এইখনো এখন ছবি
ভাৰতবর্ষক বিশ্বৰ যুৱ সমাজৰ দেশ বুলি কোৱা হয়৷ দেশখনত বিশ্বৰ সর্বাধিক যুৱই বাস কৰে৷ এয়া ভাৰতৰ বাবে অহংকাৰৰো কথা, অনাগত দিনৰ বাবে সমৃদ্ধিৰো সু–বতৰা৷ দেশখনৰ যুৱ সমাজৰ মাজতে আছে ১৪–১৮ বছৰ বয়সৰ সমাজখন৷ তেওঁলোকৰ আজিটো দেশখনৰ বাবে অতি গুৰুত্বপূর্ণ৷ এক কথাত, দেশখনৰ কাইলৈৰ ৰূপৰেখা এইখন সমাজৰ আজিৰ পৰাই অংকন কৰিব পৰা যায়৷ প্রথম নামৰ এটা অনুষ্ঠানে সমাজখনৰ আজিটোক বিগত কিছু বছৰ ধৰি অধ্যয়নৰ প্রয়াস চলাই আহিছে৷ তেওঁলোকে এনুৱেল ষ্টেটাছ অৱ এডুকেচনেল ৰিপ’ৰ্ট শীর্ষক সমীক্ষাভিত্তিক প্রতিবেদন এটা প্রকাশ কৰি আহিছে৷ ২০২৩ বর্ষৰ প্রতিবেদনখনত গ্রামীণ যুৱ সমাজখনৰ শোকাৱহ ছবি এখন প্রকাশ পাইছে৷ প্রতিবেদনখন দেশৰ কেইবাখনো জিলাক সামৰি ১৪–১৮ বছৰ বয়সৰ লোকক চামিল কৰি প্রস্তুত কৰিছে৷ সমীক্ষাটোত চামিল ১৪–১৮ বছৰ বয়সৰ কিশোৰ–কিশোৰী, যুৱক–যুৱতীক সাধাৰণ ইংৰাজী, গণিত পঢ়িবলৈ দিয়া হৈছিল৷ আধাতকৈ অধিকে তিনিটা অংকৰ সংখ্যাক এটা অংকৰ সংখ্যাৰে হৰণ কৰিব নোৱাৰিলে৷ মাথোঁ ৪৩.৩ শতাংশই তেনে প্রশ্ণৰ শুদ্ধ উত্তৰ দিব পাৰিছিল৷ অথচ তৃতীয় শ্রেণীৰ শিক্ষার্থীৰ বাবেও তেনে প্রশ্ণ উজু৷ ৫৭.৩ শতাংশই ইংৰাজী বাক্য পঢ়িব পাৰিছিল৷ তাৰে তিনি চতুর্থাংশইহে বাক্যৰ অর্থ কৈ দিব পাৰিছিল ৷ যিখন দেশৰ গ্রামীণ যুৱ সমাজৰ প্রতিনিধিৰ মাজত শিক্ষাৰ স্তৰ যদি এনে ধৰণৰ হয়, তেন্তে এয়া দুশ্চিন্তাৰ কাৰণ হৈ পৰাটো স্বাভাৱিক৷ দ্বিতীয়–তৃতীয় শ্রেণীৰ পর্যায়ৰ শিক্ষার্থীৰ বাবে উজু প্রশ্ণ এটা আত্মবিশ্বাসৰ সৈতে সমাধা কৰিব নোৱৰা যুৱ সমাজখনৰ হাতত কাইলৈ দেশখন সুৰক্ষিত হৈ থাকিবনে? কেন্দ্র আৰু ৰাজ্য চৰকাৰে শিক্ষাৰ মান উন্নত কৰাৰ বাবে প্রতি বছৰে কোটি কোটি টকা ব্যয় কৰে৷ শিক্ষাৰ মান উন্নত কৰাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰে৷ গৱেষণাৰ বাবে ৰাজকোষৰ ধন ধার্য কৰে৷ কিন্তু প্রতিবেদনখনে এখন বিপৰীত ছবিহে প্রতিফলিত কৰিলে৷ সাধাৰণ অংক এটাকে কৰিব নোৱৰা দেশখনৰ গ্রামীণ যুৱ সমাজখনক লৈ চৰকাৰে গভীৰভাৱে চিন্তা কৰাৰ সময় আহি পৰিছে৷
