নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি কোনোপধ্যে গ্রহণযোগ্য নহয়

খাদ্য–সামৰিক যোগান বিভাগৰে বৈঠক মুখ্যমন্ত্রী সোণোৱালৰ

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত তেওঁৰ চৰকাৰী বাসগৃহত আজি ৰাজ্যখনত শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ বিষয়টোক লৈ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে এক পর্যালোচনা বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত ভাৰতীয় খাদ্য নিগম, উত্তৰ–পূব সীমান্ত ৰে’লৰ শীর্ষ বিষয়াসকলো উপস্থিত থাকে৷ বৈঠকত মুখ্যমন্ত্রী সোণোৱালে কয় যে এই অতিমাৰীৰ সময়ত দাইল, পিঁয়াজ, আলু ইত্যাদিৰ দৰে অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি কোনো কাৰণে গ্রহণীয় নহয়৷ এই মূল্যবৃদ্ধিয়ে ক’ভিড অতিমাৰী সৃষ্ট প্রেক্ষাপটত ইতিমধ্যে জুৰুলা হোৱা জনসাধাৰণক বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰিব৷ মুখ্যমন্ত্রীয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াবর্গক গুদামসমূহত মজুত থকা খাদ্য–সামগ্রীৰ সঘনাই নিৰীক্ষণৰ পদক্ষেপ লোৱাৰ উপৰি বাহিৰৰ ৰাজ্যৰ পৰা অহা অত্যাৱশ্যকীয় সামগ্রীৰ আমদানি মূল্য কম কৰাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে৷

অত্যাৱশ্যকীয় সামগ্রীসমূহৰ মূল্য নিয়ন্ত্রণাধীন কৰি ৰখাৰ বাবে মুখ্যমন্ত্রীয়ে জিলা চেম্বার্ছ অৱ কমার্চৰ বিষয়ববীয়াসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ বাবেও নির্দেশ দিয়ে৷এই প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে ক’ভিড অতিমাৰীৰ প্রথম জোৱাৰৰ সময়ত অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য সুস্থিৰকৰণৰ দিশত চেম্বার্ছ অৱ কমার্চে চৰকাৰে লোৱা পদক্ষেপসমূহত সহায়–সহযোগিতা আগবঢ়োৱাৰ দৰে ক’ভিডৰ এই দ্বিতীয় জোৱাৰৰ সময়তো এই পৰিস্থিতি নিয়ন্ত্রণৰ বাবে তেওঁলোকৰ সৈতে বৈঠকত মিলিত হোৱাৰ পদক্ষেপ ল’ব লাগিব৷ বৈঠকত মুখ্যমন্ত্রীয়ে ক’ভিডৰ প্রথম জোৱাৰৰ সময়ত ৰাজ্যখনলৈ খাদ্য–সামগ্রীৰ সুচল পৰিবহণৰ দিশত উত্তৰ–পূব সীমান্ত ৰে’লৱে যেনেধৰণে পদক্ষেপ লৈছিল তেনে ধৰণৰ পদক্ষেপ বাহাল ৰখাৰ বাবেও উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ বিষয়াসকলক আহ্বান জনায়৷ ৰে’লৰ মাল উঠোৱা–নমোৱাৰ দিশত নিয়োজিত ঠিকাভিত্তিক শ্রমিকসকলক ছিফ্টিঙৰ ভিত্তিত কামত নিয়োজিত কৰাৰ বাবেও তেওঁ আহ্বান জনায়, যাতে এই শ্রমিকসকল ভাগৰি নপৰে৷ এই জটিল সময়ত সকলোৱে এটা টীমৰ মানসিকতাৰে কাম কৰাৰ প্রয়োজন বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে বিভিন্ন জিলাৰ মাজত থকা অত্যাৱশ্যকীয় সামগ্রীৰ দৰৰ পার্থক্য নিয়ন্ত্রণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ এই বৈঠকত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী তথা সংশ্লিষ্ট বিভাগসমূহৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like