নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাই পাতফলা

চুবুৰীয়া যিখন দেশক স্বাধীন কৰিবলৈ ভাৰতে পাঁচ দশক পূর্বে সর্বস্ব উজাৰি হাত আগবঢ়াইছিল সেই বাংলাদেশেই এতিয়া বৈৰী দেশত পৰিণত হৈছে৷ ১৯৭১ৰ ২৬ মার্চত বাংলাদেশে স্বাধীনতা লাভ কৰাৰ অন্তৰালত আছিল ভাৰতৰ বিশেষ ভূমিকা৷ চুবুৰীয়া দেশখনৰ মুক্তি সংগ্রামক ভাৰতে সমর্থন কৰাই নহয়, পাকিস্তানৰ বিৰুদ্ধে যুঁজত ভাৰতৰ চাৰি সহস্রাধিক ভাৰতীয় সেনাক নিয়োগ কৰিছিল৷ ভাৰত চৰকাৰে স্থলসেনা, নৌসেনা আৰু বায়ু সেনাক নিয়োগ কৰি বাংলাদেশৰ মুক্তি সংগ্রাম সফল কৰি তুলিছিল৷ চুবুৰীয়া দেশৰূপে বাংলাদেশৰ স’তে দীর্ঘকাল বন্ধুত্বপূর্ণ সম্পর্ক বর্তাই ৰাখিবলৈ আমাৰ দেশখনে চেষ্টা অব্যাহত ৰাখিছিল৷ বিশ্বৰ অনগ্রসৰ দেশসমূহৰ ভিতৰত অন্যতম বাংলাদেশলৈ সহায়ৰ হাত আগবঢ়োৱাই নহয়, বাণিজ্য বিনিময়ৰ জৰিয়তেও চুবুৰীয়া দেশখনক সমৃদ্ধ কৰাৰ চেষ্টা চলোৱা হৈছে৷ বাংলাদেশৰ প্রতি ভাৰতবর্ষই দেখুওৱা এনে সুসম্পর্কৰ বাবে দুয়োখন দেশৰ মাজত বন্ধুত্বপূর্ণ সম্পর্কও গঢ় লৈ উঠিছিল৷ কিন্তু শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰখনৰ পতনৰ পিছতেই চুবুৰীয়া দেশখনত অস্থিৰতা বিৰাজ কৰিছে৷ বিশেষকৈ বাংলাদেশত থকা ১ কোটি ৩১ লাখ হিন্দু লোকক আক্রমণৰ লক্ষ্য কৰি লোৱা হৈছে৷ হিন্দুসকলৰ উপাসনাস্থলীত ধাৰাবাহিক আক্রমণ সংঘটিত হোৱাই নহয়, হিন্দু লোকসকলৰ ওপৰত অমানুষিক আতিশয্য অব্যাহত আছে৷ হিন্দু লোকসকলৰ ওপৰত বর্বৰ আক্রমণ সত্ত্বেও ড০ মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনে নির্বিকাৰ ভূমিকা গ্রহণ কৰিছে৷ হিন্দু লোকসকলৰ ওপৰত ধাৰাবাহিকভাৱে চলি থকা এনে জঘন্য অপৰাধত চুবুৰীয়া দেশখনৰ মৌলবাদী চক্র জড়িত থকাৰ অভিযোগ উঠিছে৷ কিন্তু এখন গণতান্ত্রিক দেশত এখন চৰকাৰ থকা সত্ত্বেও দেশখনৰ সংখ্যালঘু লোকসকলৰ ওপৰত কিদৰে ধাৰাবাহিক আক্রমণ চলি আছে, সেয়া চিন্তনীয়৷ বাংলাদেশক এখন ইছলামিক ৰাষ্ট্র গঠনৰ বাবে দীর্ঘকাল ধৰি মৌলবাদী শক্তিসমূহে চক্রান্ত চলাই থকাটো নতুন কথা নহয়৷ বাংলাদেশত হিন্দু লোকসকলৰ ওপৰত মৌলবাদীৰ পৰিকল্পিত ধাৰাবাহিক আক্রমণো চলি আছে৷ ফলত ১৯০১ চনত পূব পাকিস্তান তথা বর্তমানৰ বাংলাদেশত হিন্দু জনসংখ্যা ৩৩ শতাংশৰ পৰা ২০২২ চনত ৭.