নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সিজুবাৰীত নির্মীয়মাণ অট্টালিকাত বৃহৎ ফাট

বিল্ডাৰৰ বিৰুদ্ধে নির্মাণকার্যত নিম্নমানৰ সামগ্রী ব্যৱহাৰৰ অভিযোগ

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ গুৱাহাটী মহানগৰীত অব্যাহত আছে একাংশ বিল্ডাৰৰ মইমতালি৷ চৰকাৰী নীতি–নিয়ম আওকাণ কৰি মহানগৰীত একাংশ বিল্ডাৰ তথা প্রতিষ্ঠানে নির্মাণ কৰিছে বহু বৃহৎ অট্টালিকা৷ জি এম ডি এ আৰু গুৱাহাটী পৌৰ নিগমৰ অনুমতি থকাৰ পিছতো চৰকাৰী নীতি উলংঘা কৰি বহু বিল্ডাৰে নির্মাণ কৰিছে অট্টালিকা৷ কাগজে–কলমে জি এম চি তথা জি এম ডি এৰ অনুমতি লৈছে যদিও অট্টালিকা নির্মাণৰ ক্ষেত্রত একাংশ বিল্ডাৰে নীতি উলংঘাৰে অট্টালিকা নির্মাণ কৰি আৱাসীসকললৈ বিপদ মাতিছে৷ চৰকাৰৰ নীতি–নিয়ম তথা জনসাধাৰণৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰখাৰ বিপৰীতে কেৱল ব্যৱসায়িক স্বার্থৰ ওপৰত গুৰুত্ব আৰোপ কৰি নির্মাণ কৰা এনে অট্টালিকাই যিকোনো সময়ত ইয়াত বাস কৰা আৱাসীসকললৈ ভয়ংকৰ বিপদ মাতি অনাৰ আশংকাই দেখা দিছে৷

বিশেষকৈ মহানগৰীৰ হাতীগাঁও–সিজুবাৰী অঞ্চলত শেহতীয়াকৈ বিল্ডাৰে নির্মাণ কৰিছে কেইবাটাও ফ্লেট৷ বিল্ডাৰে নতুনকৈ নির্মাণ কৰা এনে একাংশ ফ্লেট আৱাসীসকলৰ বাবে মুঠেও সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হৈছে৷ প্রাপ্ত অভিযোগ অনুসৰি, সিজুবাৰীত নির্মীয়মাণ এটা পাঁচ মহলীয়া অট্টালিকাত কালিৰ বৰভূঁইকঁপত বৃহৎ ফাট মেলিছে৷ এই কথা পোহৰলৈ অহাত ফ্লেট ক্রয় কৰা গ্রাহকসকলে আজি পুৱা উক্ত স্থানত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ একাংশ গ্রাহকে নির্মাণকার্যত বিল্ডাৰে নিম্নমানৰ সামগ্রী ব্যৱহাৰ কৰাৰ অভিযোগ তুলি বিল্ডাৰৰ পৰা ফ্লেট ক্রয় কৰা নহ’ব বুলি মত পোষণ কৰাত বিল্ডাৰে অট্টালিকাত ফাট মেলা বিষয়টো গাপ দিয়াৰ চেষ্টা কৰে৷ তদুপৰি নির্মীয়মাণ অট্টালিকা চৌহদত কোনো লোকক প্রৱেশ কৰিবলৈ দিয়া নাই৷ এই লৈ আজি সিজুবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এইক্ষেত্রত জি এম ডি এ কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like