গ্রামীণ যুৱ সমাজখনত শিক্ষাৰ বিপৰীতে আধুনিক সময়ে আনি দিয়া আমোদ–প্রমোদৰ সকলোবোৰৰ প্রভাৱ পৰিছে৷ প্রায় সকলোৰে হাতে হাতে স্মার্টফোন আহি পৰিছে৷ সামাজিক মাধ্যমৰ সৈতে সম্পর্ক ৰখা লোকৰ সংখ্যাও অনুমান কৰাতকৈ অধিক৷ স্মার্টফোন, কম্পিউটাৰ চলাব জনা যুৱ সমাজখনৰ লোক এইবাবেই অধিক যে ইয়াৰ সৈতে সামাজিক মাধ্যমৰ ব্যৱহাৰৰ প্রত্যক্ষ সম্পর্ক আছে৷ সেয়ে ইংৰাজীত লিখা বাক্য এটা পঢ়িব পৰাৰ সংখ্যা কম৷ তাক অর্থৰ সৈতে বুজাই দিব পৰা লোকৰ সংখ্যা কম৷ আজিৰ যুগতো প্রযুক্তিবিদ্যাত ৰুচি ৰখা লোকৰ সংখ্যাও তুলনামূলকভাৱে কম৷ প্রায় ৯০ শতাংশৰ ঘৰত স্মার্টফোন আছে, প্রায় সিমানখিনিয়ে স্মার্টফোনৰ ব্যৱহাৰ জানে৷ ছোৱালীৰ (১৯.৮ শতাংশৰ তুলনাত ল’ৰাৰ ৪৩.৭ শতাংশ) নিজাকৈ স্মার্টফোন আছে৷ ল’ৰাৰ তুলনাত কমসংখ্যক ছোৱালীয়ে স্মার্টফোন আৰু কম্পিউটাৰ চলাব জানে৷ ৯০.৫ শতাংশই সামাজিক মাধ্যমৰ সৈতে জড়িত৷ অৱশ্যে ছোৱালীৰ পৰিমাণ কিছু কম৷ আনহাতে, ১৪ৰ পৰা ১৮ বছৰ বয়সৰ গৰিষ্ঠসংখ্যক শিক্ষার্থীয়ে কলা শাখা আৰু মানৱীয়তা সম্পর্কীয় বিষয়ত অধ্যয়ন কৰি আছে৷ ইয়াৰ পিছত বিজ্ঞানৰ নাম আহে৷ একাদশ–দ্বাদশ শ্রেণীৰ ৫৫.৭ শতাংশ গ্রামীণ যুৱ সমাজৰ কলা পছন্দৰ বিষয়৷ বিজ্ঞান–প্রযুক্তিবিদ্যা, অভিযান্ত্রিক আৰু গণিত (এছটিইএম)ত ৩১.৭ শতাংশৰ ৰুচি আছে৷ গ্রামীণ শিক্ষার্থীৰ মাজত বাণিজ্যিক শিক্ষাৰ শাখা হিচাপে বাছনি কৰা মাথোঁ ৯.৪ শতাংশ৷ প্রতিবেদন অনুসৰি, ১৪–১৮ বয়সৰ সমাজখনৰ ৮৬.৮ শতাংশ কোনো নহয় কোনো শিক্ষানুষ্ঠানত নামভর্তি হৈ থকা আৰু পঢ়া–শুনা কৰি থকা৷ ছোৱালীৰ মাজত শিক্ষানুষ্ঠানত পঢ়ি থকাৰ ব্যৱধান তেনেই কম৷ ১৪ বছৰ বয়সৰ ৩.৯ শতাংশ আৰু ১৮ বছৰ বয়সৰ ৩২.৬ শতাংশৰ শিক্ষানুষ্ঠানৰ সৈতে কোনো সম্পর্ক নাই৷ প্রতিবেদনখনত আৰু এটা চকু থৰ কৰি তোলা তথ্য পোহৰলৈ আহিছে৷ গ্রামীণ যুৱ সমাজখনত বৃত্তিমূলক প্রশিক্ষণপ্রাপ্তৰ সংখ্যা কম৷ কেৱল ৫.৬ শতাংশ৷ কলেজত পঢ়ি থকা ১৬.২ শতাংশইহে বৃত্তিমূলক প্রশিক্ষণ লৈ আছে৷ প্রতিবেদনখনৰ মতে, ১৪–১৮ বছৰ বয়সৰ প্রায় ২৫ শতাংশই দ্বিতীয় শ্রেণীতে নিজ মাতৃভাষাত পঢ়া ধাৰাপাত পঢ়িব নোৱাৰে৷ ইয়াৰ বিপৰীতে আধাতকৈ অধিকে হৰণ অংক বিষয়ক প্রশ্ণৰ উত্তৰ দিওঁতে অসুবিধাবোধ কৰিছিল৷