ড্রাগ্ছৰ বিৰুদ্ধে বিশেষ যুদ্ধ
বৰবিহ ড্রাগ্ছে চৌদিশে ভয়াৱহভাৱে ছানি ধৰিছে৷ বিশেষকৈ দেশৰ ভৱিষ্যৎ নৱপ্রজন্মৰ একাংশ ছাত্র–ছাত্রী তথা যুৱক–যুৱতী ড্রাগছৰ কবলত পৰি সর্বস্বান্ত হৈছে৷ বৰবিহৰ সাম্রাজ্যখনৰ বাবে বহু পৰিয়াল ধ্বংস হৈছে৷ ম্যানমাৰকে ধৰি উত্তৰ–পূব এছিয়াৰ একাংশ দেশৰ পৰা মণিপুৰ–নাগালেণ্ড হৈ অসমৰ মাজেৰে সমগ্র দেশ–বিদেশলৈ ড্রাগ্ছৰ সৰবৰাহ বছৰ বছৰ ধৰি চলি আছে৷ এনে সৰবৰাহ চলি থকাৰ ফলত অসমত ড্রাগ্ছৰ কবলত পৰা লোকৰ সংখ্যা দিনকদিনে বৃদ্ধি হৈছে৷ যোৱা ১০ মে’ত ৰাজ্যৰ মুখ্যমন্ত্রীৰ আসনত ড০ হিমন্ত বিশ্ব শর্মা অধিষ্ঠিত হোৱাৰ লগে লগে ৰাজ্যজুৰি ড্রাগ্ছ তথা নিষিদ্ধ নিচাজাতীয় সামগ্রীৰ বিৰুদ্ধে বিশেষ অভিযান আৰম্ভ হৈছে৷ ৰাজ্যজুৰি অসম আৰক্ষীয়ে মাৰাত্মক বৰবিহৰ বিৰুদ্ধে চলোৱা অভিযানত বিশেষ সফলতা লাভ কৰাও দেখা গৈছে৷ বিগত প্রায় ডেৰ মাহৰ ভিতৰত আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহৰ সাত শতাধিক গোচৰ পঞ্জীভুক্ত কৰাৰ লগতে ১২ শতাধিক লোকক গ্রেপ্তাৰ কৰিছে৷ এই সময়ছোৱাত ১৬ কিঃগ্রাঃৰো অধিক হেৰ’ইন, প্রায় ১০ কিঃগ্রাঃ অ’পিয়াম, প্রায় ২ কিঃগ্রাঃ মৰফিন, প্রায় ৭ হাজাৰ কিলোগ্রাম গাঞ্জা, ৬৫ হাজাৰ টেবলটকে ধৰি বুজন পৰিমাণৰ নিচাযুক্ত সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷ ডেৰ মাহত উদ্ধাৰ হোৱা নিচাযুক্ত সামগ্রীৰ মূল্য প্রায় ১২৬ কোটি টকা হ’ব বুলি আৰক্ষী বিভাগে তথ্য দাঙি ধৰিছে৷ এই তথ্যৰ পৰাই সহজেই অনুমান কৰিব পাৰি অসমত নিষিদ্ধ ড্রাগ্ছৰ সাম্রাজ্যখন কিমান শক্তিশালী আৰু ভয়ংকৰ হৈছে৷ এটা প্রজন্মক তিলতিলকৈ মৃত্যুৰ দুৱাৰডলিলৈ ঠেলি দিয়া, সমাজ জীৱনৰ প্রতি ভয়ংকৰ বিপদ নমাই অনা বৰবিহৰ এই সাম্রাজ্যখন যে এমাহ দুমাহে চলি আছে তেনে নহয়৷ বছৰ বছৰ ধৰি চলি থকা বৰবিহৰ বজাৰখনৰ বিৰুদ্ধে সময়োচিত ব্যৱস্থা গ্রহণ কৰা নাছিল সংশ্লিষ্ট বিভাগসমূহে৷ ইয়াৰ বিপৰীতে দায়িত্ববাহী বিভাগসমূহৰ একাংশ বিষয়া–কর্মচাৰী অবৈধ সাম্রাজ্যখনত প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকাৰ অভিযোগ আছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশ অনুসৰি বিগত ডেৰ মাহত ড্রাগছ বিৰুদ্ধে যিখন যুদ্ধ আৰম্ভ হৈছে সেয়া পূর্বতে চলাহেঁতেন উত্তৰ–পূর্বাঞ্চলকে ধৰি সমগ্র দেশৰ কেইবা লক্ষাধিক লোকে মুক্তি লাভ কৰিলেহেঁতেন৷ পলমকৈ হ’লেও ড্রাগ্ছৰ বিৰুদ্ধে চলা এই যুদ্ধখন ধাৰাবাহিকভাৱে চলাই থকাটো অসমত সর্বশ্রেণীৰ ৰাইজে বিচাৰিছে৷ যেতিয়ালৈকে ইয়াক পুলিয়ে–পোখাই নিঃশেষ নহয় তেতিয়ালৈকে এই অভিযান অব্যাহত ৰাখিলে বৰবিহৰ কৰাল গ্রাসৰ পৰা অসমৰ লগতে দেশৰ ভৱিষ্যৎ প্রজন্ম সুৰক্ষিত হ’ব বুলি আশা কৰিব পাৰি৷
