বিতর্কিত কৃষি আইন বাতিল
গুৰুনানক জয়ন্তীৰ দিনটোতে বহু বিতর্কিত তিনিখন কৃষি আইন বাতিল কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷ দেশৰ কৃষকসকলৰ উপার্জন দুগুণ কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনে যোৱা বছৰৰ ছেপ্ঢেম্বৰত সংসদত উত্থাপন কৰা অত্যাৱশ্যকীয় সামগ্রী (সংশোধনী) বিধেয়ক, কৃষি সামগ্রী লেনদেন আৰু বাণিজ্য উন্নয়ন বিধেয়ক আৰু কৃষক (সবলীকৰণ আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি বিধেয়ককেইখন গৃহীত হোৱাৰ পিছতেই দেশজুৰি সৃষ্টি হৈছিল কৃষক বিদ্রোহ৷ বিশেষকৈ পঞ্জাব আৰু হাৰিয়ানাৰ কৃষকসকলে কেন্দ্রীয় চৰকাৰৰ উক্ত বিধেয়ককেইখনৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰিছিল যদিও ২০২০ৰ ১৫–২২ ছেপ্ঢেম্বৰৰ ভিতৰত লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত তিনিওখন বিধেয়ক মৌখিক ভোটত গৃহীত হয়৷ যোৱা বছৰৰ ২৫ ছেপ্ঢেম্বৰৰ পৰা কৃষক বিদ্রোহে ৰাজধানী নতুন দিল্লীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল যদিও কেন্দ্রীয় চৰকাৰে সংসদত অনুমোদন কৰোৱা বিতর্কিত বিধেয়ক তিনিখনত ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে অনুমোদন জনোৱাৰ লগে লগে আইনত পৰিণত হৈছিল৷ এফালে কৃষক বিদ্রোহ, আনফালে কেন্দ্রীয় চৰকাৰৰ কঠোৰ স্থিতিৰ বাবে দেশজুৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে শিৰোমণি আকালী দলে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ পৰা ওলাই অহাৰ সিদ্ধান্ত লৈছিল ২০২০ৰ ২৬ ছেপ্ঢেম্বৰত৷ যোৱা বছৰৰ ৩ ডিচেম্বৰত প্রথমবাৰৰ বাবে কৃষকৰ ক্ষোভ নিৰাময়ৰ বাবে কেন্দ্রীয় চৰকাৰে প্রথমলানি আলোচনা আৰু ৯ ডিচেম্বৰত দ্বিতীয়লানি আলোচনা কৰিছিল যদিও কোনো সুফল নোলাল৷ যোৱা বছৰৰ ১১ ডিচেম্বৰত ভাৰতীয় কিষাণ ইউনিয়নে বিতর্কিত তিনি কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু চলিত বর্ষৰ ১২ জানুৱাৰীত আইনকেইখনৰ ৰূপায়ণত স্থগিতাদেশ জাৰি কৰি এখন চাৰিজনীয়া সমিতি গঠন কৰি দিছিল৷ এনে পৰিস্থিতিৰ মাজতে ২৬ জানুৱাৰীত ৰাজধানী নতুন দিল্লীত বিক্ষুব্ধ কৃষকৰ স’তে নিৰাপত্তা বাহিনীৰ তুমুল সংঘর্ষৰ সৃষ্টি হয় আৰু ট্রেক্টৰৰ দ্বাৰা সৃষ্ট আক্রমণত কেইবাজনো লোক হতাহত হয়৷ কৃষকৰ প্রতিবাদৰ হেঁচাত কেন্দ্রীয় চৰকাৰে ২৯ জানুৱাৰীত বিধেয়ক তিনিখন কার্যকৰী কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত কৰাৰ উপৰি এক যুটীয়া সমিতি গঠনৰ বাবে সিদ্ধান্ত লৈছিল যদিও কৃষক সংগঠনসমূহে এনে প্রস্তাৱ অগ্রাহ্য কৰে৷ যোৱা ২২ অক্টোবৰত উচ্চতম ন্যায়ালয়ে বিতর্কিত আইন তিনিখন সন্দর্ভত এক কঠোৰ নির্দেশনা জাৰি কৰে৷ বিতর্কিত তিনি কৃষি আইনক লৈ বিগত এটা বছৰে দেশৰ কৃষকসকলৰ সৈতে কেন্দ্রীয় চৰকাৰৰ প্রত্যক্ষ সংঘাত চলি আছে৷ এই কৃষক বিদ্রোহৰ সৈতে ঘাইকৈ জড়িত হৈছে পঞ্জাব আৰু হাৰিয়ানাৰ কৃষকসকল৷ দেশৰ কৃষিজাত সামগ্রী উৎপাদনৰ ক্ষেত্রত নির্ণায়ক ভূমিকা গ্রহণ কৰা পঞ্জাব আৰু হাৰিয়ানাৰ বিক্ষুব্ধ কৃষকসকলৰ স’তে কংগ্রেছকে ধৰি একাংশ বিৰোধী ৰাজনৈতিক দলে প্রত্যক্ষভাৱে সহায় কৰি আহিছে৷ ইয়াৰ বিপৰীতে কৃষি আইন তিনিখনক লৈ নিজৰ স্থিতিত অটল থকা বিজেপিকে ধৰি এনডিএৰ অংশীদাৰ দলসমূহৰ নেতাসকলে আইন তিনিখন সন্দর্ভত সজাগতা সৃষ্টিত সফল হ’ব নোৱাৰিলে৷ সন্মুখত থকা উত্তৰ প্রদেশ, পঞ্জাবকে ধৰি কেইবাখনো ৰাজ্যৰ বিধানসভা নির্বাচনত কুফল লাভ কৰাৰ আশংকাতে কেন্দ্রীয় চৰকাৰে বিতর্কিত কৃষি আইন তিনিখন প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে৷
বিতর্কিত কৃষি আইন তিনিখন বাতিল কৰাৰ সিদ্ধান্ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰিলেও বিক্ষুব্ধ কৃষকসকল এতিয়াও শান্ত হোৱা নাই৷ কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তত উৎফুল্লিত হ’লেও যেতিয়ালৈ এই বিতর্কিত আইনকেইখন বাতিল কৰাৰ বাবে সংসদত উত্থাপন নহয়, তেতিয়ালৈ আন্দোলন চলাই নিয়াৰ হুংকাৰ দিছে আন্দোলনকাৰী কৃষক সংগঠনসমূহে৷ কেন্দ্রীয় চৰকাৰৰ নতুন আইন তিনিখনক লৈ প্রতিবাদ হ’ল যদিও আইনকেইখনৰ ওপৰত যথাযোগ্য পর্যালোচনা হোৱা বুলি ক’ব নোৱাৰি৷ বিশেষকৈ অধিকাংশ কৃষকে কৃষি আইন তিনিখনৰ সফলতা–বিফলতা সন্দর্ভত জ্ঞাত নহয়৷ অত্যাৱশ্যকীয় সামগ্রী (সংশোধনী) আইন অনুসৰি দেশৰ কৃষি ক্ষেত্রত বছৰ বছৰ ধৰি চলি থকা মধ্যভোগীৰ দৌৰাত্ম্যৰ অৱসান ঘটোৱাৰ বাবে কৃষকসকলৰ সামগ্রী ক্রয় কৰাৰ বাবে বৃহৎ বেচৰকাৰী সংস্থাক জড়িত কৰিবলৈ বিচৰা হৈছিল৷ কৃষক আৰু বেচৰকাৰী সংস্থাৰ সম্পর্কৰ জৰিয়তে কৃষকে উৎপাদিত সামগ্রীৰ উচিত মূল্য লাভ কৰিব বুলি কেন্দ্রীয় চৰকাৰে আশা কৰিছিল৷ কিন্তু আন্দোলনকাৰী কৃষকসকলে এই যুক্তি খণ্ডন কৰি কৈছিল যে বেচৰকাৰী সংস্থাসমূহে কৃষকৰ সামগ্রী ক্রয় কৰি