নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুমেৰাং নহওক টিকাকৰণ

পহিলা মে’ৰ পৰা দেশজুৰি ১৮ বছৰৰ ঊর্ধ্বৰ লোকক ক’ভিড ভেকচিন প্রদান কৰা হ’ব৷ সন্দেহ নাই, তৃতীয় পর্যায়ৰ টিকাকৰণৰ এই কার্যসূচীটো বিশ্বৰ অন্যতম বৃহৎ আৰু অভিলাষী হিচাপে চিহ্ণিত হ’ব৷ ইয়াৰ বাবে ইতিমধ্যে ২৮ এপ্রিলৰ পৰা অনলাইনযোগে পঞ্জীয়ন আৰম্ভ হৈছে৷ পঞ্জীয়নত প্রতিষেধকপ্রত্যাশীৰ্ সঁহাৰিও আশাব্যঞ্জক৷ পঞ্জীয়নৰ প্রথম তিনি ঘণ্টাতে আশী লক্ষাধিক লোকে অনলাইনৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিছে৷ একেদৰে প্রথম দিনটোত পঞ্জীয়ন কৰা লোকৰ সংখ্যা হৈছে ১.৩৩ কোটি৷ মাজৰ দুদিনত সংখ্যাটো দ্বিগুণ হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে পঞ্জীয়নৰ ক্ষেত্রত আবেদনকাৰীসকলে কিছু সমস্যাৰো সন্মুখীন হৈছে৷ ক’উইন আৰু আৰোগ্য সেতু নামৰ এপ্লিকেচন দুটাত নাম পঞ্জীয়ন কৰিবলৈ গৈ অনেকে কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছে৷ একে সময়তে বহু লোকে নাম পঞ্জীয়নৰ বাবে হেতা–ওপৰা লগোৱাৰ বাবে সমস্যাৰ গভীৰতা বাঢ়িছে বুলি বিজ্ঞসকলে মন্তব্য আগবঢ়াইছে৷ অৱশ্যে ইমানখিনি সীমাবদ্ধতা সত্ত্বেও পঞ্জীয়নৰ বাবে মানুহৰ ভিৰ অথবা অনলাইনত দীঘল সমদল হ্রাস পোৱা নাই৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে দেশত ক’ভিডৰ টিকাকৰণৰ সপক্ষে সজাগতা আহিছে৷ ভাইৰাছটোৰ পৰা নিজকে সুৰক্ষিত কৰি ৰখা ভেকচিনৰ গুৰুত্বক সকলোৱে মানি লৈছে অথবা মর্মে মর্মে অনুভৱ কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রত ক’ভিডৰ দুয়োপালি ভেকচিন গ্রহণ কৰা লোকক শেহতীয়াকৈ মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলাবলৈ অনুমতি দিয়া হৈছে৷ এইটো কিমানখিনি বাস্তৱসন্মত, তাক লৈ বিতর্কৰ অৱকাশ থাকিলেও টিকাকৰণৰ গুৰুত্ব কি, সেইটো সহজে বুজিব পাৰি৷
ভাৰতবর্ষত ক’ভিডৰ দুয়োপালি ড’জ গ্রহণ কৰা বহু লোক পুনৰ ভাইৰাছটোত আক্রান্ত হোৱা বুলি সংবাদ মাধ্যমত খবৰ প্রকাশিত হৈ আছে৷ ইয়ে কিছু কিছু লোকক বিভ্রান্ত নকৰাকৈ নাথাকে৷ ভেকচিনৰ ক্ষেত্রত বিশেষজ্ঞসকলৰ এটাই মত, ভেকচিন গ্রহণ কৰা ব্যক্তি এজন ভাইৰাছটোত আক্রান্ত হ’ব পাৰে৷ কিন্তু ভেকচিন গ্রহণ কৰা হেতু তেওঁৰ ক্ষেত্রত ভাইৰাছটোৰ ঘাতক ক্ষমতা ইমানেই হ্রাস পায় যে ব্যক্তিজন ভাইৰাছত আক্রান্ত হৈও তুলনামূলকভাৱে সুৰক্ষিত হৈ থাকে৷ তদুপৰি, দ্বিতীয়টো পালি গ্রহণৰ দুই–তিনি সপ্তাহতহে ভেকচিনৰ প্রকৃত কার্যদক্ষতা আৰম্ভ হয়৷ গতিকে দুয়োটা পালি অৱশ্যেই গ্রহণীয়৷ এইক্ষেত্রত কোনোৱেই অৱহেলা কৰা উচিত নহয়৷ চৰকাৰেও দেশখনৰ জনসাধাৰণ যথাসম্ভৱ সোনকালে টিকাৰ ব্যৱস্থা কৰিব লাগে৷ নহ’লে ক’ৰোনাৰ তৃতীয়টো জোৱাৰে দেশখনক সম্প্রতি চলি থকা দ্বিতীয়টো জোৱাৰতকৈ অধিক ভয়াৱহ পৰিস্থিতিৰ দিশলৈ যাব পাৰে৷ আজি যিসকলে টিকাকৰণৰ বাবে অনলাইনযোগে নাম পঞ্জীয়ন কৰিছে, তেওঁলোকে সময়মতে প্রতিষেধক লাভ কৰাটো চৰকাৰে নিশ্চিত কৰিব লাগিব৷ ইয়াৰ বাবে আৱশ্যকীয় ভেকচিন উপলব্ধ হৈ থকা দৰকাৰ৷ চৰকাৰে এই নিশ্চিতি জনসাধাৰণক প্রদান কৰিব লাগিব৷ ইয়াৰ পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বানত দেশজুৰি টিকাকৰণ উৎসৱ পালন কৰা হৈছিল৷ কিন্তু প্রতিষেধক উপলব্ধ নথকাক বহু ৰাজ্যত ই বুমেৰাং হৈ পৰে৷ এইবেলিও অনুৰূপ অনিশ্চয়তা দেখা গৈছে৷ সংবাদ মাধ্যমত প্রচাৰিত বাতৰি অনুসৰি অসমত সময়মতে ভেকচিন প্রদান সম্ভৱ হৈ নুঠিব পাৰে৷ কিয়নো ইয়াৰ বাবে ৰাজ্যখনত পর্যাপ্ত ভেকচিন নাই৷ এইটো বৰ হতাশাজনক খবৰ৷ ৰাজ্য চৰকাৰে ভেকচিন ক্রয় বা আমদানিৰ যথোপযুক্ত ব্যৱস্থা হাতত লোৱা উচিত৷ মুঠতে দেশখনৰ নাগৰিকক যথাসম্ভৱ শীঘ্রে টিকাকৰণৰ আওতাত সামৰি ল’ব লাগে৷ এয়া সময়ৰ আহ্বান৷

You might also like