নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবত অসম আৰক্ষীৰ উপ–আৰক্ষী অধীক্ষক (অপৰাধ) নোমল মাহাত্তাৰ দুখন গ্রন্থ উন্মোচন

সমাজৰ জীৱন কুশলতাত সাহিত্য প্রাথমিক প্রয়োজন ঃ প্রদীপ আচার্য

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ‘সাহিত্যত অনুসন্ধানৰ প্রয়োজন৷ শিক্ষিত সমাজৰ জীৱন কৌশলতাত সাহিত্য প্রাথমিক প্রয়োজন৷ সাহিত্যই শেষ সিদ্ধান্তত বিশ্বাস নকৰে৷ ‘মনন আৰু বীক্ষণ’ সাহিত্যৰ জটিল সমগ্রতাক বুজাৰ এক প্রয়াস৷ লেখকৰ এই প্রচেষ্টা প্রশংসনীয়৷ ইংৰাজী ভাষাত বিশেষ দখল থকা বাবে লেখকৰ সেই সন্ধানে এক বিশেষ গতি পাইছে৷’– এইদৰে কয় কটন কলেজৰ শিক্ষক তথা প্রখ্যাত লেখক–অনুবাদক–সমালোচক প্রদীপ আচার্যই৷

সোমবাৰে গুৱাহাটী প্রেছ ক্লাবত অসম আৰক্ষীৰ উপ–আৰক্ষী অধীক্ষক (অপৰাধ) নোমল মাহাত্তাৰ ‘মনন আৰু বীক্ষণ’ শীর্ষক প্রবন্ধ সংকলন উন্মোচন কৰি তেওঁ লগতে কয়– ‘লেখকৰ অধ্যয়নৰ বিস্তৃতি আছে৷ ডেকা সমালোচক নোমল মাহাত্তাই তেওঁৰ সৃষ্টি আগবঢ়াই দিছে৷ গ্রন্থখনৰ সমালোচনা পঢ়ুৱৈৰ ওপৰত এৰি দিলোঁ৷’ অংকুৰ ডেকাই আঁত ধৰা উন্মোচনী সভাত নোমল মাহাত্তাৰ কাব্য সংকলন ‘থমকি নৰয় মাদলৰ মাত’ উন্মোচন কৰি বিশিষ্ট সমালোচক, অধ্যাপক অৰিন্দম বৰকটকীয়ে কয় ‘জাতিটোৰ মাজত লুকাই থকা জনগোষ্ঠী সম্পর্কে আমাৰ জ্ঞান কম৷ গভীৰ তথা বিস্তৃত অধ্যয়ন আৰু প্রখৰ সংবেদনশীলতাৰে নোমল মাহাত্তাই অসমীয়া সমালোচনা সাহিত্যত এটা নতুন দিশৰ সন্ধান কৰিছে৷ অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদবোৰৰ মাজেৰে বাট বুলি তেওঁ বিশ্ব সাহিত্যৰ অতি শেহতীয়া বিষয়বোৰলৈও দৃষ্টি প্রসাৰিত কৰিছে আৰু তাৰ সুস্বাদু–সুগন্ধ অসমীয়া পঢ়ুৱৈৰ কাষলৈ সযতনে কঢ়িয়াই আনিছে৷ তেওঁৰ কবিতাবোৰৰ মাজত কোমলতা, আনন্দৰ মাজত বিষাদ–যন্ত্রণা ফুটি উঠিছে৷ নোমল মাহাত্তাই বিভিন্ন জনগোষ্ঠীয় কবিতা অনুবাদ কৰিছে৷ অসমীয়া কবিতা এটা সমৃদ্ধময় ৰূপত ধৰি ৰাখিব পাৰিব৷ কবি নোমল মাহাত্তাৰ কবিতাই নতুন সোৱাদৰ সন্ধান দিব৷’