কৃত্রিম নাটনি দেখুৱাই কৃষিজাত সামগ্রীৰ অত্যধিক দাম বৃদ্ধি কৰাৰ সুযোগ কৰিব৷ কৃষিজাত সামগ্রীৰ লেনদেন আৰু বাণিজ্য উন্নয়ন আইনৰ অধীনত কৃষকসকলক দেশৰ যিকোনো ঠাইত তেওঁলোকৰ উৎপাদিত সামগ্রী বিক্রী কৰাৰ সুযোগ দিয়া হৈছিল৷ পঞ্জাব আৰু হাৰিয়ানাৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্রী বিক্রী কৰিব পাৰে নির্ধাৰিত মাণ্ডীৰ জৰিয়তে৷ প্রকৃততে একাংশ প্রভাৱশালী ৰাজনৈতিক নেতা তথা পৰিয়ালৰ নিয়ন্ত্রণত থকা এই মাণ্ডীয়ে একোটা বৃহৎ অঞ্চলৰ কৃষকসকলক নিয়ন্ত্রণ কৰে৷ কৃষকৰ উৎপাদিত সামগ্রীৰ মূল্যও নিয়ন্ত্রণ কৰে মাণ্ডীসমূহে৷ কৃষি সামগ্রীৰ লেনদেন আৰু বাণিজ্য উন্নয়ন আইনখন কার্যকৰী হ’লে ঘাইকৈ ক্ষতিগ্রস্ত হ’ব মাণ্ডীসমূহ৷ কৃষকসকলে নির্ধাৰিত মাণ্ডীৰ বিপৰীতে দেশৰ যিকোনো ৰাজ্যত তেওঁলোকৰ উৎপাদিত কৃষি সামগ্রী বিক্রী কৰাৰ সুযোগ লাভ কৰাৰ ব্যৱস্থা আছিল৷ কিন্তু মধ্যভোগী তথা মাণ্ডী ব্যৱস্থা পুনৰ বাহাল থকাৰ ফলত কৃষকসকল প্রকৃততে লাভৱান হোৱাৰ পথ বন্ধ হ’ব৷ কৃষক সবলীকৰণ আৰু মূল্য নিশ্চিতকৰণ চুক্তি আইন অনুসৰি কেন্দ্রীয় চৰকাৰে নতুন ব্যৱস্থা প্রৱর্তন কৰিবলৈ বিচাৰিছিল৷ এই ব্যৱস্থা অনুসৰি কৃষকসকলে তেওঁলোকৰ কৃষিভূমিত কি খেতি কৰিব, উৎপাদিত কৃষিজাত সামগ্রীৰ কি মূল্য হ’ব, সেয়া বেচৰকাৰী সংস্থাৰ সৈতে চুক্তি কৰাৰ সুযোগ দিয়া হৈছিল৷ এনে ব্যৱস্থাৰ জৰিয়তে দেশৰ চাহিদা অনুসৰি কৃষকসকলে কৃষিজাত সামগ্রী উৎপাদন কৰি উচিত মূল্য লাভ কৰাৰ উপৰি দেশৰ কৃষি অর্থনীতিয়ে এক নতুন দিগন্তৰ সূচনা কৰিব বুলি কেন্দ্রীয় চৰকাৰে আশা কৰিছিল৷ কিন্তু বিক্ষুব্ধ কৃষক সংগঠনসমূহৰ যুক্তি এয়ে যে উক্ত আইনখন কোনো কাৰণতে কৃষকৰ স্বার্থৰ অনুকূল নহয়৷ আইনখনত যিবোৰ ধাৰা সন্নিৱিষ্ট হৈছে, সেয়া বৃহৎ বেচৰকাৰী সংস্থাৰ বিৰুদ্ধে আইনী যুঁজ দিয়াৰ বাবে কৃষকসকল কোনো কাৰণতে সক্ষম হ’ব নোৱাৰে৷ এতিয়া প্রশ্ণ হ’ল– অসমকে ধৰি দেশৰ ৮০ শতাংশ লোক কৃষিৰ সৈতে জড়িত৷ ভাৰতক এখন অগ্রণী দেশত পৰিণত কৰিবলৈ হ’লে কৃষি ক্ষেত্রৰ বিকাশ আৰু কৃষকৰ উন্নয়ন হ’বই লাগিব৷ বিতর্কিত কৃষি আইন তিনিখনক লৈ বিগত এবছৰে চলি থকা অচলাৱস্থা দূৰ হোৱাৰ দিশে অগ্রসৰ হ’লেও কৃষকসকলৰ মূল সমস্যাৰাজি সমাধান হোৱাৰ কোনো লক্ষণ দেখা নাই৷ কৃষকসকলক বিশ্বাসত লৈ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে অগ্রসৰ হোৱা উচিত৷