নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিত শ্বাহে উন্মোচন কৰিব ‘আছামছ ব্রেভহার্ট লাচিত বৰফুকন’ শীর্ষক গ্রন্থৰ অনুবাদ

🔹 তিনিদিনীয়া মেঘালয়–অসম ভ্রমণসূচী গৃহমন্ত্রীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জানুৱাৰী : লোকসভা নির্বাচনৰ প্রাক্ক্ষণত তিনিদিনীয়া মেঘালয়–অসম ভ্রমণসূচীৰে উত্তৰ–পূবত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক আদৰণি জনাবলৈ ৰাজ্যিক বিজেপিয়ে চলাইছে ব্যাপক প্রস্তুতি ৷ প্রায় ৬০ হাজাৰ কার্যকর্তাই কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক বিশাল শোভাযাত্রাৰে আদৰণি জনাই কার্যতঃ ইয়াৰ জৰিয়তে নির্বাচনৰ ৰণডংকা বজাবলৈও সাজু হৈছে শাসকীয় দলটো৷ উল্লেখ্য যে কালি তিনিদিনীয়া কার্যসূচীৰে মেঘালয়ত উপস্থিত হোৱা অমিত শ্বাহে শ্বিলঙত অসম ৰাইফলছৰ মুখ্য কার্যালয়ত অত্যাধুনিক চাইবাৰ নিৰাপত্তা অভিযান কেন্দ্র উদ্বোধন কৰে৷ উত্তৰ–পূবৰ ৰাজ্যসমূহত নিৰাপত্তা আৰু প্রযুক্তিগত ব্যৱস্থাৰ উন্নয়নৰ লক্ষ্যৰে আৰম্ভ কৰা এই চাইবাৰ নিৰাপত্তা অভিযান কেন্দ্র সীমান্তৰ সিপাৰৰ পৰা হ’ব পৰা চাইবাৰ ক্রাইম প্রতিৰোধত বিশেষ সহায়ক হ’ব৷ আনহাতে, আজি অর্থাৎ ১৯ জানুৱাৰীত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে উত্তৰ–পূব পৰিষদৰ ৭১ শতাংশ প্লেনেটেৰী ছেছনত অংশ ল’ব৷ দুপৰীয়াৰ ভাগত তেওঁ উত্তৰ–পূব মহাকাশ আবেদন কেন্দ্র (এনইএছএচি)ৰ এখন বৈঠকতো অংশ ল’ব৷ উল্লেখ্য যে আজি শ্বিলঙৰ পৰা পোনে পোনে কেন্দ্রীয় গৃহমন্ত্রীগৰাকী উপস্থিত হ’ব তেজপুৰত৷ তেজপুৰৰ মহাভৈৰৱ মন্দিৰত স্বচ্ছতাৰ কার্যসূচীত অংশ ল’ব আৰু উক্ত দিনাই কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ত এটা সাংস্কৃতিক কার্যসূচীতো অংশ ল’ব৷ নিশা তেজপুৰ আৱর্ত ভৱনত কটাবলগীয়া গৃহমন্ত্রীগৰাকীয়ে শনিবাৰে পুৱা তেজপুৰৰ গৰৈমাৰীত সশস্ত্র সেনা বল (এছএছবি)ৰ ৬১সংখ্যক প্রতিষ্ঠা দিৱসত অংশ ল’ব৷ তাৰ পিছতে ঢেকীয়াজুলিত বাথৌ মহাসভাৰ ৩০ সংখ্যক ত্রিবার্ষিক সন্মিলনত অংশ ল’ব৷ ঢেকীয়াজুলিৰ কার্যসূচীৰ পিছতে গুৱাহাটীত উপস্থিত হ’বলগীয়া কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসম আৰক্ষীৰ কমাণ্ডোৰ পাছিং আউট পেৰেড (দীক্ষান্ত সমাৰোহ)ৰ অভিবাদন গ্রহণ কৰিব৷ অসম আৰক্ষীৰ অধীনত ২,৫৫১জন কমাণ্ডোক লৈ গঠন হোৱা এই বেটেলিয়নে ইতিমধ্যে প্রশিক্ষণ সামৰি কর্মক্ষেত্রত নিয়োজিত হোৱাৰ বাবে প্রস্তুতি সম্পূর্ণ কৰিছে৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ উপস্থিতিত পাঁচটা কমাণ্ডো বেটেলিয়নৰ জোৱানৰ সন্মুখত ভাষণ দিব কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷ ইয়াৰ পিছতে তেওঁ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত লাচিত বৰফুকনক লৈ ৰচিত ‘আছামছ ব্রেভহার্ট লাচিত বৰফুকন’ শীর্ষক গ্রন্থখনৰ বিভিন্ন ভাষালৈ কৰা অনুবাদ আনুষ্ঠানিকভাৱে উন্মোচন কৰিব৷ এই অনুষ্ঠানৰ পিছতে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ব্রহ্মপুত্রৰ পাৰৰ সৌন্দর্যবর্ধন প্রকল্পও আনুষ্ঠানিকভাৱে মুকলি কৰিব৷ ইফালে, কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ ভ্রমণক কেন্দ্র কৰি বিশেষভাৱে তৎপৰতা আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে৷ ৰাষ্ট্রীয় নেতাজনৰ আগমনক লৈ নির্বাচনী তৎপৰতা বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে ব্যাপক হাৰত দলীয় কার্যকর্তাৰ সমাগম ঘটোৱাৰ পদক্ষেপ লৈছে৷ সেই অনুসৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক এটা বৃহৎ ৰেলীৰে আদৰি অনাৰ বাবেও বিশেষ কার্যসূচী গ্রহণ কৰিছে৷

You might also like