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তই কয়, ‘নোমল মাহাত্তাই সকলো কথা শিকি, পৰীক্ষণ কৰি ভাল পায়৷ অতি অমায়িক নোমল মাহাত্তাই অনুবাদ সাহিত্যক মৌলিক সৃষ্টি হিচাপে লৈছে৷ নিজৰ ওপৰত গভীৰ আত্মবিশ্বাস থাকিলে এনে কাম কৰিব পাৰে৷ তেওঁৰ সাহিত্য চর্চা অব্যাহত থাকক৷ মাদল থমকি নৰওক৷ তেওঁ নতুন নতুন সৃষ্টি অব্যাহত ৰাখক৷’ সভাত লেখক, অসম আৰক্ষীৰ উপ–আৰক্ষী অধীক্ষক (অপৰাধ শাখা)ৰ নোমল মাহাত্তাই গ্রন্থ দুখনৰ বিষয়ে চমুকৈ কয়৷ সাহিত্যৰ সৈতে মানৱীয় প্রগতি ওতপ্রোতভাৱে জডিত৷ লেখকসকলে সমসাময়িক পৃথিৱীৰ পৰা বিষয়বস্তু বাছনি কৰি মানুহৰ প্রগতিৰ অতীত, বর্তমান আৰু ভৱিষ্যতৰ সংযোগ স্থাপন কৰি বিষয়সমূহ উপস্থাপন কৰে৷ মাক্স আৰু হেগেলৰ পৰৱর্তী পর্যায়ত ছাত্রেৰ লেখাই বিস্তৃতভাৱে সামাজিক জীৱনত ৰেখাপাত কৰিছিল৷ পৰৱর্তী কালত অধিবাস্তৱবাদৰ লগতে যাদুকৰী বাস্তৱবাদ ব্যাপকভাৱে বিশ্ব সাহিত্যত চর্চা হ’বলৈ ধৰে৷ এই সন্দর্ভত অনুষুটপীয়াকৈ অধ্যয়ন কৰোঁতে যিসমূহ বিষয়ে লেখক নোমল মাহাত্তাৰ মনত গভীৰভাৱে ৰেখাপাত কৰিলে সেইসমূহ অসমীয়া পঢ়ুৱৈৰ বাবে দাঙি ধৰাৰ এক বিনম্র প্রয়াস ‘মনন আৰু বীক্ষণ’ গ্রন্থখনত সন্নিৱিষ্ট লেখাবোৰৰ জৰিয়তে কৰিছে৷ কিছুমান কথাই কেতিয়াবা লেখকৰ মনত গভীৰ কাৰুণ্যৰ জন্ম দিয়ে, যেতিয়া একো একোটা অতি বিশিষ্ট অসমীয়া সাহিত্যৰ সৃষ্টিয়ে উচিত মূল্যায়নৰ পৰা বঞ্চিত হয়৷ সেইবাবে অসমীয়া সাহিত্যৰ বাছকবণীয়া কিছু বিষয়, কিছু সৃষ্টি এক নতুন দৃষ্টিৰে পঢ়ুৱৈৰ আগত দাঙি ধৰিছে নোমল মাহাত্তাই৷ অসমৰ লোকজীৱনৰ আছে অতুলনীয় বৈভৱ আৰু বিচিত্রতা৷ এই বৈচিত্র্য বঢ়াইছে চাহ জনজাতিৰ লোকসকলৰ অনন্য লোকগীত–মাতসমূহেও৷ ঝুমুৰ গীতসমূহ এই সম্পদ–সুষমাৰ অন্যতম গুৰুত্বপূর্ণ অংগ৷ এই সম্পদবোৰকে আধাৰ হিচাপে লৈ নোমল মাহাত্তাই অসমীয়া সাহিত্যত এক আপুৰুগীয়া সংযোজন ঘটাইছে ‘থমকি নৰয় মাদলৰ মাত’ গ্রন্থখনৰ জৰিয়তে৷ ভালেমান পৰম্পৰাগত ঝুমুৰ তেওঁ সৰল–সুষমাময় আৰু অকপটভাৱে নতুন কবিতাৰ ৰূপ দি গঢ়িছে৷

অসমীয়া সাহিত্যত ‘অনুসৃষ্টি’ৰ এনে নিভাঁজ প্রয়াস বিৰল বুলিব পাৰি৷ ‘থমকি নৰয় মাদলৰ মাত’ কাব্যগ্রন্থই উৎসৱৰ আনন্দ, প্রেম–বিৰহৰ কৰুণ–মধুৰ অনুভূতি আৰু চাহ জনজাতিৰ নিভাঁজ জীৱনৰ অকপট ৰূপটো প্রতিভাত কৰি তুলিছে৷নোমল মাহাত্তাৰ সংবেদনশীলতা আৰু সেই সমাজখনৰ সৈতে একাত্মতাই এই কবিতালানিক কৰি তুলিছে প্রাণৱন্ত আৰু সাৱলীল গতিশীলতাৰে পৰিপূর্ণ৷ গভীৰ তথা বিস্তৃত অধ্যয়ন আৰু প্রখৰ সংবেদনশীলতাৰে নোমল মাহাত্তাই অসমীয়া সমালোচনা সাহিত্যত এটা নতুন দিশৰ সন্ধান কৰিছে৷ অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদবোৰৰ মাজেৰে বাটবুলি তেওঁ বিশ্বসাহিত্যৰ অতি শেহতীয়া বিষয়বোৰলৈও দৃষ্টি প্রসাৰিত কৰিছে আৰু তাৰ সুস্বাদু–সুগন্ধ অসমীয়া পঢ়ুৱৈৰ কাষলৈ সযতনে কঢ়িয়াই আনিছে৷ সাহিত্য আলোচনা, কবিতা তথা অনুবাদ সাহিত্যত বিচক্ষণতাৰে বিচৰণ কৰি অহা নোমল মাহাত্তাৰ সাহিত্যৰ সৈতে সম্পর্ক স্কুলীয়া জীৱনৰ পৰাই৷ এই সম্পর্ক তেওঁ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পর্যায়তো অটুট ৰাখে আৰু ইয়াক অধিক গভীৰতা দিবলৈ সক্ষম হয়৷

বিদ্যালয়–মহাবিদ্যালয়ৰ আলোচনীত আৰম্ভ হোৱা তেওঁৰ সাহিত্য চর্চাই পাছলৈ ‘অসম সাহিত্য সভা পত্রিকা’, ‘আগান’, ‘প্রত্যয়’, ‘বুধবাৰ’, ‘দৈনিক জনমভূমি’, ‘অসমীয়া প্রতিদিন’, ‘অসমীয়া খবৰ’, ‘গৰীয়সী’, ‘প্রকাশ’ আদি কাকত আলোচনীত বিস্তৃতি তথা গভীৰতা লাভ কৰিবলৈ সক্ষম হয়৷ তাত্ত্বিক তথা বিদ্যায়তনিক কর্ষণ আৰু সৃষ্টিশীলতাৰ অনুশীলনে তেওঁৰ সাহিত্যক নতুন মাত্রা প্রদান কৰিছে৷ সভাত অতিৰিক্ত আৰক্ষী আয়ুক্ত (পশ্চিম) নৱনীত মহন্তৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সভাত উপ–আৰক্ষী আয়ুক্ত (অপৰাধ শাখা) প্রশান্ত শইকীয়া, অতিৰিক্ত আৰক্ষী আয়ুক্ত (পশ্চিম) নৱনীত মহন্তৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

প্ৰেৰকঃ দীপক কুৰ্মী

You might also like