তৃতীয় লিংগঃ চৰকাৰৰ দায়িত্ব
উচ্চতম ন্যায়ালয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰাক বাতিল কৰাৰ লগে লগে ভাৰতত তৃতীয় লিংগ বিষয়ক আলোচনাই সংকীর্ণ পৰিৱেশৰ পৰা ওলাই প্রসাৰ লাভ কৰিছিল৷ ১৫৩ বছৰ পুৰণি ঔপনিৱেশিক যুগৰ আহন অনুসৰি ‘ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৭’ মতে সমকামী সম্পর্ক হৈছে এক ‘অপ্রাকৃতিক অপৰাধ’ আৰু এই অপৰাধৰ বাবে শাস্তি নির্ধাৰণ কৰা হৈছিল ১০ বছৰৰ কাৰাদণ্ড৷ ডচ্চতম ন্যায়ালয়ৰ দুহ ন্যায়াধীশৰ বিচাৰপীঠৰ নেতৃত্ব দিয়া ন্যায়াধীশ কে এছ ৰাধাকৃষনে এই প্রসংগত দিয়া ৰায়ত কৈছিল যে ড্রেন্সজেণ্ডাৰসকলক্ তৃতীয় লিংগ হিচাপে স্বীকৃতি দিয়াটো অকল সামাজিক বা চিকিৎসাজনিত বিষয় নহয়, ই মানৱ অধিকাৰৰো বিষয়৷ ড্রেন্সজেণ্ডাৰসকল ভাৰতৰ নাগৰিক আৰু তেওঁলোককো বিকাশৰ সমান সুযোগ প্রদান কৰিব লাগিব৷ জাতি, ধর্ম বা লিংগ নির্বিশেষে প্রতিজন নাগৰিকক তেওঁলোকৰ সম্ভাৱনা বৃদ্ধি কৰাৰ আৰু পাবলগীয়াখিনি পোৱাৰ সমান সুযোগ দিয়াটোৱেই সংবিধানৰ আত্মা৷ বিচাৰকসকলে চৰকাৰক তেওঁলোকক আনুষ্ঠানিকভাৱে সামাজিক আৰু অর্থনৈতিকভাৱে পিছপৰা হিচাপে শ্রেণীবদ্ধ কৰি অন্যান্য সংখ্যালঘুসকলৰ সৈতে সংগতি ৰাখি মর্যাদা প্রদান কৰিবলৈ কৈছিল, যাতে তেওঁলোকে চাকৰি আৰু শিক্ষাত সংৰক্ষণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয়৷ এই ৰায়ে এটা কথাকে স্পষ্ট কৰিছিল যে ড্রেন্সজেণ্ডাৰসকল সকলো দিশৰ পৰাই সম্পূর্ণ ভাৰতীয় নাগৰিক আৰু নাগৰিকৰ মৌলিক অধিকাৰসমূহ তেওঁলোকে উপভোগ কৰিব লাগিব৷ এই কথাখিনি ড্রেন্সজেণ্ডাৰসকলক্ কেন্দ্র কৰি কোৱা হ’লেও মানৱীয় দিশৰ পৰা এইবোৰ সকলো তৃতীয় লিংগৰ বাবেই প্রযোজ্য হোৱাটো বাঞ্ছনীয়৷ তৃতীয় লিংগ প্রসংগত আমাৰ সমাজত পর্যাপ্ত মুকলি আলোচনা নোহোৱাৰ বাবে আৰু বিষয়টোক কিবা একধৰণৰ নিষিদ্ধ বিষয়ৰ চকুৰে চাই অহা বাবে বিষয়টো সমাজৰ বাবে চিন্তাৰ বিষয় হৈ উঠা নাছিল৷ চৰকাৰে তৃতীয় লিংগৰ অৱস্থিতি স্বীকাৰ কৰিলেও এই তৃতীয় লিংগৰ লোকসকলৰ প্রতি যিমান মনোযোগ দিয়াৰ প্রয়োজন আছিল, সিমানখিনি দিয়া হোৱা নাই৷ যোৱা কেইবছৰমানৰ পৰা ভাৰতত পুৰুষ আৰু মহিলা উভয় সমকামী, ডভকামী, ড্রেন্সজেণ্ডাৰ আৰু কুইৰ (এলজিবিটিকিউ) অধিকাৰৰ বাক্ধাৰাৰ দ্রুত বিকাশ হৈছে৷ তাৰ মাজতো ভাৰতীয় এলজিবিটিকিউ নাগৰিকসকলে এতিয়াও কিছুমান সামাজিক, মানৱীয় আৰু আহনী অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ এই অসুবিধাবোৰ অ–এলজিবিটি ব্যক্তিসকলে সহজে অনুভৱ কৰিব নোৱাৰে আৰু ইয়াৰ প্রধান কাৰণ হ’ল এই সমগ্র বিষয়ৰ ওপৰত মুকলি আলোচনা নোহোৱাটো৷
এটা কথা অন্ততঃ এতিয়া সকলোৰে বাবে স্পষ্ট হৈ পৰিছে যে আদালতৰ আদেশেহ তৃতীয় লিংগক আহনী সুৰক্ষা প্রদান কৰিছে৷ ন্যায়ালয়ৰ তৰফৰ পৰা এইটোও কোৱা হৈছিল যে তেওঁলোকৰ চিকিৎসা সেৱা আৰু অন্যান্য সুবিধা, যেনে– চিকিৎসালয়ত পৃথক ৱার্ড আৰু পৃথক শৌচালয়ৰ সুবিধা দিয়া কামটো চৰকাৰে নিশ্চিত কৰিব লাগিব৷ ভাৰতত ড্রেন্সজেণ্ডাৰ লোকসকলক ২০১৯ চনত গৃহীত আহনৰ অধীনত তেওঁলোকৰ আহনগতভাৱে লিংগ যৌন পুনৰ নির্ধাৰণ অস্ত্রোপচাৰ কৰাৰ অনুমতি দিয়া হৈছে৷ তৃতীয় লিংগৰ অধীনত নিজকে পঞ্জীয়ন কৰাৰ সাংবিধানিক অধিকাৰো তেওঁলোকক দিয়া হৈছে৷ হয়াৰ ডপৰি কিছুমান ৰাজ্যহ গৃহ নির্মাণ কার্যসূচীৰ জৰিয়তে তৃতীয় লিংগৰ সর্বাধিক পৰিচিত সম্প্রদায় হিজৰাসকলক সুৰক্ষা দিয়ে৷ কিছুমান ৰাজ্যই বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে বিভিন্ন ধৰণৰ সুবিধা দিবলৈকো আগবাঢ়িছে৷ তৃতীয় লিংগৰ ধাৰণাটো স্পষ্ট হ’ব পৰাকৈ মুকলি আলোচনা হোৱাটো প্রয়োজন আৰু এই বিষয়ৰ আলোচনাও আৰম্ভ নোহোৱা নহয়৷ তৃতীয় লিংগৰ সমস্যা অকল যৌনতাকেন্দ্রিকেই নহয়, সামাজিক স্বীকৃতি আৰু মর্যাদাৰ কথাও ইয়াত জডিত হৈ আছে৷ তৃতীয় লিংগৰ এজন–দুজনক সুবিধা দিলেই চৰকাৰে এই সম্প্রদায়ৰ বাবে মংগলদায়ক আঁচনি লোৱা নুবুজায়৷ আন দুটা লিংগৰ নাগৰিকে যিখিনি সুবিধা লাভ কৰে, সেই আটাইখিনিয়েই তৃতীয় লিংগৰ নাগৰিকৰ বাবেও থাকিব লাগে৷ বৰং এক আবদ্ধ পৰিৱেশৰ দিন নিয়াবলগীয়া হোৱা এই নাগৰিকসকলৰ বাবে চৰকাৰে অধিক মনোযোগেৰে ভবাৰ প্রয়োজন আছে৷ কিন্তু এইটো আজিলৈকে হৈ উঠা নাই৷ চৰকাৰে বিভিন্ন আবেদন–পত্রত লিংগৰ ঠাইখিনিত পুৰুষ–মহিলা–ন্য বা তৃতীয় লিংগ বুলি লিখি লিংগটোৰ প্রতি যি মান্যতা প্রদর্শন কৰিছে, তাৰ প্রকাশ বাস্তৱ ৰূপতো প্রতিভাত হোৱাৰ প্রয়োজন আছিল৷