নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘Go for Glory-Lovlina’ শ্ল’গানেৰে অলিম্পিকমুখী লাভলীনাৰ সফলতা কামনাৰে মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলী

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ  টকিঅ’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰাৰ যোগ্যতা অর্জন কৰা অসম ললনা লাভলীনা বৰগোহাঁইক উৎসাহিত কৰাৰ লক্ষ্যৰে আজি সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উদ্যোগত দিছপুৰ লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হয় ‘গ’ ফৰ গ্ল’ৰী লাভলীনা’ শীর্ষক এক চাইকেল সমদল৷

পুৱা ৭.৪৫ বজাৰ পৰা আৰম্ভ হোৱা এই চাইকেল সমদলটো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰে৷

ইফালে নেহৰু ষ্টেডিয়ামত অন্ত পৰা এই অনুষ্ঠানটোতে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইক সম্বৰ্ধনা জনোৱা হয়।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “অসমবাসীয়ে লাভলীনাৰ কাৰণে যাতে প্ৰাৰ্থনা কৰে, তাৰবাবে আজি এটা পৰিৱেশ সৃষ্টি হ’ল ভাল লাগিল। অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ কাৰণে আমি কেইবাটাও ব্যৱস্থা হাতত লৈছো। এতিয়া ৰাজ্যৰ ১২৬ টা সমষ্টিত ১২৬ খন ভাল ষ্টেডিয়াম নিৰ্মাণ হ’ব। প্ৰত্যেক জিলাত একোখন ডাঙৰ ষ্টেডিয়াম নিৰ্মাণ হ’ব। সেইদৰে ক্ৰীড়া পেচনো আমি ১০ হাজাৰ টকা লৈকে বৃদ্ধি কৰিছো। লগতে এতিয়াৰে পৰা কমনৱেল্থ, এছিয়ান গেমছ, নেচনেল গেমছকে ধৰি অলিম্পিক স্বীকৃতিপ্রাপ্ত খেলত অসমৰ পৰা অংশগ্রহণ কৰি ৰাষ্ট্রীয় পদক লাভ কৰাসকলক ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি দিব। গতিকে অনাগত দিনত আমাৰ ৰাজ্যৰ পৰা বহু লাভলীনা, হীমা, শিৱ থাপাৰ জন্ম হ’ব।”

You might also like