব্দ কৰা হেৰ’ইনৰ মূল্য আন্তর্জাতিক বজাৰত ৫০০ কোটি হ’ব৷ তথ্য অনুসৰি, এম জেদ-০১ এক্স-৭২০৪ নম্বৰৰ মাৰুতি ব্রীজা বাহনখনত এই নিষিদ্ধ সামগ্রীখিনি মিজোৰামৰ দিশৰ পৰা কঢ়িয়াই অনা হৈছিল৷ গোপন সূত্রই দিয়া খবৰৰ ভিত্তিত আইজিপি পার্থসাৰথি মহন্ত নেতৃত্বাধীন অভিযানকাৰী দলটোৱে শিলচৰ আৰক্ষী থানাৰ অন্তর্গত শিলচৰ–আইজল ৰোডত তালাচী অভিযান চলায়৷ এই তালাচী অভিযানতে নির্দিষ্ট বাহনখন ধৰা পৰে আৰু নিষিদ্ধ সামগ্রীসহ আইজলৰ চি ললিয়ানা নামৰ লোকজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অভিযান সন্দর্ভত আইজিপি পার্থসাৰথি মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে প্রায় ১০ দিন পূর্বে আমি চুবুৰীয়া ৰাজ্যৰ পৰা কাছাৰ জিলাৰ মাজেৰে চোৰাংভাৱে সৰবৰাহ কৰিবলগীয়া নিষিদ্ধ সামগ্রী সন্দর্ভত এক তথ্য লাভ কৰিছিলোঁ৷ ইয়াৰ পিছতে এক নিখুঁত অভিযানৰ পৰিকল্পনা কৰা হয়৷ য’ত শিলচৰক ইণ্টাৰচেপচন পইণ্ট হিচাপে নির্ধাৰণ কৰি আজিৰ অভিযানটো চলাইছিলোঁ৷ এই অভিযানত নির্দিষ্ট বাহনখনক আবদ্ধ কৰাটো আমাৰ সফলতা৷ তেওঁ প্রকাশ কৰা মতে, জব্দ কৰা নিষিদ্ধ সামগ্রীখিনি কেঁচা অথবা বিশুদ্ধ ৰূপত থকাটো সন্দেহ কৰা হৈছে৷ কিয়নো, বিক্রীৰ পূর্বে অন্যান্য নিচাযুক্ত সামগ্রীৰ সৈতে হেৰ’ইন মিহলি কৰা হয়৷ ফলত কেফেইনৰ দৰে পদার্থৰ সৈতে হেৰ’ইন মিহলি হোৱাৰ পিছত প্রাৰম্ভিক ২১ কিলোগ্রামৰ পৰা ৫০ কিলোগ্রামলৈ বৃদ্ধি হ’ব পাৰে৷ উল্লেখ্য যে মৰফিনৰ পৰা আহৰণ কৰা অতি নিচাযুক্ত অ’পিঅ’ইড হেৰ’ইন আফিং প’পি গছৰ পৰা সংশ্লেষিত কৰা হয়৷ ইয়াৰ ইউফ’ৰিক প্রভাৱৰ বাবে সাধাৰণতে অবৈধভাৱে নিচাসক্তসকলে অবৈধভাৱে ব্যৱহাৰ কৰে৷

You might also like