ড্রাগ্ছৰ বিৰুদ্ধে চলা এই বিশেষ অভিযানত এইবাৰ আৰক্ষীয়ে বহুসংখ্যক ড্রাগছ আসক্ত লোকক গ্রেপ্তাৰ কৰিছে৷ আনকি স্থানীয় পৰিৱেশ বিনষ্ট কৰাৰ বাবে বহু অঞ্চলত ৰাইজে ড্রাগ্ছ আসক্তক ধৰি আৰক্ষীক গতাই দিছে৷ বৰবিহৰ বিৰুদ্ধে চলা এই অভিযান অধিক ফলপ্রসূ কৰিবলৈ হ’লে সর্বসাধাৰণ ৰাইজৰ সহযোগিতা নিশ্চিতভাৱে আদৰণীয়৷ কিন্তু ড্রাগ্ছ আসক্ত লোকসকলক অপৰাধীৰ দৃষ্টিৰে চালে মূল সমস্যাৰ সমাধান হ’ব বুলি আশা কৰিব নোৱাৰি৷ কি কাৰণত ড্রাগ্ছ আসক্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে, বৰবিহৰ সাম্রাজ্যত খোজ দি কিয় নিজৰ জীৱন বিপন্ন কৰি তুলিছে, তাৰ এক সঠিক বিশ্লেষণ অবিহনে মূল সমস্যাৰ সমাধান হ’ব বুলি আশা কৰিব নোৱাৰি৷ এই অভিযানৰ মুখ্য উদ্দেশ্য হোৱা উচিত যিকোনো প্রকাৰে ড্রাগ্ছৰ সৰবৰাহ বন্ধ কৰাটো৷ ইয়াৰ বাবে কোনো ড্রাগছ আসক্তই যদি এনে মাৰাত্মক সামগ্রী সৰবৰাহত জড়িত আছে তেনে লোকৰ বিৰুদ্ধে নিশ্চিতভাৱে আইনগত ব্যৱস্থা গ্রহণ কৰা উচিত৷ কিন্তু ড্রাগ্ছৰ কবলত পৰি নিজৰ জীৱন বিপন্ন কৰা লোকসকলক সমাজৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ বাবে প্রয়োজনীয় চিকিৎসা তথা মনোবিজ্ঞানীৰ সাহায্য প্রদানৰ বাবেহে পদক্ষেপ গ্রহণ কৰা উচিত৷ এইক্ষেত্রত আমাৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান, দল–সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান আদিয়ে আগবাঢ়ি আহিলে এক আশাপ্রদ প্রতিচ্ছবি লাভ কৰাৰ সম্ভাৱনা আছে৷ ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবই লাগিব৷ দুর্ভাগ্য এয়ে যে বিগত সময়ছোৱাত অসম আৰক্ষীয়ে বৰবিহৰ সাম্রাজ্যখনত অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্রীকে ধৰি বহু লোকক গ্রেপ্তাৰ কৰিছে যদিও ড্রাগছ সৰবৰাহকাৰীসকলে দৃষ্টান্তমূলক শাস্তি লাভ কৰা নাই৷ মাথোঁ অভিযানত লাভ কৰা সফলতাৰেই পৰৱর্তী কালত ড্রাগ্ছৰ সৰবৰাহ সমূলঞ্চে নির্মূল হ’ব বুলি আশা কৰিব নোৱাৰি৷ ড্রাগছ সৰবৰাহকাৰীয়ে দৃষ্টান্তমূলক শাস্তি লাভ কৰিবলৈ হ’লে উদ্ধাৰ হোৱা ড্রাগছৰ বিজ্ঞানসন্মত সঠিক পৰীক্ষাৰ উপৰি তদন্তকাৰী বিষয়াৰ যথোচিত তদন্ত আৰু অভিজ্ঞ আইনজীৱীৰ প্রয়োজন হ’ব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে শীঘ্রে প্রয়োজনীয় আইনৰ সংশোধন কৰি হ’লেও আটকাধীন ড্রাগছ সৰবৰাহকাৰীক দৃষ্টান্তমূলক শাস্তি বিহাত অগ্রণী ভূমিকা গ্রহণ কৰা উচিত৷