৯৫ শতাংশলৈ হ্রাস হৈছে৷ শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাতো হিন্দু লোকসকলৰ ওপৰত মৌলবাদী শক্তিয়ে আক্রমণ চলাইছিল৷ কিন্তু হাছিনা নেতৃত্বাধীন চৰকাৰখনৰ কার্যকালত এনে আক্রমণৰ ঘটনাক প্রতিৰোধ কৰিবলৈ চৰকাৰখনে চেষ্টা চলাইছিল৷ হিন্দু লোকসকলৰ সুৰক্ষাৰ বাবে পূর্বৰ চৰকাৰখনে কেতবোৰ সুকীয়া পদক্ষেপ লৈছিল৷ বাংলাদেশৰ মুক্তি সংগ্রামৰ নেতা তথা বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানক ভাৰতে আগবঢ়োৱা সহায়ৰ প্রতি কিছু পৰিমাণে হ’লেও শ্বেইখ হাছিনা চৰকাৰখন সদয় আছিল৷
শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ পিছতে চুবুৰীয়া দেশখনত আকৌ মৌলবাদীৰ দপ্দপনি বৃদ্ধি হৈছে৷ বাংলাদেশত মৌলবাদী শক্তিৰ পুনৰ উত্থানৰ অন্তৰালত যে পাকিস্তানৰ হাত আছে সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ কিন্তু দুর্ভাগ্য এয়ে যে পৰিৱর্তনৰ প্রত্যাশাৰে বাংলাদেশৰ ছাত্র আন্দোলনৰ পৰিসমাপ্তি ঘটাই বাংলাদেশত অন্তর্ৱর্তী চৰকাৰখনে চুবুৰীয়া দেশখনত মৌলবাদীৰ ঘাটি স্থাপনতহে সহায় কৰিছে৷ চুবুৰীয়া দেশখনত স্বাধীনতা সংগ্রামত ভাৰতে আগবঢ়োৱা সহায় এতিয়া দেশখনৰ শাসকপক্ষৰ বাবে একেবাৰে গুৰুত্বহীন কৰা হৈছে৷ চুবুৰীয়া দেশখনৰ ভাৰতবিৰোধী স্থিতিক বাংলাদেশৰ প্রখ্যাত লেখিকা তছলিমা নাছৰিনেও চোকা সমালোচনা কৰিছে৷ বাংলাদেশৰ স্বাধীনতা সংগ্রামত তিনি নিযুত লোকৰ হত্যাকাৰী আৰু দুই লাখৰো অধিক মহিলাক ধর্ষণকাৰী পাকিস্তানৰ স’তে বন্ধুত্ব স্থাপন কৰি বাংলাদেশৰ অন্তর্ৱর্তীকালীন চৰকাৰখনে গ্রহণ কৰা ভাৰতবিৰোধী স্থিতিক তছলিমা নাছৰিনে গৰিহণা দিছে৷ বাংলাদেশৰ হিন্দু লোকসকলৰ ওপৰত চলি থকা ধাৰাবাহিক আক্রমণৰ বিৰুদ্ধে বিশ্বজুৰি জনমত গঠন হৈছে৷ অসমকে ধৰি সমগ্র ভাৰতবর্ষত এনে বর্বৰ আক্রমণৰ বিৰুদ্ধে জনজাগৰণ হৈছে৷ তৎসত্ত্বেও চুবুৰীয়া দেশখনৰ হিন্দু লোকসকলৰ ওপৰত অত্যাচাৰ পূর্ণগতিত চলি আছে৷ চুবুৰীয়া দেশখনৰ হিন্দু লোকসকলৰ সুৰক্ষাৰ দাবীত ৰাজপথলৈ ওলাই অহা ইস্কনৰ ধর্মগুৰু চিন্ময় কৃষ্ণ দাসক কাৰাৰুদ্ধ কৰি ৰখা হৈছে৷ ধর্মগুৰুগৰাকীক আইনী সাহায্য লাভ কৰাৰ ক্ষেত্রত চক্রান্তমূলকভাৱে বাধা দিয়া হৈছে৷ যিকেইজন অধিবক্তাই ধর্মগুৰুগৰাকীক আইনী সাহায্য প্রদান কৰিবলৈ আগবাঢ়ি আহিছিল সেইকেইজনক আক্রমণৰ লক্ষ্য কৰি লৈছে মৌলবাদী শক্তিয়ে৷ আনকি হিন্দু লোকসকলক আইনী সাহায্য আগবঢ়াব বিচৰা ৬০জনৰো অধিক অধিবক্তাৰ বিৰুদ্ধে বিভিন্ন গোচৰ জাপি দিয়া হৈছে৷ হিন্দু লোকসকলৰ ওপৰত আক্রমণ শাম কটাৰ কোনো লক্ষণ এতিয়াও চুবুৰীয়া দেশখনত দেখা নাই৷ যোৱা ৬ ডিচেম্বৰত ঢাকাত থকা ইস্কনৰ নামহাট্টা কেন্দ্রত আক্রমণ চলোৱাৰ লগতে অঞ্চলটোত থকা কেইবাটাও মন্দিৰ লণ্ডভণ্ড কৰা হৈছে৷ শ্রীশ্রী লক্ষ্মীনাৰায়ণ মূর্তি ক্ষতিসাধন কৰা হৈছে৷ সাত ডিচেম্বৰৰ পুৱতি নিশা শ্রীশ্রী ৰাধাকৃষ্ণ মন্দিৰ আৰু শ্রীশ্রী মহাভাগ্য লক্ষ্মীনাৰায়ণ মন্দিৰটো জ্বলাই দিছে৷ চুবুৰীয়া দেশখনত হিন্দু লোকসকলৰ ওপৰত চলা এনে নৃশংস আক্রমণ সত্ত্বেও ভাৰত চৰকাৰে চুবুৰীয়া দেশখনৰ স’তে আকৌ সুসম্পর্ক গঢ়াৰ চেষ্টা চলাইছে৷ ভাৰত চৰকাৰৰ বিদেশ সচিব বিক্রম মিস্রীয়ে কালি ঢাকাত উপস্থিত হৈ চুবুৰীয়া দেশখনত চলি থকা হিন্দু আতিশয্যৰ বিষয়টো নিৰাময়ৰ চেষ্টা চলাইছে৷ চুবুৰীয়া বাংলাদেশৰ স’তে সু–সম্পর্ক অব্যাহত থকাটো দুয়োখন দেশৰ বাবে জৰুৰী৷ ভাৰত আৰু বাংলাদেশৰ সীমাৰ দূৰত্ব ৪,০৯৬,৭০ কিলোমিটাৰ৷ ইয়াৰে অসমৰ সীমান্তৰ ২৬২ কিঃমিঃ, ত্রিপুৰাৰ ৮৫৬ কিঃমিঃ, মিজোৰামৰ ৩১৮ কিঃমিঃ, মেঘালয়ৰ ৪৪৩ কিঃমিঃ আৰু পশ্চিমবংগৰ ২,২১৭ কিঃমিঃ সামৰি আছে৷ বিগত দুটা দশকত সীমান্তত কাঁটাতাঁৰৰ বেৰ নির্মাণ হৈছে যদিও এতিয়াও সীমান্তৰ বহু অঞ্চল উন্মুক্ত হৈয়ে আছে৷ বাংলাদেশৰ পৰা অনুপ্রৱেশ এতিয়াও বন্ধ হোৱা নাই৷ এনে পৰিস্থিতিত চুবুৰীয়া দেশখনৰ স’তে সম্পর্ক ব্যাহত হোৱাটো দুয়োখন দেশৰ বাবে ক্ষতিকাৰক হ’ব৷ কিন্তু বাংলাদেশে হিন্দু লোকসকলৰ চলাই থকা নিন্দনীয় আক্রমণ আৰু ভাৰতবিৰোধী চক্রান্ত অব্যাহত ৰাখিলে কেন্দ্রীয় চৰকাৰেও কঠোৰ স্থিতি গ্রহণ কৰা উচিত৷

You might also like